যোৱাবছৰ আমাৰ এটা অভিযান্তিক প্রকল্পৰ বাবে আমি ৮ জন ছাত্র আৰু ৫ গৰাকী ছাত্রী যোৰহাটৰ এটি ভিতৰুৱা অঞ্চললৈ ৰাওনা হৈছিলো। প্রকল্পটোৰ বাবে প্রয়োজনীয় তথ্য আহৰণৰ বাবে এখন পথাৰ পাৰ হব লগীয়া হৈছিল, আৰু পথাৰখনৰ কাষতেই আছিল আমাৰ প্রকল্পস্থলী। গন্তব্যস্থান পোৱাৰ পিছত দেখিলো যে ওচৰত ঘৰ নাইয়ে এটাও। মাথো বুঢ়া মানুহ এজনে পথাৰত কাম কৰি আছে কিবা; স্থানীয় ব্যক্তি এজনৰ সহায় অবিহনে তথ্য আহৰণ কৰাতো সম্ভৱ নহয় যিহেতু; সেয়ে আন মানুহ কাকো নেদেখি ককা জনকে গৈ সুধিলো " ককা,ওচৰে-পাজৰে মানুহ নাই নেকি বাৰু"
-"মোক কি তই গৰু দেখিছ নেকি?" ককাৰ খাৰাং খাচাং উত্তৰ একদম।
মই বোলো এইজন এলা-পেছা ককা নহয়, অলপ ভালদৰে চলিব লাগিব এখেতৰ লগত।
চা-চিনাকি হোৱাৰ পিছত যেতিয়া লগৰ এগৰাকীয়ে তেখেতক আমাৰ প্রকল্পৰ বিষয়ে উল্লেখ কৰি সবিশেষ ক'লে তেখেতে কিন্তু সঁচাই অশেষ সহায় কৰিলে। পিছে বুজাবলৈ গৈ আমি বহু বিপাঙত পৰিছিলো। যেনে, যেতিয়া ক'লো যে আমি এটা engineering projectৰ বাবে আহিছো তেও কৈছিল "সেইসব গিয়েৰিঙ ইয়াত নহয়, ইয়াৰ পৰা অলপ আঁতৰত এটা গেৰেজ আছে তাত কৰে যা" আৰু কত যে কি!
শেষত যেতিয়া আমি কাম শেষ কৰি আহিব লৈ তেওক "থেংক ইউ"(Thank you) ক'লো তেও গৰম হৈ গ'ল নহয় একদম। কৈছে "কোন বাপেৰক থাংকু কব আহিছ হাঁ; (অশ্লীল) চিনি পোৱা নাই এই যদু বুঢ়াক; তোৰ বাপেৰ থাংকু, তোৰ ককায়েৰ থাংকু, তোৰ পুতেৰ থাংকু, তহঁতসবৰ চৌধ্যগোষ্টী থাংকু" বুঢ়াৰ ৰুদ্রর্মূতি দেখি আমাৰ মহিলা সমিতিয়েতো পলাব ধৰিলে। আমি দুটামানে গৈ তেওক বেয়া নাপাব কৈ Sorry কলোগৈ সকলোৰে হৈ। বুঢ়াতো আৰু গৰম হ'ল তেতিয়া -"এবাৰ বাপেৰক থাংকু কৈ শান্তি নহল হাঁ; এইবাৰ চেউৰী ক'ব আহিছ হাঁ। তোৰ মাৰ চেউৰী; তোৰ ঘৈনী চেউৰী (অশ্লীল) তঁহত গোটেইসোপাক আজি নাঙলত লগাই হাল বাম ৰহ" একেবাৰে ধুতি দাঙি যিটোহে ৰূপ ধৰি আমাক খেদিব ধৰিলে, আমি আৰু ককা নমষ্কাৰহে বুলি লগালো ৰাম দৌৰ। পিছে লেঠা লাগিল হাল বাই থোৱা পথাৰখন পাৰ হঁওতেহে; বোকাত ফচি দৌৰিব নোৱাৰা হ'লো। শেষত যোৱা এটাক বুঢ়াই ধৰিল নহয় চোলাতে আৰু ছিটিকনি এডালেৰে পিতন লগাবই ধৰিলে। সি "ঐ বুঢ়া পাগল হৈছ নেকি (অশ্লীল), ঐ চিন্ময় বচা অ' মোক, এইটোৱে খাব আজি মোক নহলে" কৈ চিঞৰিব ধৰিলে। বেচেৰাৰ ভৰি বোকাত লাগি আছে, দৌৰিবও পৰা নাই। মই ক'লো " ঐ চোলা খুলি পলা" সি লগালগ চোলাৰ বুটাম ছিঙি বুঢ়াৰ মুখত চোলাটো মাৰি তেখেতক গতিয়াই কোনোমতে পলাই সাৰিল। বেচেৰাৰ ম'বাইলতো চোলাটোৰ লগতে পথাৰতে সলিল সমাধি ঘটিল।
ছোৱালীকেইজনীয়ে পিছে বৰ ৰস পালে সেইদিনা। আমি, তিনিটাই যে কি ৰকমে বাচি আহিছো আমিহে জানিছো।
পিতন খোৱাতোৱে গোটেই বাটতো বুঢ়াক কুকুৰে খোৱা গালি পাৰি আহিছে বেচেৰাই।
উফঃ ৰাম। ককা, কৃষ্ণ হেঁ আৰু আপোনাক
By: চিন্ময় দত্ত

0 Comments