এটা খুব ক্ষীণ ল’ৰা ডাক্তৰৰ ওচৰলৈ গ’ল ।
ডাক্তৰে সুধিলে,
“কি বেমাৰ হৈছে..? ”
ল’ৰাটোৱে ডাক্তৰক ক’লে যে তাৰ ভৰিত বেমাৰ... ।
ডাক্তৰে তেতিয়া তাক ভৰি কেইটা দেখুৱাবলৈ ক’লে...
সি ক’লে,
“নেদেখুৱাও চাৰ..!
আপুনি হাঁহিব...!”
ডাক্তৰে তাৰ কথাত কিছু আচৰিত হ’ল যদিও ক’লে,
“মই নাহাঁহো..! যদি হাঁহো, তোমাৰ আধা ফিজ্ দিব নালাগে । ”
ডাক্তৰৰ কথামতে ল’ৰাটোৱে পেণ্টটো ডাঙি তাৰ ভৰিকেইটা দেখুৱালে ।
আৰু
হে হৰি..! ডাক্তৰ নালাগে, আনেও নহঁহাকৈ থাকিব নোৱাৰে... ভৰি মানে, দুডাল হকি স্টিক্..!
হাঁহি বন্ধ কৰি ডাক্তৰে ক’লে,
“তোমাৰ আধা ফিজ দিব নালাগে.. । এইবাৰ বেমাৰটো কোৱা...! ”
:বেমাৰৰ কথা ক’লে আপুনি আকৌ হাঁহিব...!, ল’ৰাটোৱে উত্তৰ দিলে ।
এইবাৰ ডাক্তৰ অতিস্থ হ’ল । খঙেৰে ক’লে যে তেঁও বেমাৰৰ কথাত নাহাঁহে । কেনেবাকৈ হাঁহিলে এটকাও ফিজ দিব নালাগে । আৰু...
ল’ৰাটোৱে সেমেনা -সেমেনি কৰি যি ক’লে, সেয়া শুনি ডাক্তৰ বেহুচ্...!
সি ক’লে,
“চাৰ.. মানে... মোৰ এই ভৰিকেইটা কালিৰে পৰা ফুলি আছে....!!! ”
By: Hemanta Hazarika

0 Comments