Friday 4 October 2013

'বেজী'-টো কেতিয়া এৰুৱাব…?

'ছিৰিয়াছ' অৱস্থাত ৰোগীক ডাক্তৰৰ ঘৰলৈ নিয়া হ'ল।
কিন্তু ডাক্তৰৰ ঘৰলৈ গৈ দেখে, ডাক্তৰ 'মাল' খাই ফিটিং…! অৱস্থাই নাই…!!

 ৰোগীক এৰি মানুহবোৰে, ডাক্তৰক হে 'লাইনত' আনিবলৈ, চেষ্টা কৰাত লাগি গ'ল।

শেষত, পানী-চানী ঢালি দিয়াত ডাক্তৰৰ 'নিচা' ফাতিল।

…কোনোমতে থিয় হৈ, ডাক্তৰে ৰোগীজনক এটা 'বেজী' দিলে। .




 (তিনি দিনৰ পিচত)
ৰোগীজন ৰাতিপুৱাই ডাক্তৰৰ ঘৰ ওলালহি।
লগত আৰু দুজন।
ৰোগীক দেখি ডাক্তৰৰ বুকুখন কঁপি উঠিল।


সিদিনা ৰাতিৰ ঘটনাতো চাৎ কৈ মনলৈ আহিল।

মদৰ ৰাগিত সিদিনা বা কি বেজী দি দিলে…??

 তথাপি ভয়েই-ভয়ে সুধিলে, : অলপ ভাল পাইছানে…?
 : পাইছো ছাৰ।
 : আজি কিয় বা আহিলা…?
 : কথা এটা সুধিব আহিলো ছাৰ।
 : কি কথা…?



: (নিজৰ 'বাহু'ৰ ফালে দেখুৱাই) …


ছাৰ এইটো, মানে…,











 . . . . . . . . "…এই 'বেজী'-টো কেতিয়া এৰুৱাব…?"

By: Udoy Senapoti

No comments:

Post a Comment