Sunday 29 December 2013

সকলো ধৰনৰ চিকিত্‍সা

এজন ডাক্তৰে এখন ক্লিনিক খুলিলে আৰু ক্লিনিক খনৰ সন্মুখত এখন ছাইনবর্ডত লিখি থ’লে :

সকলো ধৰনৰ চিকিত্‍সা কেৱল ১০০ টকাত কৰা হ’ব আৰু যদি চিকিত্‍সা কৰিব নোৱাৰো,

তেন্তে আমি আপোনাক ২০০ টকা ওভোটাই দিম ।


একো অসুখ নোহোৱা এজন ব্যক্তিয়ে ২০০ টকা নিজৰ হাতলৈ অনাৰ পাং পাতি ক্লিনিক খনলৈ আহিল ।

তেওঁ ডাক্তৰ জনক ক’লে :

‘‘মই মোৰ জিভাখনত একো সোৱাদ অনুভব কৰিব নোৱাৰা হৈছো !’’

ডাক্তৰ জনে তেওঁৰ সহাকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জিভাত দি দিবলৈ ক’লে ।

ঔষধ কেইটোপাল জিভাত পৰাৰ লগে-লগেই মানুহজনে চিঞৰি উঠিল...

‘‘ইছ ৰাম ! ইমান তিতা !!’’

ডাক্তৰ জনে হাঁহি এটা মাৰি ক’লে :

‘‘Congratulasion, আপোনাৰ জিভাৰ অনুভব শক্তি ঘূৰি আহিল ।’’

এশ টকা যোৱাৰ খঙত মানুহজন জ্বলি-পকি উঠিল আৰু দুসপ্তাহ পাছত আগৰ এশ টকাৰ লগতে আৰু এশ টকা ঘূৰাই লোৱাৰ উদেশ্যেৰে পূণৰ ক্লিনিক খনলৈ আহিল ।

মানুহজন :- ছাৰ, মই মোৰ স্মৃতি শক্তি হেৰুৱাই পেলালো, আগৰ কথা মোৰ এতিয়া অলপো মনত নাই !

ডাক্তৰ জনে তেওঁৰ সহকাৰী জনক ২২ নম্বৰ ঔষধৰ বাকচটোৰ পৰা কেইটোপাল মান ঔষধ মানুহজনৰ জীভাত দি দিবলৈ ক’লে ।

সহকাৰী জনে ঔষধ দিবলৈ লোৱাত মানুহজনে আচৰিত হৈ সুধিলে :

‘‘ৰ’ব ছাৰ, এই ঔষধটো দেখোন জিভাৰ অনুভব শক্তি ঘূৰাই অনাৰ বাবেহে!?’’

ডাক্তৰ :- Congratulasion, আপোনাৰ স্মৃতি শক্তিও ঘূৰি আহিল ।
By: আকাশ জ্যোতি দেৱ গোস্বামী

No comments:

Post a Comment