Sunday 3 November 2013

উচ্ছ শিক্ষাৰে শিক্ষিত এহাল দম্পতী !!

কর্মসূত্রে গিৰিয়েক দিনটো ঘৰৰ বাহিৰত থাকে,

পত্নী গৰাকী হল ---ঘৰৰ গৃহীণী, দেখাত যেন লক্ষ্মী তিৰোতা !!

 এদিনাখনৰ কথা

গিৰিয়েক সেইদিনা অফিচৰ পৰা সোনকালে ঘৰলৈ উভতিল ।

 সেই সময়ত শান্ত শিষ্ট লক্ষ্মী গৰাকী পৰকীয়া প্রেমিকৰ লগত ঘৰৰ ভিতৰত গভীৰ প্রেমলীলাত নিমগ্ন ।

 হঠাত্‍ বাহিৰত গাড়ীৰ হর্ণ শুনি তাই প্রেমিকক মুখত অলপ বগা পাউদাৰ সানি এটা মূর্ত্তিৰ আকৃতিত থাকিবলৈ দিলে ।

 কথা মতেই কাম !!

 বেছেৰাই মূর্ত্তিৰ আকৃতি লৈ থাকিল ।

 গিৰিয়েক সোমাই আহিল ভিতৰলৈ,

নতুন বস্তু এটা ভিতৰত দেখি তাইক সুধিলে ---- এইটো কি ?

 পত্নী : অ এইটো মূর্ত্তি ,শর্মাহতঁৰ ঘৰৰ পৰা আনিছো, কেনে লাগিছে ।

 গিৰিয়েকৰ চমু উত্তৰ : ভাল !!

 গ'ল কথা গুছিল ।

 দুয়ো পতি পত্নীয়ে মিলি জুলি ভাত খাই শুই থাকিল ।

 মাজৰাতি গিৰিয়েক মনে মনে উঠি ফ্রীজৰ পৰা কেইখন মান ব্রেড লৈ মূর্ত্তিটোৰ ওচৰত গৈ ::

 ( কাণে কাণে ) .. .. ঐ শর্মা , খাই ল' এইখিনি !!

 সিদিনা ৰাতি মইও তহঁতৰ ঘৰত মূর্ত্তি হৈ আছিলো !!

কোনেও পানী অলপো খাব নিদিলে, তই খাই ল খাই ল ।

By:Dípankar Nath

No comments:

Post a Comment