Saturday 16 November 2013

আচল ইন্সপেক্টৰ

স্কুললৈ এবাৰ ইন্সপেক্টৰ আহিল ৷

শিক্ষকে ক্লাচ কৰাই আছিল ৷
ইন্সপেক্টৰে ছাত্ৰ এজনক প্ৰশ্ন এটা সোধাত সি উত্তৰ দিব নোৱাৰি ক'লে - ছাৰ মই আচল ছাত্ৰ নহয়, মোৰ দাদাহে ইয়াত পঢ়ে, আজি দাদা পথাৰলৈ গৈছে কাৰণেহে মই আহিছো ৷
ইন্সপেক্টৰৰ মাথা গৰম হৈ গ' ল, শিক্ষকজনক তামাম গালি দি ক'লে - মই আপোনাক চাচপেণ্ড কৰি দিম, চিনি পোৱা নাই ৷
 শিক্ষকে ভয়ে ভয়ে ক'লে - ছাৰ মই আচলতে আচল শিক্ষক নহয়, মোৰ দাদাহে শিক্ষক,দাদা এফালে যোৱাতহে…
ইন্সপেক্টকৰ- খালে খালে,এনেকে নহ'বএই বুলি একেকোবে প্ৰিন্সিপালৰ ওচৰ পালেগৈ ৷
পাৰে মানে গালি দিয়াৰ পিচত প্ৰিন্সিপালে মাত লগালে - ছাৰ মই আচলতে আচল প্ৰিন্সিপাল নহয়, মোৰ দাদাহে…
এইবাৰ ইন্সপেক্টৰৰ টেমা ফাটি গ'ল ৷
ক' লে - মই আপোনালোকৰ কাকো নেৰো, চবৰে চাকৰি খাম, জেলৰ ভাত খুৱাম, এনেকে স্কুল চলাব আহিছে ৷
প্ৰিন্সিপালে টকা পাঁচহাজাৰ উলিয়াই দি ক'লে - চাৰ এইবাৰলৈ ৰেহাই দিয়ক, আৰু এনেকুৱা কাম নকৰো ৷
ইন্সপেক্টৰে টকা পাঁচহাজাৰ লৈ যাবলৈ ওলাল, কিন্তু দুৱাৰ মুখৰ পৰা উভতি আহি ক'লে -

 আপোনাৰ ভাগ্য ভাল, মই বুলিহে পাঁচহাজাৰত মানিছো, আচল ইন্সপেক্টৰ অহা হ'লে…

By: Utpal Bhuyan

No comments:

Post a Comment