Friday 30 May 2014

হনুমান

by: Prasanta Kumar Nath

ৰাম লক্ষ্মণ সিতাৰ লগত হনুমানো লংকাৰ পৰা অযোধ্যা লৈ ঘুৰি আহিল কেইদিন মান থকাকৈ । পুৱায়ে হনুমান ওচৰতে থকা নদী খনত সদায় গা ধুবলৈ যায় । যেতিয়া গা ধুই ঘুৰি আহে হনুমান , তেতিয়া আলি কাষৰ কাপোৰ চিলোৱা দজী এজনে হনুমানক আগ ভেটি সদায় কয়........

হনুমান , তই ক'না লংকা খন কেনেকৈ জ্বলালি............
দজী ক'কাই বাদদে সেয়বোৰ কথা.....


নাই , দজীয়ে নামানে তাক কবয়ে লাগিব.....

এদিন গ'ল.....

দুদিন গ'ল.......

এদিন হনুমানে কলে ,ক'কাই অহা কালি গা ধুবলৈ আহোঁতে তোক দেখুৱায় থৈই যাম হা....

পিছ দিনা হনুমান আহি দজী দুকানত সোমায় কলে-এতিয়া মোৰ নেগুৰত কাপোৰ বান্ধ....

দজীয়ে সেয়মতে কাপোৰ মেৰিয়াই বান্ধিলে....

তাৰ পিছত ,

এতিয়া....তই মোৰ নেগুৰত জুই লগাই দে....

দজীয়ে দিলে নেগুৰত লগায় জুই..........

হনুমানে নেগুৰত জুই লৈই কলে....
তই এতিয়া ৰাৱণ.....মই হনুমান আৰু তোৰ দুকান খন লংকা ।

তাতে কি হ'ল......দজীয়ে কলে ।

এতিয়া ৰাৱণৰ দৰে হাঁ.....,

হনুমানৰ কথাত দজীয়ে ৰাৱণৰ দৰে হাঁহিব লাগিল...,....

এতিয়া তই কান্দি থাক বুলি কৈয় ........
দুকান খন জ্বলায় দিলে ।

চুঙা চাই সোপা.......

বান্দৰ পৰা যি শিক্ষা লয় সিও বান্দৰে ।
(এতিয়া মাথোঁ আপোনাৰ মত......)

No comments:

Post a Comment