Showing posts with label Internet Jokes. Show all posts
Showing posts with label Internet Jokes. Show all posts

Monday 24 February 2014

এইমাত্ৰ

By: Arun Bhadhara

এখন ৰেলৰ এটা দবাত গৈ থকা তিনিগৰাকী মহিলাৰ কথোপকঠন-
১ম মহিলা-মোৰ বয়স বেছি হোৱা নাই নহয়।১২ বছৰ পাৰ হৈ এই জাষ্ট ১৩ বছৰত সোমাইছোহে। ২য় মহিলা-মোৰতো আপোনাতকৈ কম।মই ১১ পাৰ কৰিছোহে।
৩য় মহিলা-মোৰতো তেনেহলে বয়স নাই হোৱা বুলিয়েই কব পাৰি।এই ১০ বছৰত ভৰি দিছোহে।

ওপৰৰ বার্থটোতে শুই আছিল এজন বৃদ্ধ। মহিলাকেইগৰাকীৰ কথাৰ তাণ্ডবত থাকিব নোৱাৰি বুঢ়াই ওপৰৰ পৰা জাপ মাৰি মহিলাকেইগৰাকীৰ মাজতে পৰি দিলে।মহিলাকেইগৰাকীয়ে চিঁঞৰ-বাখৰ কৰাত বৃদ্ধই লাহেকৈ মাত লগালে-ভয় নকৰিবা আইটিহঁত।মই এইমাত্ৰ জন্ম হৈছোহে।

তুমি মুৰ্খ নেকি হে?

By: Nilutpal Kashyap

আমাৰ ঘৰৰ কাষৰ বৰা দাই সকলো সময়তে ঘৈণীয়েকৰ সকলো কামতে দোষ খুচৰি থাকে ।
যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil কৰি দিয়ে তেতিয়া কয় fry কৰিব লাগিছিল ।
যদি fry কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব লাগিছিল।
এদিন ঘৈণীয়েকে দুয়োটা কৰি দিলে,
এটা কণী boil, আৰু
আনটো কণী fry.
.
.
বৰা দাই বহুত সময় কণীকেইটা চাই থাকি কলে-
.
.
.
হেৰা, তুমি মুৰ্খ নেকি হে? মুৰত গোবৰ লৈ আছা?
যিটো কণী boil কৰিব লাগিছিল সেইটো fry কৰি দিলা আৰু যিটো fry কৰিব লাগিছিল সেইটো boil কৰি দিলা ।
ধুৰ......

Tuesday 18 February 2014

কাজিয়া

By: Bitupon Saikia
ট্ৰেইন ত ছোৱালী দুজনী কাজিয়া লাগিল এজনী ইজনীক ডাইনী বুলি গালি পাৰে সিজনীয়ে এই জনীক ডাইনী বুলি গালি পাৰে এনেদৰে চলি আছে আমাৰ উদয় দা আকৌ অকন মান ধৰি লতং পতং কৈ ছোৱালী দুজনী ৰ কাষতে বহি আহিছে ঘটনাটো হল ট্ৰেইন ৰ খিৰিকী এখন খোলা মেলা ক লৈ এগৰাকীৰ জ্বৰ আছে বুলি খিৰিকী ৰ গ্লাছ খন জপাবলৈ লাগে আৰু দ্বিতীয় জনীক গৰম উঠিছে বুলি গ্লাছ খন মেলি লব লাগে । সিহঁতৰ কাজিয়া ইমান দুৰ পালেগৈ এজনীয়ে কয় এই মদকী টো টোৰ পয়েৰে আকৌ ইজনীয়ে কলে সেই মদকী টো টোৰ হে পয়েৰে। অলপ ৰৈ উদয় দাই কলে
,
,
,
,
,,
,,
,
,
,,
,,
,,
,,
,,
,,
,
,
,
,
,
হেৰা ভন্টি মই বাৰু কোন জনীক পত্নী বুলি মানিম আৰু ঘৰত আছেই এগৰাকী । মিছামিছি কাজিয়া কৰি আছা যে এবাৰ ভালকৈ পৰীক্ষা কৰাচোন খিৰিকী খনত গ্লাছ নাইয়ে । তোমালোকে জপাবলৈ মেলিবলৈ ।

Friday 14 February 2014

এক্সিডেন্টৰ পিছত…

By: Udoy Senapoti
(এক্সিডেন্টৰ পিছত…)

পুৰুষ ড্ৰাইভাৰ: …মই গাড়ীৰ হেড-লাইট জ্বলাই, ইমান ৰ'বলৈ চিগনেল দিলো, আপুনি ৰ'ব লাগিছিল।

মহিলা ড্ৰাইভাৰ: ইস্…! মই ৰ'বলৈ নোৱাৰিম বুলি চিগনেল দিয়া নাছিলো নিকি…!

পুৰুষ ড্ৰাইভাৰ: ক'ত চিগনেল দিছিলে হে…! কেনেকৈ দিছিলে…??

মহিলা ড্ৰাইভাৰ: আৰে…! "নোৱাৰিম নোৱাৰিম" বুলি সন্মুখৰ 'ৱাইপাৰ' ডাল চলাই দিয়া নাছিলো নিকি…!!

Saturday 1 February 2014

জেনেটিকছ - অথঃ মালি সংবাদ

বহুদিন মালিৰ খবৰ নাই ৷
সিদিনা লগ ফাৰ্মাছী এখনৰ বাহিৰত লগ পালো ৷
‘‘আৰে ভাই মালি, বহু দিন খা-খবৰ নাই যে ?’’
মালি, ‘‘এহ্ নক’ব আৰু দাদা ৷ মোৰ হাই ব্লাড প্ৰেছাৰ !’’
কথাটো শুনি বেয়া লাগিল ৷ সুধিলো, ‘‘ডাক্টৰক দেখুৱালা নে নাই ?’’
মালি, ‘‘দেখুৱাইছো দাদা ৷ পাছে ফেমেলিতেই আছে ৷ গতিকে উপায় নাই আৰু !’’
মই সান্তনা দিবলৈ তাক ক’লো, ‘‘হেহ্ ! ফেমেলিত থাকিলেও ব্লাড প্ৰেছাৰ হে ! দৰব খালে ভাল হৈ যায় ৷ ফেমেলি মানে তোমাৰ দেউতাৰ ফালৰ কথা কৈছা নে মাৰ ফালৰ কথা কৈছ ?’’
মই এনেদৰে প্ৰশ্ন কৰিলো যে মই ডাঙৰ জেনেটিক বিশেষজ্ঞহে ৷
মালি, ‘‘নাই নাই দাদা ৷ মা-দেউতাৰ ফালে প্ৰেছাৰৰ প-টোও নাই ৷ মোৰ ৱাইফৰ ফালৰ পৰা পাইছো ৷’’
মোৰ খং উঠিল, ‘‘কি যা তা কথা কৈছা হে ? তোমাৰ ৱাইফৰ ফালৰ পৰা আকৌ কেনেকৈ ব্লাড প্ৰেছাৰ হ’ব হে ?’’
মালি, ‘‘দাদা, এবাৰ লগ পোৱাই দিম দিয়ক ! আপোনাৰো হৈ যাব ৷’’


By: Pratibhu Dutta

Sunday 26 January 2014

কুকুৰাবোৰক কি আহাৰ দিয়া ?

নৱকৃষ্ণ, দীপজ্যোতি নাথ আৰু সঞ্জীৱ বৰকাকতিৰ ৰগৰৰ সোৱাদ নোপোৱা, তিনিওজনক চিনি নোপোৱা মানুহ হয়তো হাঁহিৰ ৰহঘৰাত কোনো নোলাব ।

কিন্তু, তিনিওৰে এটা ব্যৱসায় -যিটো বেলেগ বেলেগকৈ হ’লেও মিলিজুলি চলায়, সেই কথা জনা মানুহো হয়তো কম ওলাব ।

ব্যৱসায়টো হৈছে -কুকুৰা ফাৰ্ম~

তিনিওৰে ব্যৱসায় খুব ভালধৰণেই চলি আছে । কম দামত বেচিব লাগিব বুলি কাকো ব্যৱসায়টোৰ কথা নকয় । যিহঁওক, আজি দুদিনমানৰ আগৰ ঘটনা এটা গম পাই আপোনালোকক জনালো~

সিদিনা শুক্ৰবাৰ আছিল । সেইদিনাই দুপৰীয়া ঘটিল অঘটনটো ! কোনো খবৰ নিদিয়াকৈ কৃষি বিভাগৰ ইন্সপেক্টৰ গৈ ওলাল নহয় তিনিওৰে ফাৰ্মত ।

এফালে ইন্সপেক্টৰ আৰু অন্য বিষয়াসকল~ আনফালে আমাৰ তিনি মহাৰথী দীপজ্যোতি, সঞ্জীৱ আৰু নৱকৃষ্ণ । ইন্সপেক্টৰে প্ৰশ্ন আৰম্ভ কৰিলে~ প্ৰথমতে দীপজ্যোতি:

: তোমালোকে কুকুৰাবোৰক কি আহাৰ দিয়া ?

দীপজ্যোতিয়ে ক’লে,
“তুঁহগুৰি...! ”

: ভূল আহাৰ দিছা.. । এঁওৰ চালান কাটি লগে লগে আটক কৰা..!, ইন্সপেক্টৰে অৰ্ডাৰ দিলে।
তাৰ পিছত সঞ্জীৱ:

ইন্সপেক্টৰৰ একেই প্ৰশ্ন..,

সঞ্জীৱৰ উত্তৰ,
“আমি ভাল চাউল দিঁও..! ”

: ভূল আহাৰ ! এঁওকো আটক কৰা..!, ইন্সপেক্টৰৰ অৰ্ডাৰ ।

এইবাৰ নৱকৃষ্ণৰ পাল পৰিল ।
নৱ বৰ টেঙৰটো..!, সেয়ে বাকী দুজনৰ অৱস্থা দেখি নৱই উত্তৰটো আগতেই ভাবি থৈছে ।

ইন্সপেক্টৰ:
“ডেকা ল’ৰা, তুমি তোমাৰ কুকুৰাক কি আহাৰ দিয়া...! ”
.
.
.
.
.
.
আমাৰ নৱই তপককৈ উত্তৰটো দি দিলে,
“চাৰ, আমি নিৰ্দিষ্টকৈ একো আহাৰ নিদিঁও। আমি ৰাতিপুৱাতে প্ৰতিটো কুকুৰাক৫-৫ টকা দি দিঁও আৰু কঁও যে তহঁতৰ যি মন যায় খাই লবি...!!! ”

#‪#‎কৃষ্ণহে‬ বুলিলো.. ##
By: Hemanta Hazarika

Wednesday 15 January 2014

আশীষদা আৰু সেনাপতি দা

বহুদিনৰ আগৰ কথা…
তেতিয় আশীষদা আৰু সেনাপতি দাৰ কোনো চা-চিনাকি নাই !
আশীষদা এটা প্রকাণ্ড বিলডিংৰ মালিক, যিটো বিল্ডিংত সেনাপতি দা আৰু তেওৰ পৰিয়ালে আজি এসপ্তাহৰ পৰাই ৰুম এটা ভাৰা কৰি বসবাস কৰি আছে !
এদিন সেনাপতি দা ৰাতিপুৱাই বিল্ডিংৰ মালিক আশীষদাৰ ওচৰত গৈ ৰিপর্ট দিলেগৈ-
: চাৰ, আপুনাৰ ৰেচিডেঞ্চিৰ ৩নং তলাৰ চতুর্থ ৰুমটো দেখিছে…
: হয়, দেখিছো …
: তাতে এহাল গিৰিয়েক ঘৈনিয়েক থাকে …
: এৰা থাকেতু ! সিহতে আপুনাক কিবা দিষ্টার্ব দিচে নেকি…?
: দিষ্টার্ব মানে…! গোটেই ৰাতি মহিলা গৰাকীয়ে তেওৰ গিৰিয়েকৰ লগত চিঞৰি চিঞৰি কাজিয়া লাগি থাকে !
যাৰ ফলত ওচৰৰ কোনো মানুহ শান্তিত শোব নোৱাৰে, ওচৰৰ সকলোৰে টোপনি ক্ষতি হয় !

পাৰে যদি আপুনি মহিলাক গৰাকীক অলপ বুজাই কবচোন, তেও যেন কেতিয়াও এনেদৰে নিজৰ গিৰিয়েকৰ লগত কাজিয়া লাগি নাথাকে , মনে মনে শুই
থাকে ! মোৰ আপুনালৈ এইটোৱেই অনুৰোধ থাকিল !
আশীষ দাই কিচু সময় চিন্তা কৰি সেনাপতি দাক কলে -
: আপুনি নিশ্চয় সেইটো ৰুমৰ কাষৰ ৰুমটোতে থাকে……?
সেনাপতি দাই তলমুৰ কৰি লাজ লাজ কৈ কলে -
: নহয় ! আচলতে মই…
.
.
.
.
.
.
.
.
.
.
. .
.
.
.
.
.
মহিলাগৰাকীৰ গিৰিয়েক হে …!

Monday 13 January 2014

দেখিলে স্মাৰ্টনেচ্

বাপৰে..!

মাইকী মানুহৰ কথা কৈছো হে..!

বৰ স্মাৰ্ট দেই আজিকালি মাইকী মানুহবোৰ...

ৰাতিপুৱাৰে পৰা মেজি, ভেলা ঘৰত লাগি থাকি দুপৰীয়া যেতিয়া ঘৰ সোমালোহি, মানুহজনীক ক’লো...
“ভোক লাগিছে..! কি আছে সোনকালে দিয়া..! ”

তেঁও ক’লে,
“উদয় দাৰ বৌয়ে দিয়া ছাগলীৰ জিভা বনাই থৈছো.. ”
.
.
.
.
.
.
.
.
: মই মুখেৰে উলিয়াই দিয়া কোনো বস্তু নাখাঁও..!
এইবুলি ক’বলৈহে পালো,

মানুহজনীয়ে কি ক’লে জানে..!
.
.
.
.
.
.
.
.
.
.
“তেতিয়া হ’লে ‘কণী’ আছে....! বনাই দিঁও নেকি..? ”

দেখিলে স্মাৰ্টনেচ্ !
একো ক’বই নোৱাৰি...


By: Hemanta Hazarika

Monday 16 December 2013

মই মনমোহন

ফলাফল ঘোষণাৰ পিছৰ কথা !

যোৱা কালি দিগ্বিজয় সিংহে আহি ৰাহুল গান্ধীক কলে---- "চল বেটা, এবাৰ ফুৰি আহো "

ৰাহুল : এনেয়ে ইমান বেয়াকৈ হাৰিলো এতিয়া মানুহক মূখ কেনেকৈ দেখাম, নাযাঁও ফুৰিব ।

দিগ্বিজয় : মই আছো নহয় বাবা, তুমি চিন্তা নকৰিবা । এটা কাম কৰো দিয়া, তুমিও এখন শাৰী পিন্ধি লোৱা মইও এখন শাৰী পিন্ধি লও, কোনেও আমাক চিনিব নোৱাৰে ।

কথামতেই কাম !

দুয়ো শাৰী পিন্ধি ইণ্ডিয়া গেট
পালেগৈ ।

গেটৰ ওচৰত এজনী অঘৰী যেন লগা মহিলা সিঁহতৰ কাষ চাপি আহি সুধিলে ----

" তহঁত দুটা ৰাহুল আৰু দিগ্বিজয় নহয়নে " ?

দিগ্বিজয় : নহয়টো, আমি 'সীতা আৰু গীতা' হে ...!

মহিলা : মই ভালকৈ জানো তহঁতে মিছা কৈছে । তহঁত 'দিগ্বিজয় আৰু ৰাহুল' !

এইবাৰ ৰাহুল গান্ধী ভেশধাৰী মহিলা গৰাকীয়ে সুধিলে----

কি প্রমাণ আছে তোৰ ওচৰত ??

..
..
..
..

....... প্রমাণ লাগে, চা তেন্তে

..

..

(শাৰী খন ঢাঙি) এইয়া ভালকৈ চা !

মই মনমোহন, তহঁতৰ প্রধানমন্ত্রী !
By: Dípankar Nath

ডাক্টৰ আৰু ৰোগী

ডাক্টৰ - আপুনি ভয় নাখাব । মই ফটকে উঘালি আনিম। গমেই নাপাব । দুখ পোৱাৰটো দুৰৰ কথা।
ৰোগী - নাই নাই ডাক্টৰ , মোৰ বৰ ভয় লাগিছে । দুখ পালে কি হ'ব।
ডাক্টৰ - এটা কাম কৰক , ইয়াতে ৰামৰ বটল এটা আছে ২ পেগ মান মাৰি লক। ভয়টো নাইকীয়া হ'ব।
কিছু সময়ৰ পাছত

ডাক্টৰ - সাহস বাঢ়িছেনে ?
ৰোগী - কোন কুত্তাই দাঁত উঘালে চাম নহয় । দাঁতত হাত দিলেই ঘুচিয়াই নাক ভাঙি দিম।
By: Biman Borgohain

Friday 29 November 2013

কোন কুকুৰৰ পোৱালী ৰে?

এবাৰ থুলুকৰ লগত ঘৈনীয়েকৰ দুৰ্বাদল কাজিয়া। বিষয় সিহতৰ পুতেকে কাক বেছি ভাল পায়। অনেক তৰ্ক-বিতৰ্কৰ পাছত দুয়ো এটা উপায় ভাৱি উলিয়ালে যে পুতেকক গোটাচেৰেক শিলগুটি মৰা হওঁক।
যদি পুতেকে মা বুলি চিঞঁৰে তেন্তে মাক জিকিব আৰু দেউতা বুলিলে থুলুক!
কথা মতেই কাম।
থুলুকে পুতেকলৈ শিলগুটি এটা দলিয়ালে।
কাণ থিয় কৰি থকা থুলুক-থুলুকনীৰ কাণত বাজিলহি...
-
-
-
-
-
"কোন কুকুৰৰ পোৱালী ৰে?"


By: Anupam Medhi

মহাপ্রতাপী ৰজা মহাৰাজ উদয়

আজিৰ পৰা প্রায় ৮০০ বছৰমান আগৰ ঘটনা । অসমৰ উত্তৰ -পশ্চিম প্রান্তত ৰাজত্ব কৰিছিল এজন মহাপ্রতাপী ৰজা মহাৰাজ উদয় । তেওঁৰ উদাৰ , ধার্মিক , নির্ভীক প্রকৃতিৰ আছিল । তেখেতক সুখে দুখে সংগ দিছিল তেখেতৰ অতি ৰূপৱতী , অতিকে মোহনীয় পত্নী মহাৰানী "দর্শনাই " ।

হঠাতে এবাৰ ৰাজ্যত বহুতো বিদ্রোহী সংগঠনৰ আবির্ভাব হল আৰু ৰজাৰ বিৰুদ্ধে মহাযুদ্ধ ঘোষনা কৰিলে । প্রজা হিতঁৰ বাবে মহাৰাজেও সিদ্ধান্ত লৈ সৈন্য -সামন্ত ,হাতী -ঘোৰা লৈ যুদ্ধলৈ যাব ওলাল আৰু যোৱাৰ আগত তেওঁৰ অতিকে মৰমৰ পত্নী দর্শনাক সকলো সা সুবিধা প্রদান কৰি অট্টালিকা এটাত ডাঙৰ তলা এটা লগাই আবদ্ধ কৰি থলে আৰু আটাইতকে বিশ্বাসী প্রিয় বন্ধু আশীশক মাতি আনি কলে " হে প্রিয়বন্ধু , তোমাক এই চাবিপাত অর্পন কৰিলো যদি মই তিনিদিনত ঘূৰি নাহো তেন্তে যুদ্ধত মোৰ মৃত্যু হোৱা বুলি ভাবিবা আৰু চতুর্থদিনা তুমি চাবিপাতেৰে অট্টালিকাৰ তলাতো খুলি মহাৰানীক চিৰদিনৰ বাবে তোমাৰ নিজৰ কৰি লবা , এয়াই মোৰ শেষ সিদ্ধান্ত ।। "
দুখমনে আশীষে চাবিপাট গ্রহণ কৰিলে ।।

মহাৰাজ উদয়ক তিলক লগাই জয়গান গাই , ঢোল পেপা বজাই সৈন্য সামন্তৰে যুদ্ধলৈ বুলি বিদায় দিলে ।

ৰাজপাতাকা উৰুৱাই , হাতী ঘোৰা দৌৰাই মহাৰাজ উদয় আগবাঢ়িব ধৰিলে ।

প্রায় এঘন্টামান আহি আঠ - ন মাইলমান যোৱাৰ পাছত পিছৰ পৰা ধুলি বালি উৰুৱাই এজন তীব্রবেগী অশ্বাৰোহী তেওঁলোকৰ পিনে অহা দেখা পালে ! মহাৰাজে সকলোকে সতর্ক কৰিলে । কিন্তু ওচৰ পোৱাত অশ্বাৰোহীজন দেখি সকলো আচৰিত কাৰন তেওঁ আছিল আশীষ ।

মহাৰাজে সুধিলে " প্রিয়বন্ধু কি হল তুমি এনেকে আকস্মাত বলিয়াৰ দৰে পর্দাপন কৰিলাযে , একো অমংগল হোৱা নাইতো ? "

আশীষে ফোফাই জোফাই উত্তৰ দিলে

" ক্ষমা কৰিব মহাৰাজ , সকলো কুশলেই আছে কিন্তু আপুনি মোক এপাত ভুল চাবি দি আহিছে " !!




By: Shyamal K Bhattacharjee

Thursday 28 November 2013

আমাৰ নগেন দাইটি

আমাৰ নগেন দাইটিৰ সৌ সিদিনা জন্ম হোৱা ল’ৰাটোৰ কাহিনী এটা ক’ব খুজিছো...

সেইদিনা মানে তাৰ জন্মৰ দিনা ৰাতিপূৱা খুৰীদেউৰ যন্ত্ৰনা বেছি হোৱাত দাইটিয়ে একেকোবেই চহৰৰ একেবাৰে দামী ডাক্তৰৰ ওচৰলৈ লৈ গ’ল...
.
.
.
ডাক্তৰো একেবাৰে বিলাত ফেৰৎ, গতিকে প্ৰাৰম্ভিক অনুসন্ধানবোৰ কৰিয়েই দাইটিক ক’লে যে নতুন মেচিন এটা আছে, যিটোৱে হ’বলগা সন্তানৰ মাকৰ প্ৰসৱ বেদনাৰ পৰিমাণ দেউতাকলৈ ট্ৰান্সফাৰ কৰে তাকো ইনডাইৰেক্তলি... কেৱল খৰচ কিছু বেছি...
.
.
আমাৰ দাইটিৰ ঘৈণীয়েকলৈ বৰ মৰম নহয়, গতিকে খৰচৰ কথা কেতিয়াঁও নাভাবে~ গতিকে নতুন মেচিনত ট্ৰিটমেন্ট আৰম্ভ..
.
.
ঘৈণীয়েকৰ বিচনাৰ কাষতে দাইটি বহি লৈছে আৰু সিফালে ডাক্তৰে মেচিনত ট্ৰিটমেন্ট আৰম্ভ কৰিছে...
.
.
দাইটিৰ এনেধৰণৰ প্ৰথম অভিজ্ঞতা, গতিকে ডাক্তৰে ১০% দি ক’লে যে দাইটিৰ ওপৰত নিৰ্ভৰ কৰি যন্ত্ৰনাৰ পৰিমাণ বঢ়াই যোৱা হ’ব...
.
.
দাইটি এনেই বৰ মজবুত, গতিকে ১০, ২০, ৩০... এইদৰে বঢ়াই একেবাৰে ১০০% কৰি ল’লে... ডাক্তৰৰো চকু কপালত, বেলেগ মানুহে ২০% ই লব নোৱাৰে, এইজনে দেখোন ১০০ % লৈয়ো মুখেৰে মাত এটা নামাতিলে...
.
.
যিহঁওক খুৰীদেউৱে টিলমানো কষ্ট নোপোৱাকৈ ল’ৰাটো জন্ম দিলে...
.
.
দাইটিও বিৰাট সুখী, এফালে ল’ৰা, তাতে ডাক্তৰৰ ওচৰত ৰেকৰ্ড কৰি আহিছে...

গতিকে মাছে -মাংসই, মিঠাইৰে সপৰিয়ালে ঘৰত আহি হাজিৰ...

কিন্তু আহিয়েই দেখে ঘৰৰ বাৰান্দাত দাইটিৰ ঘৰত সদায় গাখীৰ দিয়া ডেকা ল’ৰাটো মৰি ফ্লেট্ হৈ আছে.....

(দাইটিয়ে নুবুজিলে, ৰগৰীয়ান বুজিলেনে...! )


By: Hemanta Hazarika

গজিনী ০২ ৰ দুটা চি’ন...

যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -

১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, ম‍ই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: কোনটো বেমাৰ? ম‍ই একো বুজা নাই....!!!

২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: তোক কেলে লাগে বে? ত‍ই জানি কি কৰিবি? চিনি পোৱা নাই ম‍ই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###

Friday 22 November 2013

কেনেকৈ পাগল হ'ল...


ডাক্টৰে এজন পাগলক সুধিলে.................
.
.
.
ডাক্টৰ- পাগল আপোনি কেনেকৈ পাগল হ'ল...
.
.
.
.
পাগল- মই এজনী বিবাহিতা মহিলাক বিয়া পাতিছিলো
তাইৰ গাভৰু জীয়েকক মোৰ দেউতাই বিয়া পাতিলে
মোৰ ছোৱালী মোৰ মা হ'ল
তেঁওলোকৰ এজনী ছোৱালী হ'ল
তাইৰ মই ককায়েক হওঁ কিন্তু মই তাইৰ আইতাকৰ গিৰিয়েক হওঁ
সেইকাৰনে মই তাইৰ ককাক হলো
সেইদৰে মোৰ লৰাটো মোৰ দেউতাৰ লগত ককাই ভাই হ'ল ।
আৰু তাৰ পিছত.......

Monday 18 November 2013

ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত....

যদি ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত ঘটিলেহেতেন, তেতিয়াহলে বাতৰিৰ শিৰোনামা হয়তো এনেকুৱা হলহেতেন.......

*ৰজা দশৰথে কৰিলে শ্রবন কুমাৰ হত্যা । ৰাজভবন ঘেৰাওঁ প্রতিবাদী জনতাৰ । দশৰথৰ ৰাজপাত ত্যাগৰ দাবী !

* অযোধ্যাৰ ৰাজপাতক লৈ ৰজা দশৰথ আৰু ৰাণী কৈকেয়ীৰ মাজৰ বিবাদ তুংগত ! দশৰথে দি দিলে ভৰতক ৰাজপাত ৰামক ১৪ বছৰ বনবাস ।

* তাৰকা বধ আৰু শূর্পনশাৰ নাক কান কটাৰ
বিৰোধিতা মহিলা আয়োগৰ । বিক্ষোভ প্রদর্শন অব্যাহত ।

* স্বর্ন মৃগ প্রসংগত সংসদত অচল অবস্থা সৃষ্টি ! অবঃ শেহত শ্রীৰামচন্দ্রলৈনতিচ জাৰি বন বিভাগৰ !

* সীতা হৰণ প্রসংগক লৈ উত্তাল দুই সদন । বিৰোধীৰ সদন ত্যাগ ।
মহিলা আয়োগৰ দেশজোৰি বিৰোধ প্রদর্শন অব্যাহত ।

* সীতা হৰণ প্রতিবাদত কাইলৈ কেইবাটাওঁ সংগঠনৰ অনিষ্টকালীন ভাৰত বন্ধৰ আহ্বান !

* শ্রী ৰামে গঠন কৰিলে হনুমানৰ নেতৃত্বাধীন এক ষ্পেচিয়েশ টিম । দেবী সীতাক বিচৰা অভিযান আৰম্ভ ।

* মৃত্যুৰ আগে আগে জতায়ুৱে শ্রী ৰামচন্দ্রক দিলে সীতা হৰণৰ
প্রকৃত সংবাদ । ৰাবনৰ দ্বাৰা সীতা হৰন ! দেশযুৰি প্রতিবাদৰ ঢৌ ।

* বালি হত্যা প্রসংগত উত্তাল সদন ! শ্রীৰামচন্দ্রলৈসন্দেহৰ আঙুলি । চি. বি. আই. তদন্তৰ দাবী বিৰোধীৰ ।

* শ্রী ৰামচন্দ্রৰ নির্দেশত লংকালৈ উৰা মাৰিলে হনুমান । অশোকবনত সাক্ষাত্ সীতাক !

* শ্রীলংকা চৰকাৰ দ্বাৰা আটক হনুমান ! নেগুৰত লগাই দিলে জুই । নেগুৰত জুই লৈ হনুমানৰ
স্বর্ন লংকা দাহ !

* ভিচা পার্চপর্ট অবিহনে শ্রীলংকাত জবৰদস্তি চলন ফুৰনক লৈ শ্রীলংকান চৰকাৰে উথালে তিব্র আপত্তি ! ভাৰত চৰকাৰলৈ জাননী জাৰি ।

* সাগৰৰ ওপৰত সেতুবান্ধ আৰম্ভ ! তিব্র
বিৰোধিতা শ্রীলংকা চৰকাৰৰ ! ৰাষ্টসংঘৰ ওচৰত উথালে আপত্তি ।

* শ্রীলংকা মহিলা আয়োগৰ সীতা হৰণ প্রসংগত তীব্র বিৰোধিতা ! শির্ঘে সীতাক ৰামচন্দ্রলৈ ঘূৰাই দিয়াৰ নির্দেশ ! অন্যথা তিব্র প্রতিবাদৰ হুংকাৰ ।

* শ্রীলংকা চৰকাৰৰ লগত থকা সকলো ধৰনৰ বৈদেশিক চুক্তি নাকচ ভাৰত চৰকাৰৰ । শ্রীলংকাত অচল অবস্থাৰ সৃষ্টি ! ........................
————————————
ණ Nâvâ Kríshñá DéKá

Sunday 17 November 2013

মতা বোৰে কৰিম কি ?

আৰু এটা শুনা কৌতুক....

.proper meaning ৰ কাৰণে হিন্দী কথা ব্যৱহাৰ কৰিছো..

আপুনি জানেনে woman about men..

কেনেকৈ ভাবে..

 যদি আপুনি ছোৱলীক মাৰধৰ কৰে আপোনাক কব zalim
কোনোবা ছোৱালীয়ে যদি আপুনাক মাৰপিট কৰে আপোনাক কব NAAMARD
আপোনাৰ ভালপোৱা ছোৱালীজনী কাৰোবাৰ লগত ঘুৰা কাৰনে যদি কাজিয়া কৰে কব JEALOUS
আৰু যদি মনে মনে থাকে একো নকয় আপোনাক কব BEGAIRAT
আপোনাৰ লৰা-ছোৱালীক যদি কিবা কথাত গালি পাৰে কব BUZDIL
আৰু যদি একো নকয় আপোনাক কব LAPARWAH
আপুনি চাকৰি কৰা পত্নীক যদি বাধা দিয়ে আপোনাক কব SHAKI-MIZAAJ
আকৌ চাকৰি কৰিবলৈ যদি বাধাও নিদিয়ে আপোনাক কব BIWI KI KAMAI KHANEWALA


 এতিয়া আমি মতা বোৰে কৰিম কি ? কওকছোন..

By: Hemanta Dowarah

Sunday 10 November 2013

ভোডাফোনৰ ৰির্ছাজ

'কৃষ্ণা' নামৰ এজনী ছোৱালীয়ে নিজৰ বয়ফেণ্ডলৈ বহুত ফোন কৰে । 

এদিন সেইহে ৰির্ছাজ আনিবলৈ দোকানলৈ গল--- ......

দাদা ১০ টকাৰ ভোডাফোনৰ এটা ৰির্ছাজ দিবচোন ??

 দোকানী : বাইদেউ ১০ টকাত আপুনি ৭ টকা হে পাব !! .. ..

 কৃষ্ণা : ঠিক আছে তেন্তে ৩ টকাৰ ছানা দি দিব !! .. ..




 খা বাপ্পেকে ভীমকলটো !!

By: Dípankar Nath

Saturday 9 November 2013

'ৰগৰ'ৰ চলেৰে…!

গৰম দিন।
 সিংহ এটা গছৰ ছাঁত জিৰণি লৈ আছিল।
সেই সময়তে নিগনি এটা কৰবাৰ পৰা আহি, সিংহটোৰ গাত উঠিলহি।
 সিংহৰ বৰ খং উঠিল। সি নিগনিটোক একে থাপে ধৰিলে আৰু মাৰি পেলাবলৈ ল'লে।
 নিগনিটোৱে ক'লে…, "…মহাৰাজ মোক ক্ষমা কৰক। আপুনি মোক এৰি দিলে, ভৱিষ্যতে মই আপোনাক সহায় কৰিম…!"
 সিংহই হাঁহিলে। "…তই সাধাৰণ নিগনিয়ে মোক কিডাল সহায় কৰিবি…? যা বাৰু তোক এৰি দিলো…!" .
 বহুদিনৰ পাচত এদিন, সেই সিংহটো চিকাৰীৰ জালত পৰিল। চিঞৰত সি গগন ফালিলে। সেই সময়তে নিগনিটো আহি তাত ওলালহি।
 সি ক'লে, "…চিন্তা নকৰিব মহাৰাজ, মই আপোনাক ৰক্ষা কৰিম…!"
 এই বুলি কৈ নিগনিটো গুচি গ'ল।
 সেই গ'ল যি গ'ল…, তাৰপাছত কোনো খবৰেই নাই।
 সিংহ ৰৈ থাকিল, সময় গৈ থাকিল। নাই…, নিগনিৰ কোনো খবৰ নাই। …

দুঘন্টা মানৰ পিছত নিগনি আহি ওলালহি। পিচে অকলে নহয়, লগত পূৰা 'মিডিয়া' লৈ আহিল।
বাতৰি কাকত, নিউজ চেনেল, …মুঠতে পূৰা সংবাদ মাধ্যম লৈ আহিল।
 আহিয়েই চিধা সিংহৰ গাত উঠিল গৈ। লগে-লগে কেমেৰাৰ 'ফ্লাচ' জিলিকি উঠিল, ভিডিঅ' ৰেকৰ্ডিং আৰম্ভ হৈ গ'ল।

 তাৰপাছত নিগনিয়ে ভাষণ আৰম্ভ কৰিলে…, "…শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আপোনালোকৰ বহুতেই জানে যে এই সিংহটোক মই আগতেও এবাৰ বচাই থৈছো। কিন্তু হ'লে কিডাল হব…!
মাত্ৰ অসমৰ এল. পি. স্কুলৰ কিতাপত হে খবৰটো ছপা হ'ল।
 অসমৰ বাহিৰত কোনো গমেই নাপালে। গতিকে এইবাৰ সেই ভুল নকৰো। …
এইবাৰ পূৰা 'লাইভ কভাৰেজ' হব, …

অসমৰ ইমান ধুনীয়া 'সাধুকথা' গোটেই দেশে জানিব লাগিব।
জানিব লাগিব, অসমতো 'বিশ্বমান'ৰ (world class) সাধুকথা আছে। জয় আই অসম…!"

By: Udoy Senapoti

Sunday 3 November 2013

উচ্ছ শিক্ষাৰে শিক্ষিত এহাল দম্পতী !!

কর্মসূত্রে গিৰিয়েক দিনটো ঘৰৰ বাহিৰত থাকে,

পত্নী গৰাকী হল ---ঘৰৰ গৃহীণী, দেখাত যেন লক্ষ্মী তিৰোতা !!

 এদিনাখনৰ কথা

গিৰিয়েক সেইদিনা অফিচৰ পৰা সোনকালে ঘৰলৈ উভতিল ।

 সেই সময়ত শান্ত শিষ্ট লক্ষ্মী গৰাকী পৰকীয়া প্রেমিকৰ লগত ঘৰৰ ভিতৰত গভীৰ প্রেমলীলাত নিমগ্ন ।

 হঠাত্‍ বাহিৰত গাড়ীৰ হর্ণ শুনি তাই প্রেমিকক মুখত অলপ বগা পাউদাৰ সানি এটা মূর্ত্তিৰ আকৃতিত থাকিবলৈ দিলে ।

 কথা মতেই কাম !!

 বেছেৰাই মূর্ত্তিৰ আকৃতি লৈ থাকিল ।

 গিৰিয়েক সোমাই আহিল ভিতৰলৈ,

নতুন বস্তু এটা ভিতৰত দেখি তাইক সুধিলে ---- এইটো কি ?

 পত্নী : অ এইটো মূর্ত্তি ,শর্মাহতঁৰ ঘৰৰ পৰা আনিছো, কেনে লাগিছে ।

 গিৰিয়েকৰ চমু উত্তৰ : ভাল !!

 গ'ল কথা গুছিল ।

 দুয়ো পতি পত্নীয়ে মিলি জুলি ভাত খাই শুই থাকিল ।

 মাজৰাতি গিৰিয়েক মনে মনে উঠি ফ্রীজৰ পৰা কেইখন মান ব্রেড লৈ মূর্ত্তিটোৰ ওচৰত গৈ ::

 ( কাণে কাণে ) .. .. ঐ শর্মা , খাই ল' এইখিনি !!

 সিদিনা ৰাতি মইও তহঁতৰ ঘৰত মূর্ত্তি হৈ আছিলো !!

কোনেও পানী অলপো খাব নিদিলে, তই খাই ল খাই ল ।

By:Dípankar Nath