এজন বুঢাই নিজৰ ১০০তম জন্মদিন পালন কৰি আছিল।
সেই বয়সতো তেওঁৰ স্বাস্থ্য অটুত আছিল আৰু এক পেশীবহুল শৰীৰৰ গৰাকী আছিল।
সকলোৱে তেওঁৰ স্বাস্থ্যৰ প্ৰশংসা কৰি আছিল।
বহুতে আচৰিত হৈ তেওঁক সুধিলে, -"আপোনাৰ এই স্বাস্থ্যৰ আঁৰৰ ৰহস্য কি?"
-"হেঃ হেঃ আচলতে এই স্বাস্থ্যৰ কাৰণ আচলতে মোৰ পত্নীহে।"
-"সেইয়া কেনেকৈ?"
-"আমাৰ বিয়া হোৱা ৭৫ বছৰ হ'ল।
বিয়াৰ পাছৰ দিনা আমি শপত খাইছিলোঁ যে যদি আমাৰ মাজত কাজিয়া হয় আৰু সেই কাজিয়া কাৰ কাৰণে হৈছিলে সেই কথা প্ৰমাণিত হয়, তেতিয়া সেই কাজিয়াৰ আঁৰত থকাজন ৰাতি মুকলি আকাশৰ তলত খোজ কাঢ়ি ফুৰিব লাগিব।
আৰু আজি ৭৫ বছৰ ধৰি মই মুকলি আকাশৰ তলত ঘুৰি ফুৰিছোঁ।
এইয়াই মোৰ এই স্বাস্থ্যৰ আচল কাৰণ।"
By: Deva Pratim

0 Comments