Sunday 26 January 2014

News LiTe

স্বাগতম জনাইছো আপোনাক অসমৰ উপজা মাটিৰ পৰশৰে উজ্জীৱিত প্ৰথমতো ৰকেট চেনেল News LiTe লৈ। আহঁক আপোনালোকক চিনাকী কৰাই দিও আমাৰ সতীৰ্থ সকলৰ সৈতে।
চন্দন প্ৰতিম ধৰ্ম বৰদৈলৈ : এখেতে কথা কোৱাৰ স্পিচিয়েল ক'ৰ্চ কৰি আহিছে। এখেতে তপ-তপ তপ-তপ তপ-তপায়ে থাকে এনি টাইম। যেনেকে ৰাজধানী এক্সপ্ৰেছ গ'লে আন ট্ৰেইন যাব নিদিয়ে তেনেকে এখেতে কথা ক'লে আনক কব নিদিয়ে।
চৈয়দ সাচখিৰ হুছেইন : এখেতে এনেকুৱা ইংলিছ কয় যে ইংলেন্ডৰ মানুহেও বুজি পাবলৈ দুবাৰ-দুবাৰ শুনিব লাগে।
চৈয়দ নাচীৰ হুছেইন : কথা কওঁতে এনেকুৱা এক্সপ্ৰেছন আহি যায় মানে কি কম, কথা কোৱাৰ মাজে মাজে বহি বহিয়ে চকীত জপিয়াই।এতিয়া লেকে ৩ খন চকী ভাঙিলে।
মায়ামনী ভূঞা : এখেতে আমাৰ ষ্টুডিয়তে হাঁই ক'ৰ্ট খুলি লৈছে। মন্ত্ৰী-গায়ক-লিখক-খেলুৱৈ যাকে পাই ধৰি আনি ইয়াত কেছ্ খেলি দিয়ে।
ৰুপম চক্ৰবতী : এখেতে স্কুল-কলেজ, পাহাৰ-গাওঁ, নাট্য ভবন-চিকিত্‍সালয় যতে পায় তাতে সোম বৰীয়া আড্ডা পাতি দিয়ে। যথেষ্ট ভাল মানুহ।
মজী : সাংঘাটিক বস্তু, গুৱাহাটীৰ এখনো ৰ্গাল হোষ্টেল এৰা নাই, চবতে অদ্ভুত খেল পাতি ফুৰে। এটা প্লাষ্টিকৰ মগত এটা টেনিচ বল সোমোৱাব দিয়ে খেলত। হেৰ' খুদ যুবৰাজ সিং য়েও নোৱাৰিব প্লাষ্টিকৰ মগত টেনিচ বল ভৰাব, ইহঁত কেইজনীয়ে কৰ পৰা পাৰিব।
ধনু : এখেত কেমেৰা পাৰচন, প্ৰায়ে ৰুপম চক্ৰবতীৰ লগত থাকে। শুই বহি ভিডিঅ' কৰাত এক্সপাৰ্ট।

(ভাল লাগিছে যদি তলত লাইক বোটামতো আছে টিপি দিয়ক, মিঁছা কলেনো কিদাল হ'ব হয়নে)


By: লক্ষ্য জ্যোতি নাথ

No comments:

Post a Comment