Showing posts with label Jokes Best. Show all posts
Showing posts with label Jokes Best. Show all posts

Saturday 30 November 2013

পুলিচ নগেন...

এবাৰ স্কটলেণ্ড য়াৰ্ড, কেজিবি আৰু ভাৰতৰ পুলিচৰ মাজত প্ৰতিযোগিতা হৈছিল কোন সকলোতকৈ ভাল পুলিচ তাকে চাবলৈ৷ ভাৰতৰ দলটোৰ নেতা আছিল আমাৰে নগেন৷
প্ৰতিযোগিতা হ'ল এখন অটব্য অৰণ্যৰ কাষত৷
সকলোকে কোৱা হ'ল,
অৰণ্যৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু এটা বাঘ ধৰি আনিব লাগিব৷ যিটো দলে কম সময়ৰ ভিতৰত বাঘ এটা ধৰি আনিব, সেইটো দলেই জিকিব৷
প্ৰথমে গ'লস্কটলেণ্ড য়াৰ্ড৷ প্ৰায় এঘন্টামানৰ ভিতৰতে বাঘ এটা ধৰি আনিলে৷
তাৰ পাছত গ'ল কেজিবি৷
তেওঁলোকে আধাঘন্টাতে ধৰি আনিলে৷
এইবাৰ গ'ল নগেনৰ দল৷
আধাঘন্টা গ'ল, এঘন্টা গ,ল, দুঘন্টা গ'ল... দলটোৰ দেখা-দেখি নাই৷ প্ৰায় ছঘন্টামান পাৰ হোৱাৰ পাছত সকলোৰে চিন্তা হ'ল, কিজানি নগেনৰ দলটোক বাঘে........
বেছি অপেক্ষা কৰা উচিত নহ'ব বুলি ভাবি সকলোবোৰ হাবিৰ ভিতৰ সোমাই গ'ল৷ কিছুদূৰ যোৱাৰ পাছত এডাল ডাঙৰ গছৰ তলত দেখা গ'ল নগেনৰ দলটোক৷
নগেনেহঁতে এটা ভালুক ধৰি গছত বান্ধি লৈ উধাই-মুধাই পিটিছে আৰু কৈছে
: ঐ তই কৈ দে তই বাঘ বুলি
ভালুকটোৱে কয়,
: মই ভালুকহে
: নাই তই বাঘ , কৈ দে বাঘ বুলি৷ বাঘ বুলি ক'৷


By: ডঃ মাখন লাল দাস

Sunday 13 October 2013

পূজা বুলি…

পূজা বুলি…,

অলপ বেছিকৈয়ে 'মাল' খাই দিলো।
 বাৰান্দাত, ঠেলি-ঠেলি কোনোমতে 'বাইক'খন উঠালো।
তাৰপাছত দৰ্জা বন্ধ কৰিয়েই, চিধা বিচনাত বাগৰি দিলো।
 বেহুচ…!
 মাজনিশা হঠাৎ দেখিলো, দূৰ্গাদেৱী মোৰ সন্মুখতে ৰৈ আছে।
 জীৱ বাহিৰ হৈ গ'ল বাপ্পেকে…!
কি জগৰ লগালো মই…? মইতো গা-ধুই সেৱা জনাইছিলো, ৫টকাও দিছিলো, "জয় দূৰ্গা মাইকী" (?) বুলি চিঞৰিও দিছিলো…, তেন্তে…?? "
…হে আই, নাজানিহি অপৰাধ' হৈল' মোৰ'…",
 - বুলি, কিবা ব্ৰজাৱলী জাতীয়, ভাষা এটাই মুখৰ পৰা ওলাই গ'ল, ভয়ৰ চুটত।
তাৰপাছত ডাইৰেক্ট পজিচন লৈ ল'লো, …'দূৰ্গা মা' -ৰ চৰণত।
 : উঠ বৎস…! 'তেল মাৰি' লাভ নাই।
 সৌ দাপোণ (আইনা) খনৰ ওচৰলৈ যা।
 তাত তোৰ চেহেৰাটো এবাৰ চাগৈ। (সাউতকৈ উঠি আইনা খনৰ ওচৰ পালোগৈ।)
 "ঔ, মা…!" জীভা ওলাই গ'ল বাপ্পেকে…! ই কি কথা…!!
 মোৰ চেহেৰাটো পূজাৰ অসুৰটোৰ দৰে হৈ পৰিল।
জপৰা চুলি, দীঘল দাঁত, টেলেকা চকু…!
দূৰ্গাদেৱীয়ে মোলৈ চাই অট্টহাস্য মাৰি ক'লে, : …তোৰ মূৰত 'অসুৰে' বাহ লৈছে।
 ভালে-ভালে মূৰটো ছিঙি মোক দে, নহলে তোক মাৰিয়েই পেলাম।
 : কিন্তু আই, মূৰটো নহলে মই কেনেকৈ জীয়াই থাকিম।
 : পাৰিবি…। । 'মূৰ' নোহোৱাকৈয়ে কিমানে এতিয়া মন্ত্ৰী-বিধায়ক, আমোলা, ছাত্ৰনেতা, দেশপ্ৰেমিক হৈ গপগপাই ফুৰিছে, …তই কোন কূটা বে?
জল্দি মূৰটো ছিঙি দে, জল্দি…!
 : মই নোৱাৰো আই, ভয় লাগে।
 …কথাষাৰ ক'বলৈহে পালো।
চিধা আহি মোৰ মূৰটো খামোচি ধৰি, দূৰ্গামাই টানিবলৈ ধৰিলে।
বিষত থাকিব পৰা নাই।
এবাৰ দেৱীয়ে এফালে টানে, আনবাৰ মই আনফালে টানো। …
এইদৰে টনা-আজোৰা কৰি থাকোঁতেই, খপ্কৰে সাৰ পাই গলো।
আৰু দেখিলো…





 . . . . . . শ্ৰী মতীয়ে মোৰ মূৰৰ 'হেলমেট'-টো খুলিবলৈ চেষ্টা কৰি আছে।

by: Udoy Senapoti

বুলেট চলাইছা বুলেট.....?

ভাস্কৰ বাৰুকিয়ালে চেংমাইক ম'ম আৰু পেপচি খুৱাম বুলি পটাই মেলি চেংমাইৰ পুৰণা ৰয়েল এনফিল্ড বুলেটখন লৈ পূজা চাবলে ওলাইছে,
উদ্দেশ্য মাৰ্চো মেনৰ এটিটিউদ এটা দি চাল দিয়া !
 বাৰুকিয়ালে বুলেট চলাইছে ভট ভট ভট ভট ভট ভট ভট ভট.... ভটটটটট ভট ভট ভট ভট ভট ভট ভটটট টৰ ভট ভট ভট ভট.....
সৰু সৰু লৰা-ছোৱালী বিলাক আতৰি দিছে ৰাস্তাৰ কাষলে আৰু তাকে দেখি বাৰুকিয়াল কাইটিৰ বুকু ছয় সাত ইঞ্চি বেচিয়েই ফুলি গৈছে ভট ভট ভট ভট ভট...
. তেনেতে আমাৰ দীপাই নতুন স্কুটিৰে অভাৰটেক কৰক....
 কিইই আমাৰ মাৰ্চোমেনক ছোৱালীয়ে অভাৰটেক কৰে.... নাই নহব.....

 ভটটটটটটটটটট ভটটটটটটটটটট ভট ভট ভট

একদম দীপাৰ সমানে সমানে এইবাৰ
 বাৰুকিয়ালঃ (দীপাক উদ্দেশ্যি) পূজা চাবলে ওলাইছা
 দীপাঃ .....:-> (বেকাকৈ চাই স্কুটিৰ স্পীদ বঢ়াই দিয়ে )

 বাৰুকিয়ালক আপোনালোকে কি কম বুলি ভাবিছে....
 ভটটটটটট ভট ভট ভট ভটটটটট ভট ভট ভট..
আকৌ দীপাৰ সমানে সমানে.....
 বাৰুকিয়ালঃ ৱাহ স্কুটি চলাইছা.... মানিছো আউ দেই.... কেতিয়াবা বুলেট চলাইছা :->

 দীপাঃ..... (স্কুটিৰ স্পীদ বঢ়াই দিয়ে)
 ভট ভট ভট ভটটটটটট ভট ভট ভট
দীপাৰ ওচৰ পাই বাৰুকিয়ালঃ বুলেট চলাইছা বুলেট !?
 দীপাঃ ...... (আকৌ আগবাঢ়ি যায়)
 ভট ভট ভট ভটটটটট ভট ভট ভট

বাৰুকিয়াল আকৌ দীপাৰ ওচৰত....
 বাৰুকিয়ালঃ বুলেট চলাইছা বুলেট.....

 এইদৰে বাৰে বাৰে কামোৰ খাই পূজা মণ্ডপলৈ দুশ মিটাৰ মান থাকোতে দীপাই স্কুটিৰ স্পীদ একদম কমাই দিলে....

 বাৰুকিয়াল কাইটি একদম গপছত আগবাঢ়ি গৈছে ভট ভট ভট ভট ভট ভট ভট....
 অলপ পাছতেই দীপাই স্কুটি ষ্টেণ্ড কৰিছে ঠিক তেনেতে
 ঘাঢ়াম ভটটটটটট.... চেৰৰৰ... ঘটং .... ঘিছ.... ফট... ফট... ফট....

আদি অদ্ভুত আৱাজ
কিছুমান পূজা মণ্ডপৰ ভিতৰৰ পৰা আহাত আৰু সকলো মানুহ ভিতৰলৈ দৌৰা দেখি দীপাইও কিনো হৈছে চাবলৈ বুলি আগ বাঢ়িল .....
 দেখিছে ভিতৰত পূজা পেণ্ডেলৰ মাজৰ খুটাত বুলেটখন খুণ্ডা খাই বাগৰি আছে আৰু আমাৰ বাৰুকিয়াল কাইটি কৰ্ফাল খাই এক্কেবাৰে মহিষাসুৰৰ চৰণত চিত্‍লাং খাই কেকাই আছে.....
 সকলোৱে সুধিছে বেছি দুখ পালে নেকি...
 বাৰুকিয়ালঃ নাই নাই মাখি চাল অলপহে চিঙছে
 ৰাইজে কুৱা-কই কৰিছে ঘটনাটো কেনেকে হবলৈ পালে....
 ব্ৰেক কেবল চিঙিল হবলা ইত্যাদি .....
 তেনেতে দীপাই মাত লগালে.... 

দীপাঃ ৰাস্তাই পদূলিয়ে ছোৱালী জোকাই ফুৰিলে এনেকোৱা নহৈ ভাল কিবা হ'ব নেকি !?
 সকলোৱে এবাৰ দীপাৰ ফালে চায় এবাৰ বাৰুকিয়ালৰ ফালে চায় কথাটোনো কি জানিব বিচৰাত দীপাই ৰাস্তাৰ ঘটনাটো আদ্যোপান্ত বিবৰি কলে !

 বাৰুকিয়ালঃ ধেইট ইম্মানবাৰ সুধিলো বুলেট চলাব জানা নেকি বুলি, ভালদৰে কৈ দিলেই হৈছিল নাজানো বুলি মই তেতিয়া বেলেগ কৰোবাক সুধিলো হলে নহয় বুলেটখন কেনেকৈ ৰখাব পাৰি....

 আই দূৰ্গাৰ কৃপা বুলিহে পেণ্ডেলৰ খুটাত লাগি মেলি হলেও এইখন কোনোমতে ৰলহি :->


 মোৰটো বাদেই বুলেট খনৰো ৰং অলপ এৰিল, এতিয়া চেংমাইক এনেয়েই ত্ৰিছ প্লেট ম'ম খুৱাব লাগিব..

By: Dipankar Gogoi

Sunday 6 October 2013

মাখনী পেহীৰ কাহিনী

আমাৰ মাখনী পেহীৰ কাহিনী এয়া !!

 বসয় তেঁওৰ এতিয়া তিনিকুৰি, ছাৰি মাহ ছয় দিন ।
তথাপি এতিয়াও ছালে চকুৰোৱা ।

মাখনী যেন সাইলাখ মাখনী ।

মাখন যেন দুগালত তেজে ফুটু ফুটু----প্রসাধন হবলা কমকৈ কৰে ।

নিজকে সাজি কাঁছি ধুনীয়া কৰি ৰখাটোয়েই যেন তেঁওৰ একমাত্র কাম ।

 এদিনাখন মাখনী সাজি কাঁছি কৰবালৈ গৈ আছিল !! 

তেনেতে পিছফাল পৰা এক আছৰিত কন্ঠষ্বৰ শুনিলে---- " তুমি আৰু ছল্লিশ বছৰ জীয়াই থাকিবা "

 তাই ইফালে সিফালে ঘূৰি ছালে, কিন্তু কাকো দেখা নাপালে !!
 অলপ দূৰ আগুৱাই গ'ল ! আকৌ শুনা পালে, সেই কন্ঠষ্বৰ ।

 তাই মনতে ভাবিলে ---" এইয়া হয়তু ভগবানৰ আহ্বান, আৰু ছল্লিশ বছৰ যেতিয়া জীয়াই থাকিমেই নিজকে আৰু অধিক সুন্দৰী কৰি তোলো " !!

 গ'ল বিউটি পার্লাৰ---- ছুলি কাটি, ফেছিয়েল কৰি সাইলাখ ষোল্ল বছৰীয়া গাভৰু জনী হৈ ওলাই আহিল !!

 আহি থাকোতে বাটত এখন বাছে তাইক মহতিয়াই নিলে----

 ওপৰত গৈ তাইৰ আত্মাটোয়ে ভগবানক সুধিলে ----

আপুনিটো মোক ছল্লিশ বছৰ আৰু জীয়াই থাকিবা বুলি কৈছিল ??

 ভগবানৰ উত্তৰ -----






















. . . . . . . . . . . . . . . . . . . . ছৰী য়াৰ, মই তোমাক ছিনি নাপালো !!

By: Dípankar Nath

Friday 4 October 2013

মানৱ জাতিৰ ঐতিহাসিক যাত্ৰা

(অলপ ধেমালি: খাটি অসমীয়া ৰগৰ)

 ২০৫০ চন।

 আমেৰিকা, ইংলেণ্ড আৰু আমাৰ 'খাৰ-খোৱা' মহাকাশচাৰী তিনিজনক লৈ কেপলাৰ-২২ 'মহাকাশ যান'-খন পূৰ্ণ গতিত মংগল গ্ৰহ লৈ গৈ আছে।

এয়া মানৱ জাতিৰ এটা ঐতিহাসিক যাত্ৰা।

পৃথিৱীৰ মানুহৰ প্ৰথমটো মংগল গ্ৰহ যাত্ৰা। .

 মংগল গ্ৰহত 'লেণ্ড' কৰাৰ পিছত, প্রথম আমেৰিকাৰ মহাকাশচাৰী জন নামিল।

পৃথিৱীৰ লগত দূৰ-সংযোগ হৈ থকা কেমেৰাৰ সন্মুখলৈ আহি তেওঁ ক'লে,

 "…এয়া মানৱৰ এক ঐতিহাসিক পদক্ষেপ…!" .

 তাৰপাছত ইংলেণ্ডৰ জন নামিল, আৰু ক'লে…

 "…আমি অসম্ভৱক, সম্ভৱ কৰি দেখুৱালে…!" .

 এইবাৰ আমাৰ জন নামিল।
 নামিয়েই 'গা'টো বেঁকা কৰি, এঙামুৰি এটা দিলে…!

 দীঘল হাঁমি এটা মাৰিলে…!

 লাহে-লাহে গৈ কেমেৰাৰ সন্মুখত থিয় দিলে…!

কিছু সময় কেমেৰালৈ চালে…!

 তাৰপাছত ক'লে: … . . . . . . . . . . "






…ইউউউ হুহ্ হুইইই…! আজি পূৰা 'মাল' খাম…!"

By: Udoy Senapoti

কলী ছাগলী জনী

[নতুনকৈ টেটতৰ(TET) চাকৰি পাই ছাৰ এজন নতুন স্কুল এখনলৈ গল স্কাচ এটাত সোমাল সকলো লৰা বহাৰ পৰা থিয় হল]

ছাৰঃ বহা বহা,
সকলো বহিল, (কিন্তু এজন লৰা থিয় হয় থাকি টেতুফলা চিঞৰত কান্দিব ধৰিলে)
ছাৰঃ অই তই কিয় কান্দিছ অ কিয় কান্দিছ মই তোক কি কৰিলো বাউ..... ?
লৰাঃ সেইটো কথা নহয় ছাৰ এ এ এ এ......
ছাৰঃ সেই এইটো মনে মনে থাক চোন নাকান্দিবি চোন ৰ কচোন ক কয়াটো কি
লৰাঃ মানে ছাৰ যোৱা দেওবাৰে আমাৰ বৰ মৰমৰ কলী গাভিনী ছাগলী জনী মৰিল
ছাৰঃ অ তোৰ হবলা আজি হে কান্দিবলৈ মনত পৰিল হে হে হে
লৰাঃ নহয় ছাৰ সেইদিনা খনো মই খুব কান্দিলো তাৰ পিছত মই পাহৰি গৈছিলো কথাটো কিন্তু আজি আকৌ
ছাৰঃ কচোন ক কিন্তু আজি আকো কি হল তোৰ?



লৰাঃ মানে ছাৰ আজি আপোনাৰ দাৰি খিনি দেখি আকৌ কলী ছাগলী জনীলৈ চিৰিং কৈ মনত পৰি গল আমাৰ ছাগলীগনীৰো আপোনাৰ দৰে দীঘল দীঘল দাৰি আছিল এ এ এ এ এ








..... শ্বেয়াৰ কৰক ৰাইজ

By:Khudit Saikia

Saturday 7 September 2013

"হ'ল-চেল" ৰগৰ

১) গ্ৰাহক: কাপোৰৰ ৰংটো ভালেই লাগিছে, পিছে 'ডিজাইন'টোহে পচন্দ হোৱা নাই।
 দোকানী: …না না, সেইটো চিন্তাই নকৰিব, এবাৰ ধুই দিলেই চব ডিজাইন উঠি যাব…!!

 ২) (ভিক্ষাৰীক উদ্দেশ্যি): …কি হে, দুটা 'বাটী'-লৈ বহি আছা যে?
 ভিক্ষাৰী: …ব্যৱসায় টো অলপ ডাঙৰ কৰিব বিচাৰিছো, …
হে হে হে, এইটো মোৰ Branch office…!!

 ৩) পত্নী: হেৰি কথাটো হয়নে, স্বৰ্গত হেনো 'স্বামী-স্ত্ৰী'-ক একেলগে থাকিব দিয়া নহয়…
 স্বামী: …সেই আঁকৰী, সেই কাৰণেতো তাক 'স্বৰ্গ' বুলি কয়।

 ৪) :মাজনী তুমি ডাঙৰ হৈ কি হবা?
 : বিয়া হম…
 : …বেয়া কথা, এতিয়াৰ পৰাই আনৰ 'বেয়া' হোৱাটো বিচাৰিব নাপায় নহয়…!!

 ৫) (পান দোকানত) পত্নী: আপুনি 'পান' নাখায় নিকি?
স্বামী: …না না, মই 'পান' নোখোৱাকৈয়ে মনে-মনে থাকিব পাৰো…!!

 ৬) : আমাৰ ঘৰত বাৰে-বাৰে ভিক্ষা খুজিবলৈ তোমাৰ লাজ নালাগে?
: …না না, কিহৰ লাজ? ইয়াত কৈ ও 'কাঙ্গাল' মানুহৰ ঘৰত ভিক্ষা খুজাৰ 'ৰেকৰ্ড' আছে…!!

 ৭) 'বিশেষ-অজ্ঞ'-ৰ মন্তব্য: …'মূল্যবৃদ্ধি' আৰু 'নিবনুৱা' সমস্যাৰ পৰা হাত হাৰিবলৈ, চৰকাৰে আৰম্ভ কৰা 'আধাৰ-কাৰ্ড' -তকৈ,
 …পাৰিলে 'ধাৰ কাৰ্ড'ৰ হে ব্যৱস্থা কৰিব লাগে।

 ৮) 'বিশেষ-অজ্ঞ' -ৰ মন্তব্য: সিংহই দিনটোৰ ১২ঘন্টা শুৱে, আৰু গাধই দিনটোৰ ১২ঘন্টা কাম কৰে।
…পৰিশ্ৰমেই যদি সফলতাৰ মূল 'চাবি-কাঠি' হ'ল হেতেন, তেন্তে,
 …'বনৰ ৰজা' গাধ নহ'ল হেতেন নে…??

By: Udoy Senapati

Friday 30 August 2013

নাৰীয়েই সকলো সমস্যাৰ মূল

গুৰুৱে এদিন জ্ঞান দিলে,

 "…নাৰীয়েই সকলো সমস্যাৰ মূল। গতিকে নাৰীৰ প্ৰতি আকৰ্ষিত নহবা।

কেতিয়াবা, কৰবাত নাৰী দেখি মনটো বিচলিত হ'লে, লগে-লগে চকু দুটা মুদি '…হৰি ঔম' বুলি উচ্চাৰণ কৰিবা।"

 …শিষ্য সকলে ভালদৰেই বুজি পালে।
 তৃতীয় দিনা।
এজন শিষ্যই হঠাৎ চিঞৰি উঠিল,
 "…হৰি ঔম…!"

 আৰু লগে লগে বাকী কেইজনে সমস্বৰে চিঞৰি উঠিল,






 … … … … … … … … ক'ত দেখিলি…? ক'ত দেখিলি…??

By: Udoy Senapoti

Saturday 24 August 2013

ছাৰ আপোনাৰ পেণ্টটো

নগেন আৰু ভদৰামে পৰীক্ষা দি আছিলে।

 প্রশ্নকাকত আছিলে বৈদ্য tough নিৰীক্ষকজন আকৌ সাংঘাতিক কাঢ়া।
 কাকো নকল মাৰিবলৈ সুযোগ দিয়া নাই। নগেন-ভদৰামে টুকলি উলিয়াব পৰানাই, কিয়নো নিৰীক্ষকে মিনিট মিনিটে পাক মাৰি আছে।
এনেতে নগেনে টুকলি এটা লৈ নিৰীক্ষকৰ হাতত দিলেগৈ।
 সেইটো পঢ়ি নিৰীক্ষকে চকীত গৈ যি বহিল আৰু নুঠিলেই!
 গোটেই ক্লাছৰ লৰাবোৰে বিন্দাছ পৰীক্ষা দিলে।
পৰীক্ষা শেষ হোৱাৰ পিছত লৰাবোৰে আহি নগেনক চাবাচী দিলে...
"তই ছাৰক কি যাদু কৰি অ", বহিল যে বহিয়েই থাকিল!"




 নগেন- মই টুকলি এটা লিখি ছাৰক দিলোঁ- "ছাৰ আপোনাৰ পেণ্টটো পিছফালে ফটা!"

By: Ashish Majumdar

ফিলিং ফেচবুক

এই ফেচবুকৰ পৰা উপায় নাই আৰু। তলৰ ঘটনাকেইটালৈ মন কৰিলেই বুজা যায়।

এক : মানুহ এজন দূৰ্ঘটনাত বৰ বেয়াকৈ আহত হৈছে।
এম্বুলেঞ্চত হস্পিতাল লৈ যোৱা হৈছে।
এনেতে কেকাঁই-জেকাঁই মানুহজনে ক’লে, অনুগ্ৰহ কৰি কোনোবাই মোৰ ফটো দুখনমান তুলিব নেকি? তেজ ওলাই থাকোঁতেই আপডেট দিবলৈ ভাল। লগে লগে ক্লিক্‌-ক্লিক্‌-ক্লিক্‌।
 ----“মোৰ এজন বন্ধুৰ আজি বেয়াকৈ বাইক এক্সিডেন্ট হ’ল। তেওঁৰ বাবে প্ৰাৰ্থনা কৰে যেন। ফিলিং ছেদ্‌।”

 দুই : দেওবাৰে ঘৰৰ কামবোৰ কৰি আজৰি হোৱাৰ পিছত সাধাৰণতে খুব বেছি ভোক লাগে।
 দুপৰীয়া দুই বাজি গ’ল। পতিয়ে টেবুলত বহি চিঞঁৰি আছে, “কি বনাই আছা হে? লৈ আহাঁ, ভোকত মৰিম এতিয়া।” ভাত-দাইল-হাঁহৰ আঞ্জা সকলো আহি গ’ল।
কিন্তু পত্নীয়ে হাতেই লগাবলৈ নিদিয়ে। ম’বাইলটোৰে প্ৰথমতে ক্লিক্‌-ক্লিক্‌-ক্লিক্‌।
 ----“দেওবৰীয়া বিশেষ- নিজ হাতে ৰন্ধা কলডিলৰ সৈতে হাঁহৰ মাংসৰ আঞ্জা। ফিলিং হাংগ্‌ৰী।”

 তিনি : ককায়েক খৰধৰকৈ ঘৰ সোমাইছেহি। ইমাৰ্‌জেঞ্চি, ডাঙৰবিধ।
ম’বাইল খুচৰি থকা ভনীয়েকক চিঞঁৰিয়েই ক’লে, “ঐ ভন্টী, জল্‌দি টাৱেল এখন দে। লেট্ৰিনলৈ যাওঁ।”
ভনীয়েকেও আনি দিলে। দৌৰি যোৱা ককায়েকক ক্লিক্‌-ক্লিক্‌-ক্লিক্‌।
 ----“দাদাৰ ইমাৰজেঞ্চি, হা হা হা। ফিলিং লাফিং।”

 চাৰি : ছোৱালীৰ বিয়া, বিদায় দিয়াৰ ক্ষণ। উপস্থিত সকলোৰে মনবোৰ সেমেকি উঠিছে।
মাক-জীয়েক দুয়ো কান্দি-কাটি বাউলী। কান্দি থকাৰ পৰাই মাকে জীয়েকক উদ্দেশ্যি, “ভালকৈ কান্দ মাজনী, ক’ভাৰ ফটোত ভাল লাগিব।”
মাজনীয়ে কান্দি কান্দিয়েই লগৰ এজনীক ক’লে, “অলপ ভালকৈ হাঁ, ছাইডৰ পৰা তুলিবি।” লগে লগে ক্লিক্‌-ক্লিক্‌-ক্লিক্‌।
----“বিদায়ৰ মূহুৰ্ত্তত মই আৰু মোৰ মা। ফিলিং এল’ন।”

Saturday 17 August 2013

বাক্য-ৰছনা

আমাৰ দীপা বাইদেৱে স্কুলত শিকোৱা কেইটামান বাক্য-ৰছনা,

 # আকাশত ছাং পতা : বাঘৰ ভয়ত আমাৰ মায়ে আকাশত ছাং পাতি ওপৰত উঠি আছে।

 # আলাসৰ লাডু : অলপ বেছিকৈ চেনি মিহলালে আলাসৰ লাডু খাবলৈ ভাল হয়।

 # পানীৰ তলৰ কাঁইট : পানীৰ তলৰ কাঁইট চাবলৈ হ’লে পানীত বুৰ মাৰিব লাগে।

 # পানীত হাঁহ নচ’ৰা : পানীত হাঁহ নচ’ৰা হ’লে কুকুৰা চৰাব লাগে।

 # খাই পাত ফলা : খাই পাত ফলা মানুহক কাঁহীত ভাত দিব লাগে।

 # গছত গৰু উঠা : গছত গৰু উঠা দেখিলে ফটো মাৰি ফেচবুকত দিব লাগে।

by: Madhurjya Gogoi

Thursday 18 July 2013

এটা স্বপ্নৰ কথোপকথন : অসমীয়া কৌতুক



(পটভূমি - ৰাতি ১১ বাজি ৫৫ মিনিটমান হৈছে ৷ স্বামী চুচৰি বাগৰি কোনো মতে বাৰান্ডাত উঠিছে ৷ পত্নীয়ে ককালত হাত দি থিয় হৈ আছে ৷)

পত্নি - ইমান ৰাতিখন ক’ত কি কৰি আছিলা ?
স্বামী - এহ্ আছিলো আৰু ৷
পত্নি - সেইটো ময়ো গম পাইছো আছিলা বুলি ৷ কিন্তু কৰি কি আছিলা ?
স্বামী - ডাবা খেলি আছিলো ৷
পত্নি - ডাবা যদি খেলি আছিলা তেনেহ’লে গাটো কিয় মদ মদ গোন্ধাইছে ?
স্বামী - আৰে তেনেহ’লে কি ডাবা ডাবা গোন্ধাব নেকি ?

by Pratibhu Dutta

Thursday 6 June 2013

ভিক্ষাৰী আৰু গাখীৰ

ভিক্ষাৰীঃ মাইনা পানী আছে নেকি দিয়া
মাইনাঃ গাখীৰ পানী খাব ?
ভিক্ষাৰীঃ বাহ দিয়া দিয়া

গাখীৰ পানী খাই উঠি...
ভিক্ষাৰীঃ  বাহ! ভাল ছোৱালী দেই ...

মাইনাঃ দেইতাই পইতাচোৰা পৰিল বুলি পেলাবলৈ কৈছিল
্কিন্তু মায়ে ক’লে-  কালু আহিলে দি দিবলে|  আপুনি
আগতে আহিলে , কালুয়ে নাপায়  এতিয়া

ভিক্ষাৰীঃ ও ক     ঔউক ......ওক

by Kausik Hazarika


স্বামীৰ এক্সিডেন্ট: অসমীয়া কৌতুক

পুলিচঃ বাইদেউ... দৰ্জাখন খোলকচোন, আপোনাৰ স্বামীৰ এক্সিডেন্ট হৈছে; ট্ৰাকৰ তলত পৰি তেওঁ পাপড়ৰ দৰে চেপেটা হৈ গ’ল

ভদ্ৰ মহিলাঃ (ভিতৰৰ পৰাই) তেতিয়াহ’লে দৰ্জাখননো কিয় খুলিব লাগিছে, দৰ্জ্জাৰ তলৰ ফাঁকেৰেই সৰকাই দিয়ক... 

by Jnan Jyoti

মৌনব্ৰত বনাম বিবাহ: অসমীয়া কৌতুক

চেংমাইয়ে সাধু সৈন্নাসী জীৱন আৰম্ভ কৰিলে...আৰু বহু দিনৰ পিছত ঘৰলৈ উভতি অহা পথত আমাৰ গগৈ কোৱাইদেউক লগ পালে.....
দুয়ো সুখ-দুখৰ বহুত কথা পাতিলে..কথা মাজতে ছেংমাই্য়ে কলে____

চেংমাই--আমি বছৰৰ পিছত বছৰ ধৰি কথা নোকোৱাকৈ পাৰ কৰো ,আৰু আমি ইয়াকে "মৌনব্রত" বুলি কও।
গগৈ কোৱাইদৌ--আমাৰো অভিজ্ঞতা একেই ।পিছে আমি ইয়াক "বিবাহ" বুলি কও।।

by Gitu pan

Saturday 4 May 2013

কৃপণ

এজন কৃপণ বহু ওখ বিল্ডিং এটাৰ ছাঁদৰ পৰা পৰিল৷ 

তলত পৰি মৰাটো খাটাং৷

 তললৈ পৰি গৈ আছে গৈ আছে...

 ৬০ মহলা, ৫০ মলহা, ৩০ মহলা...
 ২৭ মহলাত তেওঁৰ ঘৰ... খিৰিকি মুখত দেখে,

 ঘৈণীয়েকে ৰুটি বনাই আছে...

 পৰি থকা অৱস্থাতে তেওঁ চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল....



 "মোৰ কাৰণে ৰুটি নবনাবা..........

by ML DAS

ডাক্তৰী বিদ্যাৰ কিটিপ


একেবাৰে Clean গাজা:

মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, ম‍ই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...

এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...

চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা

যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|

চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. ম‍ই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|

by Changmai

দত্তৰ ডায়েৰী


১৮+

দত্তৰ ডায়েৰীৰ পাতৰ পৰা চুৰি কৰি অনা কাহিনী: -

এদিন তেওঁ পলাশবাৰীৰ পৰা দেৰগাঁৱলৈ বাইকত বহি হেডফোনত গান শুনি শুনি গৈ আছিল| খালী ৰাস্তা|
তেনেতে এখন ফ্লাই-অ’ভাৰ আহিল| দত্ত‍ই দেখিলে এজনী ছোৱালীয়ে ফ্লাইঅ’ভাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হৈছে|

ততাতৈয়াকৈ দৌৰি গৈ দত্ত‍ই তাইৰ হাতত ধৰিলেগৈ|
দত্ত: কি কৰা কি কৰা?
তাই: মোক মৰিবলৈ দিয়া, জীয়াই থাকিবলৈ মোৰ অকণ্ণো ইচ্ছা নাই

দত্ত: (অলপ ভাবি) ঠিক আছে, কিন্তু মৰিবাই যেতিয়া মৰাৰ আগতে মোক "চুম" এটি খাই যোৱা না
তাই: (অলপ ভাবি) ঠিক আছে...

"......................"

দত্ত: ৱাহ, কি অপৰূপ| ইমান সৌন্দৰ্য আৰু গুণৰ অধিকাৰী হৈও তুমি কিয় মৰিবলৈ ওলাইছা?
তাই: বহুত ট্ৰেজেদি| ল’ৰা হৈ জন্ম লৈছিলোঁ, কিন্তু ছোৱালীৰ নিচিনাকৈ মেক-আপ কৰি ছোৱালীৰ ড্ৰেছ পিন্ধি থাকিবলৈ ভাল পাওঁ| তাকে ঘৰৰ মানুহে বুজি নাপায়... মোক ল’ৰাৰ লগত হলি-গলি কৰিবলৈকো নিদিয়ে, সেই কাৰণেই মৰিবলৈ ওলাইছোঁ| থেংকছ ফ’ৰ দা কিছ চুইটো...

by Changmai

Saturday 20 April 2013

Kalita Mastor


কলিতা মাষ্টৰে শ্ৰেণীকোঠাত বৰ যত্নৰে পঢ়ুৱায় | 

নপঢ়ুৱাবই বা কিয় ? 

টেটৰ টপাৰ আছিল কলিতা | 
মুখ্যমন্ত্ৰীয়ে নিজ হাতেতে নিয়োগপত্ৰ দিছিল কলিতাক | 

হেন জানি সন্মানৰ কথাও জড়িত হৈ আছে তেওঁৰ | 

টপাৰ হেতুকে বাকী মাষ্টৰবোৰৰ লগত বিশেষ হলি গলি নকৰে কলিতাই |

 ষ্টেটাছৰ কথা আছে নহয় | বছৰেকীয়া পৰীক্ষা ওচৰ চাপি আহিল | 

কলিতাও ব্যস্ত ছাত্ৰবোৰক ৰিভিজনৰ ফাইনেল টাচ্ছ দিয়াত |এদিন শ্ৰেণীকোঠাত........

কলিতা : ছাৱা, ছ’লীহ’ত, তহঁতৰ কিবা সুধিব লগা আছে যদি আজিয়েই সুধি ল’, পিছলৈ আৰু সময় নাই কিন্তু |
তীখৰ : ছাৰ.......

কলিতা( পুলকিত হৈ): কি আছে ক’ আক’, ভয় নকৰিবি, মই আছো নহয় ....

তীখৰ (তামাম লেবেলত): ছাৰ, প্ৰশ্নকাকতখন কোনটো প্ৰেছত ছপাবলৈ দিছে ?

by Sushmita D

Friday 29 March 2013

প্ৰিয়া মাথো তোমাৰ এখন ফটো


নালাগে মোৰ শুকান বুকু জীপাল কৰিবলে 
নালাগে মোক সপোনত সোণৰ কাৰেং সাজিবলে
বিচাৰিছো প্ৰিয়া মাথো তোমাৰ এখন ফটো 
আমাৰ শাকনিবাৰীৰ পৰা চৰাই খেদিবলে ... 

by subrat Chetia