Saturday 9 November 2013

হনুমান লংকাচন

ৰাৱনে সীতাক হৰন কৰাৰ পিচত ৰাম লক্ষ্মন'ৰ কথামতে সীতাক বিছাৰি হনুমান লংকালৈ গ'ল !
তালৈ গৈ অশোকবনত সীতাক লগ কৰিলে !
ৰাম-লক্ষ্মনৰ কুশল-মংগল বাতৰি জনালে !
পিচত ভোক লগাত গোটেই অশোকবন অসুৰ কর্মচাৰীসকলক গদাৰে কোবাই মাৰি ফল মুল খাই অশোকবন ভাগি চিগি তহিলং কৰিলে !
 শেহত যেনিবা ৰাৱন পুত্র মেঘনাদে নাগপাশ মাৰি হনুমানক আটক কৰিলে !
পিচত ৰাৱনৰ কথামতে অসুৰসকলে হনুমানৰ নেগুৰত জুই লগাই দিলে ! ........ ....

নেগুৰত জুই লৈ লংকাৰ ওপৰেৰে উৰি উৰি হনুমানে গোটেই লংকা পুৰি চাৰখাৰ কৰিবলৈ ধৰিলে ....... ......................... ........
ঠিক সেই সময়তেই তাত আবির্ভাব হ'ল চাৰি পাচজনীয়া যুবক যুবতীৰ এটা দল .....
 হাতে হাতে নানান মাৰানস্ত্র ।... ...
হাতত এবিধ দীঘলীয়া চুঙাকৃতিৰ বিশেষ অস্ত্র লৈ সকলোতকৈ আগবাঢ়ি আহিল জিন্স টি চার্ট পৰিহিতা এগৰাকী যুবতী - 

"এয়া আপোনালোকক আমি জনাবলৈ পাই সুখী যে আমিয়েই অসমৰ প্রথমতো চেনেল যি সুদুৰ শ্রী লংকাৰ পৰা আপোনালোকলৈ হনুমান লংকাচনৰ পোনপতীয়া দৃশ্যাৱলী সম্পচাৰ কৰি আছো !
এয়া আপোনালোকে টেলিভিশ্যনৰ পর্দাযোগে প্রতক্ষ কৰিবলৈ পাই আছে কিদৰে ভাৰত সন্তান হনুমানে লংকাত আহি নিজৰ বিৰত্ব দেখুৱাই আছে !....
কিন্তু এইখিনিতে প্রশ্ন হয় ! কিমান গ্রহণযোগ্য এই লংকাচন ?
পাচপর্ট ভিজা অবিহনে কৰা হনুমানৰ এই লংকা যাত্রা আচলতে কিমান আইনসন্মত ?
ইতিমধ্যে শ্রীলংকা চৰকাৰে হনুমানৰ এই অবৈধ লংকাযাত্রাৰ বিৰোধিতা কৰি ভাৰত চৰকাৰলৈ পত্র প্রেৰণ কৰিছে!

.....পৰবর্তী সময়ত ভাৰত চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া নিচ্ছয় লক্ষনীয় হব.....!!!.."........................................

By: Nâvâ Kríshñá DéKá

'ৰগৰ'ৰ চলেৰে…!

গৰম দিন।
 সিংহ এটা গছৰ ছাঁত জিৰণি লৈ আছিল।
সেই সময়তে নিগনি এটা কৰবাৰ পৰা আহি, সিংহটোৰ গাত উঠিলহি।
 সিংহৰ বৰ খং উঠিল। সি নিগনিটোক একে থাপে ধৰিলে আৰু মাৰি পেলাবলৈ ল'লে।
 নিগনিটোৱে ক'লে…, "…মহাৰাজ মোক ক্ষমা কৰক। আপুনি মোক এৰি দিলে, ভৱিষ্যতে মই আপোনাক সহায় কৰিম…!"
 সিংহই হাঁহিলে। "…তই সাধাৰণ নিগনিয়ে মোক কিডাল সহায় কৰিবি…? যা বাৰু তোক এৰি দিলো…!" .
 বহুদিনৰ পাচত এদিন, সেই সিংহটো চিকাৰীৰ জালত পৰিল। চিঞৰত সি গগন ফালিলে। সেই সময়তে নিগনিটো আহি তাত ওলালহি।
 সি ক'লে, "…চিন্তা নকৰিব মহাৰাজ, মই আপোনাক ৰক্ষা কৰিম…!"
 এই বুলি কৈ নিগনিটো গুচি গ'ল।
 সেই গ'ল যি গ'ল…, তাৰপাছত কোনো খবৰেই নাই।
 সিংহ ৰৈ থাকিল, সময় গৈ থাকিল। নাই…, নিগনিৰ কোনো খবৰ নাই। …

দুঘন্টা মানৰ পিছত নিগনি আহি ওলালহি। পিচে অকলে নহয়, লগত পূৰা 'মিডিয়া' লৈ আহিল।
বাতৰি কাকত, নিউজ চেনেল, …মুঠতে পূৰা সংবাদ মাধ্যম লৈ আহিল।
 আহিয়েই চিধা সিংহৰ গাত উঠিল গৈ। লগে-লগে কেমেৰাৰ 'ফ্লাচ' জিলিকি উঠিল, ভিডিঅ' ৰেকৰ্ডিং আৰম্ভ হৈ গ'ল।

 তাৰপাছত নিগনিয়ে ভাষণ আৰম্ভ কৰিলে…, "…শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আপোনালোকৰ বহুতেই জানে যে এই সিংহটোক মই আগতেও এবাৰ বচাই থৈছো। কিন্তু হ'লে কিডাল হব…!
মাত্ৰ অসমৰ এল. পি. স্কুলৰ কিতাপত হে খবৰটো ছপা হ'ল।
 অসমৰ বাহিৰত কোনো গমেই নাপালে। গতিকে এইবাৰ সেই ভুল নকৰো। …
এইবাৰ পূৰা 'লাইভ কভাৰেজ' হব, …

অসমৰ ইমান ধুনীয়া 'সাধুকথা' গোটেই দেশে জানিব লাগিব।
জানিব লাগিব, অসমতো 'বিশ্বমান'ৰ (world class) সাধুকথা আছে। জয় আই অসম…!"

By: Udoy Senapoti

ভজা মাছৰ মূৰটো !

এয়া ১৯৭৫ চনমানৰ কথা ।
 সেনাপতি দা তেতিয়া মুম্বাইত থাকে।
এদিন ৰাতিপুৱা সময়ত তেওঁ জাহাজত উঠি কৰবালৈ ফুৰিবলৈ গৈ আছিল !
তেওঁৰ কাষত আছিল এজন ইজৰাইলী ভদ্রলোক !
 দুয়ো চিনাকি হ'ল । ইটো সিটো কথা পাতিবলৈ আৰম্ভ কৰিলে !
কিছুসময় এনেকৈ যোৱাৰ পিচত সেনাপতি দাই হঠাত্‍ কিবা এটা চিন্তা কৰাৰ দৰে কৰি তেওঁৰ লগত বস্তু নিয়া বেগ টো খুলি কাগজেৰে আলফুলকৈ মেৰিয়াই অনা টোপোলা এটা উলিয়ালে আৰু তাৰপৰা ডাঙৰ ভজা মাছৰ মূৰ এটা উলিয়াই এবাৰ ভালদৰে চাই লৈ তাক খাবলৈ ধৰিলে ।..... ....
ইজৰাইলী ভদ্রলোক জনে তেওঁৰ কার্যকলাপ চাই আছিল । তেওঁ সেনাপতি দাক তেনেকে মাছৰ মূৰাতো খাইলৈ লোৱা দেখি সুধিলে -
 "হেৰি বন্ধু আপুনি এনেকৈ ভজা মাছৰ মূৰটো কিয় খাবলৈ লৈছে!"
 সেনাপতি দা :" আপুনি নুবুজিব হে ! এয়া আমাৰ ভৰতীয়সকলৰ চিক্রেট ! এনেকৈ ৰাতিপুৱা ভজা মাছৰ মূৰ খালে টামাম মগজু হয় ! আমি ভাৰতীয় সকলে সদায় এনেকৈ এটা এটা মাছৰ মূৰ খাওঁ । সেইকাৰণে আমাৰ টামাম মাথা ! "
 ইজৰাইলী জনে ভাবিলে হবওঁ পাৰে কি ঠিক ! তথাপি তেওঁ নিজৰ মনটোক সন্তুষ্ট কৰিব নোৱাৰিলে ।
সুধিলে- ..."আওঁ দেউ আপুনি কয় কি হে ! ভজা মাছৰ মূৰ খালে সচাকে মগজু হয়নে ?...
 সেনাপতি দা: "আপুনি একোদাল নাজানে হে ! আপুনি মুর্খ ! আচলতে আপুনিহে ভজা মাছৰ মূৰ খাবলৈ আৰম্ভ কৰা উচিত, মগজু হব !"...
 ইজৰাইলী জনে কিবা এটা ভাবিলে আৰু কলে - "হেৰি বন্ধু অনুগ্রহ কৰি মোকো এটা ভজা মাছৰ মূৰ দিবনে ?" 
 সেনাপতি দা : "মোৰ হাতত এটা বঢ়িয়াকে ভাজি থোৱা ডাঙৰ মাছৰ মূৰ এটা আছে অবশ্যে ! কিন্তু মই আপোনাক দিব নোৱাৰিম !"
 ইজৰাইলী ভদ্রলোক : "নহয় নহয় আপোনাক মই যিমান লাগে সিমান পইচা দিম ! (১০০ টকীয়া নোট এখন উলিয়াই ) লয়া লওঁক !"
 সেনাপতি দা : "নাই নাই !আপুনি বৰ কিবা দিয়ক হে ! উপায় নাই আৰু ! লয়া লওঁক !আপোনাক বন্ধু বুলিহে দিলো আৰু ! ".... .....
এইবুলি ১০০ টকীয়া নোটখন লৈ বেলেগ কাগজৰ টোপোলা এটা খুলি ডাঙৰ মাছৰ মূৰ এটা উলিয়াই সেনাপতি দাই ইজৰাইলী জনক খাবলৈ দিলে ।.... ...
ইজৰাইলী জনে আনন্দমনে মাছৰ মূৰটো খাবলৈ আৰম্ভ কৰিলে ! মূৰটো খাবলৈ আৰম্ভ কৰাৰ কিছুসময় পিচত হঠাত কিবা এটা চিন্তা কৰি তেওঁ সেনাপতি দাৰ ফালে চাই কলে -
 "আপোনাৰ চাগে গোটেই মাছটো কিনোটেই ৫ টকাৰ বেছি লোৱা নাছিলে ! মোক মূৰটোৱেই ১০০ টকাত বেছিলে !"....

সেনাপতি দা: "এয়া চাওঁক, মই কৈছিলোনে ! মাছৰ মূৰ খোৱা শেষ নৌ হওঁতেই আপোনাৰ মগজুৱে কাম দিবলৈ ললেই !

হেভ এ হেপ্পী জার্নি বন্ধু , এনজয় কৰক !"........
By: Nâvâ Kríshñá DéKá

******অথঃ দত্ত সংবাদ :- *******

 তিনিজন শৈশৱৰ বন্ধু প্ৰ দত্ত , মে দত্ত আৰু দি দত্ত ।
এবাৰ তিনিওটাই হিমালয় পৰ্বতখনক ৰং দিয়াৰ কনট্ৰেক্ট এটা পালে ।
কাম কৰাৰ মাজত এদিন লান্স ব্ৰেকৰ সময়ত তিনিওটাই নিজৰ নিজৰ টিফিন উলিয়ালে ।

 প্ৰ দত্ত :- হে গড , আজিও ভাতৰ লগত স্প্ৰাইটৰ তৰকাৰী । কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম ।

 দি দত্ত :- হে ৰম , আজিও ব্ৰেড আৰু পকা কঠাল , কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম ।

 মে দত্ত :- হে অপু , আজিও বেঙেনা ভাজি আৰু ৰুটি , কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম । (বি.দ্ৰ. - মে দত্তই অপুক ভগৱান হিচাপে মানে )

 পিছদিনা খন হ‘ল পুৱা মুখত তিনিও সোমাই এখন এখন গুৱা , তিনিও ওলাল হিমালয়লৈ বুলি , ফাটাফাটি ৰংমিস্ট্ৰি হম বুলি ।
 টিফিন টাইমত ভয়ে ভয়ে তিনিও নিজৰ নিজৰ টিফিন বক্স উলিয়ালে ।

প্ৰ দত্ত :- হে গড , আজিও ভাতৰ লগত স্প্ৰাইটৰ তৰকাৰী । মই মৰো দেই , বাই বাই । এইবুলি প্ৰ দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 দি দত্ত :- হে ৰম , আজিও ব্ৰেড আৰু পকা কঠাল । মই মৰো দেই , বাই বাই । এইবুলি দি দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 মে দত্ত :- হে অপু , আজিও বেঙেনা ভাজি আৰু ৰুটি । মই মৰো দেই , বাই বাই । এইবুলি মে দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 কালু দা কলা কুত্তাই সেই সময়ত হাগু দিব আহিছিল হিমালয়লৈ। সি সকলো দেখি তাহাতৰ ঘৰলৈ ফোন মাৰি সিহঁতৰ মৃত্যুৰ কাৰনসহ সকলো খিনি কৈ দিলে আৰু তাহাতৰ টিফিনখিনি খাই মেলি আহিলে ।

 শ্মসানত গোটেই দত্তকেইটাৰ ঘৈনিয়েকবোৰে কান্দি আছে ।
 প্ৰ দত্তৰ পত্নী :- আগতে জনা হলে মই ভাতৰ লগত স্প্ৰাইট নিদি কোকা-কোলাৰ আন্জা দিলো হৈ নহয় । হুক হুক হুক হুক
দি দত্তৰ পত্নী :- আগতে জনা হলে মই তেখেতক চুজি কা হালোৱা বনাই দিলো হৈ নহয় । হুক হুক হুক হুক
 মে দত্তৰ পত্নী :- বিয়া কৰাৰ পৰাই মই পাকঘৰত ভৰি দি পোৱায়েই নাই। তেখেতেটো নিজৰ টিফিন নিজে বনাই লৈ যায় সদায় ।
মোৰ কি হব এতিয়া ।

 * * মৰেল :- দত্ত মাখা কিয়া এনাই হা কিয়া !!!!!!!!!

By:Apurba Kalita

Thursday 7 November 2013

WIFE Joke

পুলিচত চাকৰি কৰা পুতেকে বাপেকলৈ চিঠি দিলে

" দেউতা মোৰ ঘৰত থকা wife ক পঠাই দিবা "

বাপেকে এতিয়া WIFE ৰ অর্থতো বুজি নাপালে ।

 ওচৰৰ জনা এজনক শুধিলে WIFE মানে কি ?

সি কলে এই ঠাণ্ডাত লোৱা কম্বলখন আকৌ

 বাপেকে ভাবিলে পুলিচত তো কম্বল লেপ দি থাকে তাক ঘৰত থকাখন কিয় লাগে ।

 বাপেকে পুতেকলৈ লিখিলে "বোপাই ঘৰত যিটো wife আছে তোৰ ভায়েৰে দিনে ৰাতিয়ে লৈ শুই শুই একদম বৰবাদ কৰি পেলালে "!!!!!!!

By: Jadob Atif Saikia

৫০০ পৃষঠাৰ কিতাপ

Doctor: এইখন কি ?

 পাগল: মই ৫০০ পৃষঠাৰ এখন কিতাপ লিখিছো ।

 Doctor: তুমি ৫০০ পৃষঠাত ইমানকৈ কি লিখিছা?

 পাগল: ১ম পৃষঠাত> এজন ৰজাই ঘোঁৰাৰ পিথিত উঠি এদিন জংঘলৰলৈ গৈ আছিল ।

শেষৰ পৃষঠাত> ৰজা জংঘল পালেগৈ ।

 Doctor: মাজৰ ৪৯৮ পৃষঠাত কি লিখিলা তেনেহ'লে?




 পাগল: টিগদিক, টিগদিক, টিগদিক ।

 By: Princess Kaku Gogoi

নাহাঁহিবঃ

 হঠাৎ চুবুৰীটোত হুলস্থুল লাগিল...............

কি হ’ল কোনোবাই ক’লে ৰঘুকাইৰ সৰু লৰাটোৱে পাটিপইচা গিলিলে.........
 কোনোবাই কলে ডাক্টৰ মাতক কোনোবাই কলে ১০৮ ক মাতক,
বহুতে বহুত ধৰনে চেষ্টা কৰিলে পইচাটো পেটৰ পৰা উলিয়াবলৈ, নাই কোনেও নোৱাৰিলে ডাক্তৰেও কলে চহৰৰ আসপাতাল নিব লাগিব আৰু অপাৰেচন কৰি পইচাটো উলিয়াব লাগিব...............
 ঠিক তেনেতে এজন মানুহ আহি ক’লে চাও চাও মইও এবাৰ চেষ্টা কৰি......
নাই মানুহ জনৰ কথা শুনিবলৈ কাৰো আহৰি নাই, মানুহ জনে সকলোকে হাতযোৰ কৰি কলে মোকো চাবলৈ দিয়ক মই পাৰিমেই উলিয়াব,

এইবাৰ তেওক দিয়া হ’ল আৰু মানুহ জনে লৰাটোৰ ভৰি দুখনত ধৰি মূৰটো তললৈ কৰি লাহেকৈ মূৰটো মাটিত খুন্দিয়াই দিলে আৰু লগে লগে খিটলিংকৈ শব্দ কৰি পইচাটো লৰাতোৰ মুখেদি বাহিৰলৈ ওলাই আহিল...............

 তেতিয়া সকলোৱে তেওক শুধিলে আপুনি ডাক্টৰ নে বেজ হে কোনেও নোৱাৰা কামতো আপুনি তৎক্ষণতে পাৰিলে,
মানুহ জনে সকলোকে ক’লে হওতে মই বিশেষ একো নহয় 


মই এজন আয়কৰ বিভাগৰ বিষয়া আৰু মানুহে যত যেনেকৈ টকা-পইচা ৰাখে সেইবোৰ মই বাহিৰ কৰো............

By: Parag Baruah

কথাটো নোহোৱা নহয়


হাও হৈ নাকি হা

নিৰজু বা নতুনকৈ টেটৰ পৰীক্ষা পাছ কৰি দীপাহতৰ বিদ্যালয়ৰ লৈ গল ৷
 নিৰজু বাৰ ভালে লাগিছে ছাত্ৰ ছাত্ৰীবোৰ বৰ আময়িক ৷
 মাত্ৰ দীপা বোলা জনী অলপ আঘাইটং ৷

 দীপা কেইবাদিনো আহা নাই ৷
আহি পোৱাৰ দিনা নিৰজু মিছ - দীপা তুমি ইমান ক্ষতি কৰিছা ৷ কলৈ গৈছিলা
দীপা - কোহও যেনাই হা মিছ ৷ দাদাৰ বিয়া আছিল ৷ আপি এটা বিয়া কৰি আনচি ৷
 আহবা পৰা নাই হা সেইকুনটি ৷
নিৰজু মিছ - হৰৌ নিধক ছোৱালী ৷
মহিলা বিয়া নকৰাই আনি কাক আনিবো পূৰুষক আনিব নি ৷
 কি যে জধা মূৰ্খ ৷

 দীপা ( শেখুন মুছি) হাহি মাৰি কলে - হাও হৈ নাকি হা, আমাৰ মালতী বাই দেখুন আৰু মতা এটাক লেগি হি বিয়া হৈ গেলাক ৷

নিৰজু মিছ হৈ গল ফিউজ

By: কালু দি কলা কুকুৰ

Tuesday 5 November 2013

চাৰ্কাচৰ ছোৱালী

'খেলা' দেখুৱাই থকা অৱস্থাত, চাৰ্কাচৰ ছোৱালী এজনীয়ে সিংহ এটাৰ লগত চুম্বন কৰিলে।

 'ৰিং মাষ্টৰে' দৰ্শকৰ ফালে চাই সুধিলে, "…এনেকৈ চুমা খাবলৈ, কোনোবাই পাৰিবনে…?"

(সকলো দৰ্শক নিৰৱ হৈ পৰিল)

কিন্তু হঠাৎ এজনে ঠিয়হৈ ক'লে… : মই পাৰিম, মাত্ৰ… . . . . . . . . . .










"সিংহটো আঁতৰাই দে…!"

By: Udoy Senapoti

অসমীয়া কৌতুক

http://axomiyajokes.blogspot.com/2013/11/extra-marital-affair-joke.html
অসমীয়া কৌতুক

Sunday 3 November 2013

উচ্ছ শিক্ষাৰে শিক্ষিত এহাল দম্পতী !!

কর্মসূত্রে গিৰিয়েক দিনটো ঘৰৰ বাহিৰত থাকে,

পত্নী গৰাকী হল ---ঘৰৰ গৃহীণী, দেখাত যেন লক্ষ্মী তিৰোতা !!

 এদিনাখনৰ কথা

গিৰিয়েক সেইদিনা অফিচৰ পৰা সোনকালে ঘৰলৈ উভতিল ।

 সেই সময়ত শান্ত শিষ্ট লক্ষ্মী গৰাকী পৰকীয়া প্রেমিকৰ লগত ঘৰৰ ভিতৰত গভীৰ প্রেমলীলাত নিমগ্ন ।

 হঠাত্‍ বাহিৰত গাড়ীৰ হর্ণ শুনি তাই প্রেমিকক মুখত অলপ বগা পাউদাৰ সানি এটা মূর্ত্তিৰ আকৃতিত থাকিবলৈ দিলে ।

 কথা মতেই কাম !!

 বেছেৰাই মূর্ত্তিৰ আকৃতি লৈ থাকিল ।

 গিৰিয়েক সোমাই আহিল ভিতৰলৈ,

নতুন বস্তু এটা ভিতৰত দেখি তাইক সুধিলে ---- এইটো কি ?

 পত্নী : অ এইটো মূর্ত্তি ,শর্মাহতঁৰ ঘৰৰ পৰা আনিছো, কেনে লাগিছে ।

 গিৰিয়েকৰ চমু উত্তৰ : ভাল !!

 গ'ল কথা গুছিল ।

 দুয়ো পতি পত্নীয়ে মিলি জুলি ভাত খাই শুই থাকিল ।

 মাজৰাতি গিৰিয়েক মনে মনে উঠি ফ্রীজৰ পৰা কেইখন মান ব্রেড লৈ মূর্ত্তিটোৰ ওচৰত গৈ ::

 ( কাণে কাণে ) .. .. ঐ শর্মা , খাই ল' এইখিনি !!

 সিদিনা ৰাতি মইও তহঁতৰ ঘৰত মূর্ত্তি হৈ আছিলো !!

কোনেও পানী অলপো খাব নিদিলে, তই খাই ল খাই ল ।

By:Dípankar Nath

ভাত কিহেৰে খালা?

প্ৰেমিক: আজি ভাত কিহেৰে খালা?

 প্ৰেমিকা: (খং-এৰে) তোমাৰ সদায় এইবোৰেই সাধাৰণ প্ৰশ্ন…!


 প্ৰেমিক: আচ্ছা ঠিক আছে বাৰু, কোৱাচোন তেন্তে…,

আন্তৰ্জাতিক বজাৰ অৰ্থনীতিৰ পৰিপ্ৰেক্ষিতত,
ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্ৰমহ্ৰাসমান ভাৰতীয় 'টকা'ৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্য,
কেনে ধৰণৰ ব্যৱহাৰিক নীতি আৰু পদক্ষেপ গ্ৰহণ কৰা উচিত…?


 . . . প্ৰেমিকা: … . . . . . . . . . . . . .



"ভাতৰ লগত, 'কচু শাক' খালো…!" বিলাহী মাছ দি


 ණ Udoy Senapoti

নগেন আইডিয়া...

শান্ত স্বভাৱৰ নগেনদা

শান্ত স্বভাৱৰ আমাৰ নগেনদাই সদায় বাছত অহা-যোৱা কৰে।
 সেইজন নগেনদাকেই বাছৰ ভিতৰত এগৰাকী মহিলাক বেয়াকৈ প্ৰহাৰ কৰাৰ (মৰাৰ) অপৰাধত গ্ৰেপ্তাৰ কৰা হ'ল।

 গোচৰটো আদালতত উঠিল।
 বিচাৰকঃ 'আপোনাক দেখিলেতো নালাগে আপুনি এনেকুৱা এটা কাম কৰিব পাৰে বুলি।
বাছৰ সকলোৱেই ঘটনাটোৰ সাক্ষী।
আপোনাৰ শাস্তি হ'বই।
 মোক ঘটনাটো খুলি কওকচোন।

 নগেনঃ 'শুনক মহাশয়, মই গৈ আছিলো যোৰাহাটৰ পৰা শিৱসাগৰলৈ।
মোৰ কাষৰ ছিটতেই তেনেকুৱাতে বহিল হি সেই মানুহ গৰাকী।

 বহিয়েই তেওঁ হাতৰ ডাঙৰ বেগটো খুলিলে, তাৰ পৰা সৰু এটা সৰু বেগ উলিয়ালে।
 তাৰ পিছত ডাঙৰ বেগটো বন্ধ কৰি সৰু বেগতো খুলিলে।
এইবাৰ দহ টকাৰ নোট এখন উলিয়াই সৰু বেগটো বন্ধ কৰিলে।
ইয়াৰ পিছত ডাঙৰ বেগটো খুলি সৰু বেগটো সুমুৱাই ডাঙৰ বেগটো বন্ধ কৰিলে।
কণ্ডাক্টৰ ইতিমধ্যে দূৰলৈ গুছি যোৱাত তেওঁ আকৌ ডাঙৰ বেগটো খুলিলে, সৰু বেগটো উলিয়ালে।
 ডাঙৰ বেগটো বন্ধ কৰিলে আৰু সৰু বেগটো খুলি দহ টকাটো তাত ভৰালে।
এইবাৰ সৰু বেগটোও বন্ধ কৰিলে।
ইয়াৰ পিছত ডাঙৰ বেগটো খুলি সৰু বেগটো তাত ভৰাই....

 বিচৰকে অধৈৰ্য হৈ চিঞৰি উঠিলঃ 'আপুনি কি এশবাৰ ডাঙৰ বেগ, সৰু বেগ কৰি আছেহে....? . . . . . . .

 নগেনঃ 'মহাশয়, আপুনি দুই মিনিট শুনিয়েই ধৈৰ্য হেৰুৱাই পেলালে। মোৰ কথা ভাবকচোন, এঘণ্টাৰ ৰাষ্টাত দুশ একত্ৰিশ বাৰ এই কাণ্ড দেখি মই কোন সতে থিৰেৰে থাকো..!!

 বিচাৰকে ৰায় দিলে- 'কেছ ডিছমিছড'

 শ্বেয়াৰ কৰক ණ হীৰক জ্যোতি নাথ

নগেনৰ ঘৈণীয়েক

নগেনৰ ঘৈণীয়েক বৰ শকত।
তেওঁৰ মুখখনো বৰ ডাঙৰ।

সেই কাৰণে নগেনে ঘৈণীয়েকক লগত লৈ যাবলৈ টান পায়, লাজ কৰে।

 এদিন নগেন কিবা কাৰণত কলিকতালৈ যাবলগীয়া হ'ল।

 তেওঁ জীয়েক পুলপুলিক লগত লৈ গ'ল।

জীয়েকো বেছ স্বাস্থ্যবান। যাত্ৰা পথত ৰে'লত ডকাইত সোমাই মানুহৰ বয়-বস্তুবোৰ লৈ গ'ল।

বুদ্ধিমতী পুলপুলিয়ে ডকাইতবোৰ দবাটোত সোমোৱা মাত্ৰকে তাইৰ সকলো গহণা খুলি মুখত ভৰাই থ'লে।

 সিহঁতৰ বাকী বস্তুবোৰ গ'ল যদিও গহণাবোৰ থাকিল আৰু সেইটো যে নিজৰ কৃতিত্ব পুলপুলিয়ে দেউতাক নগেনক দেখুৱালে।

 নগেনে নিজৰ মূৰত চপৰিয়াই ক'লেঃ- ইছ ইছ ! মাৰক অনা হ'লেতো আমাৰ বেগ আৰু ট্ৰাংক কেইটাও ডকাইতে নিব নোৱাৰিলেহেতেঁন !

ইছ ইছ !!

 শ্বেয়াৰ কৰক ණ হীৰক জ্যোতি নাথ

যোগেন নাই

নগেনৰ মতে মানুহ ধনী হৱ পাৰিছেঃ একমাত্ৰ ঠিকা কৰি।

 সেয়ে নগেনে ঠিকাৰ কাম কৰাৰ সিদ্ধান্ত ললে।

চৰকাৰী বিষয়াক খাতনি ধৰি নগেন আৰু বন্ধু খগেন, যোগেন তিনিও মিলি ৰাষ্টাৰ কাষত গছপুলি ৰোৱা কাম এটা হাতত ললে।

 তিনিও কম সময়ৰ ভিতৰতে ধনী হোৱাৰ আশাত পুৰাদ্দমে কামত লাগিল।

 টিকা ফটা ৰ'দত কাম কৰাৰ ফলত যোগেন বেমাৰত পৰিল কিন্তু নগেন আৰু খগেনে কাম কৰিয়ে থাকিল।

 নগেন আৰু খগেনৰ কামত আচৰিত হৈ মানুহ এজনে সুধিলেঃ হেৰি ডাঙৰীয়া সকল এই টিকা ফটা ৰ'দত কিয় মিছাতে এনেকৈ কাম কৰি আছে।

 নগেনঃ ঠিকাৰ কাম হাতত লৈছো কিয় মিছাতে কাম কৰিম। . . . .

মানুহজনঃ তেনেহলে কি কৰি আছে এজনে যে গাত খান্দি আছে আৰু এজনে যে গাত বোৰ পুতি আছে।

 নগেনঃ অ সেইতো আমি তিনিজন আছিলো।

 মোৰ কাম গাত খন্দা যোগেনৰ কাম গছপুলিটো গাতত সমুৱাই দিয়া আৰু খগেনৰ কাম গাতটো পুতি দিয়া। . . . . . . . . .


.যোগেন নাই বাবে আমি আমাৰ কৰ্তব্য কৰি আছো।

by:কেছ টো নগেন

প্ৰথম তিনিযোৰৰ ৰং

চোৰ এটাই চোৰ কৰি ধৰা পৰাৰ পাছত বিচাৰকে তাক সুধিছে ।

 বিচাৰক: তেনে হ'লে তই চাৰিবাৰকৈ চোৰ কৰাৰ পাছত ধৰা পৰিছ ।

 চোৰ: হয় চাৰ । বিচাৰক: তই কি চোৰ কৰিছিলি?

 চোৰ: চাৰ মই চাৰিযোৰ dressচোৰ কৰিছিলো ।

 বিচাৰক: তই তিনিবাৰ চোৰ কৰাৰ পাছত আকৌ কিয় আহিছিলি?

 চোৰ: প্ৰথম তিনিযোৰৰ ৰং মোৰ ঘৈণীৰ পছন্দ নাছিল চাৰ ।

by: Princess Kaku Gogoi

নলেগলে লগা বন্ধু

চনঃ১৯৭৫,

 এখন গাঁৱৰ দুজন নলেগলে লগা বন্ধুৰ কাহিনী।

 এজন আনজনতকৈ অলপ বেছি ধূর্ত।

এদিনৰ কথাঃ

 দুয়োজনে একেলগে এটা কঁঠাল খাই আছিল।

 ১ম বন্ধু(নামউদয়):হেৰি নহয় বন্ধু তোৰ দেউতা কেনেকৈ ঢুকাল অলপ বুজাই ক'চোন।

২য় বন্ধু(নাম আশীষ):কিনো ক'বি আৰু বন্ধু বৰ দীঘলীয়া কাহিনী।
দেউতাৰ গেষ্ট্রিক আছিল।
অলপ দিনৰ পিছতে সিয়ে আলচাৰ হ'ল।
তাৰপিছত হস্পিটেলত অপাৰেচন হ'ল।তাৰপৰা আকৌ..................................

(সমূহ ঘটনা বিৱৰি ক'লে)।
 কৈ শেষ হোৱাৰ পিছত দেখিলে যে সিজনে কঁঠাল বেছিখিনি খাই শেষ কৰিলে।
এইবাৰ তেওঁ সিজনক একেটা প্রশ্ন কৰিলে।

 সিজনে(উদয়) একে উশাহতে ক'লে: . . . . . . .



বেমাৰ একো নাছিল,এদিন পৰিল আৰু তেতিয়াই লগে লগে মৰিল।


By: Ripunjoy Chetia

.ভয় নাই বন্ধু !

বি এ পাছ নিবনুৱা যুবক এজনে সুদীৰ্ঘ দিন চাকৰি বিচাৰি হাবাথুৰি খালে ৷
এনেকুৱা এটা বিভাগ নাই য'ত তেওঁ চাকৰি বিচৰা নাই ৷
 সৰ্বশেষত তেওঁ চাকৰি বিচাৰি গ'ল চিৰিয়াখানাত ৷

 চিৰিয়াখানা কৰ্তৃপক্ষই যুৱকৰ অৱস্থা দেখি কলে,......
.চাকৰি এটা আছে,..কিন্তু অস্থায়ী আৰু জটিল ৷

যুৱকে যিকোনো চাকৰি কৰিবলৈকে সাজু বুলি কোৱাত কৰ্তৃপক্ষই তেওঁক চাকৰিটো দিলে ৷

 চাকৰিটো হ'ল.........

চিৰিয়াখানাত মৃত্যু হোৱা হৰিণাটোৰ ঠাইত নতুন হৰিণা এটা নহা পৰ্যন্ত যুৱকে হৰিণাৰ পোছাক পিন্ধি অভিনয় কৰিব লাগে ৷

 এসপ্তাহমান ভালেৰেই গ'ল ৷...................


 এদিন হঠাৎ "যুৱক" হৰিণাই নাচি-বাগি থাকোতে কাষতে থকা বাঘৰ গড়ালত পৰিলগৈ ৷

বাঘৰ সন্মুখত মৃত্যু আসন্ন দেখি হৰিণাই কলে,..........................

.হে প্ৰভু ! বি এ পাছ কৰাই এয়াহে দশা কৰিলা ৷


 বাঘে লগে লগে উত্তৰ দিলে,......ভয় নাই বন্ধু ! মই এম এ পাছ !!

By: Sanjib Karmakar

Friday 1 November 2013

তোৰ বাপেৰে টর্চ মাৰি আছে নেকি?

বিয়াৰ আগত প্রেমিকা:আজি জোনটো ক'ত জান?

 প্রেমিক:এটা জোন এয়া মোৰ কাষত আৰু এটা সৌৱা ওপৰলৈ চোৱা জানু।


বিয়াৰ পিছত প্রেমিকা:আজি জোনটো ক'ত জান?

 প্রেমিক:.................. . . . . . . .







. . ...চকুকেইটা ভালকে মেলি মেলি চা,সৌটো জোন নহয় কি তোৰ বাপেৰে টর্চ মাৰি আছে নেকি?

By: Ripunjoy Chetia

ফট' লব লাগে !

গোটেই হাতে ভৰিয়ে বেন্দেজ মাৰি কেকাই কেকাই হাস্পাতালৰ পৰা ওলায় অহা কলিতা দাক দেখি নাথ দাই সুধিলে !....


 নাথ : ঐ কলিতা, কি হ'ল বে তোৰ এইবিলাক ?

 কলিতা দা :এহ্ নকবি আৰু নাথ বাছত অফিচলৈ গৈ থাকোতে ফট' এখন পকেটৰ পৰা ওলায় গৈ বাছৰ ভীৰৰ মাজত পৰিলগৈ "..............

 নাথ দা:- অ' তাতে কি হল !

তোৰ হাতে ভৰিয়ে এই বেন্দেজখোপা আহিল কেনেকৈ !

 কলিতা দা : নাজানো ভাই, ফটখন ভীৰৰ মাজৰ মহিলা এগৰাকীৰ কাষত পৰাত মইতো মাত্র কৈছিলো -



 "শাৰীখন অলপ দাঙি দিবাছোন ভন্টি . . . .ফট' লব লাগে !"..........

By: Nâvâ Kríshñá DéKá

সৰগৰ অপেস্বৰী

এটা ল'ৰাই কলেজলৈ যোৱা ছোৱালী এজনীক সি যে তাইক ভাল পাই সেই কথাটো সদায় বলকি থাকে ,

কথাবোৰ কওঁতে তামাম খেলিমেলি তাৰ।

এদিনাখনৰ তাৰ এটা ৰোমাণ্টিক দাইলগ- -তোমাক যে মই ইমান ভাল পাঁও কেনেকৈ বুজাম তুমিয়ে কোৱাচোন?

-আচ্ছা,তই মোক ভাল পাৱ ভূত,বাৰু তই মোক মোৰ বিষয়ে এটা ৰোমাণ্টিক কবিতা শুনাচোন।

 -বাৰু শুনা তেন্তে-তুমি বহুত ধুনীয়া জানা? 

খাওঁতে মুখৰ আগত, শুওঁতে বিছনাৰ তলত ,

 চকু মুদিলেও তোমাকে দেখো চকু নুমুদিলেও তোমাক নেদেখো,

 সপোনত তোমাক দেখি খুব ধুনীয়া লাগে জানা ?

 পিছে বাস্তৱত কাপোৰ-কানিৰ সৈতে যিহে সৰগৰ অপেস্বৰীৰ দৰে লাগে

 সপোনত নালাগে। ৰাতি হ'লে তুমি কাপোৰ নিপিদ্ধা নেকি ?

মানে সপোনত-----


গাজনি-ধেৰেকণিৰ শব্দ এটা শুনা গ'ল।আঁৰকাপোৰ পৰিল।

By: সত্যজিত কাকতি

দাস আংকল

এদিনাখন শইকীয়ানি ঘৰত নথকাৰ সুবিধাতে শইকীয়া ডাঙৰীয়াই তেওঁ তেখেতৰ পি এ জনীক ঘৰলৈ আড্ডা মাৰিবলৈ বুলি লৈ আহিল ।

 তেনেতে শইকীয়াৰ একমাত্রসৰু লৰাটো স্কুলৰ পৰা আহি পালে ।

তাক অহা দেখা পাই মাত্রকে শইকীয়াই পুত্রক বুজাব ধৰিলে যে যাতে মাকক দিপাঞ্জলী আণ্টিক ( পি এ জনী )ঘৰলৈ লৈ অহা বুলি নকয় ।

 দেউতাকৰ বুজনি পাই পুতেকে লগে লগে উত্তৰ দিলে

 ইঃ আপুনি দেউতা একোৱে চিন্তা নকৰিব মই কোনো দিনে মাক এইবোৰ নকও মই কোনোদিন আপোনাক কৈ পাইছো নেকি যে

মায় সদায় সদায় আপুনি অফিচত যোৱাৰ পিছত দাস আংকলৰ তাত যায় ।

 ( সংগ্রহ )

By: সঞ্জীৱ তালুকদাৰ

তোমাৰ মুখখন

গার্ল ফ্ৰেন্ড : দেহা ,তুমি মুখখন সিফালে কৰি কৰি কথা পাতিছা কিয় ,মই বেয়া পাইচো দেই ..

এনেদৰে কথা পাতিলে তুমি মিছা কথা কোৱাৰ দৰে লাগে ...

 বয়ফ্ৰেন্ড : এস একো হোৱা নাই অ' ..ইনেই এনেদৰে কথাপাতিচো ।

 গার্লফ্ৰেন্ড : ইচ আকৌ মিছা মাতিছা .,সঁচা কথা কোৱা কি হ'লনো ?

সিফালে মুখকৰি কিয় কথা পাতিছা ?


 বয়ফ্ৰেন্ড : তুমি বেয়া নাপাবা ,.



মা ..মানে তোমাৰ মুখখন গু গু গোন্ধাইছে !!

By: Nang Niva Gogoi