Showing posts with label Saturday MEME. Show all posts
Showing posts with label Saturday MEME. Show all posts

Sunday 26 January 2014

News LiTe

স্বাগতম জনাইছো আপোনাক অসমৰ উপজা মাটিৰ পৰশৰে উজ্জীৱিত প্ৰথমতো ৰকেট চেনেল News LiTe লৈ। আহঁক আপোনালোকক চিনাকী কৰাই দিও আমাৰ সতীৰ্থ সকলৰ সৈতে।
চন্দন প্ৰতিম ধৰ্ম বৰদৈলৈ : এখেতে কথা কোৱাৰ স্পিচিয়েল ক'ৰ্চ কৰি আহিছে। এখেতে তপ-তপ তপ-তপ তপ-তপায়ে থাকে এনি টাইম। যেনেকে ৰাজধানী এক্সপ্ৰেছ গ'লে আন ট্ৰেইন যাব নিদিয়ে তেনেকে এখেতে কথা ক'লে আনক কব নিদিয়ে।
চৈয়দ সাচখিৰ হুছেইন : এখেতে এনেকুৱা ইংলিছ কয় যে ইংলেন্ডৰ মানুহেও বুজি পাবলৈ দুবাৰ-দুবাৰ শুনিব লাগে।
চৈয়দ নাচীৰ হুছেইন : কথা কওঁতে এনেকুৱা এক্সপ্ৰেছন আহি যায় মানে কি কম, কথা কোৱাৰ মাজে মাজে বহি বহিয়ে চকীত জপিয়াই।এতিয়া লেকে ৩ খন চকী ভাঙিলে।
মায়ামনী ভূঞা : এখেতে আমাৰ ষ্টুডিয়তে হাঁই ক'ৰ্ট খুলি লৈছে। মন্ত্ৰী-গায়ক-লিখক-খেলুৱৈ যাকে পাই ধৰি আনি ইয়াত কেছ্ খেলি দিয়ে।
ৰুপম চক্ৰবতী : এখেতে স্কুল-কলেজ, পাহাৰ-গাওঁ, নাট্য ভবন-চিকিত্‍সালয় যতে পায় তাতে সোম বৰীয়া আড্ডা পাতি দিয়ে। যথেষ্ট ভাল মানুহ।
মজী : সাংঘাটিক বস্তু, গুৱাহাটীৰ এখনো ৰ্গাল হোষ্টেল এৰা নাই, চবতে অদ্ভুত খেল পাতি ফুৰে। এটা প্লাষ্টিকৰ মগত এটা টেনিচ বল সোমোৱাব দিয়ে খেলত। হেৰ' খুদ যুবৰাজ সিং য়েও নোৱাৰিব প্লাষ্টিকৰ মগত টেনিচ বল ভৰাব, ইহঁত কেইজনীয়ে কৰ পৰা পাৰিব।
ধনু : এখেত কেমেৰা পাৰচন, প্ৰায়ে ৰুপম চক্ৰবতীৰ লগত থাকে। শুই বহি ভিডিঅ' কৰাত এক্সপাৰ্ট।

(ভাল লাগিছে যদি তলত লাইক বোটামতো আছে টিপি দিয়ক, মিঁছা কলেনো কিদাল হ'ব হয়নে)


By: লক্ষ্য জ্যোতি নাথ

Monday 13 January 2014

দেখিলে স্মাৰ্টনেচ্

বাপৰে..!

মাইকী মানুহৰ কথা কৈছো হে..!

বৰ স্মাৰ্ট দেই আজিকালি মাইকী মানুহবোৰ...

ৰাতিপুৱাৰে পৰা মেজি, ভেলা ঘৰত লাগি থাকি দুপৰীয়া যেতিয়া ঘৰ সোমালোহি, মানুহজনীক ক’লো...
“ভোক লাগিছে..! কি আছে সোনকালে দিয়া..! ”

তেঁও ক’লে,
“উদয় দাৰ বৌয়ে দিয়া ছাগলীৰ জিভা বনাই থৈছো.. ”
.
.
.
.
.
.
.
.
: মই মুখেৰে উলিয়াই দিয়া কোনো বস্তু নাখাঁও..!
এইবুলি ক’বলৈহে পালো,

মানুহজনীয়ে কি ক’লে জানে..!
.
.
.
.
.
.
.
.
.
.
“তেতিয়া হ’লে ‘কণী’ আছে....! বনাই দিঁও নেকি..? ”

দেখিলে স্মাৰ্টনেচ্ !
একো ক’বই নোৱাৰি...


By: Hemanta Hazarika

Monday 6 January 2014

দত্ত অৰু তেওঁৰ পৰিবাৰ

আমাৰ দত্তৰ বিয়াৰ পাচ বছৰমান পিছৰ কথা.........
.
.
দত্ত অৰু তেওঁৰ পৰিবাৰ এখন ৰেষ্টোৰেন্টত সোমাল । কিবা এটা খাই লোৱাৰ উদ্দেশ্যে । দত্তহঁত বহা টেবুলখনৰ বাদে গোটেই ৰেষ্টোৰেনখন ধুনীয়া ধুনীয়া গাভৰু ছোৱালীৰে ভৰি আছিল । দত্তই টেবুলত বহিয়েই ছোৱালী কেইজনীৰ ফালে চকু দিলে ।
.
দত্তৰ পত্নী:- (খঙেৰে) কি চাই আছা ইমানকৈ....... ?
.
দত্ত:- ( লাহেকৈ) নিৰামিষ খালো বুলি মেনু খনো চাব নোৱাৰি নেকি...... ?
.
.
.
বুজি পালে লাইক এটা দিব ।

Saturday 30 November 2013

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন...

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে...

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.
.
.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )


By: Hemanta Hazarika

Friday 22 November 2013

গানা নেই গানেকা

হাৰ্ট এটেক বুলি সন্দেহ কৰি মোক হস্পিটেলত ভৰ্ত্তি কৰোৱা হ'ল৷ 

অলপ পাছত চালে চকুতলগা নাৰ্চ এগৰাকী ওচৰলৈ আহিল৷ দেখি গম পালো, মালায়ালী বুলি৷ ভাৰতৰ ৯০% নাৰ্চ সেইখন ৰাজ্যৰ পৰাই আহে৷ নাৰ্চ গৰাকী ওচৰলৈ আহি ক'লে,
"গানা নেই গানেকা৷"
মই ক'লো, 'ঠিক হেয়৷"
নাৰ্চ গৰাকী যোৱাৰ পাছত ভাবিলো, "এই আই চি চি উত গান গাবলৈ মোক পগলা কুকুৰে কামুৰিছে নেকি?"
কিছুসময় পাৰ হ'ল৷ আন এগৰাকী সুন্দৰী নাৰ্চৰ প্ৰৱেশ ঘটিল৷ মোৰ ব্লাড প্ৰেচাৰ আদি কিবা-কিবি পৰীক্ষা কৰিলে৷ যাবৰ সময়ত তেখেতেও ক'লে,
"গানা নেহী গানেকা ৷"

মই চিন্তাত পৰিলো৷ মই গান অলপ চলপ গাওঁ বুলি তেওঁলোকে বাৰু গম পালে নেকি? তথাপি এই পৰিবেশত কোনোবাই গান গাব পাৰেনে বাৰু? পেটে পেটে অলপ খঙো উঠিল, একেটা কথাকে বাৰে বাৰে মনত পেলাই দি থকা কাৰণে৷প্ৰায় আধা ঘন্টামান তেনেদৰে পাৰ হ'ল৷ গুণগুণাই গান এটা গাবৰ মন গৈছিল যদিও নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলো৷
 গান গালে কিবা পয়মাল হ'ব পাৰে৷
তেনেতে সোমাই আহিল মেট্ৰন গৰাকী৷ মোৰ ওচৰলৈ আহি মই কেনে আছো সুধিলে৷ 
তাৰ পাছত আকৌ সেই একে উপদেশ,
" ৰাতকো গানা নেই গানেকা৷"

মোৰ ধৈৰ্যৰ বান্ধ ছিগি গ'ল৷ সুধি পেলালো, "গানা কিউ নেহী গানেকা?"
তেখেতে গহীনাই ক'লে, " খালী পেট মে ব্লাড চেম্পল লেনেকা হেয়৷"

তেতিয়াহে উৰহী গছৰ ওৰ পালো৷ তেওঁলোকে বাৰে বাৰে মোক কৈ আছে,
"খানা নেই খানেকা৷' মই শুনি আছো "গানা নেই গানেকা"
কেৰেলীয়া উচ্ছাৰণৰ মহিমা৷


Thursday 14 November 2013

তুমি যে মোৰেই সন্তান!

সৰু ল'ৰাঃ-- মা, মই কেনেকৈ জন্মিছিলো ?

 মাকঃ-- মই এটা পাত্রত মাটি অলপ ৰাখিছিলো।
কেইদিনমানৰ পিছত তাৰ পৰা তোমাক পালো। 

 সৰু ল'ৰা, মাকৰ কথা শুনি সিয়ো কিছু মাটি এটা পাত্রত ধুনিয়াকৈ ৰাখিলে।

 কিছুদিন পিছত সৰু ল'ৰা সি গৈ দেখিলে যে তাত এটা ভেকুলী বহি আছিল।

 সৰু ল'ৰা(খংত)ঃ-- এনেকুৱা লাগিছে যে তোক এতিয়াই গুলি মাৰি দিম !!!


 কিন্তু কি কৰোঁ, তুমি যে মোৰেই সন্তান!!!!!

By: Gautam Nath

Sunday 27 October 2013

দীৱালীৰ দিনাখন : Diwali Joke

দীৱালীৰ দিনাখন চাৰিওফালে ফটকা ফুটি আছে ৷

 সেইসময়তেই দত্তৰ লৰাটোৱে তলৰ পৰা দত্তক চিঞৰী চিঞৰী মাতি আছে ...... দেউতা ...... দেউতা .. ... আপুনি বেলকনীলৈ আহক আৰু তলত দেখক মই কিমান ডাঙৰ ফটকা এটা ফুটাই আছো ৷

 দত্ত বেলকনীৰ পৰা তলত দেখিয়েই ........নকৰিবা......নকৰিবা......বুলি চিঞৰী চিঞৰী তললৈ দৌৰ মাৰিলে ৷

 দত্ত আহি লৰাটোৰ ওচৰ পায় মানে,.....লৰাটোৱে ফটকাটো ফুটাবলৈ লৈছিলেই ৷

নাই নকৰিবা বুলি কৈ লৰাটোক জোৰেৰে ঠেলা এটা মাৰি দুৰত পেলায় দিলে ৷

 দত্তৰ লৰাটোৱে তাৰ ধুলিলগা কাপোৰ জোকাৰি জোকাৰি উঠি থাকিয়েই দত্তক কলে.....কিয় কি হ’ল ?

 দত্তয় নিজৰ লৰাটোক গালি পাৰি পাৰি কলে...................

গাধা সেইটো ফটকা নহয় ................



 সেইটো গেছৰ ছিলিন্ডাৰ হে !!!!!!!!!!

By: Sanjib Karmakar

সঁচা কথা : Assamese Joke

উজনী অসমৰ এখনৰ প্রাথমিক বিদ্যালয়ৰ কথা ।

তেতিয়া অসমৰ মূখ্য মন্ত্রী আছিল প্রফুল্ল কুমাৰ মহন্ত আৰু শিক্ষা মন্ত্রী আছিল বৃন্দাবন গোস্বামী ।

 প্রাথমিক বিদ্যালয় খনলৈ এদিন স্কুল পৰিদর্শক ( SI ) আহিল ।

SI জনে ছাত্রৰ ছাত্রীক প্রশ্নৰ কৰিলে -অসমৰ মূখ্য মন্ত্রী কোন ?
 উত্তৰটো কোনেও দিব পৰা নাই ।

 SI জনে আকৌ প্রশ্নৰ কৰিলে - অসমৰ শিক্ষা মন্ত্রীৰ জনৰ নাম কি ?
 এইটো উত্তৰো কোনেও দিব পৰা নাই ।
সকলো ছাত্র ছাত্রীৰ নিমাত ।

 SI জনে শিক্ষক জনলৈ চালে ।

তেতিয়া শিক্ষক জনে ক'লে -ছাৰ আপুনি প্রশ্নৰ কেইটা সুধিবকে জনা নাই ।
মই সুধিম চাব নেকি ।

 শিক্ষক : অসমৰ মূখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্ত হয়নে ?
 ছাত্র ছাত্রী একেলগে : হয় ছাৰ , হয় ।

শিক্ষক :অসমৰ শিক্ষা মন্ত্রী বৃন্দাবন গোস্বামী হয়নে ?

 ছাত্র ছাত্রী একেলগে : হয় ছাৰ , হয় ।

by : Mousum Hazarika

Friday 4 October 2013

হিচাপটো কৰিবলৈ দিয়া

ফুলশয্যাৰ নিশা ।

 ন-কইনাই লাজতে ৰঙা-চিঙা পৰি তলমূৰকৈ বিছনাত বহি আছে ।

তাকে দেখি স্বামীয়ে ধেমালি কৰি ক'লে :

 স্বামী-----বাৰু কোৱাচোন কোৱা, বিয়াৰ আগতে তুমি কেইজনৰ লগত প্রেম কৰিছিলা ?

 স্বামীৰ কথা শুনি ন-কইনাই ওৰণীখন দীঘলকৈ টানি ল'লে, যেনিবা লজতে একেবাৰে সোঁত-মোচ খাই গ'ল ।

 স্বামী----- নাই নাই, লাজ-ভয় কৰিবলগীয়া একো নাই । মই তোমাক ধেমালিহে কৰিছোঁ ।
 তোমাৰ দৰে সতী-সাধ্বী ছোৱালীজনীয়ে যে আগতে তেনে কাম কৰা নাই সেই কথা মই বিশ্বাস কৰোঁ ।

 তেতিয়া ন-কইনাই ওৰণীৰ তলৰ পৰা লাহেকৈ কৈ উঠিল


----- তুমি বিশ্বাস কৰিছা ঠিকেই,




কিন্তু মোকতো হিচাপটো কৰিবলৈ দিয়া ।

By: Akandas Assam

Wednesday 2 October 2013

অসমীয়া এজন বিজ্ঞানী

অসমীয়া এজন বিজ্ঞানী য়ে এটা বস্তু আৱিষ্কাৰ কৰিলে,,,,,

 পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া এনে হব,,,,,,,, ,,

 আমেৰিকাৰ ৰ ৰাষ্ট্ৰপতি য়ে সকলো সা সুবিধা দি তেওঁ লোকৰ দেশলৈ নিমন্ত্ৰণ জনাব । ,,

 ইংলেণ্ড ৰ ৰাণী য়ে পুৰস্কাৰ দি আৰু উদ্ভাৱন কৰিবলৈ উৎসাহ দিব,,,। ,,

 পাকিস্তানে তেনেদৰেই এটা প্ৰস্তুত কৰিব চাই চাই,,,, ,,, ,, ,,

 চীন ৰ মন্ত্ৰী য়ে কব বস্তু টোৰ নকল কৰিব পৰা যায় নেকি অলপ কম মূল্যত ভাৰত ত বিক্ৰী কৰিবলৈ ।


 আমাৰ অসমৰ মুখ্য মন্ত্ৰী ৰ প্ৰতিক্ৰীয়া হব,,, ,,, ,, ,, ,, ,, ,, ,,



 মিচা কলে কি ডাল হব বিজ্ঞান ৰ ছাত্ৰ হোৱা হলে মই ও এনে বনাব পাৰিলোঁ হেতেন । সমস্যা জাপান আমেৰিকাৰ আদিতো আছে এওঁ ৰ দৰে বিজ্ঞানী জাপানত গলিয়ে গলিয়ে পাই।।।। হে, হে, হে,

by:Bitupon Saikia

Saturday 21 September 2013

জীৱজন্তুৰ ফেচবুক

অবলা জীৱজন্তুৰ যদি ফেচবুক থাকিলে হয় তেওঁলোকৰ ষ্টেটাচ আপডেট কেনেকুৱা হ'ল হয়?

 পইঁতাচোৰা- ছোৱালী এজনীয়ে যি চিঞৰ মাৰিলে মোৰ কাণতাল মাৰি গ'ল! অক'ণ কান্ধত হে উঠিছিলোঁ!

 মুৰগী- কাইলৈ যদি মোক লগ নোপোৱা জানিবা KFC ত ফুৰিবলৈ গৈছোঁ।

 গৰু- বন্ধুসকল সাৱধানে থাকিবা দেই...কোৰবানি আহি আছে!

 পৰুৱা- মানুহবোৰৰ চকু নাই নেকি অ'?? আমাক দেখা নাপায় নেকি? এইদৰে আৰু কিমান গণহত্যা কৰিব?

 কুকুৰ - কালি তিনি বন্ধুয়ে মিলি বিয়া এঘৰলৈ গৈছিলোঁ। ওৱাও! কি দিন এটা গ'ল!!!

 মেকুৰী- বাঘ মোৰ মামা হয় জানা নে নাজনা? লাইক এটা দিবলৈ ইমান থেৰোগেৰো কেলৈ কৰিছা?

 কাছ- শহাপহুটো আকৌ আহিছে ৰে'চ লগাবলৈ। sleeping tablet খুৱাই থৈ দিম বাপ্পেকে!

 সিংহ- কাইলৈ হৰিনা চিকাৰ কৰিব যাম দেই! pl wish for me!

 ভালু- মানুহ এটাই মোক দেখি মৰাৰ ভাও জুৰি শুই আছিলে! দিলো ধৰি লৈ !!

 বান্দৰ- এইমাত্র বান্দৰনী দুজনীক জোকাই আহিলোঁ!

Via: Rogor

Saturday 7 September 2013

পানীৰ মটৰ

নগেন কাই ৰেডিঅ স্টেচনত ফোন কৰিলে।

 নগেনঃ হেল্লো

 RJ: হয় মই RJ সমিৰে কৈছো।

 নগেনঃ মোৰ মাতটো শুনিছেনে?

 RJ সমিৰঃ হয়, আপোনি কি কব বিছাৰিছে?

 নগেনঃ অসমৰ সকলো মানুহে শুনিছে নে?

 RJ সমিৰঃ অ সকলো মানুহে শুনি আছে।

 নগেন কাইঃ তাৰ মানে আমাৰ ভন্তি জনীওঁ শুনি আছে।

 RJ সমিৰ খংত কলে অ মহাসয় শুনি আছে।



 নগেন কাইঃ ভন্তি তই জলদি পানীৰ মটৰটো চলাই দে, মই পাইখানাত আছো পানী শেষ হৈ গল।


 RJ সমিৰ ও বেহুচচচচচচচচ হৈ গ'ল।!

Saturday 17 August 2013

এচাইনমেন্ট

চুচমিতা আৰু তুলিকা একেলগতে স্কুললৈ গৈছিল তো|

তেতিয়া ১৯৯৪ মানৰ কথা (কোন ক্লাছত পঢ়ে কৈ নিদিওঁ, নহ’লে হিচাপ ওলাই যাব তো ) |

দুইজনী ছোৱালী বিৰাটেই বদমাছ- মাৰ্বল খেলে, টাংগুটি খেলে, চানা কিনি খায়, ৰাতি নপঢ়ি লুকুৱাই থোৱা বগৰী চোবাই চোবাই মৌচাক পঢ়ে|

 গৰম বন্ধত দীপা বাইদ’ৱে এচাইনমেন্ট এখন কৰিবলৈ দিছিল|

ক্লাছত চবেই কৰি আনিলে দুজনী ছোৱালীৰ বাহিৰে|

কোন সেই দুজনী ক’ব লাগিব নি বাউ?

 দীপা বাইদ’: - হুৱাই নৌ হোমৱৰ্ক?

তুলিকা: - আই ডিড| বাট... আৱাৰ ড’গ ই’ট ইট!

 দীপা: - অ’ বেড ড’গ...

তুলিকা: - ইয়েছ মেডাম

 দীপা: - হুৱাই নৌ হোমৱৰ্ক চুচমিতা?

 চুচমিতা: - আই ডিদ| বাট ... আই এট ইট

দীপা: - হুৱাট? হুৱাই ইউ ই’ট ইট?

চুচমিতা: - বিকৌজ উই ডু নট হেভ ড’গ না মেডাম! (হি হি)


by:Santanu Changmai

Saturday 11 May 2013

পাগল উঠিল খুটাত


এদিন পাগল এটাই আত্মহত্যা কৰাৰ ভাবুকি দি বহুত ওখ লোৰে তৈয়াৰী খুটা এটাৰ ওপৰলৈ উঠি গ’ল আৰু একেবাৰে ওপৰৰ ঠাইকণত বহি ৰ’ল|

মিডিয়া আহিল, মানুহ গোট খালে, মিনিষ্টাৰসকলো আহিল|

মানুহবোৰ: নামি আহ, নহ’লে খুটা টোত জুই লগাই দিম
পাগল নানামিল|

মিডিয়া: নামি আহ, নহ’লে মিচাইল মাৰি দিম|
তেও পাগল নানামিল|

দিগ্বিজয় শিং: নামি আহ, নহ’লে এই কেঁচীখনেৰে লোৰ খুটাটো কাটি পেলাম…

পাগলটোৱে কিবা এটা চিন্তা কৰি সুৰসুৰাই নামি আহিল|

মিডিয়া+মানুহবোৰ: - অ’ই, আমি কওঁতে নানামিলি, ই কওঁতে নামি আহিলি যে?

পাগল: - আপোনালোকৰ মাথাবোৰ ত’ ঠিকেই আছে, কিন্তু ইয়াৰ ভৰসা নাই, যি টি কৰি দিব পাৰে তো…

by Changmai

Friday 11 May 2012

An Honest Judgement

ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুতগতিত ছেন্ট্ৰচলাই যোৱা দেখি নবীনক বাটতে ট্ৰেফিক পুলিচে ধৰিলে। গুৱাহাটীৰ ট্ৰেফিক পুলিচ। এশ-ডেৰশ টকাৰ তলত কথাই নাপাতে। কেছ গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হল শুনো আহক। 
বিচাৰকমিঃ নবীন, আপুনি যে স্পীডত গাড়ী চলোৱা নাছিল, সেই বিষয়ে আপোনাৰ হাতত কিবা প্ৰমাণ আছেনে? আপুনি কলৈ গৈ আছিল?
(
বিচাৰকে মিষ্টাৰ নবীনবুলি মতাত নবীনৰ বুকুখন চাৰি ইঞ্চিমান ফুলি গল। লগতে আপুনিবুলিও কলে। সি অলপ আৱেগিক হৈ পৰিলইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও যঁচা নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)
উৎফুল্লিত নবীনৰ স্পষ্ট উত্তৰ (অলপ ইংৰাজীও লগাই দিলে। উকিলজনে কৈ থকা শুনি আছে যে)মাই লৰ্ড, মই সিদিনা পত্নীক শহুৰৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।
কথা শুনি বিচাৰকে দ্বিতীয়বাৰ সুধিলেসঁচা কথা কওক। শহুৰৰ ঘৰলৈ মিছেছক আনিবলৈ গৈ আছিল নে?
নবীনসঁচা, সঁচা। এক্কেবাৰেৰে সঁচা।
বিচাৰকতেতিয়া হলে ঠিকেই আছে। কেছ ডিছমিছড।
Contributed by Ranjit KB

Wednesday 2 May 2012

No more Sweet Talk


এবাৰ ছোৱালি এজনিয়ে তাইৰ বয়ফ্রেণ্ডক সুধিলেঃ

আমি যে ওজন-উচ্চতা-দূৰত্ব এইবোৰ জুখিব পাৰো, প্রেম-বন্ধুত্ব-বিশ্বাস এইবোৰ জুখিবলৈ একো সা-সৰঞ্জাম নাই কিয়?

ল'ৰাটোৱে মনে মনে অলপ সময় ভাবিলে...

তাইক দুবাহুত আকোৱালি ল'লে....

তাইৰ চকুলৈ গভিৰভাৱে চাই ক'লেঃ

.
.
চোৱা সোনজনি, মোৰ মোৰটো আৰু গৰম নকৰিবা। মই ইতিমধ্যে ফিজিক্সত ফেইল্ কৰিছোয়েই...


Contributed by Nayanjit