Showing posts with label Joke on Women. Show all posts
Showing posts with label Joke on Women. Show all posts

Saturday 21 December 2013

নগেন, ঘৈণীয়েক আৰু নিমখ:

নগেনৰ ঘৈণীয়েকো কম নহয়৷ নগেনক ইটোৰ পিছত সিটোকৈ কাম পাচি থাকে৷
এদিন নগেনৰ ঘৈণীয়েকে মজিয়াত বহি কিবা কাম কৰি আছিল৷ অলপ পাছত, ওচৰতে বহি বাতৰি কাকত পঢ়ি থকা নগেনক ঘৈণীয়েকে ক’লে,

:পাকঘৰৰ পৰা অলপ নিমখ লৈ আনাচোন৷
নগেন উঠি পাকঘৰলৈ গ'ল৷ প্ৰায় দহ মিনিটমান পাছত পাগঘৰৰ পৰা নগেনে চিঞৰি চিঞৰি ক’লে:
:ইয়াত দেখোন ক’তো নিমখ নাই৷

ঘৈণীয়েকেও চিঞৰি চিঞৰি ক’লে,

: মই জানোৱেই তুমি একো বস্তু বিচাৰি নোপোৱা৷
তুমি এটা কামচোৰ৷
এলেহুৱা৷ সোৰোপা৷
তুমি একো কামৰ মানুহ নহয়৷
অন্ধ৷ একো দেখা নোপোৱা৷
তোমাক একো কাম কৰিবলৈ দি লাভ নাই৷
মই জানিছিলোৱেই তুমি বিচাৰি নাপাবা বুলি ৷
সেইকাৰণে মই নিজে আগতেই নিমখৰ বাচনটো লৈ আনি থৈছো৷

নগেন অবাক৷
(সংগ্ৰহ)

এজনী 'বেশ্যা' আৰু এজনী 'চিনেমা নায়িকা' ৰ মাজত কি পার্থক্য ??

(অলপ প্রাপ্তবয়স্ক যদিও এটা মন্তব্য দিলে ভাল পাম)

এজনী 'বেশ্যা' আৰু এজনী 'চিনেমা নায়িকা' ৰ মাজত কি পার্থক্য
আছে ?

.......বিখ্যাত বুদ্ধিজীবী জনে, এজন সাধাৰণ মানুহক প্রশ্ন কৰিলে ।

মানুহজনৰ উত্তৰ ----

'বেশ্যা' হৈছে এনে এগৰাকী নাৰী যিয়ে ৮০ শতাংশতকৈ ততোধিক ধর্ষণকাৰীৰ পৰা আমাৰ 'ভন্টি-বাইদেউ' সকলক ৰক্ষা কৰে ।

ঠিক তেনেকৈ

চিনেমাৰ নায়িকা হ'ল এনে এগৰকী নাৰী যিয়ে অর্ধঃ উলংগ দেহ দেখাই পৰোক্ষ বা প্রত্যক্ষ ভাবে ২০ শতাংশ পুৰুষক ধর্ষণকাৰী সজায় ।

কিন্তু সমাজৰ চকুত 'বেশ্যা' সদায় ঘৃনণীয়, অর্ধঃ উলংগ দেহ দেখাই আপলোড কৰা নায়িকাৰ ফটোত ৫০০+ লাইক-কমেন্ট আহে !

..
..

মানুহজনৰ উত্তৰ শুনি বুদ্ধিজীবী জন নিমাত হৈ ৰ'ল !!

এতিয়া আপুনিও নিমাত হৈ থাকিবনে ?
By: Dípankar Nath

Monday 16 December 2013

জীৱৰ ফেচবুক

অবলা জীৱৰ ফেচবুক থকা হ'লে ষ্টেটাচ কিদৰে দিলে হয়?

পইতাঁচোৰা- আজি অলপৰ বাবে বাচিলোঁ! মোক দেখি এজনী ছোৱালীয়ে ইমান জোৰে চিঞৰিলে যে মোৰ হাৰ্ট এটেক হ'ল হেঁতেন!
ভগৱানে বচালে!

মেকুৰী- কি যে বিপদত পৰিলোঁ! মোৰ সাত নম্বৰ পোৱালিটোৱে তাৰ দেউতাক কোন জানিব খুজিছে! কি যে উত্তৰ দিম ভাবিয়েই পোৱানাই, মই দেখোন নিজেই নাজানো!

মহ- সকলোৱে কুশলে থাকিব। এইটোৱেই হয়তো মোৰ অন্তিম ষ্টেটাচ! মোৰ এইডছ হৈছে!কেলৈ যে সেই পাষণ্ডটোৰ তেজ শুহিবলৈ গৈছিলোঁ! মই আৰু কাকো মুখ দেখুৱাব নোৱাৰিম, মোৰ মৃত্যুই শ্রেয়!

গাহৰি- কোন হাৰামজাদাই জানো উৰাবাতৰি উৰুৱাই আছে মই হেনো ফ্লু বিয়পাই আছোঁ! তাক এবাৰ মই পাই লওঁ!

মুৰ্গী- কাইলৈ ৰাতিপুৱা যদি মোৰ ষ্টেটাচ নোপোৱা তেনেহ'লে ধৰি ল'বা কে এফ চি'ত মোক চাৰ্ভ কৰা হৈছে!

কি কৰো বাৰু এতিয়া...!

আজি ভুল এটা(নে দুটা! )কৰিলো....
.
.
ঘৰলৈ যাবলৈ সাহসেই গোটাব পৰা নাই...
.
.
কি হ’ল জানে~
.
.
আজি দুপৰীয়া অফিচত থাকোতে ফোন এটা আহিল..

বৰ মৰমসনা মাতেৰে এগৰাকীয়ে দুই এটা কথা পাতি সুধিলে,
.
.
“আপুনি বিয়া পতা নেকি..? ”
.
.
মই উত্তৰ দিলো যে নাই, মই অবিবাহিত... পিছে তুমিনো কোন?
.
.
সিফালৰ পৰা উত্তৰ আহিল,
“মই আপোনাৰ মানুহজনীয়ে কৈছো, আহক আজি ঘৰলৈ...! ”
.
.
কৃষ্ণ! কি ভুল কৰিলো...
.
.
.
কিছু সময়ৰ পাছত আকৌ এটা ফোন আহিল...

আকৌ বৰ মৰমসনা মহিলাৰ মাত এটি ভাঁহি আহিল~ সুধিলে,

“আপুনি বিয়া কৰোৱা নেকি..? ”
.
.
এইবাৰ চিধা উত্তৰ দিলো,
“হয়, মই বিবাহিত.. ”
.
.
কিন্তু, সিফালৰ পৰা উত্তৰ আহিল...
“হয় নেকি দগাবাজ..! মই তোমাৰ গাৰ্লফ্ৰেণ্ডে কৈছো... ”
.
.
ছে! এইয়া কি হ’ল...
ভুল শুধৰাবলৈ লগে লগে উত্তৰ দিলো..
“নাই, নাই বেবী.. ধেমালীহে কৰিছো..! ”
.
.
.
আৰু এইষাৰ শুনি সিফালৰ পৰা এটা বিস্ফোৰণ হ’ল...
“বেবী..! হয়নে..! বিয়া পতা ইমান দিন হ’ল, মোকতো ঘৰত এদিনো এনেকৈ মাতি নাপালে... আহক আজি ঘৰলৈ... ”
.
.
.
.
দেখিলে..! কি কৰো বাৰু এতিয়া...!
by: Hemanta Hazarika

কুকুৰৰ বুদ্ধি

এবাৰ এটা কুকুৰে জংগলেৰে গৈ থাকোঁতে ৰাস্তা হেৰাই গৈছিল৷ তেনেতে এটা বাঘ তেওঁৰ ফালে অহা দেখি ডিঙি শুকাই গৈছিল আৰু ভাবিছিল মোৰ আজি আৰু ৰক্ষা নাই৷
,
,সন্মূখত এডাল শুকান হাড পৰা দেখি কুকুৰে বুদ্ধি কৰি বাঘটোৰফালে পিঠ দি হাডডাল কামুৰি আছিল আৰু জোৰে জোৰে কৈ আছিল যে আজি বাঘটো বহুত মজা লাগিল,,,,,যদি আৰু এটা পাও পেট ভৰাই খাম,,,,,,,,
বাঘটোয়ে এই কথা শুনি ভাবিলে আজি মোৰ ক্ৰিয়াকৰ্ম হ'ব কিজানি,,,এতিয়াই পলাও৷
এইবিলাক ঘটনা ওপৰৰ পৰা এটা বান্দৰে চাই আছিল,,,,আৰু ভাবিছিল কথাবোৰ বাঘটোক ক'লে তেওৰ লগত ভাল বন্ধুও হ'ব আৰু শান্তিতে থাকিব পাৰিম৷ এইবুলি বান্দৰটোৱে বাঘটোক কবলৈ পিছে পিছে গল আৰু কুকুৰটোৱে এইবোৰ নাটক কৰিছিল বুলি ক'লত বাঘটোৱে বান্দৰটোক পিঠিত ওঠাই লৈ কুকুৰটোক মজা বুজাবলৈ আহি আছিল৷

কুকুৰটোৱে এইবোৰ দেখি আকৌ পিঠ ই পিছফাল কৰি দি জোৰে জোৰে ক'লে যে বান্দৰটোক পঠাবলৈ এক ঘন্টা হৈ গ'ল এতিয়াও যে নাহিল কি হ'ল,,,,,,,!!!!
by: Jiarul Hoque Sarkar

সেই একেই কাহিনী

আমাৰ আশীষদা বোলে কেইদিনমানৰ আগতে থকা কলেজ হোষ্টেলটো চাবলৈ গৈছিল।তাত তেওঁ থকা ৰূমটোৰ দর্জাখনত গৈ টোকৰ মাৰিলগৈ।এজন ল'ৰাই দর্জা খুলি দিলে।ভিতৰত সোমাই আশীষদা নষ্টালজিক হৈ পৰিল।
কবিতাৰ সুৰত তেওঁ কৈ উঠিল- আস্ সেই একেখনেই খিৰিকী একেই টেবুল একেই বিছনা।সকলোতে তেওঁ আলফুলে হাত ফুৰাই গ'ল।
...হঠাৎ তেওঁ বিছনাৰ তললৈ হাউলি চালে.....

আচৰিত!এজনী ছোৱালী লুকাই আছিল।
ডেকাজনে তৎক্ষণাত কৈ উঠিল- ভুল নকৰিব মহাশয়,এয়া মোৰ ভাগিনীহে,মোৰ খবৰ লবলৈ আহিছিল।

কাণফুলি হেৰুৱাৰ বাবেহে তাই তেনেকৈ বিচাৰি আছে।আশীষদাই পুনৰ কৈ উঠিল-..
.
.
.
.
.
..-আৰু সেই একেই কাহিনীৰ পুনৰাবৃত্তি!
by: Ripunjoy Chetia

আমাক চাইড দিয়া ৰে


আমাক চাইড দিয়া ৰে আমিতো কাওৰি বালা

************

মানুহৰ মগজটো এটা আজৱ যন্ত্র । দিনৰাতি ২৪ ঘন্টাই কাম কৰে । জন্মৰ পৰা মৃত্যু পর্যন্ত কাম কৰিয়েই থাকে । মাত্ৰ পৰীক্ষাৰ হলত সোমুৱাৰ আগে আগে কাম কৰাৰ বন্ধ কৰি দিয়ে ।

*************

আমাৰ জীৱনত সূর্যতকৈও চন্দ্ৰৰ প্ৰয়োজন বহুত বেছি । কাৰণ ৰাতি যেতিয়া পোহৰ নাথাকে তেতিয়া চন্দ্ৰই পোহৰ দিয়ে ।

*************

শিক্ষক :- আনজনে শুনিব নিবিচাৰিলেও যিয়ে অনর্গল কথা কয়, তাক কি বুলি কোৱা হয় ?

ছাত্র :- ছাৰ, তাকে কোৱা হয় শিক্ষক ।

*************

এটা হাতী আহি থকা দেখি....

১ম পৰুৱা :- মই সেইটোক মাৰি পেলাম |

২য় পৰুৱা :- মই তাৰ ঠেং ভাঙিম |

৩য় পৰুৱা :- বেচেৰাক এৰি দে । আমি ৩ টা, আনফালে সি এটাহে !

*************

সৈন্য :- ছাৰ, আমি পলাবলৈ কোনো পথ নাই । শত্রুৱে চাৰিওফালে আগুৰি ধৰিছে ।

মেজৰ :- ভয় নকৰিবা, এতিয়া আমি যিকোনো ফালেই এটেক কৰিব পাৰিম ।

*************

শিক্ষক :- তোমাৰ দেউতাৰ বয়স কিমান ?

ছাত্র :- মোৰ আৰু মোৰ দেউতাৰ বয়স একেই |

শিক্ষক :- কি ? এইটো কেনেকৈ সম্ভব ?

ছাত্র :- আৰেই ছাৰ, মই জন্ম হোৱাৰ পাছৰ পৰাইতো তেওঁ দেউতা হৈছে ।

************

দত্ত :- যোৱাকালি চুট-পেনট পিন্ধি বজাৰলৈ গৈছিলো, শাক পাচলিৰ দাম বহুত ললে, কিন্তু আজি গেণ্জী আৰু লুঙ্গি পিন্ধি গ'লো দাম কম ললে |

কলিতা :- কাপোৰ নিপিন্ধাকে গ'লে ফ্ৰীতেই পাবি |

************

স্বামী :- মই গোঁফ ৰাখিলে কেনেকুৱা দেখিব কোৱাচোন ?

স্ত্রী :- তোমাৰ নাকটো কি ইমানেই ইম্পৰর্টেন্ট হ'ল যে নাকটোৰ তলত আন্দাৰলাইন মাৰিব লাগে ।

************

আমাক চাইড দিয়া ৰে আমিতো কাওৰি বালা


By: Deep Jyoti Nath

Saturday 30 November 2013

বুদ্ধিয়ক কনটিলৌ


এদিন শ্রেণী কোঠাত বাইদেউয়ে কণমানি ছাত্র-ছাত্রী সকল বুজাই আছে -----

" যদি তোমালোকে শুদ্ধ মনেৰে ভগবানক পূজা কৰা তেন্তে মনৰ কামনা পূর্ণ হবই " ।

বুদ্ধিয়ক কনটিলৌ : মিছা কথা বাইদেউ !!

যদি তেনেকুৱা হ'লহেতেন আপুনি তাত থিয় হৈ নাথাকে ----

..

..

..

..

..

..

মোৰ দুবাহুত সোমাই থাকিলহেঁতেন ।
By: Dípankar Nath

Friday 29 November 2013

কোন কুকুৰৰ পোৱালী ৰে?

এবাৰ থুলুকৰ লগত ঘৈনীয়েকৰ দুৰ্বাদল কাজিয়া। বিষয় সিহতৰ পুতেকে কাক বেছি ভাল পায়। অনেক তৰ্ক-বিতৰ্কৰ পাছত দুয়ো এটা উপায় ভাৱি উলিয়ালে যে পুতেকক গোটাচেৰেক শিলগুটি মৰা হওঁক।
যদি পুতেকে মা বুলি চিঞঁৰে তেন্তে মাক জিকিব আৰু দেউতা বুলিলে থুলুক!
কথা মতেই কাম।
থুলুকে পুতেকলৈ শিলগুটি এটা দলিয়ালে।
কাণ থিয় কৰি থকা থুলুক-থুলুকনীৰ কাণত বাজিলহি...
-
-
-
-
-
"কোন কুকুৰৰ পোৱালী ৰে?"


By: Anupam Medhi

মহাপ্রতাপী ৰজা মহাৰাজ উদয়

আজিৰ পৰা প্রায় ৮০০ বছৰমান আগৰ ঘটনা । অসমৰ উত্তৰ -পশ্চিম প্রান্তত ৰাজত্ব কৰিছিল এজন মহাপ্রতাপী ৰজা মহাৰাজ উদয় । তেওঁৰ উদাৰ , ধার্মিক , নির্ভীক প্রকৃতিৰ আছিল । তেখেতক সুখে দুখে সংগ দিছিল তেখেতৰ অতি ৰূপৱতী , অতিকে মোহনীয় পত্নী মহাৰানী "দর্শনাই " ।

হঠাতে এবাৰ ৰাজ্যত বহুতো বিদ্রোহী সংগঠনৰ আবির্ভাব হল আৰু ৰজাৰ বিৰুদ্ধে মহাযুদ্ধ ঘোষনা কৰিলে । প্রজা হিতঁৰ বাবে মহাৰাজেও সিদ্ধান্ত লৈ সৈন্য -সামন্ত ,হাতী -ঘোৰা লৈ যুদ্ধলৈ যাব ওলাল আৰু যোৱাৰ আগত তেওঁৰ অতিকে মৰমৰ পত্নী দর্শনাক সকলো সা সুবিধা প্রদান কৰি অট্টালিকা এটাত ডাঙৰ তলা এটা লগাই আবদ্ধ কৰি থলে আৰু আটাইতকে বিশ্বাসী প্রিয় বন্ধু আশীশক মাতি আনি কলে " হে প্রিয়বন্ধু , তোমাক এই চাবিপাত অর্পন কৰিলো যদি মই তিনিদিনত ঘূৰি নাহো তেন্তে যুদ্ধত মোৰ মৃত্যু হোৱা বুলি ভাবিবা আৰু চতুর্থদিনা তুমি চাবিপাতেৰে অট্টালিকাৰ তলাতো খুলি মহাৰানীক চিৰদিনৰ বাবে তোমাৰ নিজৰ কৰি লবা , এয়াই মোৰ শেষ সিদ্ধান্ত ।। "
দুখমনে আশীষে চাবিপাট গ্রহণ কৰিলে ।।

মহাৰাজ উদয়ক তিলক লগাই জয়গান গাই , ঢোল পেপা বজাই সৈন্য সামন্তৰে যুদ্ধলৈ বুলি বিদায় দিলে ।

ৰাজপাতাকা উৰুৱাই , হাতী ঘোৰা দৌৰাই মহাৰাজ উদয় আগবাঢ়িব ধৰিলে ।

প্রায় এঘন্টামান আহি আঠ - ন মাইলমান যোৱাৰ পাছত পিছৰ পৰা ধুলি বালি উৰুৱাই এজন তীব্রবেগী অশ্বাৰোহী তেওঁলোকৰ পিনে অহা দেখা পালে ! মহাৰাজে সকলোকে সতর্ক কৰিলে । কিন্তু ওচৰ পোৱাত অশ্বাৰোহীজন দেখি সকলো আচৰিত কাৰন তেওঁ আছিল আশীষ ।

মহাৰাজে সুধিলে " প্রিয়বন্ধু কি হল তুমি এনেকে আকস্মাত বলিয়াৰ দৰে পর্দাপন কৰিলাযে , একো অমংগল হোৱা নাইতো ? "

আশীষে ফোফাই জোফাই উত্তৰ দিলে

" ক্ষমা কৰিব মহাৰাজ , সকলো কুশলেই আছে কিন্তু আপুনি মোক এপাত ভুল চাবি দি আহিছে " !!




By: Shyamal K Bhattacharjee

Thursday 28 November 2013

দুই মহিলাৰ কথোপকথন


(দুই মহিলাৰ কথোপকথন)

১ম মহিলা : আপোনাৰ লৰা আৰু ছোৱালীৰ তো বিয়া হৈ গল, কওঁকচোন আপোনাৰ বোৱাৰী আৰু আপোনাৰ জোৱাইক কেনে পাইছে !....

২য় মহিলা: এহ্ নকব আৰু মোৰ বোৱাৰী বুইছে সাংঘাতিক বেয়া । ...... বুইছে কুলক্ষনীজনী ৰাতিপূৱা সদায় পলমকৈ শুই উঠে আৰু সদায় মোৰ লৰাই তাইৰ কাৰনে চাহ বনাই খুৱাব লাগে । তাই ঘৰৰ কামৰ নামত কুটা এগচো নোচোৱে আৰু প্রায়েই মোৰ লৰাক বাহিৰৰ হোটেলত খানা খাবলৈ লগ ধৰি থাকে । মোৰেই কিবা দূর্ভাগ্য বুইছে সেইকাৰণেহে সেইজনীক বোৱাৰী হিচাবে পালো !.....

১ম মহিলা : আৰু
আপোনাৰ জোৱাই ?.....

২য় মহিলা : বুইছে মোৰ জোৱাই একেবাৰে সাইলাখ দেৱতাৰ দৰে... আই ঐ দেহি মোৰ জীয়ৰীয়ে কষ্ট পাব বুলি সদায় ৰাতিপুৱা জোৱায়ে আগতে উঠি তাইক চাহ বনায় খুৱায় , ঘৰৰ কামৰ নামত জোৱায়ে তাইক কুটা এগচো চুবলৈ নিদিয়ে আৰু প্রায়েই মোৰ জীয়ৰীক জোৱায়ে বাহিৰলৈ খানা খুৱাবলৈ লৈ যায় । বুইছেনে একেবাৰে ভাগ্যবানজনকহে এনেকুৱা জোৱাই মিলে !..........

(গুগল হিন্দী ধেমেলীয়া কৌতুকৰ অসমীয়া অনুবাদ )

By: Nâvâ Kríshñá DéKá

আকৌ বুৰঞ্জী..

১) বুৰঞ্জীৰ পৰীক্ষাত বাৰে-বিংকৰা কথা লিখি পাত ভৰাই দিয়া স্বভাৱ ছাত্ৰসমাজত আছেই৷
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এবাৰ এগৰাকীয়ে এনেদৰে লিখিছিল: (শুনা কথা, হুবহু একে নিশ্চয় হোৱা নাই, কিন্তু মুল কথাখিনি একে হোৱা বুলি ক’ব পাৰি)
আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ সময়ত ভাৰতৰ ৰজা আছিল পুৰু৷ দুয়োৰে মাজত তুমুল যুদ্ধ হৈছিল৷ পুৰু বৰ ডাঙৰ ৰজা আছিল৷ আলেকজেণ্ডাৰো ডাঙৰ ৰজা আছিল৷ গতিকে বহু ডাঙৰ যুদ্ধ হৈছিল৷ পুৰু আছিল ঝীলাম নদীৰ ইপাৰে আৰু আলেকজেণ্ডাৰ আছিল সিপাৰে৷ যুদ্ধ চলি আছে , চলি আছে৷ তেনেতে ধাৰাসাৰ বৰষুণ আহিল৷ অতি দুখৰ কথা যে ঝীলাম নদীৰ ইপাৰেহে বৰষুণ আহিল, সিপাৰে নাহিল৷ গতিকে পুৰুৰ ফালে মাটি বিলাক বোকা বোকা হৈ গ’ল৷ পুৰুৰ সৈন্য বিলাকে ধনু-কাঁড় মাৰিবলৈ যায় কিন্তু বোকাত পিচল খাই খাই পাৰে৷ গতিকে একো কৰিব নোৱাৰে৷ কিন্তু আলেকজেণ্ডাৰ আছিল সিটো পাৰত, শুকান মাটিত৷ গতিকে পুৰু যুদ্ধত পৰাস্ত হ’ল৷ 

২) আকৌ বুৰঞ্জীৰ পৰীক্ষাত ডাঙৰ মানুহৰ ইংৰাজী উদ্ধৃতি দিয়াটোও এটা প্ৰচলিত নিয়ম আছিল৷ এবাৰ এজন ছাত্ৰই একো উদ্ধৃতি দিব নোৱাৰি নিজে বনাই বনাই এনেদৰে এটা উদ্ধৃতি দিছিল:
আকবৰৰ এজন বিখ্যাত ৰজা আছিল৷ তেওঁৰ বিষয়ে বিখ্যাত বুৰঞ্জীবিদ এজনে এনেদৰে কৈছিল:
How can I suscendify the bombholastic characteristics of Akbar, The Akbar , superculous, feciculous….
ইয়াৰ অৰ্থ কি চিন্তা কৰাৰ সময় ক’ত?


By: Makhan Lal Das

গজিনী ০২ ৰ দুটা চি’ন...

যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -

১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, ম‍ই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: কোনটো বেমাৰ? ম‍ই একো বুজা নাই....!!!

২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: তোক কেলে লাগে বে? ত‍ই জানি কি কৰিবি? চিনি পোৱা নাই ম‍ই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###

Tuesday 26 November 2013

'চুটি'ত থকা

গাধ এটা, চিৰিয়াখানাত সোমালগৈ। মানুহ এজন আহি খেদিবলৈ ধৰিলে। কিন্তু গাধটোৱে পাত্তাই নিদিলে। ওলোটাই সুধিলে…, 

: খেদিছ যে…, তই কোন?
: মই ইয়াৰ 'ছিকিউৰিটি'।
: তোৰ 'ড্ৰেচ' নাই যে…?? 
: এই কেইদিন 'চুটি'ত আছো, সেয়ে পিন্ধা নাই।
: (খং -ৰে)
সেই বুলিয়ে তই…

.

.

.

.

.

.

 'চুটি'ত থকা,

.

.

.

.

'জেব্ৰা' এটাক
খেদাবি নিকি…??

Friday 22 November 2013

গানা নেই গানেকা

হাৰ্ট এটেক বুলি সন্দেহ কৰি মোক হস্পিটেলত ভৰ্ত্তি কৰোৱা হ'ল৷ 

অলপ পাছত চালে চকুতলগা নাৰ্চ এগৰাকী ওচৰলৈ আহিল৷ দেখি গম পালো, মালায়ালী বুলি৷ ভাৰতৰ ৯০% নাৰ্চ সেইখন ৰাজ্যৰ পৰাই আহে৷ নাৰ্চ গৰাকী ওচৰলৈ আহি ক'লে,
"গানা নেই গানেকা৷"
মই ক'লো, 'ঠিক হেয়৷"
নাৰ্চ গৰাকী যোৱাৰ পাছত ভাবিলো, "এই আই চি চি উত গান গাবলৈ মোক পগলা কুকুৰে কামুৰিছে নেকি?"
কিছুসময় পাৰ হ'ল৷ আন এগৰাকী সুন্দৰী নাৰ্চৰ প্ৰৱেশ ঘটিল৷ মোৰ ব্লাড প্ৰেচাৰ আদি কিবা-কিবি পৰীক্ষা কৰিলে৷ যাবৰ সময়ত তেখেতেও ক'লে,
"গানা নেহী গানেকা ৷"

মই চিন্তাত পৰিলো৷ মই গান অলপ চলপ গাওঁ বুলি তেওঁলোকে বাৰু গম পালে নেকি? তথাপি এই পৰিবেশত কোনোবাই গান গাব পাৰেনে বাৰু? পেটে পেটে অলপ খঙো উঠিল, একেটা কথাকে বাৰে বাৰে মনত পেলাই দি থকা কাৰণে৷প্ৰায় আধা ঘন্টামান তেনেদৰে পাৰ হ'ল৷ গুণগুণাই গান এটা গাবৰ মন গৈছিল যদিও নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলো৷
 গান গালে কিবা পয়মাল হ'ব পাৰে৷
তেনেতে সোমাই আহিল মেট্ৰন গৰাকী৷ মোৰ ওচৰলৈ আহি মই কেনে আছো সুধিলে৷ 
তাৰ পাছত আকৌ সেই একে উপদেশ,
" ৰাতকো গানা নেই গানেকা৷"

মোৰ ধৈৰ্যৰ বান্ধ ছিগি গ'ল৷ সুধি পেলালো, "গানা কিউ নেহী গানেকা?"
তেখেতে গহীনাই ক'লে, " খালী পেট মে ব্লাড চেম্পল লেনেকা হেয়৷"

তেতিয়াহে উৰহী গছৰ ওৰ পালো৷ তেওঁলোকে বাৰে বাৰে মোক কৈ আছে,
"খানা নেই খানেকা৷' মই শুনি আছো "গানা নেই গানেকা"
কেৰেলীয়া উচ্ছাৰণৰ মহিমা৷


নগেনৰ এক্সিডেন্ট: & নগেনৰ ছোৱালীৰ গান:

নগেনৰ এক্সিডেন্ট:
পুলিচ: তুমি ২০ জন মানুহ গাড়ীৰে কিয় খুন্দিয়াই মাৰিলা?

নগেন: কি কৰিম উপায় নাই৷ মই গাড়ী অলপ জোৰেৰে চলাই আছিলো৷ হঠাতে সম্মুখত বিয়াৰ পাৰ্টি এটা আহি ওলাল৷ ৰাস্তাৰ এফালে বিয়াৰ পাৰ্টি, আনফালে দুজন মানুহ৷ মই ব্ৰেক মাৰিবলৈ চেষ্টা কৰিলো কিন্তু ব্ৰেক ফেল৷ গতিকে কি কৰিম উপায় নাই৷ 

পুলিচ: ৰাস্তাৰ যিফালে দুজন মানুহ আছিল গাড়ীখন সেইফালে নিলে কম মানুহ মৰিলহেতেন৷ সেইফালে নিনিলা কিয়?

নগেন: তাকেইতো কৰিছিলো৷ কিন্তু মোৰ গাড়ীখন দেখি মানুহদুজন বিয়াৰ পাৰ্টিটোৰ ফালে আহি মানুহৰ মাজত সোমাই পৰিল নহয়৷ গতিকে মইও গাড়ীখন সেইফালে নিব লগাত পৰিল আকৌ৷

নগেনৰ ছোৱালীৰ গান:

নগেন: মোৰ ছোৱালীজনীয়ে গান শিকি আছে নহয়৷
খগেন: কিবা লাভ হৈছেনে?
নগেন: এৰা, ছোৱালীয়ে গান গোৱাৰ পৰা বহুত লাভ হ’ল৷খগেন: কেনেকৈ?
নগেন: মোৰ কাষত থকা মানুহঘৰে আধা দামতে ঘৰটো বেচি দিলে আৰু মই কিনি ল’লো৷


Sunday 17 November 2013

মোক এজনী ভন্টি লাগে !

ঠিকাদাৰৰ ৪বছৰীয়া পুতেক : দেউতা মোক এজনী ভন্টি লাগে !

ঠিকাদাৰ বাপেক :কিয় ?

পুতেক: মোৰ খেলিবলৈ লগ নাই মোক খেলিবলৈ লগৰীয়া ভন্টি এজনী লাগে ।

ঠিকাদাৰ বাপেক : ঠিক আছে বাবা মই তোমাক ভন্টি এজনী আনি দিম ! এতিয়া পঢ়ি থাকা বাবাটো !

পুতেক : নহয় মোক এতিয়াই এসপ্তাহৰ ভিতৰত লাগে !

ঠিকাদাৰ বাপেক : নহয় বাবা এনেকে ইমান সোনকালে নোৱাৰি নহয় !

পুতেক: কিয় ?

ঠিকাদাৰ বাপেক : তুমি নুবুজিবা বাবা সৰু হৈ আছা ! ইয়াৰ কাৰনে কমেওঁ ১২ মাহ লাগিব !

পুতেক :কিয় কিয় এতিয়াই কিয় নহয় ?

ঠিকাদাৰ বাপেক (খঙেৰে) : ঐ গৰু পিতন খাবি এতিয়া কৈ দিছো ! পঢ়ি থাক বুলিছো ! এয়া অসম্ভব ॥

পুতেক :মই গৰু তেনে আপুনি কি ? কিহৰ ঠিকাদাৰ আপুনি ? দৰকাৰ হলে আজিৰ পৰাই ২০/২৫ টা মানুহ লগাই দিয়ক , এতিয়াৰ পৰাই কাম আৰম্ভ কৰি দিয়ক , মুঠতে মোক ভন্টি এজনী লাগে অহা সপ্তাহত !!!..... 

ষ্বর্গ সূখ-----!!

ষ্বর্গ সূখ-----!!

ঠাণ্ডাত 

বিছনাৰ ওপৰত 

লেপৰ তলত

তোমাক টিপি থাকিব পালে ।

যদি ষ্পীডও ভাল হয়,

লগতে ফ্রীও হয় ।

কথাই নাই,

গোটেই ৰাতি টিপিব মন যায় ।

আই লাভ ইউ

ওমুৱাহ ---

..

..

..

..

অ মোৰ মৰমৰ ম'বাইলটো !!


By: Dípankar Nath

গৰম উঠিলেনে..!

কেতিয়াবা মনত অনুশোচনা জাগে...

 কামটো বৰ ভাল নহল নেকি...!

 ইমান পঢ়া -শুনা কৰি, ভাল ভাল মানুহৰ সঙ্গত থাকি মই সেই কামটো কৰিব নালাগিছিল....

 এতিয়া লাজ লগা নাই, যাৰে তাৰে আগত কৈ ফুৰিবলৈ...!

 সঁচাকৈয়ে বৰ বেয়া কাম কৰিলো নেকি বাৰু..!

 যাৰে তাৰে খুলিলো~ সৰু -ডাঙৰ, মতা মানুহ, মাইকী মানুহ , লৰা -ছোৱালী, ধুনীয়া ছোৱালী, কম ধুনীয়া ছোৱালী... 

কেতিয়াবা নিজৰো খুলিলো বেলেগৰ ওচৰত...

 উস্... এতিয়া খুলিবলৈ আৰু মন নোযোৱা হল... . . . . . . . . . . . . . . . . .



 কি..! গৰম উঠিলেনে..!



 মই lic পলিচি খোলাৰ কথাহে কৈছো....!!! হে: হে: হে:

By: Hemanta Hazarika