Thursday 6 March 2014

কাইলৈ স্কূল বন্ধ

By: Rajib Saikia

কণপিতৌ তেতিয়া দ্বিতীয় নে তৃতীয় শ্রেণীৰ ছাত্র৷ এদিন সি সৰুপানী চুবলৈ স্কুলৰ কাষেৰে বৈ যোৱা নৈখনৰ পাৰলৈ যোৱাত কি দেখিলে জানে? সি দেখিলে তাৰ অংকৰ চাৰজন কিবা কাৰণত নৈখনত পৰি গৈছে আৰু নৈৰ প্রচণ্ড সোঁতে চাৰক উতোৱাই লৈ গৈছে৷ সি আধা সৰুপানী চুইয়েই দৌৰি-দৌৰি আহি গোটেই স্কুলতে গগণ ফালি চিঞৰি কি ক'ব ধৰিলে কওঁকচোন বাৰু.........
.
.
.
.
.
.
.আপোনালোকে ভাবিছে চাগৈ সি আহি কব চাৰ ডুবিব এতিয়া বচোঁৱা, বচোৱা৷ কিন্তু আপোনালোকে ভবাটো ভুল৷ আচলতে সি টিকা চপৰিয়াই-চপৰিয়াই গোটেই স্কুলতে এটা কথাই কৈ ফুৰিলে....
.
.
.
.
.
.
.
'কাইলৈ স্কূল বন্ধ, কাইলৈ স্কূল বন্ধ'৷

No comments:

Post a Comment