An Honest Judgement
ট্ৰেফিক আইন উলংঘা কৰি দ্ৰুতগতিত ছেন্ট্ৰ’ চলাই যোৱা দেখি নবীনক বাটতে ট্ৰেফিক পুলিচে ধৰিলে। গুৱাহাটীৰ ট্ৰেফিক পুলিচ। এশ-ডেৰশ টকাৰ তলত কথাই নাপাতে। কেছ গৈ আদালত পালে। এতিয়া আদালতৰ কক্ষত কি হ’ল শুনো আহক।
বিচাৰক— মিঃ নবীন, আপুনি যে স্পীডত গাড়ী চলোৱা নাছিল, সেই বিষয়ে আপোনাৰ হাতত কিবা প্ৰমাণ আছেনে? আপুনি ক’লৈ গৈ আছিল?
(বিচাৰকে ‘মিষ্টাৰ নবীন’ বুলি মতাত নবীনৰ বুকুখন চাৰি ইঞ্চিমান ফুলি গ’ল। লগতে ‘আপুনি’ বুলিও ক’লে। সি অলপ আৱেগিক হৈ পৰিল—ইমান সন্মান! মোক এনে সন্মান কোনেও কেতিয়াও যঁচা নাই। সৰু মানুহ বুলি সকলোৱে পেংলাইহে কৰে।)
উৎফুল্লিত নবীনৰ স্পষ্ট উত্তৰ (অলপ ইংৰাজীও লগাই দিলে। উকিলজনে কৈ থকা শুনি আছে যে)—মাই লৰ্ড, মই সিদিনা পত্নীক শহুৰৰ ঘৰৰ পৰা আনিবলৈহে গৈ আছিলো।
কথা শুনি বিচাৰকে দ্বিতীয়বাৰ সুধিলে—সঁচা কথা কওক। শহুৰৰ ঘৰলৈ মিছেছক আনিবলৈ গৈ আছিল নে?
নবীন—সঁচা, সঁচা। এক্কেবাৰেৰে সঁচা।
বিচাৰক— তেতিয়া হ’লে ঠিকেই আছে। কেছ ডিছমিছড।
Contributed by Ranjit KB
0 Comments