Sunday 27 October 2013

এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?

এবাৰ আমাৰ সেনাপতি দা একদম ফিটিং হৈ ঘৰলৈ আহি আছিল ।
 আহি থকা ৰাস্তাতে মন্দিৰ এটা দেখি হাত দুখন পূৰা ওপৰ ফালে কৰি এবাৰ প্রণাম জনালে আৰু দেখিলে যে মন্দিৰৰ বাহিৰত পূজাৰী এজন ৰৈ আছে !

 তেওঁ পূজাৰী জনৰ ওচৰলৈ গ'ল আৰু সুধিলে - "কওঁকচোন প্রভূ এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?"
 পূজাৰী - "সবাতোকৈ ডাঙৰ মন্দিৰ বাচা !"
 সেনাপতি দা- "যদি মন্দিৰেই সবাতোকৈ ডাঙৰ তেনে ই পৃথিবীৰ ওপৰত কেনেকৈ থিয় হৈ আছে ?"
 পুজাৰী-"পৃথিবী ডাঙৰ !"
 সেনাপতি দা-"যদি পৃথিবীয়েই সবাতোকৈ ডাঙৰ তেনে ই কালনাগৰ ওপৰত কেনেকৈ ঠিয় হৈ আছে ?"
 পূজাৰী -"কালনাগ ডাঙৰ!"
 সেনাপতি দা -"কালনাগেই যদি সবাতোকৈ ডাঙৰ তেনে ই শিৱৰ গলত কেনেকৈ মেৰ খাই আছে ?"
 পূজাৰী - "শিৱ ডাঙৰ !" 
সেনাপতি দা- "শিৱই যদি সবাতোকৈ ডাঙৰ তেনে তেওঁ পর্বতৰ ওপৰত কেনেকৈ বহি আছে ! " 
পূজাৰী-"পর্বত ডাঙৰ !"
 সেনাপতি দা-"পর্বতেই যদি সবাতোকৈ ডাঙৰ তেনে ই হনুমানৰ আঙুলিৰ ওপৰত কেনেকৈ ঠিয় হৈ আছিল ?"
 পুজাৰী- "হনুমান ডাঙৰ !"
 সেনাপতি দা-"হনুমানেই যদি সবাতোকৈ ডাঙৰ ৰামৰ চৰণত কিয় পৰিছিল ?".......
 পূজাৰী-"হে হৰি, মোৰ দেউতা ঈশ্বৰ তুমিয়েই কোৱাচোন এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?" . . .


 সেনাপতি দা- "আব্বে এই পৃথিবীত তেওঁৱেই ডাঙৰ বে, যি পূৰা বটল খাই কতো নিহিলাকে নিজৰ জিভাৰ ওপৰত ঠিয় হৈ থাকিব পাৰে !!!".........

By: Nâvâ Kríshñá DéKá

No comments:

Post a Comment