Monday 16 December 2013

কি কৰো বাৰু এতিয়া...!

আজি ভুল এটা(নে দুটা! )কৰিলো....
.
.
ঘৰলৈ যাবলৈ সাহসেই গোটাব পৰা নাই...
.
.
কি হ’ল জানে~
.
.
আজি দুপৰীয়া অফিচত থাকোতে ফোন এটা আহিল..

বৰ মৰমসনা মাতেৰে এগৰাকীয়ে দুই এটা কথা পাতি সুধিলে,
.
.
“আপুনি বিয়া পতা নেকি..? ”
.
.
মই উত্তৰ দিলো যে নাই, মই অবিবাহিত... পিছে তুমিনো কোন?
.
.
সিফালৰ পৰা উত্তৰ আহিল,
“মই আপোনাৰ মানুহজনীয়ে কৈছো, আহক আজি ঘৰলৈ...! ”
.
.
কৃষ্ণ! কি ভুল কৰিলো...
.
.
.
কিছু সময়ৰ পাছত আকৌ এটা ফোন আহিল...

আকৌ বৰ মৰমসনা মহিলাৰ মাত এটি ভাঁহি আহিল~ সুধিলে,

“আপুনি বিয়া কৰোৱা নেকি..? ”
.
.
এইবাৰ চিধা উত্তৰ দিলো,
“হয়, মই বিবাহিত.. ”
.
.
কিন্তু, সিফালৰ পৰা উত্তৰ আহিল...
“হয় নেকি দগাবাজ..! মই তোমাৰ গাৰ্লফ্ৰেণ্ডে কৈছো... ”
.
.
ছে! এইয়া কি হ’ল...
ভুল শুধৰাবলৈ লগে লগে উত্তৰ দিলো..
“নাই, নাই বেবী.. ধেমালীহে কৰিছো..! ”
.
.
.
আৰু এইষাৰ শুনি সিফালৰ পৰা এটা বিস্ফোৰণ হ’ল...
“বেবী..! হয়নে..! বিয়া পতা ইমান দিন হ’ল, মোকতো ঘৰত এদিনো এনেকৈ মাতি নাপালে... আহক আজি ঘৰলৈ... ”
.
.
.
.
দেখিলে..! কি কৰো বাৰু এতিয়া...!
by: Hemanta Hazarika

No comments:

Post a Comment