Showing posts with label Assam Jokes. Show all posts
Showing posts with label Assam Jokes. Show all posts

Thursday 6 March 2014

ৰতনকাই

By: Achinta S. Projai

হোটেলত বহি ৰতনকাই চাহৰ অৰ্ডাৰ দিলে! হোটেলৰ লৰাটোৱে চাহৰ কাপত আঙুলি সুমুৱাই চাহ একাপ লৈ অহা দেখি ৰতনকাই খংত অগ্নিশৰ্ম্মা হৈ চিঞঁৰি উঠিল: - অসভ্য কৰবাৰ, চাহৰ কাপত আঙুলি কিয় সুমুৱাইছ??
হোটেল বয়: - নহয় তাৰমানে মোৰ আঙুলিত আচিনা ওলাইছে, ডাক্তৰে কলে যে গৰম ভাপ দিলে আৰাম পাবা! সেয়েহে,,,,,,,
ৰতনকাই আকৌ উগ্ৰ হৈ চিঞঁৰি উঠিল: - কি???? আচিনা হোৱা আঙুলিটো তই চাহৰ কাপত সুমুৱাই আনিছ???? ছিঃ ছিঃ!!! যা কটা কৰবাৰ!!! তোৰ সেই আঙুলিটো তোৰ কটীৰ ফুটাত সুমুৱাই থগৈ!!! আৰু আৰাম পাবি! 


হোটেল বয়: - তাতেই সুমুৱাই থৈছিলো, পিছে চাহ আনিব লগা হল যে,,,,,,

ভ'ডাফোন কাষ্টমাৰ কেয়াৰ

By:  Dípankar Nath

আজি দুপৰীয়া এনেই এবাৰ 'ভ'ডাফোন কাষ্টমাৰ কেয়াৰ' অফিচলৈ ফোন কৰিলো..!

হয়তু,
এজনী খুবেই সুন্দৰী ছোৱালীয়ে ফোনটো ৰিচিভ কৰিছিল, কিয়নো লগে লগেই এক সুললিত নাৰীৰ কণ্ঠত ভাঁহি আহিছিল --

..হেল্ল' ছাৰ মই আপোনাক কেনেকৈ
সহায় কৰিব পাৰো ?

দিপাংকৰ : তুমি মোৰ লগত বিয়া
হবা নেকি ?

ছোৱালী : হেল্ল' ছাৰ, আপুনি কাষ্টমাৰ কেয়াৰ অফিচত ফোন কৰিছে, বোধহয় এইটো আপোনাৰ ৰঙ নাম্বাৰ হৈছে ..!

দিপাংকৰ : মই জানো এইয়া
কাষ্টমাৰ কেয়াৰ অফিচ । তুমি মোৰ লগত বিয়া হবানে কোৱা ?

ছোৱালী : মই এতিয়া বিয়াৰ বাবে
আগ্রহী নহয় ..!

দিপাংকৰ : ভাবি ছোৱা, এনেকুৱা 'ফ্রী- অফাৰ' কোনেও নিদিয়ে, হনিমুনত ছিংগাপুৰ লৈ ফুৰাব নিম !

ছোৱালী : (খঙত) মই আপোনাৰ
লগত বিয়া হব আগ্রহী নহয়, আপুনি অফাৰ কিয় দি আছে ?

..

..

দিপাংকৰ : এতিয়া বুজিলেনে বাইদেউ, আমাৰ অশান্তি বোৰ --

যেতিয়া কোনোয়ে আপোনালোকৰ
অফাৰবোৰৰ বাবে আগ্রহী নহয় --

..
..

আপোনালেকে বাৰে বাৰে দিনে ৰাতিয়ে মেজেছ দি কিয় অফাৰ দি থাকে ?

Sunday 2 March 2014

দুটা সৰু জমনি!!

By: Pronoyon Xonowal

ক) এদিন ৰাজু আৰু বিজুৱে টি.ভি ত ক্ৰিকেট চাই আছে । এনেতে মহেন্দ্ৰ সিং ধোনীয়ে দিলে এটা চিক্স । লগে লগে ৰাজুৰ চিঞৰ-
ৰাজু: ঐ বিজু চা!! চা!! গ'ল হ'ল ।
বিজু: পগলা !! গ'ল হ'বলৈ আমি কিবা ক্ৰিকেট খেল চাই আছোনে !!
.
খ) জেইলৰ ভিতৰত এজন কয়দীক কৈছে-
আৰক্ষী: ঐ…তোক কাইলৈ পুৱা পাঁচ বজাত ফাঁচী দিয়া হ'ব ।
কয়দী: হা: হা: হা: হা:……
আৰক্ষী : তই হাঁহিছ যে???
কয়দী: আৰে চাৰ । মই পুৱা সাত বজাত উঠোহে ।হা: হা:

Wednesday 26 February 2014

ভাবিছিলো

By: Bikash Shinobi Ujjal

সৰুতে মার্ৰল খেলোতে ভাবিছিলো ডাঙৰ হলে এবোস্তা মার্বল কিনিম ,
ধেত তেৰি ..ডাঙৰ হোৱাৰ পিছত মার্বল খেলিব মন নোহোৱা হল ।

হাইস্কুলত পঢ়ি থাকোতে ভাবিছিলো মেট্ৰিকত ভালদৰে পাচ কৰি ডাক্তৰ ,ইঞ্ছিনীয়াৰ হম ,
ধেত তেৰি ..মেট্ৰিকত প্ৰথম স্থানেই নাপালো ।

কলেজত পঢ়ি থাকোতে ভাবিছিলো ভাল চাকৰী এটা কৰিম ,
ধেত তেৰি ...মোটা টকাৰ ভেটি নিদিলে দেখোন চাকৰীয়েই নাপায় ।

কম্পিউতাৰ শিকি থাকোতে ভাবিছিলো ,প্ৰাইভেট কোম্পানীত চাকৰী কৰিম ,
ধেত তেৰি ...এক্সপিৰিয়েঞ্চ নহলে ইয়াতো চাঞ্চ নাই ।

ভাবিলো দোকান এখনকে দিম ,
ধেত তেৰি ..মুলধনে নাই ।

অৱশেষত ভাৱিলো বিয়াখনকে পাতো ,
ধেত তেৰি ...বেকাৰৰ ভাগ্যত কোনো ছোৱালী নাই ।

এই পোষ্টটো লিখোতে ভাবিছিলো বহুত লাইক পাম ,
ধেত তেৰি ..বেলেঞ্চ কটা যোৱাৰ ভয়ত এটাওঁ লাইক দিয়া নাই ।..ধেত তেৰি ।।

Monday 24 February 2014

দৰাঘৰীয়া আৰু কইনাঘৰীয়া

By: DrBhupendra Saikia

এটা পাৰ্টি হল মানুহেৰে ঠাহ খাই পৰাত গৃহস্থ চিন্তিত হৈ পৰিল
- খোৱা বস্তুৰ নাটনি হব চোন ৷
ধৈৰ্য নেহেৰুৱাই গৃহিনীয়ে ঘোষণা কৰিলে
- এতিয়া দৰাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ সোঁফালে ঠিয় হওক ৷
৫০জন মানে সোঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ গৃহিনীয়ে ঘোষণা কৰিলে
- কইনাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ বাওঁফালে ঠিয় হওক ৷
এইবাৰ ৪০জন মানে বাওঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ লগে লগে গৃহস্থই ঘোষণা কৰিলে
- দৰাঘৰীয়া আৰু কইনাঘৰীয়াসকল বেলেগ পাৰ্টি হললৈ যাব পাৰে ৷
বাকী থকাসকলে আমাৰ সন্তানৰ বাৰ্থডে পাৰ্টিৰবাবে ইয়াতে ৰৈ যায় যেন ৷

Friday 14 February 2014

চুম্বন দিবস

By: Dípankar Nath
"আজি চুম্বন দিবস"

জানো আহক, বিভিন্ন মাধ্যমত 'চুম্বন'ৰ অর্থ কি...?

'গণিত'ৰ মতে আপুনি 'চুম্বন'ক দুযোৰ ওঠৰ নুন্যতম দূৰত্ব বুলি কব পাৰে..!

যদি 'ফিজিক্স'ৰ ভাষাত ইয়াৰ অর্থ বিছাৰে তেন্তে -- 'চুম্বন' এক প্রক্রিয়া যাৰ দ্বাৰা মানব দেহত শক্তি সঞ্চালিত হয়..!

'অর্থনীতি'ৰ (ইক'নোমিকছ) ভাষাত আকৌ 'চুম্বন'ৰ চাহিদা সদায় বৃদ্ধি হয়, যেতিয়া যোগান হ্রাস হয়..!

কম্পিউটাৰৰ মতে 'চুম্বন'
হ'ল --

এবিধ 'লোকেল এৰিয়া নেটৱর্ক' !
যাক সংযোগ কৰিবলৈ কোনো ধৰণৰ ডাটা কেব'ল নালাগে...!!!

Tuesday 21 January 2014

তুমি ইমান ইনফৰ মেশ্বন কত পালা ?

@ পঢ়ি চাব ; মজা পাব @

এদিন ৰাতি ১২ বজাত দ্বীপজ্যোতিয়ে তাৰ গার্লফেণ্ডলৈ ফ'ন লগালে !..

ছোৱালী : "হেল্ল' কোনে কৈছা?"...

দ্বীপ : "হেল্ল' পম্পী ; মই তোমাৰ জানু' ৱে কৈছো !"....

ছোৱালী:"অ' কোন ; বিট্টু নেকি ?"...

দ্বীপ : "অ' বিট্টু হয় ; কিন্তু তুমি কেনেকৈ জানিলা মোৰ এই ঘৰত মতা নামটো ?....

ছোৱালী: "তোমাৰ আচল ঘৰ নাহৰটীয়া ?"...

দ্বীপ : "হয় তোমাক তো মই গুৱাহাটী বুলিহে কৈছিলো : তুমি কেনেকৈ গম পালা ?"....

ছোৱালী: "তোমাৰ ককাৰ নাম জয়দেৱলাল ?"....

দ্বীপ :"অ... হয়তো কেনেকৈ জানিলা মোৰ সোন ! মইতো তোমাক এইবোৰ কোৱা নাছিলো ?"...

ছোৱালী: "তোমাৰ দেউতাৰ নাম যদুলাল "?...

দ্বীপ : "আৰে মোৰ জানমনি... তুমি ইমান ইনফৰ মেশ্বন কত পালা ?"...
.
.
.
ছোৱালী : "আৰে গৰু ; গাহৰি মই কোনো পম্পী নহয়...
.
.
.
.
মই তোৰ
.
.
.
.
.
.
.
মাৰ'ই কৈ আছো হাৰামজাদা !!!"


By: Nâvâ Kríshñá DéKá

Wednesday 15 January 2014

বুজি পালে লাইক এটা দিব।(18+)

এজনী তিরোতা শিক্ষিত হলে ৫ জন মানুহক শিকাব পারে।
কিন্তু অর্ধ শিক্ষিত হলে কি হয় তলত চাওক।

এজনী ছোবালীর ইংলিছ কোবা খুব ইচ্ছা আছিল ।
বিয়ার প্রথম রাতি গম পায় যে তাইর গিরীয়েকর এটা ভরি নাই?

তাই ঘরলৈ আহে আরো মাক কয়,,
মা মোর এওর এক ফুট (foot) হে আছে ? মই কি করো !

মা- হে ভগবান ! তোক আরো কিমান দীঘল লাগে ?তেনেকে কব নাপায় (?)
মই আকৌ ভয়ে খাইছিলোঁ।।

দেখিছেনে ।

বুজি পালে লাইক এটা দিব।

কৃষ্ণ! রগর হে করিছোঁ দেই।

Monday 13 January 2014

মাঘ বিহুৰ নিশাঃ

যোৱা বছৰ মাঘ বিহুৰ নিশাঃ

সন্ধ্যা ঘৰৰ ওচৰৰ মানুহঘৰলৈ গৈছিলো ।ৰাষ্টাতে সৰু সৰু ল'ৰা দুটায়ে চিগাৰেট টানি আছে ।সৰু মানে নৱম মানত পঢ়ি আছে আৰু ।মোক দেখি ভয়তে তাতে চিগাৰেটটো পেলাই দৌৰ দিলে ।মই অলপ ধমক দিলো ,ৰ ৰ ,বাপেৰক লগাই দিম তঁহতৰ কথা ।

চিগাৰেটটো জ্বলিয়ে আছে ।মই উঠাই ললো ।ধেত্‍ তেৰি বেচেৰা কেইটায়ে জ্বলাইছিল হে ।ইফাল সিফালে চাই ময়ো টেষ্ট অলপ কৰো বুলি মুখলৈ নিছোহে মোৰ পিতাই মোৰ মুখৰ আগত ।খা এতিয়া চিগাৰেট ।ভয়তে কঁপি আছো ।কি কৰো এতিয়া ।

মাৰে কাম কৰিব বিছাৰি আছে ,ইয়াত চিগাৰেট টানিব আহিচ ।দিলে পাতচ পাতচ দুপাত ।

চিগাৰেটটো তাতে পেলাই ঘৰলৈ ঘুৰি আহিলোং আউ দেই !
By: Nang Niva Gogoi

Sunday 29 December 2013

business কৰাৰ সৰু tips

আজি আমাৰ বন্ধু সকলক business কৰাৰ সৰু tips এটা দিব বিছাৰিছো..

দেউতাক--( পুতেক লৈ চাই)--চোৱা বেটা, তোমাৰ বাবে মোৰ choice ৰ এজনী ছোৱালী চাব বিছাৰিছো?
পুতেক--নহব ,
দেউতাক- ছোৱালীৰ দেউতাকৰ নাম বিল্ গেটচ
লৰা- ঠিক আছে, আপুনি যি ভাল দেখে দেউতা

দেউতাক এইবাৰ বিল গেটচৰ ওচৰলৈ যায়
লৰাৰ দেউতাক- মোৰ লৰাৰ কাৰনে আপোনাৰ ছোৱালী জনী বিছাৰিছো?
বিল গেটচ--নহব,
লৰাৰ দেউতাক-মোৰ লৰাটো world bank ৰ CEO
বিল গেটচ- ঠিক আছে,ঠিক আছে, দিন বাৰ ঠিক কৰক

দেউতাক এইবাৰ আমেৰিকাৰ প্ৰেচিডেন্টৰ ওচৰলৈ যায়

লৰাৰ দেউতাক--মোৰ লৰাটোক WORLD BANK ৰ CEO বনাই দিয়ক
প্ৰেচিডেণ্ট---বলিয়া হ'লা নেকি ?
লৰাৰ দেউতাক- মোৰ ল'ৰা বিল গেটচৰ জোৱায়েক
প্ৰেচিডেন্ট--ঠিক আছে, তাক মোৰ ওচৰলৈ পঠাই দিব....


By: Hemanta Dowarah

বুকিং মালৰ ওপৰত চকু নিদিব

.....'বুকিং মালৰ ওপৰত চকু নিদিব' !

আপুনি যদি কেতিয়াবা সেই পুৰণি কলীয়া বাছখনত উঠিছে, তেন্তে নিশ্চয় দেখিছে এই আপ্ত বাক্যশাৰী ।


সঁছাকৈ, আনৰ 'বুকিং-মাল'ৰ ওপৰত চকু দিয়াটো অযুক্তিকৰ !

.
.

এই বাক্যশাৰী সাৰোগত কৰিয়ে কাৰোবাৰ কপালত এটা ৰঙা ফোট (বুকিং-ছিম্বল) দেখিলে দূৰতে আতঁৰ হৈছিলো । ঘূণাক্ষৰেও দৃষ্টি নাযায় সেইফালে !

কিন্তু

আজিৰ আধুনিক বোৱাৰীহঁতে কপালত সেন্দুৰৰ ফোট ল'লে কিবা 'আউটডেটেত-ফেশ্বন' বুলি ভাবে নেকি ?

ধৰিবই নোৱাৰি কপালৰ ফোটটো, একেবাৰে 'ৰাউডী ৰাথোৰ' চিনেমাখনত 'অক্ষয় কুমাৰে' মাৰা দৰে 'ম'বাইলৰ ফ্লাছ' মাৰি চাব লাগিব, তেতিয়াহে যদি দেখা পায় ----

'নিগনিয়ে মল ত্যাগ' কৰাৰ দৰে কপালত অকণমান ...!

..
..

পিন্ধনত কি চাবা ?

'জীনছ পিন্ধে, -- শ্লীম ফিট'
'চুৰিদাৰ পিন্ধে, --ক্লীভ লেছ' !

..
..

এবাৰ যদি ঘূৰি চাঁও....

তেতিয়া হয় ---- 'উতনুৱা ডেকাৰ অসত্‍ অভিপ্রায়' !

..
..

কেতিয়াবা ভাবি দুখ লাগে ---

"আমাৰ পিছৰ প্রজন্মই হয়তু 'আইৰ-আছল' কি বস্তু দেখা নাপাবা ..." !

তাতে কি হ'ল ?
(So what ?)

আমিও টো 'ডাইনোছৰ' দেখা নাছিলো ?

কেতিয়াবা কাৰোবাক কিবা দোষ দিছো জানো, নাই দিয়া !

এনেকৈ চলি আছে আমাৰ সমাজ ব্যবস্থা, ছলি থাকিব এনেকৈ .....!

(যাৰ যি ইচ্ছা....হাত দাঙি-দাঙি নাছা)

..
..

বি: দ্র: কাৰো সেন্দুৰক অপদস্থ কৰিবলৈ অপচেষ্টা কৰা হোৱা নাই ।

বাথৰুমটোত মাথো পোহৰ অলপ কম !

চেংমাৰ বহুত মুৰৰ কামোৰণি, অসহ্য বিষত ৰব নোৱাৰি ডাক্টৰৰ ওচৰলৈ গ'ল। ডাক্টৰে পৰীক্ষা কৰি ঔষধ দিলে।নাই, নকমে।৩ মাহ ঔষধ খালে, তথাপিও একো improvement নাই।

৩মাহৰ মুৰত এদিন ডাক্টৰ জনে কলে,"শুনা, এসময়ত মোৰো এনেকুৱা মুৰৰ বিষ আছিল। মই আজি তোমাক যি কথা কম সেয়া মই মেডিকেল কলেজত শিকা কথা নহয়। এই কথা মই মোৰ নিজা experienceৰ পৰা শিকা। যেতিয়াই মোৰ মুৰৰ কামোৰণি হয়, মই ঘৰলৈ গৈ প্ৰথমে গৰম পানীৰে গা ধুৱাৰ পাচত মোৰ পত্নীয়ে ধুনীয়াকে মূৰটো মালিচ কৰি দিয়ে। তাৰ পাচত মোৰ মূৰৰ বিষ নকমিলেও মই মোৰ শ্ৰীমতীক bedroomলৈ লৈ যাওঁ। মূৰৰ কামোৰণিৰ কথা আওকাণ কৰি আমি দুয়ো দুয়োকে মৰম কৰো। তাৰ পাচত মূৰৰ কামোৰণি নাইকিয়া হৈ যায়।তুমিও try কৰি চোৱা। দুমাহ পাচত কেনে ফল পোৱা মোক আহি জনাবা।"

দুমাহ পাচত চেংমাই ডাক্টৰক দেখা কৰিলে :
"চাৰ, আচৰিত দেই। ইমান বছৰে ভুগি থকা বেমাৰ ইমান easily ভাল হৈ গ'ল।আপোনাক বহুত ধন্যবাদ। ও চাৰ কথা এটা কব লগা আছিল।আপোনাৰ ঘৰটো বহুত ধুনীয়া দেই। বাথৰুমটোত মাথো পোহৰ অলপ কম।"
.
.....
By:Hemanta Medhi

সকলো ধৰনৰ চিকিত্‍সা

এজন ডাক্তৰে এখন ক্লিনিক খুলিলে আৰু ক্লিনিক খনৰ সন্মুখত এখন ছাইনবর্ডত লিখি থ’লে :

সকলো ধৰনৰ চিকিত্‍সা কেৱল ১০০ টকাত কৰা হ’ব আৰু যদি চিকিত্‍সা কৰিব নোৱাৰো,

তেন্তে আমি আপোনাক ২০০ টকা ওভোটাই দিম ।


একো অসুখ নোহোৱা এজন ব্যক্তিয়ে ২০০ টকা নিজৰ হাতলৈ অনাৰ পাং পাতি ক্লিনিক খনলৈ আহিল ।

তেওঁ ডাক্তৰ জনক ক’লে :

‘‘মই মোৰ জিভাখনত একো সোৱাদ অনুভব কৰিব নোৱাৰা হৈছো !’’

ডাক্তৰ জনে তেওঁৰ সহাকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জিভাত দি দিবলৈ ক’লে ।

ঔষধ কেইটোপাল জিভাত পৰাৰ লগে-লগেই মানুহজনে চিঞৰি উঠিল...

‘‘ইছ ৰাম ! ইমান তিতা !!’’

ডাক্তৰ জনে হাঁহি এটা মাৰি ক’লে :

‘‘Congratulasion, আপোনাৰ জিভাৰ অনুভব শক্তি ঘূৰি আহিল ।’’

এশ টকা যোৱাৰ খঙত মানুহজন জ্বলি-পকি উঠিল আৰু দুসপ্তাহ পাছত আগৰ এশ টকাৰ লগতে আৰু এশ টকা ঘূৰাই লোৱাৰ উদেশ্যেৰে পূণৰ ক্লিনিক খনলৈ আহিল ।

মানুহজন :- ছাৰ, মই মোৰ স্মৃতি শক্তি হেৰুৱাই পেলালো, আগৰ কথা মোৰ এতিয়া অলপো মনত নাই !

ডাক্তৰ জনে তেওঁৰ সহকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জীভাত দি দিবলৈ ক’লে ।

সহকাৰী জনে ঔষধ দিবলৈ লোৱাত মানুহজনে আচৰিত হৈ সুধিলে :

‘‘ৰ’ব ছাৰ, এই ঔষধটো দেখোন জিভাৰ অনুভব শক্তি ঘূৰাই অনাৰ বাবেহে!?’’

ডাক্তৰ :- Congratulasion, আপোনাৰ স্মৃতি শক্তিও ঘূৰি আহিল ।
By: আকাশ জ্যোতি দেৱ গোস্বামী

Thursday 28 November 2013

নগেনৰ ঘৈণীয়েকঃ

নগেনৰ ঘৈণীয়েকঃ ড° আমাৰ এও মোৰ লগত ৰোমাঞ্চ
নকৰে।
ডাক্তৰঃ মই ৩০টা টেবলেট দিম । সদাই এটাকৈ ১মাহ
খুৱালে ঠিক হৈ যাৱ ।
ঘৰলৈ আহি ঘৈণীয়েকে নগেনক এটা টেবলেট খুৱালে আৰু
সেইদিনা ৰাতি নগেনে অলপ ৰোমাঞ্চ কৰিলে ।
পাছদিনা দুটা টেবলেট খুৱাই দিলে আৰু সেইদিনা অলপ
বেছিকৈ ৰোমাঞ্চ কৰিলে ।
তাৰ পাছদিনা ঘৈণীয়েকে বাকী থকা ২৭টা টেবলেট
ভাতৰ লগত মিহলাই একেলগত খুৱাই দিলে ।
.
.
.
.
৩ দিন পাছত ড° জনে নগেনৰ পুতেকক হস্পিতালৰ ওচৰত
লগ পায় মাকৰ বিষয়ে সোধাত সি কলে যেঃ
.
.
.
.
.
.
মা মৰি গল ।
মাহী আৰু পেহী মেডিকেলত পৰি আছে ।
কাম কৰা বাই জনী পলাই গল ।
ওচৰৰ আন্টি এজনীয়ে দেউতাৰ ওপৰত ৰেপ কেছ দিছে ।
মোৰ পিছফালটো এতিয়াও বিষাই আছে ।
ভাইটি বিচনাৰ তলত লুকাই আছে ।
দেউতাই কুকুৰ এটাৰ পিছে পিছে এতিয়াও দৌৰি আছে ।

পৰীক্ষাৰ বহী এখনৰ কিয়দাংশ

/ অসমীয়া মাহৰ(Months) নাম লিখা
উঃ.. মটৰ মাহ, বুট মাহ, মাটি মাহ, মগু মাহ ইত্যাদি।
/ কেইটামান পোক(insects) নাম লিখা
উঃ.. মাৰ পোকৰ, পাপাৰ পোকৰ, বাৰ পোকৰ, ককাৰ পোকৰ...
/ বাক্য ৰচনা কৰাঃ
আলাসৰ লাৰুঃ
"
নাৰিকলৰ লাৰু খাইচো, এই আলাসৰ লাৰুটোহে আজিলৈকে খাই পোৱা নাই"

ডলাৰ বগৰীঃ "মায়ে ৰদত শুকুৱাই থোৱা ডলাৰ বগৰীখিনি মই চুৰ কৰি কৰি খাওঁ"

হাত দীঘলঃ "হাত দীঘল চার্ট এটা পিন্ধি সি ওলাই গল"


Friday 18 October 2013

চিগাৰেত

এদিন চেংমাৰ গেৰালফেনে তাক দুদাল চিগাৰেত খাই থকা দেখি সুধিলে

'তুমি দুদাল চিগাৰেত কিয় খাইছা ?'

চেং : 'নকবা আৰু, কলিতালৈ আজি বৰ মনত পৰিছে বাবে তাৰ নামত ও এদাল খাইছো ..'

দুদিনমানৰ পিছত এদাল চিগাৰেত খাই থকা দেখি সুধিলে :
 'কি হল ? আজি তোমাৰ frnd পাহৰিলা ?

 চেং : 'নাইহে, মই চিগাৰেত এৰিলো। এইদাল কলিতাৰ ভাগৰ ডালহে খাইছো ..!


By: Dipa Moni

Sunday 13 October 2013

স্বাস্থ্যৰ আচল কাৰণ

এজন বুঢাই নিজৰ ১০০তম জন্মদিন পালন কৰি আছিল।

 সেই বয়সতো তেওঁৰ স্বাস্থ্য অটুত আছিল আৰু এক পেশীবহুল শৰীৰৰ গৰাকী আছিল।
সকলোৱে তেওঁৰ স্বাস্থ্যৰ প্ৰশংসা কৰি আছিল।
বহুতে আচৰিত হৈ তেওঁক সুধিলে, -"আপোনাৰ এই স্বাস্থ্যৰ আঁৰৰ ৰহস্য কি?"

 -"হেঃ হেঃ আচলতে এই স্বাস্থ্যৰ কাৰণ আচলতে মোৰ পত্নীহে।"
 -"সেইয়া কেনেকৈ?"
 -"আমাৰ বিয়া হোৱা ৭৫ বছৰ হ'ল।
 বিয়াৰ পাছৰ দিনা আমি শপত খাইছিলোঁ যে যদি আমাৰ মাজত কাজিয়া হয় আৰু সেই কাজিয়া কাৰ কাৰণে হৈছিলে সেই কথা প্ৰমাণিত হয়, তেতিয়া সেই কাজিয়াৰ আঁৰত থকাজন ৰাতি মুকলি আকাশৰ তলত খোজ কাঢ়ি ফুৰিব লাগিব।






 আৰু আজি ৭৫ বছৰ ধৰি মই মুকলি আকাশৰ তলত ঘুৰি ফুৰিছোঁ।
এইয়াই মোৰ এই স্বাস্থ্যৰ আচল কাৰণ।"

By: Deva Pratim

Wednesday 2 October 2013

দযা কৰি কিবা এটা খাবলে দিযক?

ভিক্ষাৰী – মোক দযা কৰি কিবা এটা খাবলে দিযক?

 ভদ্রলোক – হ.. অলপ মদ খা ৷

 ভিক্ষাৰী – মই মদাপী নহয ৷

ভদ্রলোক – হ.. তেনতে চুৰট পোৰ ৷

ভিক্ষাৰী – মই নোহোপো ৷

ভদ্রলোক – তেনতে জুৱা খেলোগে??

ভিক্ষাৰী – মই জুৱা নেখেলো ৷

ভদ্রলোক – তেনেহলে তোক এজনী প্রেমিকা বিচাৰি দিও??

ভিক্ষাৰী – নালাগে, মোৰ ঘৈণী আছে ৷ মই তাইক বহুত ভাল পাওঁ ৷

ভদ্রলোক – তেনতে মোৰ ঘৰলৈ বল, তোক কিবা খাবলে দিম ৷

 ভিক্ষাৰী – আপোনাৰ ঘৰলে কিয়?????

ভদ্রলোক – মই মোৰ ঘৈণীক দেখুৱাম যে.. যি বোৰে বেযা বসতু নাখাই অকল নিজৰ ঘৈণীক ভাল পাই তাৰ অৱঠা তোমাৰ দৰে হয ৷

Saturday 21 September 2013

জীৱজন্তুৰ ফেচবুক

অবলা জীৱজন্তুৰ যদি ফেচবুক থাকিলে হয় তেওঁলোকৰ ষ্টেটাচ আপডেট কেনেকুৱা হ'ল হয়?

 পইঁতাচোৰা- ছোৱালী এজনীয়ে যি চিঞৰ মাৰিলে মোৰ কাণতাল মাৰি গ'ল! অক'ণ কান্ধত হে উঠিছিলোঁ!

 মুৰগী- কাইলৈ যদি মোক লগ নোপোৱা জানিবা KFC ত ফুৰিবলৈ গৈছোঁ।

 গৰু- বন্ধুসকল সাৱধানে থাকিবা দেই...কোৰবানি আহি আছে!

 পৰুৱা- মানুহবোৰৰ চকু নাই নেকি অ'?? আমাক দেখা নাপায় নেকি? এইদৰে আৰু কিমান গণহত্যা কৰিব?

 কুকুৰ - কালি তিনি বন্ধুয়ে মিলি বিয়া এঘৰলৈ গৈছিলোঁ। ওৱাও! কি দিন এটা গ'ল!!!

 মেকুৰী- বাঘ মোৰ মামা হয় জানা নে নাজনা? লাইক এটা দিবলৈ ইমান থেৰোগেৰো কেলৈ কৰিছা?

 কাছ- শহাপহুটো আকৌ আহিছে ৰে'চ লগাবলৈ। sleeping tablet খুৱাই থৈ দিম বাপ্পেকে!

 সিংহ- কাইলৈ হৰিনা চিকাৰ কৰিব যাম দেই! pl wish for me!

 ভালু- মানুহ এটাই মোক দেখি মৰাৰ ভাও জুৰি শুই আছিলে! দিলো ধৰি লৈ !!

 বান্দৰ- এইমাত্র বান্দৰনী দুজনীক জোকাই আহিলোঁ!

Via: Rogor

Wednesday 21 August 2013

অ কবিৰ প্ৰেম

পিয়াঁজ ক‘লিৰ কলম বনাই মই
মহৰ তেজৰে লিখিম তোমালৈ প্ৰেমপত্ৰ...

বান্দৰ চাধাৰ খালি পেকেটত,
তামোল গছত উঠি মিছড ক'ল দিম মইনা
নেটৱাৰ্ক আৰু বেলেঞ্ছৰ অভাৱত।।

 ছাইকেলৰ লিক বাতি তোমাক ফুৰিব নিম
বহাগৰ মতলীয়া বতৰত .....
কেৰিয়াৰত গাৰু দি তোমাক বহাম মইনা
 চলাম মইও ছাইকেল যতনত।।

 খবৰৰ কাগজত নিমখ বান্ধি লৈ যাম
দলিয়াই বগৰিবোৰ দুয়ো জনে পাৰি খাম,
 চিনেমা ঘৰত গৈ আমি দুয়োটায়েই মইনা....

“কেয়ামত ছে কেয়ামত তক” চাম।।


 জয় চখ্রৱৰ্ত্তীৰ খবিতা ।

By :Joydeep Chakrabarty