Saturday 17 August 2013

এচাইনমেন্ট

চুচমিতা আৰু তুলিকা একেলগতে স্কুললৈ গৈছিল তো|

তেতিয়া ১৯৯৪ মানৰ কথা (কোন ক্লাছত পঢ়ে কৈ নিদিওঁ, নহ’লে হিচাপ ওলাই যাব তো ) |

দুইজনী ছোৱালী বিৰাটেই বদমাছ- মাৰ্বল খেলে, টাংগুটি খেলে, চানা কিনি খায়, ৰাতি নপঢ়ি লুকুৱাই থোৱা বগৰী চোবাই চোবাই মৌচাক পঢ়ে|

 গৰম বন্ধত দীপা বাইদ’ৱে এচাইনমেন্ট এখন কৰিবলৈ দিছিল|

ক্লাছত চবেই কৰি আনিলে দুজনী ছোৱালীৰ বাহিৰে|

কোন সেই দুজনী ক’ব লাগিব নি বাউ?

 দীপা বাইদ’: - হুৱাই নৌ হোমৱৰ্ক?

তুলিকা: - আই ডিড| বাট... আৱাৰ ড’গ ই’ট ইট!

 দীপা: - অ’ বেড ড’গ...

তুলিকা: - ইয়েছ মেডাম

 দীপা: - হুৱাই নৌ হোমৱৰ্ক চুচমিতা?

 চুচমিতা: - আই ডিদ| বাট ... আই এট ইট

দীপা: - হুৱাট? হুৱাই ইউ ই’ট ইট?

চুচমিতা: - বিকৌজ উই ডু নট হেভ ড’গ না মেডাম! (হি হি)


by:Santanu Changmai

No comments:

Post a Comment