Tuesday 13 May 2014

ভাওনা

By: Madhurjya Dutta

এটা সঁচা কাহিনী:-
এবাৰ নামঘৰত ভাওনা পাতিলে,ঠিক টোটোন তামুলি ৰ ভাওনাৰ দৰেই হ'ল ৷
১/ ৰজা,মন্ত্ৰী,সেনাপতি ৰাজসভা ৷ ৰজাৰ ভাও লোৱাজনে মন্ত্ৰীৰ ভাও লোৱাজনৰ লগত ভাওনাৰ আগদিনা কাজিয়া লাগি মাতবোল নাই ৷ এতিয়া ৰজাই মন্ত্ৰীক ৰাজ্যৰ খবৰ সোধে কেনেকৈ মাতবোল নাই যেতিয়া ৷ সেয়ে নতুন পন্থা অৱলম্বন কৰি সুধিলে- সেনাপতি, মন্ত্ৰীবৰক সোধা, ৰাজ্যৰ খবৰ কি? মন্ত্ৰীয়ে ক'লে- সেনাপতি, মহাৰাজক কোৱা, সকলো ঠিকেই আছে ৷ 

২/ শিৱক এজন দৈত্যই স্তুতি কৰিছে বৰ বিছাৰি, শিৱ নাই ৷ সকলোৱে শিৱক বিছাৰি ফুৰিছে, বহুদেৰিৰ পাছত শিৱ ওলাল ৷ সকলোৰে প্ৰশ্ন ক'ত গৈছিলি?
শিৱৰ উত্তৰ: মোৰ ভাওটো দেৰিকে ওলাব কাৰনে ম'হটোক ধানখেৰ অলপ খুৱাই আহো বুলি গ'লো,কিন্তু ম'হে মোৰ এই পোছাক পিন্ধি যোৱা কাৰনে এৰাল চিঙি পলাল, ম'হৰ পিছে পিছে মই ধৰিবলৈ যাব লগা হ'ল ৷

No comments:

Post a Comment