Friday 9 August 2013

হুৱাই ক্ৰায়িং

ডীপাংকৰ মানে আমাৰ দীপু সৰু হৈ থকাৰ কথা| এদিন ভেঁ ভেঁকৈ কান্দি গেটতে শেঙুন মচি মচি ৰৈ আছিল| টিউছনলৈ এভন চাইকেল খন লৈ যাওঁতে দেখা পাই ম‍ই ৰৈ দিলোঁ|

"কি হ’ল দীপু? হুৱাই ক্ৰায়িং?" (ইংৰাজীত ভাল আছিলো সৰুৰে পৰাই দেই)
"মোক মায়ে এনেই এনেই এচাৰিৰে পিটিলে... ভেঁ ভেঁ"

"থেইত... নো নো, নো ক্ৰায়িং ম’ৰ! হুৱাই আন্টি পিটিং ইউ বাউ?"
"কোনোবাই মাক লগাই দিলে যে ম‍ই টিউছন কৰিবলৈ নগৈ ফুটবল খেলিবলৈ গৈছিলোঁ.. ভেঁ ভেঁ"

"হুৱাট? ট্ৰু অ’ৰ ফলছ?"
"মিছা.... মিছা... "

" ইউ ৱেন্ট নট টু প্লে?"
"গৈছিলোঁ খেলিবলৈ... কিন্তু ক্ৰিকেট খেলিবলৈ হে গৈছিলোঁ... এনেই এনেই ফুটবল খেলিবলৈ গৈছিলোঁ বুলি পিটি দিলে.. ভেঁভেঁ ভেঁ..."

আন্টি ভি না, এনেই এনেই এনেই মিছাতে পিটিব লাগে নে?

Changmai#

No comments:

Post a Comment