Friday 18 October 2013

বৰা দাৰ যে ল’ৰাটো

::::::বৰা দাৰ যে ল’ৰাটো একদম বৰা দাৰ নিচিনা:::

 এবাৰ বৰা দাৰ ল’ৰা টিংকুৱে মাকক সুধিলে
 টিংকু : মা মা তোমাৰ বয়স কিমান হৈছে ?
 মাক : মহিলাৰ বয়স সুধিব নাপায় বাবা ।
প্ৰশ্নবোধক টিংকুৰ আকৌ প্ৰশ্ন, 
টিংকু : মা মা তোমাৰ ওজন কিমান বাৰু ?
মাক : মহিলাৰ ওজন সুধিব নাপায় বাবা ।
প্ৰশ্নবোধক টিংকুৱে শেষৰ প্ৰশ্নটো সুধিলে,
 টিংকু : মা মা তুমি যে সদায় কৈ থাকা দেউতাই আজি কালি তোমাক মৰম নকৰে বুলি কিয় বাৰু ?
মাকৰ একেই উত্তৰ
 মাক : মহিলাক এইটো কথা সুধিব নাপায় বাবা ।
 উত্তৰ নাপাই টিংকু নিজৰ ৰুমত সোমালগৈ ।
 অলপ পাছত মাকৰ ড্ৰাইভিং লাইচেন্স খন আনি চিঞৰিব লাগিল,
মই গম পাই গ’লো, মই গম পাই গ’লো ।
 মাকে বোলে কি গ’ম পালি ?

 টিংকু: মা তোমাৰ বয়স 36 বছৰ,

ওজন 97 কেজি আৰু দেউতাই আজি কালি তোমাক মৰম নকৰে কাৰন ইয়াত তোমাৰ চেক্সত




......................


F মানে ফেইল লিখা আছে ।
By: Debajit Saikia

No comments:

Post a Comment