Showing posts with label Assamese Best Jokes. Show all posts
Showing posts with label Assamese Best Jokes. Show all posts

Tuesday 31 December 2013

যুগান্ত দা আৰু বাবলু দা

যুগান্ত দা আৰু বাবলু দাৰ কথাবার্তা:-

বাবলু:- শুনিছে যুগু দা, আমাৰ ঘৰত মোৰ ৰাজত্ব চলে। মই যি কও মানুহজনীয়ে চুপ-চাপ তাকে শুনে।
.
.
.
.
যুগান্ত :- মোৰ মানুহজনীয়েও মোৰ কথা শুনে। গৰম পানী লাগে বুলি ক'লেই দি দিয়ে।
.
.
.
বাবলু:- আপুনি কি গৰম পানীৰে গা ধুৱে নেকি?
.
.
.
যুগান্ত:- নহয় হে... গৰম পানীৰে বাচন ধুলে বেছি ভালদৰে চাফা হয়। বুজিছানে??
By: B.n. Rupam

গুৱাহাটীৰ কুকুৰ

বহু বছৰ আগৰ কথা ..

উত্তৰ গুৱাহাটীৰ কুকুৰ বোৰৰ তামাম অসন্তুষ্টি ! সিহঁতে দক্ষিণ গুৱাহাটীৰ কুকুৰ বোৰৰ সমানে বহু সা-সুবিধা নাপায় । মিটিং পাতি দিচিচন ল'লে সিহঁতৰ দাবী আৰু অসন্তুষ্টিৰ কথা লিখি দি চি চাৰক এখন এপ্লিকেচন দিব !
এপ্লিকেচন লিখা হয় গ'ল। দেট্ ফিক্সদ্ হ'ল। চব কুকুৰ একলগ হ'ল আমিনগাওঁ চেক্ গেটত। সমস্যা হ'ল শৰাইঘাট দলং পাৰ চিকিউৰিটিয়ে হ'ব নিদিয়ে। তাতে আকৌ হাজাৰ হাজাৰ কুকুৰ ..
উপায় নাপায় চব কুকুৰ সাতুৰি ব্ৰহ্মপুত্ৰ পাৰ হম বুলি দিচিচন ল'লে। এপ্লিকেচন খন পানীত তিতিব বুলি কুকুৰ এটাৰ টিকাৰ ফুটাইদি ভৰাই এডাল পূৰণ চিন দি থ'লে।
সাতুৰি পাৰ হ'ল চব। কিন্তু প্ৰব্লেম হ'ল , যিটোৰ টিকাইদি এপ্লিকেচন ভৰাই পূৰণ চিন দিছিল
সেইবোৰ চব পানীত ধোৱা গ'ল। আৰু আৰম্ভ হৈ গ'ল এটাই আনটোৰ টিকা চেক্ কৰা কাম ...

ম'ৰেল অফ দ্যা ষ্টৰি :
এতিয়াও কিছুমান কুকুৰে এটাই আনটোক দেখিলে টিকা চেক কৰে। আৰু চেক কৰিব অহাটোক লাঠ মাৰি আনটোৱে কয় , "নাই অ' মোৰ তাত।"

Friday 29 November 2013

দাঁতৰ চিকিৎসক...


ডা0 মাখন দা তেতিয়া দাঁতৰ চিকিৎসক । এদিন সন্ধিয়া দেখা গ'ল চেম্বাৰৰ বাহিৰত তেওঁ আনন্দৰে নাচি আছে । তেনেতে তেওঁৰ ব্যক্তিগত সহকাৰী সেংমাই আহিল, ''ছাৰ কিবা সমস্যাত পৰিছে নেকি ?''

মাখন দা -- সমস্যা হ'লে কি মই এনেদৰে আনন্দত নাচি থাকিম ।

সেংমাই :-- সেইবাবেইতো সুধিছো ছাৰ । ভিতৰত ৰোগী বহি আছে আৰু আপুনি বাহিৰত নাচি আছে !!

মাখন দা :-- ভিতৰত যি জন ৰোগী বহি আছে তেওঁ কোন জান্ জানো ?

সেংমাই :-- নাজানো, কোননো ছাৰ ?

মাখন দা :-- এজন পুলিচ চাৰ্জেন্ট, সেইদিনা ষ্পীডত গাড়ী চলোৱাৰ অপৰাধত ৩০০ টকা মোক জৰিমনা কৰিছিল । আজি তাক পাইছো বাপপেকে ।

Thursday 28 November 2013

নগেনৰ ঘৈণীয়েকঃ

নগেনৰ ঘৈণীয়েকঃ ড° আমাৰ এও মোৰ লগত ৰোমাঞ্চ
নকৰে।
ডাক্তৰঃ মই ৩০টা টেবলেট দিম । সদাই এটাকৈ ১মাহ
খুৱালে ঠিক হৈ যাৱ ।
ঘৰলৈ আহি ঘৈণীয়েকে নগেনক এটা টেবলেট খুৱালে আৰু
সেইদিনা ৰাতি নগেনে অলপ ৰোমাঞ্চ কৰিলে ।
পাছদিনা দুটা টেবলেট খুৱাই দিলে আৰু সেইদিনা অলপ
বেছিকৈ ৰোমাঞ্চ কৰিলে ।
তাৰ পাছদিনা ঘৈণীয়েকে বাকী থকা ২৭টা টেবলেট
ভাতৰ লগত মিহলাই একেলগত খুৱাই দিলে ।
.
.
.
.
৩ দিন পাছত ড° জনে নগেনৰ পুতেকক হস্পিতালৰ ওচৰত
লগ পায় মাকৰ বিষয়ে সোধাত সি কলে যেঃ
.
.
.
.
.
.
মা মৰি গল ।
মাহী আৰু পেহী মেডিকেলত পৰি আছে ।
কাম কৰা বাই জনী পলাই গল ।
ওচৰৰ আন্টি এজনীয়ে দেউতাৰ ওপৰত ৰেপ কেছ দিছে ।
মোৰ পিছফালটো এতিয়াও বিষাই আছে ।
ভাইটি বিচনাৰ তলত লুকাই আছে ।
দেউতাই কুকুৰ এটাৰ পিছে পিছে এতিয়াও দৌৰি আছে ।

পৰীক্ষাৰ বহী এখনৰ কিয়দাংশ

/ অসমীয়া মাহৰ(Months) নাম লিখা
উঃ.. মটৰ মাহ, বুট মাহ, মাটি মাহ, মগু মাহ ইত্যাদি।
/ কেইটামান পোক(insects) নাম লিখা
উঃ.. মাৰ পোকৰ, পাপাৰ পোকৰ, বাৰ পোকৰ, ককাৰ পোকৰ...
/ বাক্য ৰচনা কৰাঃ
আলাসৰ লাৰুঃ
"
নাৰিকলৰ লাৰু খাইচো, এই আলাসৰ লাৰুটোহে আজিলৈকে খাই পোৱা নাই"

ডলাৰ বগৰীঃ "মায়ে ৰদত শুকুৱাই থোৱা ডলাৰ বগৰীখিনি মই চুৰ কৰি কৰি খাওঁ"

হাত দীঘলঃ "হাত দীঘল চার্ট এটা পিন্ধি সি ওলাই গল"


Tuesday 26 November 2013

বিজ্ঞানৰ আজৱ উত্তৰ..

এবাৰ হাইস্কুল এখনৰ ছমহীয়া পৰীক্ষাৰ বহী চাবলৈ পোৱাৰ সুযোগ ঘটিছিল৷ অষ্টম নে নৱম শ্ৰেণীৰ বিজ্ঞানৰ বহী৷ উত্তৰবোৰ পঢ়ি পঢ়ি যথেষ্ট আমোদ পালো৷ তাৰে মনত থাকি যোৱা দুটামান উত্তৰ উল্লেখ কৰিলো৷
(ৰসৰ উৎস যদিও চিন্তনীয় বিষয়)
প্ৰশ্ন: মামৰ কি?
উত্তৰ: মামৰ এবিধ জিনিচ৷ ইয়াকে মামৰ বোলে৷

প্ৰশ্ন: ৰেলৰ চিৰিৰ মাজত ফাঁক কিয় থাকে?
উত্তৰ: বৰপেটাৰোডৰ পৰা গুৱাহাটী বহু দূৰ৷ গতিকে ৰেলেৰে যাব লাগে৷ ৰেলত বহুত মানুহ থাকে৷ ইমানবিলাক মানুহে উশাহ ল’বলৈ বহুতো অক্সিজেনৰ প্ৰয়োজন৷ সেইকাৰণে চিৰিৰ মাজত ফাঁক থাকে আৰু তাতে অক্সিজেন থাকে৷
প্ৰশ্ন: জাৰকালি ফণিৰে চুলি আঁচোৰাৰ পাছত সেই ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷ কিয়?
উত্তৰ: ফণিৰে চুলি আঁচুৰিলে ফণিত কিছুমান বগা বগা বস্তু লাগি আহে (ছাত্ৰ/ছাত্ৰীগৰাকীৰ নিশ্চয় মূৰত উফি হৈছিল) ৷ ইয়াৰ দ্বাৰা বুজা যায় যে ফণিখন কাগজেৰে তৈয়াৰী৷ একেজাতীয় বস্তুৱে একে বস্তুক আকৰ্ষণ কৰে৷ গতিকে ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷

প্ৰশ্ন: মাখিপাত কি?
উত্তৰ: মৌ-মাখিয়ে মৌ খাই যিটো পাতত পৰে সেইটোকে মাখিপাত বোলে৷
প্ৰশ্ন: আলু কাণ্ড নে শিপা?
উত্তৰ: বেছিকৈ সাৰ দিলে আলু প্ৰকাণ্ড হয়৷

Friday 22 November 2013

চালাক ছোৱালী ...

তিনিজন বন্ধু বহুত বছৰৰ মূৰত লগ হৈ হোটেলত খাৱলৈ সোমাল । তিনিওজনে খাই থাকোতে এজনে টয়লেটলৈ গল । বাকী দুজনে খাই থাকোতে কথা পাতিছে।
প্ৰথম বন্ধু - তোৰ ল'ৰা ছোৱালী কেইটা ?

২য় বন্ধু - ল'ৰা এটা । বৰ বুিদ্ধয়ক । বাছি বাছি বৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালী জনীকে পটাইছে। ইমপ্ৰেছ বঢ়াবৰ বাবেই গাড়ী এখন গিফট দিছো।বিয়াৰ পাছতো চব মোৰেই হব। তোৰ কচোন।
১ম বন্ধু - মোৰো ল'ৰা এটাই । মোৰদৰেই টেঙৰ। বৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালীজনীকে পটাইছে।ইমপ্ৰেছ বঢ়াবলৈ মইও ফ্লেট এটা গিফট দিলো।

৩য় বন্ধু টয়লেটৰ পৰা অহাত দুয়োজনে সুধিলে - তোৰ ল'ৰা ছোৱালী কেইটা?
৩য় বন্ধু - মোৰ ছোৱালী এজনী । মোৰ দৰেই চালাক বুজিছ । তাই ইতিমধ্যে বৰধনী ঘৰৰ দুটা ল'ৰা পটাইছে।এটাই গাড়ী আৰু আনটোৱে এটা ফ্লেট গিফট দিছে।

Saturday 16 November 2013

ইমান টকা

আশীষ দা : হেৰৌ ভাই পংকজ, শুনছোন মোৰ পত্নীয়ে সদায় সদায় টকা খুজি মোক হাহাকাৰ কৰি দিছে, বুজিছনে ??

 পংকজ দা : কি হ'লনো দাদা, খুলি কওকচোন ??


 আশীষ দা : এহ : নকবি আৰু, যোৱা সপ্তাহত এহাজাৰ টকা বিছাৰিছিল, পৰহি দুশ টকা বিছাৰিছে, যোৱা কালি পাচশ, 
আজি আকৌ ৰাস বুলি এহাজাৰ টকা বিছাৰিছে ।

 পকংজ দা : আছৰিত কথা ইমান টকা তেঁও কি কৰে ?? .. ..



 আশীষ দা : নাজানো ভাই-- .. .. .. ..




 মই কিন্তু আজিলৈ এটকাও দিয়া নাই !!

By: Dípankar Nath

আচল ইন্সপেক্টৰ

স্কুললৈ এবাৰ ইন্সপেক্টৰ আহিল ৷

শিক্ষকে ক্লাচ কৰাই আছিল ৷
ইন্সপেক্টৰে ছাত্ৰ এজনক প্ৰশ্ন এটা সোধাত সি উত্তৰ দিব নোৱাৰি ক'লে - ছাৰ মই আচল ছাত্ৰ নহয়, মোৰ দাদাহে ইয়াত পঢ়ে, আজি দাদা পথাৰলৈ গৈছে কাৰণেহে মই আহিছো ৷
ইন্সপেক্টৰৰ মাথা গৰম হৈ গ' ল, শিক্ষকজনক তামাম গালি দি ক'লে - মই আপোনাক চাচপেণ্ড কৰি দিম, চিনি পোৱা নাই ৷
 শিক্ষকে ভয়ে ভয়ে ক'লে - ছাৰ মই আচলতে আচল শিক্ষক নহয়, মোৰ দাদাহে শিক্ষক,দাদা এফালে যোৱাতহে…
ইন্সপেক্টকৰ- খালে খালে,এনেকে নহ'বএই বুলি একেকোবে প্ৰিন্সিপালৰ ওচৰ পালেগৈ ৷
পাৰে মানে গালি দিয়াৰ পিচত প্ৰিন্সিপালে মাত লগালে - ছাৰ মই আচলতে আচল প্ৰিন্সিপাল নহয়, মোৰ দাদাহে…
এইবাৰ ইন্সপেক্টৰৰ টেমা ফাটি গ'ল ৷
ক' লে - মই আপোনালোকৰ কাকো নেৰো, চবৰে চাকৰি খাম, জেলৰ ভাত খুৱাম, এনেকে স্কুল চলাব আহিছে ৷
প্ৰিন্সিপালে টকা পাঁচহাজাৰ উলিয়াই দি ক'লে - চাৰ এইবাৰলৈ ৰেহাই দিয়ক, আৰু এনেকুৱা কাম নকৰো ৷
ইন্সপেক্টৰে টকা পাঁচহাজাৰ লৈ যাবলৈ ওলাল, কিন্তু দুৱাৰ মুখৰ পৰা উভতি আহি ক'লে -

 আপোনাৰ ভাগ্য ভাল, মই বুলিহে পাঁচহাজাৰত মানিছো, আচল ইন্সপেক্টৰ অহা হ'লে…

By: Utpal Bhuyan

Thursday 14 November 2013

আৰু যদি ফেইল কৰো?

দিপাংকৰ: দেউতা দেউতা মই পৰীক্ষাত পাছ কৰিলে কি দিবানো? .

দেউতাক: তোক যি লাগে তাকে দিম । ক কি লাগিব? .

দিপাংকৰ: এখন চাইকেল দিবা ।
 দেউতাক: হ'ব ।

 দিপাংকৰ: আৰু যদি ফেইল কৰো?
 দেউতাক: ১৫ খন চাইকেল দিম ।

 দিপাংকৰ: উৱা. . . . এইটো আকৌ কেনেকুৱা কথা ।

 দেউতাক: ফেইল কৰিলে আৰু স্কুল গৈ ফালিব নালাগে । চাইকেল দোকানকে খুলিবি ।

By: Princess Kaku Gogoi

Tuesday 12 November 2013

তামাম পিতিম

একেবাৰে চুটি কাপোৰ পিন্ধা ছোৱালী এজনীক ল'ৰা এজনে কলে... --


ইমান চুটি কাপোৰ যে পিন্ধি আহিছা তোমাৰ মাৰাই একো নকলে নেকি !! . . . . .

ছোৱালীঃ মাৰ বহুত খং উঠিছিল । . . . .




আৰু কৈছিল দ্বিতীয় বাৰ মোৰ এই যোৰ কাপোৰ পিন্ধিলে তোক কিন্তু তামাম পিতিম ।

by: Apurba Haloi

Sunday 27 October 2013

চেং আৰু পত্নী

চেং আৰু পত্নী এদিন ফাচি বজাৰলৈ গৈ আছিল ৷
বাটতে দীপাক লগ পালে ৷
পত্নীৰ লগত দীপাৰ বৰ মিতিৰালি ৷
 গতিকে বাটৰ কাষত ৰৈয়েই চেংৰ পত্নী আৰু দীপাই কথা আৰম্ভ কৰিলে ৷

 দীপা - তুমি জাহ্নৱীক জানানে? কি যে মানুহ দেই ৷
 চেং পত্নী - কিয়? কি হল নো?
 দীপা - নিজৰ স্বামীৰ নামতেই আনৰ আগত বদনাম কৰেহে ৷ আমাক কত এৰি দিব ৷
চেং পত্নী - ইয়ে হয় নেকি ৷ কেনেকুৱা মানুহ পাই ৷ বৰ বেয়া অভ্যাস দেই ৷

 আমাৰ এখেত যে কিমান এলেহুৱা, অৰ্কমণ্য, কিমান কৃপণ, তুমিটো জানাই ৷

কিন্তু মই জানো আজিলৈকৈ কাকনো কৈছো কোৱা?


 উই মা ৷ ঘটং গটং মটং টটং

 by:কালু দি কলা কুকুৰ

Friday 18 October 2013

Assamese Joke Pictures







বিবাহ-বিচ্ছেদ

বিবাহ-বিচ্ছেদৰ মোকর্দমা এটাৰ ৰায় প্রদান কৰি বিচাৰকে পতি-ঘৈণী দুয়োকে সম্বোধি ক'লে

-----তোমালোক দুয়োৰে বিবাহ-বিচ্ছেদ হৈ গ'ল ।
বাকী তোমালোকৰ হাতত যি আছে দুয়ো সমানে ভগাই ল'বা ।

 ঘৈণীয়ে ক'লে ----- হুজুৰ, আমাৰ ল'ৰা-ছোৱালী তিনিটা কেনেকৈ ভগাই ল'ম ?

 বিচাৰক ------ বিবাহ-বিচ্ছেদৰ চুড়ান্ত ৰায় মই দিলোঁ ।
বাকীখিনি তোমালোকে জানা ।
 কথাটো আগতে ভাবি চাব লাগিছিল ।
 বিচাৰকৰ কথা শুনি ঘৈণীয়েক গৰাকী বিবুধিত পৰিল ।

অলপ সময় চিন্তা কৰাৰ পাছত তেওঁ গিৰীয়েকৰ হাতত ধৰি ক'লে


 ----- বলক, এতিয়া ঘৰলৈ যাওঁ ।



অহা বছৰত আমাৰ আৰু এটা সন্তান জন্ম হ'লে, পুনৰ ইয়ালৈ আহিম ।


By: Akandas Assam

চিগাৰেত

এদিন চেংমাৰ গেৰালফেনে তাক দুদাল চিগাৰেত খাই থকা দেখি সুধিলে

'তুমি দুদাল চিগাৰেত কিয় খাইছা ?'

চেং : 'নকবা আৰু, কলিতালৈ আজি বৰ মনত পৰিছে বাবে তাৰ নামত ও এদাল খাইছো ..'

দুদিনমানৰ পিছত এদাল চিগাৰেত খাই থকা দেখি সুধিলে :
 'কি হল ? আজি তোমাৰ frnd পাহৰিলা ?

 চেং : 'নাইহে, মই চিগাৰেত এৰিলো। এইদাল কলিতাৰ ভাগৰ ডালহে খাইছো ..!


By: Dipa Moni

Sunday 13 October 2013

স্বাস্থ্যৰ আচল কাৰণ

এজন বুঢাই নিজৰ ১০০তম জন্মদিন পালন কৰি আছিল।

 সেই বয়সতো তেওঁৰ স্বাস্থ্য অটুত আছিল আৰু এক পেশীবহুল শৰীৰৰ গৰাকী আছিল।
সকলোৱে তেওঁৰ স্বাস্থ্যৰ প্ৰশংসা কৰি আছিল।
বহুতে আচৰিত হৈ তেওঁক সুধিলে, -"আপোনাৰ এই স্বাস্থ্যৰ আঁৰৰ ৰহস্য কি?"

 -"হেঃ হেঃ আচলতে এই স্বাস্থ্যৰ কাৰণ আচলতে মোৰ পত্নীহে।"
 -"সেইয়া কেনেকৈ?"
 -"আমাৰ বিয়া হোৱা ৭৫ বছৰ হ'ল।
 বিয়াৰ পাছৰ দিনা আমি শপত খাইছিলোঁ যে যদি আমাৰ মাজত কাজিয়া হয় আৰু সেই কাজিয়া কাৰ কাৰণে হৈছিলে সেই কথা প্ৰমাণিত হয়, তেতিয়া সেই কাজিয়াৰ আঁৰত থকাজন ৰাতি মুকলি আকাশৰ তলত খোজ কাঢ়ি ফুৰিব লাগিব।






 আৰু আজি ৭৫ বছৰ ধৰি মই মুকলি আকাশৰ তলত ঘুৰি ফুৰিছোঁ।
এইয়াই মোৰ এই স্বাস্থ্যৰ আচল কাৰণ।"

By: Deva Pratim

Wednesday 2 October 2013

দযা কৰি কিবা এটা খাবলে দিযক?

ভিক্ষাৰী – মোক দযা কৰি কিবা এটা খাবলে দিযক?

 ভদ্রলোক – হ.. অলপ মদ খা ৷

 ভিক্ষাৰী – মই মদাপী নহয ৷

ভদ্রলোক – হ.. তেনতে চুৰট পোৰ ৷

ভিক্ষাৰী – মই নোহোপো ৷

ভদ্রলোক – তেনতে জুৱা খেলোগে??

ভিক্ষাৰী – মই জুৱা নেখেলো ৷

ভদ্রলোক – তেনেহলে তোক এজনী প্রেমিকা বিচাৰি দিও??

ভিক্ষাৰী – নালাগে, মোৰ ঘৈণী আছে ৷ মই তাইক বহুত ভাল পাওঁ ৷

ভদ্রলোক – তেনতে মোৰ ঘৰলৈ বল, তোক কিবা খাবলে দিম ৷

 ভিক্ষাৰী – আপোনাৰ ঘৰলে কিয়?????

ভদ্রলোক – মই মোৰ ঘৈণীক দেখুৱাম যে.. যি বোৰে বেযা বসতু নাখাই অকল নিজৰ ঘৈণীক ভাল পাই তাৰ অৱঠা তোমাৰ দৰে হয ৷

ফ্ৰিজ লাগিব নি ফ্ৰিজ?

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল|

ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

 এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...

ডীপা: নালাগে পাই...

 অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!

ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে| ... ও... ৱা...ক্...

ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

 বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড!
সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো?

কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি..

by:Santanu Changmai