Thursday 3 May 2012

পিকনিক

The Curious lad at a picnic

নদাই ভদাই আৰু নয়ন  এদিন পিকনিক খাবলৈ গ’ল |পিকনিক স্প’ট হ’ল ঘৰৰ পিছফালে থকা হাবিখনৰ মাজৰ খালী ঠাই এটুকুৰা | ঘৰৰ পৰা প্ৰায় ডেৰ কি.মি. বাট; গতিকে সকলোৱে ঘৰতেই খোৱা বস্তু ৰান্ধি মেলি লৈ গ’ল | তাত পাই হে দেখে যে পানী আনিবলৈ পাহৰিলে, বিনা পানীত নো কেনেকৈ জ্বলা জ্বলা চিকেন কাৰী আৰু কণীৰ দম খোৱা যায় ? 

অলপ পৰ গুণা গঁথা কৰাৰ পিছত সিদ্ধান্ত হ’ল যে পটকৈ দৌৰ মাৰি নয়নে পানীৰ বটল দুটা ঘৰৰ পৰা লৈ আহিবগৈ | নয়নো যাবলৈ মান্তি হ’ল, কিন্তু এটা চৰ্তত... যে সি উভতি নহালৈকে কোনেও একো খানাতে হাত দিব নোৱাৰিব | নদাই আৰু ভদাইও ৰাজী হ’ল | এতেকে, নয়ন ওলাল...

১০ মিনিট
২০ মিনিট
আধা ঘন্টা
.
.

.

দুঘন্টালৈকে নয়নৰ দেখাদেখি নাই...

আমনি লাগি লাগি নদায়ে ভদাইক ক’লে- এইটো ইমান দেৰি উভতি অহা নাই, সময় ইমান বেলি হ’ল, বৰ ভোক লাগিছে... পেটে সহিব নোৱাৰিছে আৰু... ব’ল আমি অলপ অলপ খাই লওঁ...

ভদায়েও সন্মতি দিবলৈ মুৰতো দুপিয়াই হে.... তেনেতে ডাঙৰ গছ এজোপাৰ পিছফালৰ পৰা নয়নে মাত লগালে- "চাবি আক’ তঁহতি এনেকৈ খাবলৈ আৰম্ভ কৰিলে ম‍ই পানীৰ বটল আনিবলৈ নাযাওঁ কৈ দিছোঁ.... "


by Changmai#

No comments:

Post a Comment