Showing posts with label Couple Jokes. Show all posts
Showing posts with label Couple Jokes. Show all posts

Friday 4 April 2014

পাঁচ গিলাচ জুচ

by: Ashish Majumdar

আমাৰ ছোটা ডনে মানুহ এঘৰলৈ গৈ পানী এগিলাচ খুজিলে।
সৰু ল'ৰা এটা ওলাই আহি- পানী নাই, আমৰ জুচ আছে খাবনে?
ছোটা ডন- গৰমত আমৰ জুচ! বঢ়িয়া !

ছোটা ডন পাঁচ গিলাচ জুচ খাই ল'ৰাটোক সুধিলে- তোমালোকৰ ঘৰত জুচ্ কোনেও নাখায় নেকি?
ল'ৰা- খায়..কিন্তু আজি জুচৰ বটলটোত জেঠী এটা পৰি মৰি আছিলে..সেয়ে কোনেও নাখালে।

কথাটো শুনি ছোটা ডন হাতৰ পৰা গিলাচটো পৰি থাকিল।

ল'ৰা- (কান্দি কান্দি) মা.......!! মানুহজনে গিলাচটো ভাঙি পেলালে! এতিয়া আমাৰ টমীয়ে কিহত গাখীৰ খাব???

কিয় গুছি গ'লা ??

by নিভা গগৈ

ৰাতিপুৱা ঘটনা ,আশীষ দা ,ছোটা ডন আৰু মই ৰাষ্টাতে ৰৈ কথাপাতি আছোঃ

আশীষ দাঃ কালিৰ পৰা টেমা গৰম হৈ আছে বে ,ইমান লেতেৰা কৰি পেলাইছে যে ৰগৰৰ ৱালখন খঙত চুলি চিঙি দিব মন গৈছে নিজকে নিজে ।
ছোটা ডনঃ মোৰ আৰু গৰম হৈ আছে দেই ।জুই জ্বলি আছে একেবাৰে ভমভমাই ।

মই একো নামাতি ঘৰলৈ দৌৰ মাৰিলো ।পিছফালৰ পৰা আশীষ দায়ে চিঞৰিলে ,কি হ'ল নিভা ,কিয় গুছি গ'লা ??

মইঃ এক মিনিট ৰব দেই দুইজনেই ,মই আহি আছো ।চাহৰ চচ্ টো লৈ আঁহো , আমাৰ আজি চিলিণ্ডাৰ শেষ হ'ল . ৰাতিপুৱাৰ পৰা চাহ একাপও খোৱা নাই ,দুইজনৰ গাত জুই লাগি থাকোতেই চাহ একাপ বনাই লও !!

Sunday 30 March 2014

ইন্টাৰনেচনেল পুলিছ কম্পিটিচন

By: Dhiman Adhikary
তো এবাৰ ইন্টাৰনেচনেল পুলিছ কম্পিটিচন হল কাজিৰঙাত

চব দেশৰ পুলিছ আহিল আৰু চবৰে বাবে এটাই খেল ৰাখিলে

কাজিৰঙাৰ ভিতৰত শহাপহু এটা এৰি দিব আৰু কিমান কম সময়ৰ ভিতৰত কোন দেশৰ পুলিছে শহাপহুটো উলিয়াই আনিব পাৰিব. !!!!!!!!!!!!

১/ স্কটলেণ্ড য়াৰ্ড গল, তিনি মিনিটৰ ভিতৰত শহাপহুটো উলিয়াই আনিলে

২/ এফ বি আই গল, দুই মিনিটৰ ভিতৰত শহাপহুটো উলিয়াই আনিলে

৩/ অসমৰ পৰা পুলিছ নিউ ফুকন গল

.......................................................
.......................................................

দুদিন পিছত বান্দৰ এটাক গায়ে মুৰে চিনিব নোৱাৰাকৈ পুলিচ নিউ ফুকনে বেন্দেজ কৰাই ৰাইডাং বেতেৰে বৈদ্য মাৰ দি কাজিৰঙাৰ পৰা উলিয়াই আনিলে, আৰু মা কচম বান্দৰটোৱে চিঞৰি চিঞৰি কান্দি কান্দি কৈ আছে " আবে নামাৰিবি আৰু মোক, মই শহাপহু হয়, মই শহাপহু হয় "

মাইকী কুকুৰা

By: Dip Chutia

এবাৰ এটা শিয়াল চিকাৰৰ উদ্দেশ্যে এটা গড়ালৰ কাষ পালেগৈ । সেই সময়ত গড়ালত ৰাজহাঁহ সাৰে আছিল । হৰ্থাৎ বাহিৰত খচমচনি শুনি বাহিৰলৈ চাই শিয়ালক দেখি .....ডকাইত....... ডকাইত....... বুলি চিঞৰিব ধৰিলে । ৰাজহাঁহৰ চিঞৰত গড়ালৰ সকলো সদস্য সাৰ পাই গল ।ৰাজহাঁহক তেনেকৈ চিঞৰা দেখি গড়ালৰ মাইকী কুকুৰাই মাত লগালে

;-ক'ত..... ক'ত..... ক'ত.... ক'ত..... ,,,

তেনেতে শিয়ালক বাহিৰত দেখি পাতিহাঁহে কলে :- তাত.......তাত.......তাত......তাত.....

মতা পাতিহাঁহটোৱে সকলোকে উদ্দেশ্যি ক'লে;- চুপ..... চাপ...,চুপ..... চাপ...,চুপ..... চাপ...,

কথা বিষম দেখি শিয়ালে চিকাৰৰ আশা বাদ দি গুছি গল ।ৰাতিপুৱা মতা কুকুৰাটোৱে ৰাতিৰ ঘটনাটোৰ খং সামৰিব নোৱাৰি বুকুত পাখি চপৰিয়াই চিঞৰিব ধৰিলে :- (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............(ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............

তেনেতে মাইকী কুকুৰাই কালিনো কি চাই আছিল ভাৱেৰে ঠাট্টা কৰি লাহেকৈ ক'লে :- থঅঅঅক........ থক থক থক থক থক থক...........

Saturday 29 March 2014

বিয়নী মেল

By: Ripunjoy Chetia
এজনী হাঁহ আৰু এজনী কুকুৰাৰ মাজত বিয়নী মেল চলি আছে।কিছুসময় পৰচর্চা কৰাৰ পিছত অলপ নিজৰ কথাও ওলাল।
.
হাঁহ: আমাৰ এওঁ মোক আজিকালি বহুত মৰম কৰে জানা।
.
কুকুৰা: (বিশেষ গুৰুত্ব দিয়া যেন নেদেখুৱাই): কিয়?
.
হাঁহ:মই যে আজি এক মাহ ধৰি একেৰাহে কণী পাৰি আছোঁ।
.
কুকুৰা(বেকাকৈ হাঁহি এটা মাৰি):সেইটোনো কি কথা?মই দেখোন দুমাহ একেৰাহে কণী পাৰি আছোঁ।
.
হাঁহ(নাকৰ পাহি দুটা অলপ ফুলাই):
মোৰ কণীকেইটা ডাঙৰ আৰু সেইকাৰণে দামো বেছি।তোমাৰ বাৰু এটা কণীৰ দাম কিমান?
.
কুকুৰা: ৭ টকা।
.
হাঁহ: মোৰ যে এটাৰ দাম ৮টকা।
.
কুকুৰা(ষ্টাইলত পাখি দুখন অলপ মেলি আকৌ জপাই):এটকাৰ কাৰণে ইমান কষ্ট কৰিবলে এওঁ মোক নিদিয়ে দেই,আফটাৰ অল ফিগাৰো বেয়া হ'বতো!

Sunday 23 March 2014

গৱেষনা

By: লক্ষ্য জ্যোতি নাথ
ফেচবুকত বহু দিনৰ গৱেষনা অন্তত কেইতামান তথ্য ডাঙি ধৰিলো-

মুখমণ্ডল কিতাপ (ফেচবুকত) আজি কালি তিনি-চাৰি প্ৰকাৰ মান প্ৰাণী ওলাইছে যি আপোনাক ফেচবুকত তামাম কামোৰ দিয়ে, এই প্ৰাণী কেইবিধ আপোনাৰ 'ফেণ্ড লিষ্ট'ত থাকিলে আপুনি 'নটিফিকেচন'ৰ উটপাতত 'ফেচবুক' খুলিব ভয় খাব। আহঁকচোন আমি এই প্ৰাণী কেইবিধনো কোন, তেওঁলোকৰ বৈশিষ্ট্য কি অলপ চাওঁ-

টেগি বাবা :- এই বিধ প্ৰাণী আজিকালি ফেচবুকত প্ৰায়ে পোৱা যায়। এই প্ৰাণী বিধৰ বৈশিষ্ট্য হ'ল এই প্ৰাণী বিধে আপোনাক নানা অযথা ফটো টেগাই টেগাই আপোনাৰ 'টাইম লাইন' খন লেটেৰা কৰা লগতে 'নথিফিকেচন'ৰ উটপাতত আপোনাক মুৰৰ বিষ কৰায় 'ডিচপ্ৰিণ' খাব বাধ্য কৰাব। এনেকোৱা প্ৰাণী আপোনাৰ 'ফেণ্ড লিষ্ট'ত যদি দহতাও থাকে তেন্তে দুদিনত আপোনাৰ ৱাল উৰুৱাই দিব ফটো টেগাই টেগাই।

প'ক (POKE ) বাবা :- এই প্ৰাণী বিধৰ কিছুমান মহত্ব আছে। এই প্ৰাণী বিধৰ বেছি সংখ্যকে আপোনাক 'ফেণ্ড ৰিকুয়েষ্ট' নপঠাই, তাৰ সলনি প'ক (Poke) কৰিব, যাৰ অৰ্থ আমি অনুসন্ধান কৰি পাইছো যে তেওঁ ব্লক হৈ আছে, আপুনি তেখেতক 'ফেণ্ড ৰিকুয়েষ্ট' পঠাব লাগে। এই প্ৰাণী বিধৰ কিছুমান ব্যতিক্ৰমো আছে যি আপোনাৰ 'ফেণ্ড লিষ্ট'ত আছে আৰু আপোনাক 'প'ক' কৰি থাকিব, আপুনি 'প'ক বেক' কৰক তেওঁ 'প'ক বেক' কৰিব। সেইতোৱে কাম।

লাইক গুৰু :- এই বিধ আপুৰুগীয়া প্ৰাণী আপোনাৰ 'ফেণ্ড লিষ্ট'ত থাকিবও পাৰে নাথাকিবও পাৰে, এই প্ৰাণী বিধৰ বৈশিষ্ট্য হ'ল এই প্ৰাণী বিধে আপোনাক এটা বাৰ্তা (মেছেজ) পঠাব য'ত লিখা থাকিব "প্লিজ লাইক মাই পি.পি (প্ৰফাইল পিকচাৰ) " আপুনি ইচ্ছা কৰিলে তেওঁক এটা 'লাইক' দিব পাৰে নহ'লে কওক "নেক্ষ্ট প্লিজ" (আগলৈ যাওঁক)

গ্ৰোপ মেছেজ মেনিয়া :- এই জাতৰ প্ৰাণী বিধৰ আৰ্বিভাব হোৱা বৰ বেছি দিন হোৱা নাই। এই প্ৰাণী বিধৰ বৈশিষ্ট্য এই প্ৰাণী বিধে আপোনাক এটা বাৰ্তাগোট (মেছেজ গ্ৰোপ) ত এড(যোগ) কৰিব আৰু তেওঁৰ লগতে সেই গোটতোৰ আন সদস্য বোৰেও যি তি মেছেজ দি দি আপোনাক এসেকা দিব। আপুনি Messages(1) দেখি কোনোবায়ে দৰকাৰী বাৰ্তা দিছে বুলি খুলিব আৰু দেখিব গ্ৰোপ মেছেজত কোনোবায়ে "Hi add me" , "" , "Hello" আদি বুলি লিখি মেছেজ দিছে। আপোনাৰ যদি হাই প্ৰেচাৰ আছে, সোনকালে তেজ গৰম হয় তেন্তে লগতে 'Leave these conversation' এপলাই কৰি গ্ৰোপতোক লগতে তেখেত সকলক বিদায় দিয়ক।

(ফেচবুকৰ হৃতাৰ্থে প্ৰচাৰিত)
-লক্ষ্য জ্যোতি নাথ
পি.এইচ.ডি ইন ফেচবুক

নৰেন্দ্ৰ মোডীক মই চিনি পাওঁ

By: Rituraj Borgohain
কনপিতৌ, নগেন, কনটিলৌ আটাইমখাই আগন্তুক নির্বাচনৰ কথালৈ আড্ডা মাৰি আছে । সকলোৱে এইবাৰ মোডীৰ চৰকাৰ অহাটোৱেই বিচাৰে । আমাৰ কনপিতৌ কম নহয় । কথাৰ প্ৰসংগত সি ঘপককৈ কৈ পালে
কনপিতৌ > নৰেন্দ্ৰ মোডীক মই ভালকৈ চিনি পাওঁ । তেখেতৰ লগত মই ভাত খাই পাইছো ।
তাৰ কথা শুনি বাকীকেইটা আচৰিত হল । সি সদায় গাৱঁত থকাটোৱে আকৌ মোডীক কত লগপালে । সিহঁতে কলে আমাকো চিনাকি কৰাই দিবিচোন ।
.
.
.
কনপিতৌ > সেইদিনা মোডীয়ে টি ভিত ভাত খোৱা দেখুৱাই থাকোতে মইও ঘৰত খাই আছিলো তেনেকৈহে লগত খাইছো । আৰু চিনিপাওঁ মানে মইহে পাওঁ তেখেতে....
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
মোক চিনি নাপাই নহয় ।

কিয় কাজিয়া কৰিছ ?

By: Mrinal Talukdar
স্কুলত পৰীক্ষা চলি আছিল । পৰীক্ষা শেষ হোৱাৰ পাচত ক্লাচৰ পৰা ওলায়েই দুজন ছাত্রৰ মাজত এখন তৈয়াময়া কাজিয়া লগা দেখি লগে লগেই স্কুলৰ শিক্ষক এজন তেওঁলোকৰ কাষলৈ দৌৰি আহিল ......

শিক্ষকঃ তহত দুয়োৱে কিয় কাজিয়া কৰিছ ? পৰীক্ষা শেষ হৈছে ঘৰলৈ যা ...

ছাত্রঃ ছাৰ ই মূর্খই পৰীক্ষাৰ বহীত একোৱেই নিলিখিলে ...

শিক্ষকঃ সি পৰীক্ষাত একো নিলিখিলে নাই , তাত কাজিয়া কৰিব লগা তোৰ কি হ’ল ?
..............................

ছাত্রঃ ছাৰ মই ও মোৰ পৰীক্ষাৰ বহীত একোয়েই লিখা নাই , এতিয়া আমাৰ দুয়োৰে বহী দুখন দেখাত একেবাৰে একে হৈ থকা বাবে দেখোন আমি এজনে আনজনৰ পৰা চাই চাই লিখা বুলি ভাবিব আপোনালোকে !............
সেইবাবেই মোৰ বিৰাট খং উঠি আছে তালৈ ..............................

Wednesday 19 March 2014

কেইবিধমান নতুন ঔষধ

by: Khanindra Dutta
বিবাহিত পুৰুষৰ বাবে মহিলা গৱেষকে কেইবিধমান নতুন ঔষধ আৱিস্কাৰ কৰিছে ।
ANIVERSIA : জন্মদিন আৰু বিবাহ বাৰ্ষিকীৰ দিন মনত ৰাখিবলৈ পুৰুষৰ স্মৃতিশক্তি বৃদ্ধি কৰে।
SLIMOXIL : নিজৰ পত্নীক শ্লিম দেখিবলৈ পুৰুষৰ চকুৰ কৰ্ণিয়া বহলায় ।
SPORTOBLIND X : এইবিধ ঔষধে Tvৰ পৰ্দাত Sportsশব্দতো দেখাত পুৰুষক বাধা দিয়ে যাৰ বাবে মহিলাসকলে নিশ্চিন্তমনে Tvত চিৰিয়েল চাব পাৰে।
WORKOCETAMOL : ঘৰুৱা কাম কৰিবলৈ পুৰুষৰ এটা হেঁপাহ নপলোৱা ইচ্ছা জগাই তোলে ।
SHOPHOFOBEX : প্ৰতি সপ্তাহতে নিজৰ পত্নীক স্বপিং কৰিবলৈ নিবলৈ আৰু বাহিৰত ঘন্টা ধৰি অপেক্ষা কৰি থাকিবলৈ ব্যাকুল কৰি তোলে ।
FLIRTONATE N : যেতিয়া অন্য কোনো ধুনীয়া মহিলা কাষেৰে পাৰ হৈ যায় পুৰুষৰ দৃষ্টিশক্তি কমাই আনে ।

উল্লেখনীয় যে এই সকলোবোৰ ঔষধ সেৱন কৰাবলৈ পত্নীয়ে বিশেষ গুৰুত্ত আৰোপ কৰাতো নিতান্তই প্ৰয়োজনীয় ।

ছেং মানুহটো সাংঘাটিকভাবে ইচমাৰ্ট

BY: Dhiman Adhikary
ছেং মানুহটো সাংঘাটিকভাবে ইচমাৰ্ট

অফিচৰ বাহিৰত কালি তাৰ বছে দিয়া কাগজ কিছুমান ফটোষ্টেট কৰি উঠি কিবাকিবি মিলাই আছিল - - - -

তাকে দেখি কইলতাই সুধিলে, "ঐ মুৰ্গীচোৰ, কি মিলাই আছা বে

ছেং- দেখা নাই, অৰিজিনেলখিনিৰ লগত ফটোষ্টেট কৰাখিনিৰ কিবা বানান ভুল হৈছে নেকি তাকে চেক কৰি আছোঁ, ভাগ ইয়াৰ পৰা, খালি কামৰ সময়ত ধীচতাপ কৰে মোক. !!!!!!!!!!!!

Tuesday 11 March 2014

আইতাৰ স্কুল

by: Madhurjya Dutta

হঠাৎ চৰকাৰে এখন আছনি জাৰি কৰিলে যে,দেশত নিৰক্ষৰ লোকসকলক লিখা পঢ়া শিকোৱা হ'ব ৷
কথামতেই কাম ৷ আমাৰ গাঁৱতো পাঠদান আৰম্ভ হৈ গ'ল ৷ গাঁৱৰ সকলো আইতাই একগোট হৈ আবেলি মহিলা সমিটিৰ কায্যালয়তে লিখা পঢ়া শিকিবলৈ ল'লে , এজনক শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল ৷
লেঠা লাগিল শিক্ষকৰ,কিয়নো অাইতা সকলক শিকোৱা ইমান সহজ নহয়,গতিকে তেঁও এটা নতুন পদ্ধতিত শিক্ষা আৰম্ভ কৰিলে, এনেদৰে-
A (ব'ৰ্ড ত লিখি )মানে অমল ৰ মাক, B মানে বলেন ৰ মাক ,,,,,,,,,,,,,
,
,
,
,
,
,
,
এনেদৰে এমাহ মান যোৱাৰ পাছত ইনস্পেক্টৰ আহিল স্কূল চাবলে,,,
ইনস্পেক্টৰ: আপোনালোকে কিমান শিকিব পাৰিছে মই এতিয়া পৰীক্ষা কৰিম,
এইবুলি ব'ৰ্ড ত W লিখি এইটো কি আখৰ কোনে কব পাৰিব সুধিলে,,
কিন্তূ শিক্ষকৰ W শিকোৱা হোৱাই নাছিল ,R লৈকে শিকাইছিল হে ৷
সকলোৱে ইন্সপেক্টৰক ক'লে যে আমাক এইটো শিকোৱাই নাই৷
তেনেতে এগৰাকী বুধিয়ক আইতাই ক'ব পাৰিম বুলি শিক্ষকৰ লগতে সকলোকে লাজৰ পৰা বছালে আৰু উত্তৰটো দিলে,
উত্তৰ শুনি ইন্সপেক্টৰ বেঁহুছ,আইতাই কি ক'লে জানেনে,
,
,
,
,
,
,
,
সেইজনী মৃনালৰ মাক উলটি পৰি আছে৷

Sunday 9 March 2014

লৰাই ছোৱালীক বেয়া পোৱা কেইটিমান কাৰণ ।

By: Master Dhruba Nath

( কেৱল হাঁহিৰ খোৰাক যোগাবৰ বাবেহে )

১: ছোৱালী বোৰ মহা কৃপণ । দহ পইচা এটাও খৰছ কৰিব নিবিচাৰে । কিবা বস্তু কিনিবলৈ অকলে কেতিয়াও নাযায় । লগত লৰা এজন নিবই । তাৰপিছত ৰেষ্টুৰেণ্টত সোমাই লৰাজনৰ তলি উদং কৰি খাব ।
২: নিজেও নাখায় আৰু লৰাকো খাব নিদিয়ে । লৰাই মনটো ভাল লাগিবলৈ কেতিয়াবা চিগাৰেট , চাধা , মদ অকণমান খাবলৈ ললে চিধাই বাধা দিব ।
৩: ছোৱালী বোৰ বৰ আৰামী । কৰবালৈ যাবলগা হলে খোজ কাঢ়ি যাবই নিবিচাৰে । কেৱল মটৰ চাইকেলৰ টিকাত বা ৰিক্সাৰ টিকাত উঠিব বিচাৰে ।
৪: ইছটাইল বেছি । কৰবাত যাব লগা হলে বা ঘৰতেই থাকক সিহঁতৰ ইচটাইল কি চাবা । নখ পালিচ , ওঁঠ পালিচ , চকু পালিচ , গাল পালিচ এইবোৰ কৰি থাকোতেই দুইঘণ্টা মান লাগে ।
৫: ছোৱালী বিলাক ভয়াতুৰ । সাধাৰণ পইতাচোৰা এটা দেখিলেই টেটু ফালে । জোক দেখিলেতো কবই নেলাগে । খালেও মৰিলোও যেন বাঘেহে খেদা মাৰি আহিছে ।
৬: বিশ্বাস কৰিব নোৱাৰি । এজনক ভাল পাই আন এজনৰ লগত বিয়া হৈ যায় । ভাল পোৱাৰ সময়ত কব জান, এই মৰম কেৱল তোমাৰ বাবে । আই লাভ ইউ । কিছুদিন পাছত সেইজনক লেং মাৰি ভিক্ষাৰী কৰি আন এজনলৈ যায়গৈ ।

এনে আৰু বহু উদাহৰণ আছে । পাছে পৰে কম । কেনে পালে জনাবলৈ নাপাহৰিব ।

সিংহ আৰু নিগনিৰ সাধু

By: Ratul Rajkhowa

সিংহ আৰু নিগনিৰ সাধুটো মনত আছে নহয় ? সেই যে সিংহই নিগনিৰ আকৌ নিগনিয়ে সিংহৰ প্ৰাণ ৰক্ষা কৰিছিল....! তাৰ পিছৰ পৰা সিহঁতৰ বন্ধুত্বত কোনোদিনেই কেৰোণ লগা নাই ।

সিদিনাখনৰ কথা....
বাছৰ কাৰণে পানীগাঁও চাৰিআলিত নিগনিটো ৰৈ আছে । বহু দেৰি বাছৰ দেখা দেখি নাই । ঠিক সেই সময়তে তীব্ৰ বেগেৰে অহা এখন বাইক কাউচ কৈ ব্ৰেক মাৰি নিগনিটোৰ ওচৰত ৰৈ গ'ল ।
আৰে বন্ধু তুমি ! সিংহক দেখি নিগনিয়ে আনন্দত চিঞঁৰি উঠিল ।
সিংহই ও স্বভাৱ সুলভ গলগলীয়া মাতেৰে... বন্ধু তুমি ইয়াত ? কোনফালে যাবা ?......
...
...
...
..
নিগনি পিছত বহিছে আৰু ষ্টাণ্ট কৰি কৰি তীব্ৰ বেগত সিংহই বাইক চলাই দুয়ো কথা পাতি পাতি গৈ আছে.....

ব্ন্ধু তুমি কোনফালে যাবা ?মই বোকাখাত পামগৈ , শাহু আইৰ অলপ অসুখ নিগনিয়ে ক'লে । পিছে তুমি কলৈ যাবানো ?

সিংহ - মই কাজিৰঙালৈ যাম ।
নিগনি - ফুৰিবলৈ আহিলা ?
সিংহ - ফুৰিবলৈ নহয় বন্ধু ! আজিকালি আমি কাজিৰঙাতে থাকোঁ ।
নিগনিয়ে আচৰিত হৈ...
কি কোৱাহে বন্ধু ? মই জনাত তোমালোক গিৰ নে কি হাবিখনত হে থাকা । কাজিৰঙাত সেই খড়্গ নথকা গঁড় , শিং নথকা ম'হ , দাঁত-শুৰ নথকা হাঁতী , নখ আৰু চাল নোহোৱা বাঘ , মাংস নথকা পহু কেইটামান হে থাকে !

মই সেইচব নাজানো , সিংহই লেভেল ফালি কৈ গ'ল..আমাক চৰকাৰে আনিছে , খোৱা, থকা, চিকিৎসা, যাতায়ত...চব ফেচিলিতি ফ্ৰি..। নিগনিয়ে এটা দীঘল হুমুনিয়াহ এৰি .. এৰা বন্ধু , আমিহে একো সুবিধা নাপাওঁ, লোকৰ ঘৰত গাত খান্দি, লেপ তুলি কুটি ফুৰোঁতেই আমাৰ জীৱন গ'ল...!
সিংহৰ বৰ বেয়া লাগিল । বন্ধুক সান্ত্বনা দি... দুখ নকৰিবা ! নিজৰ অধিকাৰ পাবলৈ তোমালোকে আন্দোলন কৰা , পথ অবৰোধ...
থোৱা হে বন্ধু..আমাৰ নিচিনা নিগনি বোৰে কি আন্দোলন কৰিম ! দেখা নাই ৰখিল গগৈৰ অৱস্থা কি হৈছে !

এনেদৰে সুখ দুখৰ কথা পাতি পাতি দুই বন্ধু তীব্ৰ গতিৰে গৈ বুঢ়া পাহাৰত উঠিল । হঠাৎ...

নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত এটা খুন্দা....দুয়ো দুফালে চিটিকি পৰিল...এটা ভয়ংকৰ দূৰ্ঘটনা !
কপাল ভাল, নিগনিটো এদম পাতত পৰিল ! একো নহ'ল ।
কপাল বেয়া, সিংহটো এটা শিলত পৰিল ! লগে লগে বেহুচ ।
বন্ধুক বচাবলৈ নিগনি দৌৰি আহিল । প্ৰচুৰ ৰক্তক্ষৰণ হৈছে । সহায় কৰিবলৈ কোনো নাই । সি বিমোৰত পৰিল...
ভাগ্য ভাল , এখন এম্বুলেঞ্চ আহি আছিল ! তাতেই আনি সিংহক এখন নাৰ্চিং হোমত ভৰাই দিলে ।
লগে লগে সিংহক অপাৰেচন থিয়েটাৰলৈ সুমুৱাই নিলে ।
কাৰোবাক খবৰ দিবলৈও নিগনিৰ ম'বাইলটো ক'ৰবাত চিটিকি পৰিল ।
নহলেতো ইমান সময়ে মেডিয়া , নেতাৰে গিজগিজাই থাকিলে হেঁতেন !
কোবাকুবিকৈ ডাক্তৰে আহি নিগনিক কিবা এটা কৈ গ'ল... নিগনিৰ টেনচন বাঢ়ি গ'ল ...
কিয় জানেনে ?
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
!
কাৰণ , সিংহক তেজ দিব লাগে...!!

১০ মিনিটৰ পিছত...

নিগনিক যথেষ্ট সতেজ, উৎফুল্লিত, আনন্দিত যেন দেখা গ'ল...!

কিয় জানেনে ? কাৰণ..
!
!
!

!

!

!

!

!

!

!

!

!

!

!

!

!
সিংহৰ লগত নিগনিৰ তেজৰ গ্ৰুপ মিলিছে !

Thursday 6 March 2014

.............ছাতি vs বন্দুক ................

By: Jaan Deepjyoti Borah

এবাৰ এজন ৮০ বছৰীয়া বৃদ্ধই এজনী ২২ বছৰীয়া ছোৱালী বিয়া কৰালে।

বিয়াৰ প্ৰায় এবছৰ মান পাছত এদিন এজন বন্ধুক লগ পাই নানান কথা বতৰা পাতিলে আৰু কলে যে তেখেত বাপেক হবলৈ উলাইছে।

তেতিয়া লগৰ বন্ধুজনে কলে শুনা মই তোমাক এটা গল্প শুনাব বিচাৰো ।

বৃদ্ধ : অ কোৱা ।

বন্ধু : এবাৰ এজন চিকাৰী জংঘললৈ গৈছিল চিকাৰ কৰিবলৈ আৰু তাৰ এটা বেমাৰ আছিল যে সি সকলো কথা পাহৰি যায়।এনেদৰে জংঘলৰ ভিতৰলৈ আগুৱাই যাওঁতেই তাৰ মুখামুখি এটা বাঘৰ লগত হয়।বাঘক দেখি সি নিজৰ বন্দুকটো উলিয়ালে আৰু দেখিলে যে সি বন্দুকৰ সলনি ঘৰৰ ছাতিটো লৈ আহিছে ।

কিন্তু একো উপায় নাপায় সি নিজৰ ছাতিটো বন্দুকৰ দৰে দেখোৱাই বাঘক ভয় খোৱালে আৰু বন্দুকৰ দৰে স্তিগাৰ দবালে।দেখিলে যে সেই ছাতিৰ পৰাই গুলী উলাই গৈ বাঘৰ মৃত্যু হল।

বৃদ্ধলোক: অসম্ভৱ ; নিশ্চয় কোনোবা আনে চিকাৰীৰ চকুৰ আৰঁৰ পৰা বন্দুকটো চলাইছিল ।

বন্ধু : অ তুমি একদম ঠিক কৈছা।

পঢ়ি বুজিলে যদি লাইক এটা মাৰক।

মাল মানে কি ?

By: Jhon Rupam

প্ৰশ্নঃ মাল মানে কি ? ছোৱালী সকলক কিয় মাল বুলি কোৱা হয় ? (১০ নম্বৰ)

উত্তৰঃ মাল শব্দটিৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা কঠিন । মাল মানে সাধৰনতে বয়-বস্তুক কোৱা হয় । সৰু পলিথিনৰ বেগৰ পৰা ডাঙৰ গাড়িৰে অনা বস্তুকো মাল বুলি গণ্য কৰা হয় । আজি কালি 'মাল' বুলিলে আমাৰ মদৰ কথাও মনলৈ আহে। এই শব্দটিয়ে সৰহ ভাগ ল'ৰাৰে মুখ শুৱলা কৰে । কিন্তু বৰ্তমান আমি মাল বুলিলে তেনে মদ, পলিথিনৰ বেগ বা গাড়িত অনা বস্তুক নুবুজি ছোৱালী সকলকহে মাল বুলি জানো ।
উদাহৰণ হিচাৱেঃ অই নগেন জল্ডি আহ আলপ মাল খাই আহো ।
অই চা না ভাই কি মষ্টি মাল এটা যায় আছে।
"মাল" শব্দটো কৰ পৰা আহিছে ঠাৱৰ কৰা টান যদিও "মাতৃ" ৰ পৰা "মা" আৰু "লক্ষ্মী" ৰ পৰা "ল" লৈ "মাল" শব্দটো সৃষ্টি হোৱা বুলি আমি অনুমান কৰিব পাৰো । সেয়হে আমি ছোৱালীবোৰক সদায় শ্ৰদ্ধাৰ চকুৰে চাও আৰু মাল বুলি কও ।

Sunday 2 March 2014

চাৰিবাৰ কিয় চোৰ কৰিছিলি ?

By: Hemanta Dowarah

কালিৰ ঘটনা..শিৱসাগৰ কৰ্টৰ ঘটনা ..পুলিচে ধৰি অনা চোৰ এটাক জৰ্জে সুধিছে..
হেমন্ত, তেন্তে চোৰ কৰিছ কথাটো সচা.
হেমন্ত--হয,
জৰ্জ-তই কি দোকানত চোৰ কৰিছিলি? তোৰ মুখেৰেই কথাবোৰ জানি লওছোন
হেমন্ত--কাপোৰৰ দোকানত
জৰ্জ--কি নিছিলি?
হেমন্ত--শাৰী
জৰ্জ--তলা কেইবাৰ ভান্গিলি ?
হেমন্ত-চাৰিবাৰ
জৰ্জ--তই এবাৰতে যদি তলাতো খুলিব পাৰ, তেন্তে চাৰিবাৰ কিয় চোৰ কৰিছিলি একেখন দোকানতে?
হেমন্ত( লাজ লাজ কৈ) মানে, চাৰ মানুহজনীৰ গা color লগত মিলা নাচি যে..সেই কাৰনে চাৰিবাৰ আহিব লগা হ'ল..

চিত্ৰাংকনৰ পৰীক্ষা

By: Bishnu Das Maina

চিত্ৰাংকনৰ পৰীক্ষাত সকলোৱে নিজ ইচ্ছামতে ছবি আঁকি আছিল। মাথোঁ বিপুলেহে একো নেআঁকি বগা কাগজ জমা দিলে
শিক্ষক : এয়া কি? তুমি ছবি অঁকা নাই কিয়?
বিপুল : ছাৰ, মোৰ বিষয়টো আছিল ছাগলি আৰো ঘাঁহ। পিছে ছাগলীয়ে আটাইবোৰ ঘাঁহ খাই পেলালে
শিক্ষক : ঘাঁহবোৰ বাৰো খালে, কিন্তু ছাগলী ক'লৈ গ'ল
বিপুল : পেট ভৰাই ঘাঁহ খোৱাৰ পাছত ছাগলী জানো আৰো থিয় হৈ থাকিব? বেলেগ ক'ৰবালৈ গুচি গ'ল আকৌ |

Wednesday 26 February 2014

নগেন আৰু মনালিছা

By: Jaan Deepjyoti Borah

আজি আপোনালোকক নগেন আৰু মনালিছাৰ বিয়াৰ কথা কবলৈ উলাইছো।
নগেন আৰু মনালিছা ব্যস্ত হোমৰ ওচৰত ।নগেনৰ বন্ধু খগেন ব্যস্ত বিয়াৰ ঘৰত ছোৱালী চোৱাত।
এনেদৰে ছোৱালী চাই থাকোতেই এগৰাকীয়ে খগেনলৈ চাই হাঁহি মাৰি হাই বুলি কলে।
কইনাঘৰৰ ছোৱালীৰ এনে মৰমচেনেহ দেখি খগেনৰ মনতো বৰ ভাল লাগি গল। আৰু লাহে লাহে সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ খগেন আগুৱাই গল।ছোৱালীজনীৰ ওচৰ পাই খগেনে লাজলাজকৈ সুধিলে ।
খগেন : তোমাৰ নাম কি ভনী ।
ছোৱালী : মোৰ নাম মালতী
ছোৱালী :বৰ ধুনীয়া কাপোৰ এসজ পিন্ধিছে দেই ।
খগেন :অ এইযোৰ।পেন্তৰ দাম ২৫০০টকা,চোলাটোৰ দাম ১৫০০টকা.জোতাযোৰত ললে ৩০০০ আৰু ভিতৰত পিন্ধি থকা কেইটাৰ নকওঁ দিয়া ।এইকেইটাও বৰ দামী বুইছা।
ছোৱালী :হব হব ভিতৰৰটো দাম কিমান মই গম পাইছো ।ফুল ফুল ঠকাহে ।আমাৰ যে দেউবৰীয়া বজাৰত পাই।
খগেন :অ ফুল ফুল থকা ।তুমি কেনেকৈ জানিলা।
ছোৱালী :অলপমান কাণখন মোৰফালে আগুৱাই আনক কাণতহে কব পাৰিম ।
আৰু খগেনৰ কাণত মালতীয়ে কলে যে চেনদাল বন্ধ কৰি লওক ।আৰু ময়েই নহয় বিয়া ঘৰৰ সকলোৱে চিনি পাইছে এই ফুল আৰু ফুলৰ দাম কিমান ?

দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ

By: Jayanta Hazarika
আমাৰ চৰকাৰে বাৰু গুটখা বন্ধ কৰিব নে নকৰে ৷ ৰুদ্ধদ্বাৰ বৈঠক বহি আছে আমাৰ অৱতৰিয়া
বানপানী হোৱা একদম মেইন জাগাত ৷

কৰুন গগৈ— দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত, তুমি অলচ' এই গুটখা বিল খন
পাছ কৰিবই নালাগিছিল ৷ বাৰু কালন্ত এই গুটখা বিলাক বন্ধ হৈ নাযাইতো ৷

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আপোনি কোনো চিন্তাই নকৰিব ৷ মই এইবোৰ সকলোঁ চেটিং কৰিথৈছো নহয়
ছাৰ ৷ আপুনি মাত্ৰ চাই থাকক আৰু গুতকা কোম্পানী বিলাকৰ পৰা টকা লৈ নিচিন্তে
জেপত ভৰাই থাকক ৷

কৰুন গগৈ— হেহ হেহ হেহ, মিছা ক'লে কিদাল হ'ব ৷ নহয় জানো কালন্ত ৷ মই তো অলচ'আগতেই জানিছিলোঁ
যে কালন্তই নিচ্চয় কিবা নহয় কিবা এটা কৰিবই ৷ হেৰি নহয় কালন্ত , এইতো কিবা নতুন আচনি
উলিয়াইছা নেকি তুমি?

কালন্ত কৃষ্ণ শৰ্মা— হয় ছাৰ ৷ এইতো মানে আপোনি আচঁনি বুলি ও ধৰিলেই হ'ল ৷ এই ধৰক গুতকা তোক আমি
তিনি ভাগত ভগাই দিলোঁ ৷ প্ৰথম হ'ল শিখৰ— ইয়াক দিছোঁ অসমৰ দুখীয়া বিলাকক খাবলৈ ৷ তেওঁলোকৰ বাবেই ইয়াৰ দাম ধৰি দিয়া হৈছে মাত্ৰ ৩ টকা ৷ ২য়তে আছে আমাৰ দিলৰুৱা— যাৰ দাম মাত্ৰ ৭ টকা ৷ ইয়াক খাবলৈ দিয়া হৈছে আমাৰ মানে মধ্যবৃত্ত মানুহখিনিক ৷ আৰু ছাৰ তিনি নম্বৰত আছে আমাৰ এই যে ধৰমপাল হতৰ ৰজনীগন্ধা ৷ ইয়াক ছাৰ খাব পাৰিব আমাৰ ধনী মানুহ বিলাকেহে ৷ কাৰন ইয়াৰ দাম আছে ১০ ৰ পৰা ১৫ টকাৰ ভিতৰত ৷ গতিকে ছাৰ আমাৰ চৰকাৰৰ কৃপাত গুটখাক ইমান সুন্দৰকৈ ভগাই দিছোঁ ৷ ৰাইজে এতিয়া ছাৰ আমাৰ নাম লৈ কিনি কিনি খোৱাৰ হে কথা আৰু ৷ নহয় জানো ছাৰ ৷

কৰুন গগৈ— হেহ হেহ হেহ, অল ইজ্ ৱেল্ - অল ইজ্ ৱেল্ ৷ কালন্ত তোমাৰ কিন্তু এইদাল মাঠা কমতি
নহয় দেই ৷ দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত তোমাৰ দৰে যদি মিনিস্টাৰ মোৰ লগত থাকে ৷ তেতিয়া মই কাকো কেয়াৰেই নকৰোঁ ৷ মিছা ক'লে কিদাল হ'ব, নহয় জানো ৷ পিছে কালন্ত আমাৰ এই আচনি তোৰ নাম বা কি?

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আমাৰ এই আচঁনি টোৰ নাম হল" গুটখা সুৰক্ষা আচঁনি "৷

কৰুন গগৈ—— হেহ হেহ হেহ অল্ ইজ্ ৱেল্— অল্ ইজ্ ৱেল্ ৷

Monday 24 February 2014

তুমি মুৰ্খ নেকি হে?

By: Nilutpal Kashyap

আমাৰ ঘৰৰ কাষৰ বৰা দাই সকলো সময়তে ঘৈণীয়েকৰ সকলো কামতে দোষ খুচৰি থাকে ।
যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil কৰি দিয়ে তেতিয়া কয় fry কৰিব লাগিছিল ।
যদি fry কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব লাগিছিল।
এদিন ঘৈণীয়েকে দুয়োটা কৰি দিলে,
এটা কণী boil, আৰু
আনটো কণী fry.
.
.
বৰা দাই বহুত সময় কণীকেইটা চাই থাকি কলে-
.
.
.
হেৰা, তুমি মুৰ্খ নেকি হে? মুৰত গোবৰ লৈ আছা?
যিটো কণী boil কৰিব লাগিছিল সেইটো fry কৰি দিলা আৰু যিটো fry কৰিব লাগিছিল সেইটো boil কৰি দিলা ।
ধুৰ......