Wednesday 30 April 2014

এম.বি.এ সকলৰ বাবে..

Udayan Goswami

এম.বি.এ সকলৰ বাবে...........
আপুনি কাৰোবাৰ আমন্ত্ৰণ ৰক্ষা কৰি পৰ্টি এটালৈ গ'ল, তাত আপুনি এজনী ধুনীয়া ছোৱালী দেখিলে, আপুনি তাইৰ ওচৰলৈ যায় আৰু কয়
১)"মই ধনী ল'ৰা মই আপোনাক বিয়া পাতিব বিচাৰো"........ সেইটো হ'ল ডাইৰেক্ট মাৰ্কেটিং (Direct Marketing)
২) যদি আপোনাৰ বন্ধু বা বান্ধবী য়ে সেই ছোৱালী জনীৰ ওচৰলৈ গৈ আপোনাৰ কথা এনেকে কয় - সেই ল'ৰা জন বহুত ধনী তেঁওৰ লগত বিয়া হোৱা.....সেইটো হ'ল বিজ্ঞাপন (Advertising)
৩) যদি ধুনীয়া ছোৱালী জনী আপোনাৰ ওচৰলে নিজে আহে আৰু আহি আপোনাক সোধে-- আপুনি ধনী, আপুনি মোক বিয়া কৰাবনে?.......সেইটো হ'ল ব্ৰেণ্ডৰ পৰিচয় (Brand Recognition)
৪) যদি আপুনি কয় "মই বহুত ধনী মোৰ লগত বিয়া হবা?" আৰু তাই যদি আপোনাক এটা কানতলীয়া চৰ সোধাই ..........সেইটো হ'ল গ্ৰাহকৰ প্ৰতিক্ৰিয়া(Customer Feedback)
৫) যদি আপুনি কয় "মই বহুত ধনী মোৰ লগত বিয়া হবা? আৰু তাই যদি আপোনাক তাইৰ গিৰিয়েকৰ লগত চিনাকী কৰাই দিয়ে........সেইটো হ'ল চাহিদা আৰু যোগানৰ আন্তৰাল (Demand & Supply Gap")
৬) আপুনি সেই কথা খিনি কোৱাৰ আগতেই যদি আপোনাৰ পত্নী আপোনাৰ কাষলে আ্হে সেয়া হ'ল......... নতুন বজাৰত প্ৰবেশত থকা প্ৰতিবন্ধক (Restriction from entering new Market)

No comments:

Post a Comment