Friday 4 October 2013

হিচাপটো কৰিবলৈ দিয়া

ফুলশয্যাৰ নিশা ।

 ন-কইনাই লাজতে ৰঙা-চিঙা পৰি তলমূৰকৈ বিছনাত বহি আছে ।

তাকে দেখি স্বামীয়ে ধেমালি কৰি ক'লে :

 স্বামী-----বাৰু কোৱাচোন কোৱা, বিয়াৰ আগতে তুমি কেইজনৰ লগত প্রেম কৰিছিলা ?

 স্বামীৰ কথা শুনি ন-কইনাই ওৰণীখন দীঘলকৈ টানি ল'লে, যেনিবা লজতে একেবাৰে সোঁত-মোচ খাই গ'ল ।

 স্বামী----- নাই নাই, লাজ-ভয় কৰিবলগীয়া একো নাই । মই তোমাক ধেমালিহে কৰিছোঁ ।
 তোমাৰ দৰে সতী-সাধ্বী ছোৱালীজনীয়ে যে আগতে তেনে কাম কৰা নাই সেই কথা মই বিশ্বাস কৰোঁ ।

 তেতিয়া ন-কইনাই ওৰণীৰ তলৰ পৰা লাহেকৈ কৈ উঠিল


----- তুমি বিশ্বাস কৰিছা ঠিকেই,




কিন্তু মোকতো হিচাপটো কৰিবলৈ দিয়া ।

By: Akandas Assam

No comments:

Post a Comment