Showing posts with label অসমীয়া গাজা. Show all posts
Showing posts with label অসমীয়া গাজা. Show all posts

Friday 30 May 2014

আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?

By: Gautam G Ovi Nd
এগৰাকী মহিলালৈ এবাৰ এজন পুৰুষৰ পৰা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: আছে, পিছে আপুনি কোন?
পুৰুষ: মই তোৰ ককায়েৰ ।


আকৌ ঠিক তেনেদৰেই আৰু এটা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: নাই, পিছে আপুনি কোন?
পুৰুষ: মই তোমাৰ বয়ফ্ৰেণ্ড ।
মহিলা: অহ! চৰি চৰি, তোমাক মই মোৰ দাদা বুলি ভাবিছিলো ।
পুৰুষ: হাৰামজাদী, মই তোৰ গিৰিয়েৰ । ৰ' তোক ঘৰত গৈ দি আছো ।।

হনুমান

by: Prasanta Kumar Nath

ৰাম লক্ষ্মণ সিতাৰ লগত হনুমানো লংকাৰ পৰা অযোধ্যা লৈ ঘুৰি আহিল কেইদিন মান থকাকৈ । পুৱায়ে হনুমান ওচৰতে থকা নদী খনত সদায় গা ধুবলৈ যায় । যেতিয়া গা ধুই ঘুৰি আহে হনুমান , তেতিয়া আলি কাষৰ কাপোৰ চিলোৱা দজী এজনে হনুমানক আগ ভেটি সদায় কয়........

হনুমান , তই ক'না লংকা খন কেনেকৈ জ্বলালি............
দজী ক'কাই বাদদে সেয়বোৰ কথা.....


নাই , দজীয়ে নামানে তাক কবয়ে লাগিব.....

এদিন গ'ল.....

দুদিন গ'ল.......

এদিন হনুমানে কলে ,ক'কাই অহা কালি গা ধুবলৈ আহোঁতে তোক দেখুৱায় থৈই যাম হা....

পিছ দিনা হনুমান আহি দজী দুকানত সোমায় কলে-এতিয়া মোৰ নেগুৰত কাপোৰ বান্ধ....

দজীয়ে সেয়মতে কাপোৰ মেৰিয়াই বান্ধিলে....

তাৰ পিছত ,

এতিয়া....তই মোৰ নেগুৰত জুই লগাই দে....

দজীয়ে দিলে নেগুৰত লগায় জুই..........

হনুমানে নেগুৰত জুই লৈই কলে....
তই এতিয়া ৰাৱণ.....মই হনুমান আৰু তোৰ দুকান খন লংকা ।

তাতে কি হ'ল......দজীয়ে কলে ।

এতিয়া ৰাৱণৰ দৰে হাঁ.....,

হনুমানৰ কথাত দজীয়ে ৰাৱণৰ দৰে হাঁহিব লাগিল...,....

এতিয়া তই কান্দি থাক বুলি কৈয় ........
দুকান খন জ্বলায় দিলে ।

চুঙা চাই সোপা.......

বান্দৰ পৰা যি শিক্ষা লয় সিও বান্দৰে ।
(এতিয়া মাথোঁ আপোনাৰ মত......)

Tuesday 13 May 2014

ভাওনা

By: Madhurjya Dutta

এটা সঁচা কাহিনী:-
এবাৰ নামঘৰত ভাওনা পাতিলে,ঠিক টোটোন তামুলি ৰ ভাওনাৰ দৰেই হ'ল ৷
১/ ৰজা,মন্ত্ৰী,সেনাপতি ৰাজসভা ৷ ৰজাৰ ভাও লোৱাজনে মন্ত্ৰীৰ ভাও লোৱাজনৰ লগত ভাওনাৰ আগদিনা কাজিয়া লাগি মাতবোল নাই ৷ এতিয়া ৰজাই মন্ত্ৰীক ৰাজ্যৰ খবৰ সোধে কেনেকৈ মাতবোল নাই যেতিয়া ৷ সেয়ে নতুন পন্থা অৱলম্বন কৰি সুধিলে- সেনাপতি, মন্ত্ৰীবৰক সোধা, ৰাজ্যৰ খবৰ কি? মন্ত্ৰীয়ে ক'লে- সেনাপতি, মহাৰাজক কোৱা, সকলো ঠিকেই আছে ৷ 

২/ শিৱক এজন দৈত্যই স্তুতি কৰিছে বৰ বিছাৰি, শিৱ নাই ৷ সকলোৱে শিৱক বিছাৰি ফুৰিছে, বহুদেৰিৰ পাছত শিৱ ওলাল ৷ সকলোৰে প্ৰশ্ন ক'ত গৈছিলি?
শিৱৰ উত্তৰ: মোৰ ভাওটো দেৰিকে ওলাব কাৰনে ম'হটোক ধানখেৰ অলপ খুৱাই আহো বুলি গ'লো,কিন্তু ম'হে মোৰ এই পোছাক পিন্ধি যোৱা কাৰনে এৰাল চিঙি পলাল, ম'হৰ পিছে পিছে মই ধৰিবলৈ যাব লগা হ'ল ৷

কানচেপা

By: Dali Kaushik Chutia
এদিন কনটিলা হোটেলত চাহ খাবলৈ সোমাওঁতে কাম কৰা লৰাটোৱে কাপোৰত চাহ পেলাই দিলে। ৰবলৈ সময় নাই, কনটিলাই তাক দিলে মস্ত কানচেপা এটা। চাহ খাই উঠি কনটিলা মেনেজাৰৰ ওচৰলৈ আহিল-

কনটিলা- কিমান পইচা হ'ল?
মেনেজাৰ- দুটকা পঞ্চাশ পইচা।
কনটিলা- কেলৈ, একাপ চাহৰ দাম দুটকাহে।
মেনেজাৰ - হয় দুটকাই। কিন্তু আপুনি বয়টোক দিয়া কানচেপাৰ বাবে পঞ্চাশ পইচা এক্সট্ৰা।
কনটিলা- (গহীনাই মেনেজাৰকো কানচেপা এটা দি) হোঁ, তিনিটকাই ৰাখি থ। খুচুৰা নাই।

@জোনবাই ২০৫০@

by: চিন্ময় দত্ত

আমাৰ পৰৱর্তী প্রজন্মই "জোনবাই এ বেজি এটি দিয়া বুলি..." গানটো কেনেকৈ গাব জানেনে

জোনবাই এ;
মবাইল এটি দিয়া বুলি
পদ্য মতা বয়সত;
তুমি পঢ়িছিলা এচি ৰুমত বহি
এপেল আইফোন ৰে লগত।।
আৰু মই তোমাকে 3G কল কৰি চালো জান ঐ;
ফটোচপ ৰ ইডিটিংত তোমাৰ মুখনি
নতুন ৰঙেৰে উঠিছিল জিলিকি।।


জোনবাই এ;
লেপটপ এটি দিয়া বুলি পদ্য মতা বয়সত,
আমি পঢ়িছিলো আৰামী চকীত বহি
প্লে-স্কুলৰ চোতালত।।
আৰু মই তোমাৰে ফটো লৈছিলো জান ঐ;
মৰম বুজি তুমি নাপালা ঐ,
ৱালপেপাৰ তেতিয়াৰ পৰাই তোমাৰে অ।।

মৰমজান ঐ;
ফেচবুকৰ বুকুতে চাটিং কৰা বয়সত;
তুমি পঢ়িছিলা ডুবাইৰ স্কুলত
এইটত নে ও নাইনত।।
আৰু মই তোমালৈ সদায় ৰাতি কৰি চাটিং;
ফটো টেগ কৰো তুমি ভাল পাবায়ে বুলি;
কোৱাই নহল জানা তোমাকে ও,
ভাল পাও বুলি এবাৰ চাটিংত অ।।

দেহাজান ও;
জীৱনত প্রথমবাৰ মিনি স্কার্ট পিন্ধোতে;
তুমি জোকাইছিলা গাল ৰঙা পেলাই ডিস্ক বাৰত পাই অকলে।
আৰু মই উচুপি উচুপি কান্দিলো জান ঐ;
কোমল বয়সৰ কোমলীয়া মন;
দেহাত জাগিছিল যৌৱনৰ শিশৰণ।।

Wednesday 30 April 2014

লিপিপেহীৰ ছাতিটো

Pankaj Neog

বহু দিন Lipika পেহীৰ কথা কোৱাই হোৱা নাই.....
যোৱাবাৰ বাৰিষা লিপিপেহীৰ ছাতিটো চুৰে নিলে.... নিলে মানে হেৰি আৰু... বৰষুণ দি থাকোতে ছাতিলৈ তাৰিখনি (ডেটিং) কৰিবলৈ গ'ল... কিন্তু ঘুৰি আহোতে বৰষুণ নথকাত ছতিটো পাহৰি আহিল।
.. এইবাৰ পেহীয়ে এটা নতুন ছাতি কিনিলে। ফেছবুকত ষ্টেটাছো দিলে... "মই আৰু মোৰ নতুন ছাতি'' ... কিন্তু আমাৰ বিগবছ তো কম মানুহ নহয়..
ছোৱালীয়েই হওক বা ছাতিয়েই হওক
তন্ন তন্ন কৈ ফটো চোৱাটো কৈশোৰে অভ্যাস...
,,,, বিগবছে ফটোখন দেখি অবাক
বিগবছ : হাউ লিপি... কি ছাতি কিনলা হে .. ওপৰৰ ফালে দেখুন ফুটা?
লিপিপেহী: নহয় হা... মই কৰি লৈছো ফুটাটো..
বিগবছ: কিয়া.....
লিপিপেহী: বৰষুন দিছি না ৰ'দ দিছি কেংকে জানিম নহলে???

Saying !!

Chao Pra'surya Chaochin Bar-uah

১) পকা দাড়িয়েই হওক নাইবা ধর্ষণকাৰীয়ে হওক এটাৰ ওপৰটো ৰেহেম কৰিব নালাগে।
২) মোডী মেজিককেই হওক বা ৰাহুল মেজিককেই হওক হিট কিন্তু অনলি 'টাটা মেজিক'
৩) 'অহংকাৰেই হওক চৰকাৰেই হওক দেৰিকৈ হ'লেও এদিন ভাগিবই'
৪) গান্ধী বুলিলে সেই পোকটোৱেই হওক নাইবা চুনু মাইনা ৰাহুলেই হওক দুয়োটাই ভাল বিৰক্তি দায়ক দেই।
৫) তথাকথিত বুদ্ধিজীৱিয়ে হওক বা হার্ডদিস্কৰ মেমৰি ১০০০ জি.বি.য়ে হওক, ভিতৰত দৰকাৰী আৰু দমদাৰ মাল মতং নাথাকিলে দুয়োটাই নামৰ হে কামৰ নহয়।
৬) কাষলতি তলৰ গোন্ধই হওক বা অসম বন্ধই হওক ভাল অশান্তি কৰে । দুয়ো ক্ষেত্রতে আনৰ
অশান্তি অসুবিধাৰ কথাও বুজিব লাগে।
৭) লাইফতেই হওক মোবাইলতেই হওক বেলেন্স থকা বৰ দৰকাৰ।
৮) SEXয়েই হওক নাইবা TAXয়েই হওক অবৈধ হ'লে এদিন ধৰা পৰিবই। লাগিলে যিমানেই
লুকুৱাবলে চেষ্টা নকৰক কিয়।
৯) টোপনিয়েই হওক অফিছেই হওক এদিন খতি কৰিলে দুদিনলে মিলাই থাকিব লাগে।
১০) গছত বগোৱা লতাই হওক দুর্বলতাই হওক যিমান পাৰি সোনকালে আতৰাই পেলাব লাগে।
১১) স্বর্গদেউৰ কথা আৰু বালিত মুতা একেই 
১২) প্রতিযোগিতা মুলক পৰীক্ষাৰ নিগেটিভ মার্ক আৰু ৰাতিৰ হাইৱেত ৰৈ থকা টেংকাৰ বা ট্রাক। দুয়োটাৰে ক্ষেত্রত সাৱধানতা অৱলম্বন কৰাটো বিৰাট প্রয়োজন।
১৩) দিনক বাঢ়ি অহা উচ্চাকাংক্ষা আৰু জনসংখ্যাৰ ওপৰত লেকাম নলগালে ভবিষ্যত সংকতাপন্ন।
১৪) এসময়ত আলফাৰ নামত চি আৰ পিয়ে আৰু এতিয়া ব্রেকিং নিউজৰ বোকোচাত উঠি টি আৰ পিয়ে বৰ আমনি কৰিব লৈছে।
১৫) ঘৈণী আৰু শীতৰ পুৱা বাথৰুমত প্রথম মগ পানী। যিমানেই খামী ডাঠ মানুহ নহওক কিয়।
বাহিৰত যিমানেই ফালি নাথাকক কিয় এই দুয়োটাৰ আগত এবাৰ হ'লেও বুকু কপেই।
১৬) নিউজ চেনেল আৰু বিয়নিৰ মেল। দুয়োটা একেই, আনৰ কথাবোৰ খুচৰি খুচৰি বৰ ৰস পাই।
১৭) ষ্ট্রীট লাইটৰ পোহৰত জোনাকৰ মাদকতা আৰু ব্রেকিং নিউজৰ ভীৰত প্রকৃত সাংবাদিকতা। দুয়োটা একেই যেন অনুভৱ হয়।
১৮) লাইচেন্স আৰু কমনচেন্স মানুহৰ জীৱনত দুটা বৰ দৰকাৰী বস্তু। নথকা জন বিপদত পৰাৰ সম্ভাৱনাই বেছি।
১৯) খানা হজম নহ’লে হজমুলা পিছে কথা হজম নহ’লে আকৌ মুৰঘোলা 
২০) সাহিত্যিক আৰু ভূ-মাফিয়াৰ মাজতো এটা সাদৃশ্য আছে দুয়ো সদায় এটি ভাল প্লটৰ সন্ধানত থাকে।
২১) ফেছবুকৰ টেগ আৰু বনগুটি দুয়োটা একেই। অনাহকত লাগি আহে আৰু অশান্তি কৰে। গুচাই গুচাই আমনি লাগি যায়।

নাৰী কি?

Nilutpal Kalita

নপঢ়িলে পষ্টাব পঢ়িলে কিবা এটা পাব:
.
ৰাইজ, আপোনালোকে জানেনে নাৰী কি?
আচলতে ভগৱানে অফ টাইমত তৈয়াৰ কৰা এক আছৰিত প্ৰাণী । যাৰ মহিমা অপাৰ কোনেও ভালদৰে বুজিব নোৱাৰিলে । তথাপিও আমি বহু বছৰ ধৰি চলোৱা  এটি গৱেষণাৰ অন্তত কিছু তথ্য পোহৰলৈ আনিব পাৰিছোঁ । এই ক্ষেত্ৰত মোৰ সহকৰ্মী পত্নীব্ৰতা লেংটিচিগাৰ অবদান অসীম ।

*মহিলাবোৰে যিমানে পাৰে সিমানে টকা সাঁচিব খোজে ।


☆কিন্তু বজাৰৰ পৰা সকলোতকৈ দামী কাপোৰযোৰ ক্ৰয় কৰে, লাগিলে ২ ফুটিয়া এ হওক কিয় ।

*দামী কাপোৰ কিনিলেও পিন্ধিব একো নাথাকে, কিন্তু সাজি-কাচি ওলাওতে ১ ঘন্টা কৰি দিয়ে ।

☆ঘন্টাযুৰি সাঁজি কাচি লৈও নিজে সন্তুষ্ট নহয় ।

*নিজে সন্তুষ্ট নহয় বাবে গিৰিয়েকে ধুনীয়া লাগিছে বুলি কোৱালৈ ৰৈ থাকে ।

☆মহিলা গৰাকীয়ে বিচাৰে যে গিৰিয়েকে প্ৰশংসা কৰক..

*যদি প্ৰশংসা কৰেও মুখ ফুলাই বহি থাকিব।  যদি নকৰেও মুখেৰে ভোৰভোৰাই গিৰিয়েককে দেখুৱাই
ইফালৰ পৰা সিফাললৈ মাকোঁ মাৰি থাকিব ।

☆কথাই প্ৰতি লোকৰ উদাহৰণ দিব ।

*যদি মানি চলে ঠিকেই নহলে তিৰোতাৰ নানান মানসিক অত্যাচাৰ ভোগে বেচেৰা পুৰুষজনে ।
.
আৰু কিমান সহ্য কৰিব? সেয়ে.........
ইউৰেকা !
মই বিয়া নাপাতোঁ.

নিমন্ত্ৰণ

Nilutpal Kalita
মই যেতিয়া বিয়া পাতিবলৈ


ছোৱালী চাব গৈছিলো মোৰ
এটা উত্তৰতে মোক......
.
.
.
ভাবিব কিটো আছে?
চিধাই নাকচ কৰিছিলে
বেঙে মূতা পাপীটোৱে ।
(ছোৱালীৰ দেউতাকে)
.
মোক যেতিয়া ছোৱালীৰ
দেউতাকে সুধিছিল..
"তুমি মদ খোৱা নেকি?"


মই আনন্দত ক'ব নোৱাৰা হৈ
কৈ দিলোঁ -
'এইটো মোক প্ৰশ্ন সুধিছেনে?
নে নিমন্ত্ৰণ জনাইছে দেউতা?'

৭ প্ৰকাৰৰ ছোৱালী

Bikash Singha Ujjal

* সমাজত সাধাৰণতে ৭ প্ৰকাৰৰ ছোৱালী (বা গাৰ্ল) পোৱা যায় :

১/ হাৰ্ড ডিক্স গাৰ্ল :
যি কোনো সৰু-সুৰা কথাই পট্ কৈ মনত ৰাখি সময়ত আপোনাক জঞ্জালত পেলাব পাৰে ।


২/ ৰেম গাৰ্ল : চকুৰ আগত থকা লৈকেহে আপোনাক মনত ৰাখিব পাৰে । চকুৰ আঁতৰ হ'লেই মনৰো আঁতৰ ।

৩/ স্ক্ৰীণ ছেভাৰ গাৰ্ল : সাজোন-কাচোনত ওস্তাদ তথা কেৱল চাবৰ বাবেহে ।

৪/ ইণ্টাৰনেট গাৰ্ল : দেখাত সহজ কিন্তু চম্ভালিবলৈ বৰ টান ।

৫/ ছাৰ্ভাৰ গাৰ্ল : বিচৰা সময়ত সদায় 'বিজি', অন্যথা ফ্ৰী ।

৬/ মাল্টিমিডিয়া গাৰ্ল : বেছ আমোদজনক তথা মনোৰঞ্জক, সময় কটোৱাৰ উত্তম উপায় ।

৭/ ভাইৰাছ গাৰ্ল : সৰ্বগুণ বিশাৰদ । এইবিধক সাধাৰণতে 'গাৰ্লফেণ্ড' নামেৰে জনা যায় । এবাৰ যদি আপোনাৰ ছিষ্টেমত প্ৰৱেশ কৰে তেন্তে ব্ৰেইনৰ ছফট্ওৱেৰ ডেমেজ নকৰা পৰ্যন্ত ওলাই নাহে....!!!

এম.বি.এ সকলৰ বাবে..

Udayan Goswami

এম.বি.এ সকলৰ বাবে...........
আপুনি কাৰোবাৰ আমন্ত্ৰণ ৰক্ষা কৰি পৰ্টি এটালৈ গ'ল, তাত আপুনি এজনী ধুনীয়া ছোৱালী দেখিলে, আপুনি তাইৰ ওচৰলৈ যায় আৰু কয়
১)"মই ধনী ল'ৰা মই আপোনাক বিয়া পাতিব বিচাৰো"........ সেইটো হ'ল ডাইৰেক্ট মাৰ্কেটিং (Direct Marketing)
২) যদি আপোনাৰ বন্ধু বা বান্ধবী য়ে সেই ছোৱালী জনীৰ ওচৰলৈ গৈ আপোনাৰ কথা এনেকে কয় - সেই ল'ৰা জন বহুত ধনী তেঁওৰ লগত বিয়া হোৱা.....সেইটো হ'ল বিজ্ঞাপন (Advertising)
৩) যদি ধুনীয়া ছোৱালী জনী আপোনাৰ ওচৰলে নিজে আহে আৰু আহি আপোনাক সোধে-- আপুনি ধনী, আপুনি মোক বিয়া কৰাবনে?.......সেইটো হ'ল ব্ৰেণ্ডৰ পৰিচয় (Brand Recognition)
৪) যদি আপুনি কয় "মই বহুত ধনী মোৰ লগত বিয়া হবা?" আৰু তাই যদি আপোনাক এটা কানতলীয়া চৰ সোধাই ..........সেইটো হ'ল গ্ৰাহকৰ প্ৰতিক্ৰিয়া(Customer Feedback)
৫) যদি আপুনি কয় "মই বহুত ধনী মোৰ লগত বিয়া হবা? আৰু তাই যদি আপোনাক তাইৰ গিৰিয়েকৰ লগত চিনাকী কৰাই দিয়ে........সেইটো হ'ল চাহিদা আৰু যোগানৰ আন্তৰাল (Demand & Supply Gap")
৬) আপুনি সেই কথা খিনি কোৱাৰ আগতেই যদি আপোনাৰ পত্নী আপোনাৰ কাষলে আ্হে সেয়া হ'ল......... নতুন বজাৰত প্ৰবেশত থকা প্ৰতিবন্ধক (Restriction from entering new Market)

Sunday 13 April 2014

বাপুৰ কি বিলাই

By: Rituparna Deka
আমাৰ বাপুৰ কি বিলাই ,শুনকছোন , কিজানিবা কেইটামান দাঁত ওলায়েই -----------------

আমাৰ বাপুই কেইমাহমান আগতে চাকৰি কৰিছিল ,এম্বুলেণ্ছ চলোৱাৰ । এবাৰ কি হ'ল, এদিন মাজনিশা বাপুই তাৰ লগত থকা দীপৰ লগত মৰা মানুহ এজন লৈ গৈ আছিল । সেইদিনা আছিল টামাম ঠাণ্ডা । দুয়োটাৰে মনত ভয়ো লাগি আছিল ,মৰা শ এটা লগত লৈ আছে । কথা এষাৰ আছে নহয় বোলে , য'তে বাঘৰ ভয় ,তাতে ৰাতি হয় । দুয়োটাৰে চুচু কৰা লাগিল । কৃষ্ণ কৃষ্ণ কৰি ওলাল বাহিৰলৈ চুচু কৰিব ।
এনেতে ঠাণ্ডাত পেপুৱা লাগি থকা পগলা এজন সোমাল গাড়ীৰ ভিতৰত আৰু মৰা মানুহটোৰ কাপোৰ খন নিজে উৰি লই বহি থাকিল । দীপ আৰু বাপুই গমেই নাপালে । দুয়োটাই চুচু কৰি আহি গাড়ীত সোমাল । বাপুই ক'লে দীপক,


"অই , চাধা এখোলা মাৰ বে ,অলপ দেহাটো গৰম লগাওঁ "

দীপে চাধা মাৰি উঠি বাপুক ক'লে , " অ' ল ধৰ ।

@
@
@
@
@
@
চাধাৰ কথা শুনি পগলাটো আৰু ৰ'ব নোৱাৰিলে , সিও মাত লগালে

"মোকো অলত দিয়াহে partner !!!"

@
@
@
@
দীপ আৰু বাপুৰ মাথা গৰম,

হাই ৰে, মৰা মানুহটো দেখোন উঠি বহিছে !!

দীপ আৰু বাপুই এইমাত্ৰ চুচু কৰি আহিছিল হে, আকৌ কৰি দিলে ।

পৃথিৱীৰ সর্বশেষ্ট উদ্ভাৱক

লক্ষ্য জ্যোতি নাথ

"পৃথিৱীৰ সর্বশেষ্ট উদ্ভাৱক(সকলোতকৈ বেছি বস্তু উদ্ভাৱন কৰা) বিজ্ঞানীজনৰ নাম কি? তেওঁৰ তিনিটা উদ্ভাৱনৰ নাম ক'ব পাৰিবনে।"

প্রশ্নতোৰ সঠিক উত্তৰ বহুতেই দিলে। প্রশ্নতোৰ সঠিক উত্তৰ হ'ল 'টমাচ আলভা এডিচন'। তেওঁ উদ্ভাৱন কৰা বস্তুবোৰ হ'ল
১] বিজুলি বাতি
২] টেলিফোন
৩] টেলিগ্রাফ
৪] গ্রামোফোন
৫] বাইনেট স্কপ' ইত্যাদি।


পষ্টটোত কেইজনমান লোকে বৰ আমোদজনক কমেন্ট কেইটামান দিলে। তেওঁলোকে কোৱা বিজ্ঞানীকেইজনক আমি চিনাকি হওঁ আহঁকচোন...

১) গৌৰব গগৈ (মতা মাছ আৰু মহিলা মাছৰ উদ্ভাৱক)

২) (এজনে লিখিছে) স্হান, কাল হিচাপে যদি উত্তৰ দিওঁ অসমত নির্বাচন কালত মোবাইল, কম্পিউটাৰ, ইন্টাৰনেট আদি সকলোবোৰ বস্তুৰ ৰাজীব গান্ধীৰ আবিষ্কাৰ।

৩) তৰুণ গগৈ
(ক) গড়ৰ খর্গ কটা পদ্ধতি উদ্ভাৱন
(খ) বানপানী পৰা বাচিব কলগছ ৰুব লাগে
(গ) হাতীৰ পৰা বাচিব জলকীয়া ৰুব লাগে।

(৪) (এজনৰ কমেন্ট আৰু একোপ চৰা) ৰকিবুল হুছেইন, তেওঁ গড়ৰ খর্গ কটা মেচিন বনাই আছে, তৈয়াৰ হোৱা নাই।

কমেন্টকেইটা পঢ়ি মই হাঁহি ৰখাব পৰা নাই গতিকে শ্বেয়াৰ কৰিলো ।

Sunday 6 April 2014

কোৱা কি কৰিব লাগে...?

By: Karuna Talukdar

শুভ দুপৰীয়া বন্ধুসৱ....
পঢ়কছোন কিজানিবা ভাল লাগেই....

আমাৰ পাপুৱে এবাৰ তাৰ হিয়াৰ আমঠ মালতী ক লগত লৈ সিহঁতৰ নতুনকৈ কিনা 4whlr খনত long drive বুলি ওলালে...।পাপুৰ মন খুৱ ৰোমাণ্টিক মালতীক অকলশৰীয়া কৈ পাইছে ওচৰতে বহিছে...মনটো তাৰ সাতখন-আঠখন লাগিছে , হাত এখনে মালতীক স্পৰ্শ কৰিব খুজিওঁ লাজ আৰু ভয়ত পিছুৱাই আহিছে...॥ এনেতে হঠাতে মালতীয়ে মাত লগালে ......


মালতী:- দেহা তুমি এখন হাতেৰে drv কৰিব পাৰিবানে...?

পাপু:- (ভিতৰি ভিতৰি মালতীয়ে চাগে তাক green sgnl দিছে তাৰ আশা পূৰণ হব)সি তপৰাই কলে পাৰিম.. পাৰিম...জান কোৱা কি কৰিব লাগে...?

মালতী :- একো অসুবিধা নহয়টো.দেহা..।

পাপু:- আহ: জান একো অসুবিধা নহয়..কোৱা কি কৰিব লাগে...?

মালতী :-
.
.
.
.
দেহা অসুবিধা নহয় যদি এখন হাতেৰে তোমাৰ নাকটো মোচা.....

মায়ে গম পালে মজা দিব

By: Gautam Nath
.
খুড়ী-- আছে, যোৱা পাকঘৰত মালতী আছে, তুমি খুজি আনাগৈ।
.
.
.
.
.
.
যুৱক--(পাকঘৰত গৈ) মালতী, তোমাক ইমান ধুনীয়া লাগিছে, চাওঁ চুমা এটাকে খাওঁ।
.
.
.
.
.
মালতী-- ইঃ ক'বলৈ লাজো নালাগে।
.
.
.
.
.
যুৱক-- এঃ একো নহয় দিয়া, চাওঁ.......
.
.
.
.
.
মালতী-- নাই নহ'ব, আগফালে মা আছে।
.
.
.
.
.
যুৱক-- এঃ তোমাৰ মায়ে একো নকয় দিয়া।
.
.
.
.
.
মালতী-- কি ক'লা ! মায়ে গম পালে মজা দিব।
.
.
.
.
.
যুৱক-- (চিঞৰি) খুড়ী মালতীয়ে নিদিয়ে।
.
.
.
.
.
খুড়ী-- (চোতালৰ পৰা) দে মালতী, একো নহয় দে .......

চাল্লা বুক্কৰ্ক

by: Anuj Kumar Das

ছোটা ডনে আজি আশীষ দাক ১২ টা বজাই দিলে । দোষ্টিৰ চৰম প্ৰেমৰ সোৱাদৰে টেটুলৈ Full Recharged কৰাই দিলে । মিছা �কলে কি দাল হব ? কোনো দিনে সেইবিধ চুই(?) নোপোৱা .... আশীষ দা দলং পলং খোজেৰে ঘৰলৈ বুলি আহি আছিল...এনেতে পথৰ দাঁতিৰ ঘৰৰ দুৱাৰখনলৈ চকু গল...দুৱাৰৰ ঠিক ওপৰতে বৰ্ড এটাত হিন্দীত লিখা আছে-" ডক্টৰ কে লিয়ে..ঘন্টি বজাইয়ে" !
.
.
.


বৰ্ডত লিখা বাক্য শাৰী পঢ়িঁ আশীষ দাই সুৰা'ৰ ৰাগীত, অতিৰিক্ত নিচাত
...ঘন্টিটো বজাই দিলে ।
.
.
.

খন্তেক সময়ৰ পাছত...চকু মোহাৰি মোহাৰি মানুহ এজন ওলাল ... আৰু আশীষ দালৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই সুধিলে:-"Yes"?
.
.
.

আশীষ দা (হালি-জালি...জীভা পাক খাই অদ্ভুত কন্ঠস্বৰেৰে...গেঙণি মাৰি ) কলে :-"তো আপ ডাক্তৰ হ্যায় ?"
.
.
.

ডাক্তৰ (আশীষ দাৰ আপতমস্তক নিৰিক্ষণ কৰি ) :-Oh...Yes !
.
.
.

আশীষ দা:-"চাল্লা বুক্কৰ্ক ! ...ই য়ে ঘন্টী খুদ বজা নহী সকতে...খামখা ৰাহ চলতী আদমিও কো তকলিফ দেতে হো !"
.
.
.

আশীষ দাৰ কথাত ডাক্তৰ Shock !

কেছ টো On the rock !

মহ হত্যা কৰাৰ এটা বুদ্ধি

By: Dípankar Nath

গৰম মানেই মহৰ উতপাত, মহ হত্যা কৰাৰ এটা বুদ্ধি দিলো--
.
.
.
.
চেনী আৰু শুকান জলকীয়াৰ এটা মিশ্রণ বনাই মহটোক খাবলৈ দিয়ক, মিশ্রণ খিনি খাই মহটোয়ে পানী খাবলৈ পানী টেংকি ওচৰত যাব, এটা থিয় গোৰ মাৰি মহটোক পানীৰ টেংকিত পেলাই দিয়ক !


মহটোয়ে নিজৰ দেহাটো শুকাবলৈ উৰি উৰি জুইৰ ওচৰত যাব, এতিয়া জুইত এটা ব'ম পেলাই দিয়ক !

মহটোয়ে ব'ম ব্লাষ্টত গুৰুত্ব ভাবে আঘাতপ্রাপ্ত হৈ হস্পিতালত র্ভত্তি হব !
.
.
.

এতিয়া আপুনিও হস্পিতালত গৈ তাৰ মূখত লগাই থোৱা অক্সিজেন র্মাক্সডাল খুলি দিয়ক !

..
..

বেটাই উশাহ নাপাই নিজে নিজে মৰি থাকিব !

কোনো ধন্যবাদৰ প্রয়োজন নাই, মই আপোনালোকক সহায় কৰি সম্পূর্ণ সূখী !

ধন্যবাদ

প্ৰতিক্ৰিয়া

By: Bitupon Saikia
এখন হোটেলত ত এক গিলাচ গাখীৰ ত অকস্মাত এটা মাখি পৰি গ'লে ,, প্ৰতি দেশৰ নাগৰিক ৰ প্ৰতিক্ৰিয়া এনে হয়:--
১/ ইংলেণ্ডৰ নাগৰিক হলে গাখীৰ গিলাচ দলিয়াই গুছি যাব । -

২/ আমেৰিকান হ'লে মাখি টো পেলাই গাখীৰ গিলাচ খাই পেলাব ।


৩/ চীনা নাগৰিক হলে মাখি টো প্রথম খাই পাচত গাখীৰ গিলাচ
খাই পেলাব ।

৪/ ভাৰতীয় হ'লে মাখি টো চীনাক বিক্ৰী কৰিব গাখীৰ গিলাচ আমেৰিকান জনক বিক্ৰী কৰিব আৰু সেই পইচা ই এক গিলাচ মদ কিনি খাব ।
আৰু
৫/পাকিস্তানী হলে গাখীৰত মাখি পৰা কাৰণে ভাৰতীয় ক জগৰীয়া কৰিব। আৰু তাৰ লগত কাশ্মীৰ বিষয় টো জোৰা দিব
চীন ক সৈন্য ৰ সহায় বিচাৰিব আৰু আমেৰিকাৰ পৰা টকা ধাৰ বিচাৰিব নতুন গাখীৰ কিনি খাবলৈ । ।।।

Friday 4 April 2014

পাঁচ গিলাচ জুচ

by: Ashish Majumdar

আমাৰ ছোটা ডনে মানুহ এঘৰলৈ গৈ পানী এগিলাচ খুজিলে।
সৰু ল'ৰা এটা ওলাই আহি- পানী নাই, আমৰ জুচ আছে খাবনে?
ছোটা ডন- গৰমত আমৰ জুচ! বঢ়িয়া !

ছোটা ডন পাঁচ গিলাচ জুচ খাই ল'ৰাটোক সুধিলে- তোমালোকৰ ঘৰত জুচ্ কোনেও নাখায় নেকি?
ল'ৰা- খায়..কিন্তু আজি জুচৰ বটলটোত জেঠী এটা পৰি মৰি আছিলে..সেয়ে কোনেও নাখালে।

কথাটো শুনি ছোটা ডন হাতৰ পৰা গিলাচটো পৰি থাকিল।

ল'ৰা- (কান্দি কান্দি) মা.......!! মানুহজনে গিলাচটো ভাঙি পেলালে! এতিয়া আমাৰ টমীয়ে কিহত গাখীৰ খাব???

পৰচৰ্চা

by: Minurekha Gogoi

আমি মহিলা সন্থা লগ হ'লে সদায় যে পৰচৰ্চাহে কৰো এইটো নাভাবিৱ আকৌ দেই । কেতিয়াবা আমি অন্য ধৰণৰ কথাও পাতো।এবাৰ আমি আমাৰ ভাষাৰ মাজত কেনেকৈ ইংৰাজী শব্দ বোৰ সোমাই অসমীয়াৰ দৰেই হৈ গৈছে সেইবিষয়ে কথা পাতিছিলোঁ ।তাকেই অলপ ৰহণ সানি আগবঢ়াইছো।

কণিপতৌ গুৱাহাটীৰ ভাড়াঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে এবাৰ তাৰ ককাদেউতাক আহিছিল খবৰ ল'বলৈ।আবেলি সি তেওঁক অটো এখনত উঠাই ফুৰাবলৈ লৈ গ'ল।
: ককা,এইখন মই পঢ়া গুৱাহাটী বিশ্ববিদ্যালয় দেই চাই লোৱা।
: অ' তই আকৌ ইউনিভাৰ্চিতিত পঢ়া বুলিহে জানো ।
: একেখনেইঅ'।এইবাৰ এইখন চোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ।আমাৰ গাঁৱৰ হেমন্ত ইয়াতেই পঢ়িছিল
: সি ইণ্জিনিয়াৰ নহয় জানো ।ইয়াত নাইপঢ়া হ'বলা।ইণ্জিনিয়েৰিং কলেজতহে পঢ়িছিল।
: উস ককা!সেইখনেই এইখন।এইবাৰএইখন চোৱা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু হাস্পতাল।
: অ' বুজি পালোঁ দে এইবাৰ ।আয়ুৰ্বেদিক কলেজ আৰু হস্পিতেল।মই আগতে আহিছোঁ ইয়ালৈ ।অথনিৰে পৰা চিধাচিধি অসমীয়াত ক'লেই হয়।ইংৰাজী নামবোৰ কৈ থাকিলে কেনেকৈ চিনি পাওঁ নো নপঢ়া নুশুনা বুঢ়াটোৱে!


(কোনোবাই কৰবাত আগতে পঢ়িছে যদি মোৰ গাত দোষ নাই দেই ৰাইজ )