Wednesday 2 October 2013

ফ্ৰিজ লাগিব নি ফ্ৰিজ?

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল|

ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

 এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...

ডীপা: নালাগে পাই...

 অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!

ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে| ... ও... ৱা...ক্...

ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

 বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড!
সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো?

কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি..

by:Santanu Changmai

No comments:

Post a Comment