Thursday 6 March 2014

ৰতনকাই

By: Achinta S. Projai

হোটেলত বহি ৰতনকাই চাহৰ অৰ্ডাৰ দিলে! হোটেলৰ লৰাটোৱে চাহৰ কাপত আঙুলি সুমুৱাই চাহ একাপ লৈ অহা দেখি ৰতনকাই খংত অগ্নিশৰ্ম্মা হৈ চিঞঁৰি উঠিল: - অসভ্য কৰবাৰ, চাহৰ কাপত আঙুলি কিয় সুমুৱাইছ??
হোটেল বয়: - নহয় তাৰমানে মোৰ আঙুলিত আচিনা ওলাইছে, ডাক্তৰে কলে যে গৰম ভাপ দিলে আৰাম পাবা! সেয়েহে,,,,,,,
ৰতনকাই আকৌ উগ্ৰ হৈ চিঞঁৰি উঠিল: - কি???? আচিনা হোৱা আঙুলিটো তই চাহৰ কাপত সুমুৱাই আনিছ???? ছিঃ ছিঃ!!! যা কটা কৰবাৰ!!! তোৰ সেই আঙুলিটো তোৰ কটীৰ ফুটাত সুমুৱাই থগৈ!!! আৰু আৰাম পাবি! 


হোটেল বয়: - তাতেই সুমুৱাই থৈছিলো, পিছে চাহ আনিব লগা হল যে,,,,,,

No comments:

Post a Comment