Sunday 9 March 2014

ছোৱালী বোৰে লৰাবোৰক বেয়া পোৱাৰ কেইটামান কাৰণ ।

By: Master Dhruba Nath

 ( কেৱল হাঁহিৰ খোৰাক যোগাবৰ বাবেহে । কোনও গাত পাতি নলব । বেয়া কমেণ্ট ও নিদিব । )

১: লৰাবোৰ বৰ লুভিয়া । বিয়া কৰিবলৈ হলে ধনীঘৰৰ ছোৱালীকহে বিয়া কৰাব । কাৰণ ছোৱালীৰ লগত এগালমান ধন সোণ দিব ।

২: লৰাবোৰে আনৰ কথা একেবাৰে মানিব নিবিচাৰে । আপুনি যদি কয় এইটো নকৰিবি সেইটো নাখাবি । নাই আপোনাৰ কথা নামানে । গধূলি হোৱাৰ লগে লাগে সিটোপি ধৰি ঘৰত হাল্লা কৰিব ।

৩: মালিকৰ দৰে থাকিব বিচাৰি । ঘৰখনত সিহঁতেই যেন ৰজা । সিহঁতেই যেন মালিক ইটো কৰ সিটো কৰ । ভাত কেইটা সময় মতে নাপালে যি গৰ্জন যেন বাঘ হে ।

৪: লৰাবোৰ বৰ লেতেৰা । নিজৰ কোঠাটো চাফা নকৰে । নিজৰ কাপোৰ কেইটাই ধুই নলয় । জোতাৰ কি দুগন্ধ । মোজাযোৰ নুধুৱাকৈ সদায় পিন্ধি থাকে । গা যে ঠাণ্ডা দিনত ১০/১৫ দিন নুধুৱে । গৰম দিনতো ৩/৪ দিন থাকে ।

৫: কোনো কামৰ নহয় । কাম বন যেন নাইয়ে অনবৰত অলৈ তলৈ ঘূৰি ফুৰিব জানে । দেউতাকক অলপ সহায় কৰি দিব নোৱাৰে । তিনি আলি চাৰিআলিৰ মুৰত আদ্দা দি ছোৱালী জোকোৱাটোহে যেন সিহঁতৰ একমাত্ৰ কাম ।

৬: লৰাবোৰে কথা কব নজানে । সিহঁতে কথাইপ্ৰতি ( ছোৱালী বোৰক লৈ) তোৰ মালটোৰ খবৰ কি । আজি তোৰ মালটোক লগ পাইছিলো । আদি শুনিবলৈ বেয়া লগা কথাবোৰ কথাবোৰ কৈ থাকে । ছোৱালী বোৰ কিবা মাল নেকি ।

৭ : লৰাবোৰ বৰ হিংসাকুৰীয়া । ছোৱালী বিলাকে যিয়েই যিয়েই নিপিন্ধক লৰাবোৰে লগে লগে ঠাট্টা কৰিব । নতুন ডিজাইনৰ চুটি চুটি কাপোৰ পিন্ধা দেখে তেতিয়া কি যে নকব । কাৰণ সিহঁতে যে তেনে ডিজাইনৰ কাপোৰ পিন্ধিব নোৱাৰে ।

আৰু বহু আছে আজিলৈ ইমানেই দিছো । কেনে পালে জনাব ।

No comments:

Post a Comment