Thursday 6 March 2014

ভ'ডাফোন কাষ্টমাৰ কেয়াৰ

By:  Dípankar Nath

আজি দুপৰীয়া এনেই এবাৰ 'ভ'ডাফোন কাষ্টমাৰ কেয়াৰ' অফিচলৈ ফোন কৰিলো..!

হয়তু,
এজনী খুবেই সুন্দৰী ছোৱালীয়ে ফোনটো ৰিচিভ কৰিছিল, কিয়নো লগে লগেই এক সুললিত নাৰীৰ কণ্ঠত ভাঁহি আহিছিল --

..হেল্ল' ছাৰ মই আপোনাক কেনেকৈ
সহায় কৰিব পাৰো ?

দিপাংকৰ : তুমি মোৰ লগত বিয়া
হবা নেকি ?

ছোৱালী : হেল্ল' ছাৰ, আপুনি কাষ্টমাৰ কেয়াৰ অফিচত ফোন কৰিছে, বোধহয় এইটো আপোনাৰ ৰঙ নাম্বাৰ হৈছে ..!

দিপাংকৰ : মই জানো এইয়া
কাষ্টমাৰ কেয়াৰ অফিচ । তুমি মোৰ লগত বিয়া হবানে কোৱা ?

ছোৱালী : মই এতিয়া বিয়াৰ বাবে
আগ্রহী নহয় ..!

দিপাংকৰ : ভাবি ছোৱা, এনেকুৱা 'ফ্রী- অফাৰ' কোনেও নিদিয়ে, হনিমুনত ছিংগাপুৰ লৈ ফুৰাব নিম !

ছোৱালী : (খঙত) মই আপোনাৰ
লগত বিয়া হব আগ্রহী নহয়, আপুনি অফাৰ কিয় দি আছে ?

..

..

দিপাংকৰ : এতিয়া বুজিলেনে বাইদেউ, আমাৰ অশান্তি বোৰ --

যেতিয়া কোনোয়ে আপোনালোকৰ
অফাৰবোৰৰ বাবে আগ্রহী নহয় --

..
..

আপোনালেকে বাৰে বাৰে দিনে ৰাতিয়ে মেজেছ দি কিয় অফাৰ দি থাকে ?

No comments:

Post a Comment