Hot Posts

6/recent/ticker-posts

বিহাৰৰ আলোচনা

বিহাৰৰ সকলো ৰাজনৈতিক দলৰ নেতা, এদিন গুৰুত্বপূৰ্ণ আলোচনাত বহিল।
আহ্বায়ক জনে ক'লে,
 : আমি সভাখন আহ্বান কৰিছো এইবাবেই যে, আমি ভাৰতৰ পৰা স্বাধীনতা বিচাৰিম। নতুন ৰাষ্ট্ৰ গঠন কৰিম।
 (এজনে ঠিয় হৈ সুধিলে) : আমাৰ অৰ্থনৈতিক অৱস্থা এনেও বেয়া। আমি স্বাধীনতা পালেও, চলিম কেনেকৈ?
 : simple…! আমি স্বাধীন হৈ, প্ৰথমেই আমেৰিকাক আক্ৰমণ কৰিম।

তেতিয়া আমেৰিকাই যুদ্ধত আমাক হৰুৱাব আৰু বিহাৰ খন লৈ থব।
 লগে লগে আমি আমেৰিকাৰ নাগৰিক হৈ পৰিম।
 …আৰু আমাৰ অৰ্থনৈতিক অৱস্থা উন্নত হৈ পৰিব।
 . ইমান সুন্দৰ পৰিকল্পনা দেখি সকলো আনন্দিত হৈ পৰিল।

এজন বৃদ্ধ নেতাৰ বাদে, সকলোৱে চাপৰি বজাই প্ৰস্তাৱটোত সমৰ্থন জনালে।

বৃদ্ধ নেতা জনক, "কিয় সমৰ্থন কৰা নাই" বুলি প্ৰশ্ন কৰাত,

তেওঁ গহীনাই ক'লে…,

 'পৰিকল্পনা' -টো অতি সুন্দৰ। কিন্তু মই অন্য এটা কথাহে ভাবিছো, এই যুদ্ধখনত… . . . . . . . . .





 "…by chance যদি, 'বিহাৰ' জিকি যায়…!"

by:Udoy Senapoti
কেনে লাগিল:

Post a Comment

0 Comments