Friday 11 May 2012

An Honest Judgement

ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুতগতিত ছেন্ট্ৰচলাই যোৱা দেখি নবীনক বাটতে ট্ৰেফিক পুলিচে ধৰিলে। গুৱাহাটীৰ ট্ৰেফিক পুলিচ। এশ-ডেৰশ টকাৰ তলত কথাই নাপাতে। কেছ গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হল শুনো আহক। 
বিচাৰকমিঃ নবীন, আপুনি যে স্পীডত গাড়ী চলোৱা নাছিল, সেই বিষয়ে আপোনাৰ হাতত কিবা প্ৰমাণ আছেনে? আপুনি কলৈ গৈ আছিল?
(
বিচাৰকে মিষ্টাৰ নবীনবুলি মতাত নবীনৰ বুকুখন চাৰি ইঞ্চিমান ফুলি গল। লগতে আপুনিবুলিও কলে। সি অলপ আৱেগিক হৈ পৰিলইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও যঁচা নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)
উৎফুল্লিত নবীনৰ স্পষ্ট উত্তৰ (অলপ ইংৰাজীও লগাই দিলে। উকিলজনে কৈ থকা শুনি আছে যে)মাই লৰ্ড, মই সিদিনা পত্নীক শহুৰৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।
কথা শুনি বিচাৰকে দ্বিতীয়বাৰ সুধিলেসঁচা কথা কওক। শহুৰৰ ঘৰলৈ মিছেছক আনিবলৈ গৈ আছিল নে?
নবীনসঁচা, সঁচা। এক্কেবাৰেৰে সঁচা।
বিচাৰকতেতিয়া হলে ঠিকেই আছে। কেছ ডিছমিছড।
Contributed by Ranjit KB

No comments:

Post a Comment