Saturday 7 September 2013

নাজানিলে নাজানুং কব লাগে

এটা শিয়ালে নিজকে বৰ দাদা বুলি ভাবে,

এদিন শিয়ালে DON NO 1 চিনেমা খন ছাই হাবিৰ মাজেৰে চিগাৰেত সুপি সুপি গৈ আছিল.....

তেনেতে এটা নিগনি তাৰ সন্মুখত আহিল.....
 শিয়ালে নিগনিক এক লাদ মাৰি দিলে, নিগনি তিন লুতি খাই পৰিল,

শিয়ালে নিগনিক সুধিলেঃ ঐ নিগনি বনৰ ৰজা কোন...?
 নিগনিঃমহাৰাজ আপুনি....
শিয়ালঃঊম, কোনোবাই কিবা কলে মোক কবি।

তাৰ পাছত শিয়াল আগ বাহিল,এইবাৰ শিয়ালে এটা সেপাক পালে,
শিয়ালে সেপাক কান এখনত ধৰি উঠাই দিলে,শিয়ালৰ একেই প্ৰন্শ বনৰ ৰজা কোন...?
সেপাঃমহাৰাজ আপুনি। শিয়ালঃউম,কোনোবাই কিবা কলে মোক কবি..।

 তাকে কৈ শিয়াল গৈ থাকিল,অকনমান দুৰৈত এটা হাটীয়ে কল গছ খাই থকা শিয়ালৰ চকুত পৰিল,

 শিয়ালে গৈ হাটীৰ টিকাত খুছিবলৈ ধৰিলে,আৰু কৈছেঃ ঐ ঐ বনৰ ৰজা কোন, বনৰ ৰজা কোন...?

হাটীৰ খং উঠিল আৰু এক লাদ মাৰি দিলে শিয়ালক শিয়াল উফৰি গৈ বান্দৰ এটাৰ সন্মুখত পৰিল,

বান্দৰে খিক খিক কৈ হাহিঁ দিলে,

তেতিয়া শিয়ালে কৈছেঃনাজানিলে নাজানুং কব লাগে এনেকে লাদ মাৰি দিব নালাগে নহয়...


No comments:

Post a Comment