Friday 30 May 2014

অই পাগল

By: Hemanta Kumar Medhi
এটা পাগল ৰাস্তাত শুই আছিল
। ট্রাক ড্রাইভাৰ এজনে তাৰ
ট্ৰাকখন ৰখাই অনবৰত হৰ্ণ
বজাই আছে, তথাপিও
পাগলটো উঠা নাই ।
অৱশেষত
ড্রাইভাৰজনে নামি ক'লে,
"অই পাগল, ৰাস্তাৰ
পৰা উঠি নগ'লে তোৰ গাৰ
উপৰেৰে ট্রাক চলাই নিম ।''
পাগল (হাঁহি হাঁহি) :-- অলপ
আগতে মোৰ গাৰ
উপৰেৰে প্লেন এখন গ'ল, তাতেই
একো নহ'ল । আৰু
ট্ৰাকখনেৰে কি হ'ব, নুঠং যা ।

আৰ ইউ ৰিলেকসিঙ

By: Deepak Thapa
এবাৰ অসমৰপৰা জগত সিঙ লণ্ডনলৈ ফূৰিবলৈ গৈছিল । তাত সাগৰৰ পাৰত বহি সকলোবে সাগৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি জিৰণি লৈ আছে।জগত সিঙো এঠাইত গৈ বহিল।
তেনেতে এজন মানুহ আহি সূধিলে -আৰ ইউ ৰিলেকসিঙ 
জগত সিঙ : ন' ন ', আই এম জগত সিঙ
কিছূ সময়ৰ পিছত ইজনৰ পিছত সিজনে একেটা প্ৰণ্শকে বাৰে বাৰে সূধি থকাত একেটা উত্তৰকে দি দি আমনি লাগি আহিল আৰু সেই কাৰনে বেলেগ এঠাইত বহিবলৈ উঠি গ'ল । তাত আগৰেপৰা বহি থকা মাণূহ এজনক দখি জগত সিঙে সূধিলে: আৰ ইউ ৰিলেকসিঙ ?
মানূহজনে লগে লগে উত্তৰ দিলে - ইয়েছ আই এম ৰিলেকসিঙ ।



জগত সিঙেও লগে লগে এক চৰ মাৰি খঙেৰে কলে: চালা তোক অথনিৰে পৰা ইমাণবোৰ মানূহে বিচাৰি ফূৰিছে তই মনে মনে আহি ইয়াত বহি আছ?

বিশ্বাস

BY: Bapan Dey
১ম বন্ধুঃ দোস্ত, মোৰ ঘৈণীৰ ওপৰত মোৰ আৰু বিশ্বাস নাই। কেবল মিছা কথা কয়। কি যে কৰো..!
২য় বন্ধুঃ কিয়, কি হৈছে দোস্ত?
১ম বন্ধুঃ আৰু নকবি ভাই। যোৱা কালি ৰাতি মই ঘৰত নাছিলো। ৰাতিপুৱা আহি দেখো, ঘৈণী ঘৰত নাই। দুপৰীয়া ঘৰ আহি পোৱাৰ লগে লগে সুধিলো, ক'ত গৈছিলা? ক'লে তাইৰ ভনীয়েকৰ ঘৰত ৰাতি থাকিব গৈছিল।
২য় বন্ধুঃ হুম, তাতে বিশ্বাস নকৰিব লগিয়া কি আছে? 
১ম বন্ধুঃ আৰে, তাইৰ ভনীয়েক দেখোন ৰাতি মোৰ লগত আছিল।

আকস্মিক বক্তৃতা

By:Rakesh Barman
নমস্কাৰ ।
আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে ছোৱালী ।

প্ৰথমে ছোৱালী কাক বোলে ?
.
.
.
.
চাইকেল, স্কুটাৰ, মটৰ চাইকেল, মাৰুতি কাৰ আদিৰ পাছ ফালৰ চিটত ল'ৰাৰ সৈতে উঠি যিবিলাক মহিলাই দোকানে পোহাৰ, চিনেমা থিয়েটাৰে, ৰাস্তাই ঘাটে, অলিয়ে গলিয়ে ঘুৰি ফুৰে তাকে ছোৱালী বোলে ।

প্ৰকাৰ :
ছোৱালী তিনি প্ৰকাৰৰ ।
পুংলিংগ, স্ত্ৰীলিংগ আৰু উভয়লিংগ ।
পুংলিংগ : যিবিলাক ছোৱালীয়ে ল'ৰাৰ নিচিনাকৈ চুলি কাটি লংপেণ্ট চাৰ্ট পিন্ধি ঘুৰি ফুৰে সেইবিলাককে পুংলিংগ বোলে ।
স্ত্ৰীলিংগ : যিবিলাক ছোৱালীয়ে মেকছী, শাৰী, মেখেলা চাদৰ, চেলোৱাৰ কামিজ আদি পিন্ধি ঘুৰি ফুৰে সেইবিলাকক স্ত্ৰীলিংগ বোলে ।
উভয় লিংগ : কিছুমান ছোৱালীক দেখিলে ধৰিবই নোৱাৰি ল'ৰাই নে ছোৱালী । ওচৰলৈ গৈ ভালদৰে চালেহে ছোৱালী বুলি গম পোৱা যায় । তেনে ধৰণৰ
ছোৱালীকে উভয়লিংগ ছোৱালী বোলা হয় ।

বৰণ : ছোৱালীৰ বৰণ তিনিটা । ক'লা, বগা আৰু পখৰা ।
ক'লাটো ক'লায়েই আৰু বগাটো বগায়েই ।
পখৰাটো হল কিছুমান ছোৱালীক দেখিব গালে মুখে ফেয়াৰ এণ্ড লাভলি, স্নো পাউদাৰ, লিপষ্টিক, আইব্ৰো আদি ঘহি একেবাৰে কুইন হৈ আহিছে । কিন্তু যেতিয়া অলপ বৰষুণ পৰে তেতিয়াই ৰং সলনি হৈ ক'লা যেন ও নেদেখি আৰু বগা যেন ও নেদেখি সেইটোকে পখৰা বোলে ।
উপকাৰীতা : ছোৱালীৰ লগত ভাল সম্পৰ্ক থাকিলে বিভিন্ন সময়ত ধুনীয়া ধুনীয়া শুভেচ্ছা পত্ৰ বিহুৰ সময়ত ৰুমাল গামোচা আদি আদি কিছুমান
সামগ্ৰী সময়ে সময়ে পাই থাকিব পাৰি । ইয়াৰ ওপৰিও তেওঁলোকৰ ঘৰলৈ কৰা সঘন যাতায়তৰ জৰিয়তে ধুনীয়া ধুনীয়া বিভিন্ন ধৰণৰ মিঠাই চাহৰ লগত
বিনামুলীয়াকৈ সোৱাদ লব পৰা যায় ।

 অপকাৰিতা : তেওঁলোকৰ লগত পৰি হোটেল , চিনেমা, থিয়েটাৰ, পাৰ্ক আদিলৈ যাওঁতে আপোনাৰ পকেটৰ লালবাটি জ্বলিব পাৰে । দামী দামী গিফ্ট
দি দি দেউলীয়া হোৱাৰ উদাহৰণ বহুতো আছে ।

ধন্যবাদ
বিঃদ্ৰঃ ৰচনাটি কেৱল হাহিৰ বাবেহে দেই ।

$ এটা মধুৰ কল্পনা $

By: Anuj Kumar Das


ৰাইজ ! আমিবোৰ কল্পনা বিলাসী নহয় নে ?

ধৰি লওঁক.. ভৱিষ্যতে হব লগীয়া আমাৰ নিভা'মেমৰ বিবাহিত জীৱনৰ এটি কল্পনা !



সেইটোকেই..আজি কল্পনা কৰো আহক !

হঠাৎ আমাৰ ন-বিবাহিতা নিভামেম্ উচুপি উচুপি কান্দি আছে আৰু তেওঁৰ শাশু-আইয়ে ওচৰতে ৰৈ...ন-বোৱাৰীয়ে কান্দি থকা কাৰণটো বুজিব নোৱাৰি...বিবুদ্ধিত পৰি সুধিলেঃ- আই ! কিয় কান্দিছা ? তোমাক কোনোবই কিবা কলে নেকি ?
.

নিভামেম উচুপনি মুদ্ৰাত নিমাতী কইনামতী ৰূপে:-নিশ্চুপ !
.

কেৱ্ল উচুপনিৰে চকুলো বোৱাই কান্দোন !
.

শাশুৱেকঃ- কোৱা আই ! সংকোচ নকৰিবা...মই তোমাৰ মা'ৰৰ দৰে নহয় নে ?
.

মনত অলপ জোৰ বান্ধি নিভামেমে কলেঃ-কলেঃ-'মা'...কওঁকচোন...মই বাৰু দেখিবলৈ "যখিনী"ৰ দৰে নে ?
.

শাশুৱেকঃ-Oওৱা ?...কোনে কৈছে ? ছিহ্ ! বিলকুল নহয় । তুমি মোৰ লখিমী বোৱাৰী ।
.

পুনৰ উচুপি উচুপি নিভামেমঃ- তেনেহলে মোৰ মুখখন সেই বগী গাইজনীৰ নিচিনা 'বেঙা' নে ?
.

শাশুৱেকঃ- ছি: ছি ! ... কি যে কোৱা ?
.

পুনৰ চকুলো মুচি মুচি...নিভামেমঃ- মোৰ চকুকেইটা 'চুক ভেকুলী' দৰে নে ?
.

শাশুৱেকঃ- হে ইশ্বৰ ! তোমাক কোনে কলে এইবোৰ ?..কৃষ্ণ ! কৃষ্ণ !
.

নিভামেম (বেজাৰ মনেৰে ) :- তেন্তে মোৰ নাকটো "পকৰি"টোৰ নিচিনা "ডলা পকা" নে ?
.

শাশুৱেকে মূৰত হাত দি...আৰ্তনাদ কৰি কলেঃ- হে: প্ৰভূ ! তোমাক এইবোৰ কোনে কলে ? হাৰামীৰ নেগুৰহঁত...মোৰ বোৱাৰীজনীৰ মাথা খালে ঔ !...আৰু কিবা কবলৈ বাকী আছে নেকি...আই ?
.

নিভা'মেমে পুনৰ সুধিলেঃ- "মা" মই দেখিবলৈ সেই ৰামায়ণৰ 'সুপৰ্ণখা'ৰ নিচিনা নে ?"
.

শাশুৱেকঃ- ওফ্ ৰাম ! ৰক্ষা কৰা প্ৰভু ! সংসাৰখনত কোনে বাৰু জুই লগাবলৈ এনে কাণ্ড কৰিলে ?...কৃষ্ণ প্ৰভূ...তুমি হে জানা ?

নিভামেমৰ কান্দোনত ফুলি উঠা...চকু মোহাৰি মোহাৰি কলেঃ-"তেনেহলে 'মা' ! আমাৰ ওচৰ-চুৱৰীয়া তিৰোতাবিলাকে তাছিল্ল্য কৰি কিয় কয় ?
তুমি একেবাৰে তোমাৰ শাশু-আইৰ নিচিনা Photo-Copy ! "

.
.
.

নিভামেমৰ কথা শুনি শাশুৱেক....SHOCK !
কেছ 2 on the ROCK !

কিবা ধৰিব পাৰিছে নে ?

মন্তব্য দিব দেই !

#‪#‎আকৌ‬ আশীষ'দা ##

By: Anuj Kumar Das

ঘৰটোৰ বন্ধ দূৱাৰখনৰ সন্মুখত থিয় দি কনমানি লৰাটোৱে জপিয়াই জপিয়াই বাৰে বাৰে কলিং বেলটো বজাবলৈ চেষ্টা কৰা দেখি...

পথেৰে গৈ থকা আমাৰ আশীষ'দাৰ...কনমানিটোলৈ পুতৌ জাগিল আৰু কাষলৈ গৈ লৰাটোক দাঙি দি কলে:-"সোন...এতিয়া বেলটো বজাই দিয়া ।"
.
.
.


কনমানি লৰাটোৱে মনৰ সুখত ১০/১২ বাৰ মান কলিং বেলটো বজাই দিলে...তাৰপাছত কোলাৰ পৰা তাক নমাই দি আশীষ'দাই সুধিলে:-"সোন ! তোমাক আৰু কিবা সহায় কৰি দিব লাগিব নে ?"
.
.
.

তৎক্ষণাত লৰাটোৱে দৌৰিবলৈ ধৰি...আশীষ'দাক কলে:-"খুৰা ! বেগেৰে পলাওঁক...হাৰামী পুলিচটোৱে তাৰ পাগল কুকুৰটোক চুৱাই দিব...পলাওঁক পলাওঁক...নহলে কুকুৰৰ কামোৰ খাব !"
.
.
.
লৰাটিৰ কথা শুনি...বেহুচঁ আশীষ'দা !
প্ৰাণৰ ভয়ত লোধোৰ-পোধোৰ দেহাৰে...
পলাল তাৰপৰা !

নীতিকথা:-"উপকাৰীক অজগৰে খায় ।"

আৰু-"আশীদা'ৰ নিস্তাৰ নাই ।"

মোক কেনেকোৱা লাগিছে??

By: Kunja Kakati

এজনী ছোৱালীয়ে
তাইৰ নিজৰ ফটো এখন আপলোড কৰি লিখিছে
মোক কেনেকোৱা লাগিছে ফ্ৰেইন্ডচ
.
.
.
.
.
.
.
.
.
.
মই কলো----> তোমাৰ দেউতা বা মাৰাই ৯হাজাৰ বা ১০হাজাৰ টকা খৰছ কৰি মবাইল কিনি দিছে যেতিয়া তোমালোকৰ ঘৰত একেবাৰে কম দামৰ মানে ৫০০ টকা মান দামৰ এখন আইনা নিশ্চয় থাকিব !!


সেইখনতে চাই লোৱা নিজক কেনেকোৱা লাগিছে ??

আমাক কিয় সুধিব লাগে  ভুটুনী !!!!

আই ঔ লগে লগে ব্লক মাৰিলে বে

আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?

By: Gautam G Ovi Nd
এগৰাকী মহিলালৈ এবাৰ এজন পুৰুষৰ পৰা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: আছে, পিছে আপুনি কোন?
পুৰুষ: মই তোৰ ককায়েৰ ।


আকৌ ঠিক তেনেদৰেই আৰু এটা ফোন আহিল ।

মহিলা: হেল্ল্
পুৰুষ: আপোনাৰ বয়ফ্ৰেণ্ড আছেনে?
মহিলা: নাই, পিছে আপুনি কোন?
পুৰুষ: মই তোমাৰ বয়ফ্ৰেণ্ড ।
মহিলা: অহ! চৰি চৰি, তোমাক মই মোৰ দাদা বুলি ভাবিছিলো ।
পুৰুষ: হাৰামজাদী, মই তোৰ গিৰিয়েৰ । ৰ' তোক ঘৰত গৈ দি আছো ।।

হনুমান

by: Prasanta Kumar Nath

ৰাম লক্ষ্মণ সিতাৰ লগত হনুমানো লংকাৰ পৰা অযোধ্যা লৈ ঘুৰি আহিল কেইদিন মান থকাকৈ । পুৱায়ে হনুমান ওচৰতে থকা নদী খনত সদায় গা ধুবলৈ যায় । যেতিয়া গা ধুই ঘুৰি আহে হনুমান , তেতিয়া আলি কাষৰ কাপোৰ চিলোৱা দজী এজনে হনুমানক আগ ভেটি সদায় কয়........

হনুমান , তই ক'না লংকা খন কেনেকৈ জ্বলালি............
দজী ক'কাই বাদদে সেয়বোৰ কথা.....


নাই , দজীয়ে নামানে তাক কবয়ে লাগিব.....

এদিন গ'ল.....

দুদিন গ'ল.......

এদিন হনুমানে কলে ,ক'কাই অহা কালি গা ধুবলৈ আহোঁতে তোক দেখুৱায় থৈই যাম হা....

পিছ দিনা হনুমান আহি দজী দুকানত সোমায় কলে-এতিয়া মোৰ নেগুৰত কাপোৰ বান্ধ....

দজীয়ে সেয়মতে কাপোৰ মেৰিয়াই বান্ধিলে....

তাৰ পিছত ,

এতিয়া....তই মোৰ নেগুৰত জুই লগাই দে....

দজীয়ে দিলে নেগুৰত লগায় জুই..........

হনুমানে নেগুৰত জুই লৈই কলে....
তই এতিয়া ৰাৱণ.....মই হনুমান আৰু তোৰ দুকান খন লংকা ।

তাতে কি হ'ল......দজীয়ে কলে ।

এতিয়া ৰাৱণৰ দৰে হাঁ.....,

হনুমানৰ কথাত দজীয়ে ৰাৱণৰ দৰে হাঁহিব লাগিল...,....

এতিয়া তই কান্দি থাক বুলি কৈয় ........
দুকান খন জ্বলায় দিলে ।

চুঙা চাই সোপা.......

বান্দৰ পৰা যি শিক্ষা লয় সিও বান্দৰে ।
(এতিয়া মাথোঁ আপোনাৰ মত......)

ৰিজাল্টৰ পিছত..

By: Ashish Majumdar

ৰিজাল্টৰ পিছত..
ছোৱালী১- (কান্দি কান্দি) মাত্র ৯১ পালোঁ।
ছোৱালী২- ( আৰু বেছিকৈ কান্দি) পাঁচবাৰ ৰিভিজন দিয়াৰ পিছতো ৯০ কেনেকৈ পাওঁ?
ছোৱালী৩- মই ৯৩ লৈ দেউতাৰ আগত কেনেকৈ মুখ দেখুৱাম?
ছোৱালী৪- (হায়ৈ বিয়ৈ কৰি) ৯০ত একো লাভ নাই!


ল'ৰাৰ প্রতিক্রিয়া..
ল'ৰা১- এইবাৰ পুৰা কঁপাই দিছো বে..৪৩ পালোঁ
ল'ৰা২- ময়ো পাছ কৰিলোঁ, দেউতাই শুনিলে ডান্স আৰম্ভ কৰি দিব।
ল'ৰা৩- ছাৰে নকল মাৰিব দিছিলে, সেয়ে ওলাই গলোঁ। ছাৰ নহয় বে ভগৱান!
ল'ৰা৪- পুৰা ৩৩ পাইছোঁ, এতিয়াও বিশ্বাস হোৱানাই মই যে পাছ কৰিছোঁ! আজি পাৰ্টি কৰোঁগৈ ব'ল!
আটাইবোৰে সমস্বৰে- ব'ল ব'ল !!!

Tuesday 13 May 2014

কাজিয়া

By: Mintu Das

শিক্ষক : ৰিতু তোমাৰ আজি স্কুললৈ অহা কিয় ইমান পলম হল?
ৰিতু: মানে ছাৰ মা আৰু দেউতাই কাজিয়া কৰি আছিলে।
শিক্ষক : (ধমকি সুৰত) আাৰু তই হবলা তাকে চাই আছিলি।
ৰিতু : নহয় ছাৰ, কাজিয়া শেষ হোৱালৈকে ৰৈ থাকিব লগা হল।কাৰণ জোতাযোৰ এপাত মাৰ হাতত আৰু আন পাত দেউতাৰ হাতত আছিলে।

ভাওনা

By: Madhurjya Dutta

এটা সঁচা কাহিনী:-
এবাৰ নামঘৰত ভাওনা পাতিলে,ঠিক টোটোন তামুলি ৰ ভাওনাৰ দৰেই হ'ল ৷
১/ ৰজা,মন্ত্ৰী,সেনাপতি ৰাজসভা ৷ ৰজাৰ ভাও লোৱাজনে মন্ত্ৰীৰ ভাও লোৱাজনৰ লগত ভাওনাৰ আগদিনা কাজিয়া লাগি মাতবোল নাই ৷ এতিয়া ৰজাই মন্ত্ৰীক ৰাজ্যৰ খবৰ সোধে কেনেকৈ মাতবোল নাই যেতিয়া ৷ সেয়ে নতুন পন্থা অৱলম্বন কৰি সুধিলে- সেনাপতি, মন্ত্ৰীবৰক সোধা, ৰাজ্যৰ খবৰ কি? মন্ত্ৰীয়ে ক'লে- সেনাপতি, মহাৰাজক কোৱা, সকলো ঠিকেই আছে ৷ 

২/ শিৱক এজন দৈত্যই স্তুতি কৰিছে বৰ বিছাৰি, শিৱ নাই ৷ সকলোৱে শিৱক বিছাৰি ফুৰিছে, বহুদেৰিৰ পাছত শিৱ ওলাল ৷ সকলোৰে প্ৰশ্ন ক'ত গৈছিলি?
শিৱৰ উত্তৰ: মোৰ ভাওটো দেৰিকে ওলাব কাৰনে ম'হটোক ধানখেৰ অলপ খুৱাই আহো বুলি গ'লো,কিন্তু ম'হে মোৰ এই পোছাক পিন্ধি যোৱা কাৰনে এৰাল চিঙি পলাল, ম'হৰ পিছে পিছে মই ধৰিবলৈ যাব লগা হ'ল ৷

কানচেপা

By: Dali Kaushik Chutia
এদিন কনটিলা হোটেলত চাহ খাবলৈ সোমাওঁতে কাম কৰা লৰাটোৱে কাপোৰত চাহ পেলাই দিলে। ৰবলৈ সময় নাই, কনটিলাই তাক দিলে মস্ত কানচেপা এটা। চাহ খাই উঠি কনটিলা মেনেজাৰৰ ওচৰলৈ আহিল-

কনটিলা- কিমান পইচা হ'ল?
মেনেজাৰ- দুটকা পঞ্চাশ পইচা।
কনটিলা- কেলৈ, একাপ চাহৰ দাম দুটকাহে।
মেনেজাৰ - হয় দুটকাই। কিন্তু আপুনি বয়টোক দিয়া কানচেপাৰ বাবে পঞ্চাশ পইচা এক্সট্ৰা।
কনটিলা- (গহীনাই মেনেজাৰকো কানচেপা এটা দি) হোঁ, তিনিটকাই ৰাখি থ। খুচুৰা নাই।

পত্নী আরু মাকর মাজর পার্থক্য

By: Niva Gogoi

*********************************
1,,পত্নীয়ে পতিৰ দূখ বোৰ কলেও বুজি নাপায় কিন্তু মাকে নকলেও
বুজি পায় ।


2,,কৰবাৰ পৰা আহিলে পত্নীয়ে হাতলৈ চাই কিন্তু মাকে মূখলৈ চাই

3,,,পত্নীক উপহাৰ দিয়া বস্তু এটাৰ দাম হাজাৰটকীয়া হলেও সি সস্তীয়া হয কিন্তু মাকৰ বাবে বৰ দামী হয ।

4,,,পুতেকে আঘাট পালে মাকৰ বুকুখন বিষায় কিন্তু পত্নীৰ মন টো বিষায় ।

5,,,মাকে সদায় পুতেকৰ দূষ বোৰ লুকুব্।ই কিন্তু পত্নী সদায় উলিয়াই ফুৰে....

6,,,মাকে সদায় পূতেকক শকত হোব্।তো কামনা কৰে কিন্তু পত্নীয়ে নকৰে...।

7,,,মাকে আলহীৰ লপত পুতেকে হাঁহি হাঁহি কথা পাতিলে ভাল পায় কিন্তু পত্নীয়ে বেয়া পায ।

8,,পত্নীয়ে বাচন খিনি তুমি ধোব্। বুলি কয় কিন্তু মাকে তই ধুব নালাগে বুলি কয় ।

9,,,পত্নীয়ে কাজিয়া লাগিলে তোমাৰ নিচিনা বহুত পাম বুলি কব পাৰে কিন্তু মাকে কব নোব্।ৰে ।

10,,,খং উঠিলে পত্নীযে এতিয়াই তোমাক এৰি থৈ যাব পাৰিম বুলি কয় কিন্তু মাকে তোক এৰি যাব নোব্।ৰো বুলি হে কয়......

আৰু আছে

@জোনবাই ২০৫০@

by: চিন্ময় দত্ত

আমাৰ পৰৱর্তী প্রজন্মই "জোনবাই এ বেজি এটি দিয়া বুলি..." গানটো কেনেকৈ গাব জানেনে

জোনবাই এ;
মবাইল এটি দিয়া বুলি
পদ্য মতা বয়সত;
তুমি পঢ়িছিলা এচি ৰুমত বহি
এপেল আইফোন ৰে লগত।।
আৰু মই তোমাকে 3G কল কৰি চালো জান ঐ;
ফটোচপ ৰ ইডিটিংত তোমাৰ মুখনি
নতুন ৰঙেৰে উঠিছিল জিলিকি।।


জোনবাই এ;
লেপটপ এটি দিয়া বুলি পদ্য মতা বয়সত,
আমি পঢ়িছিলো আৰামী চকীত বহি
প্লে-স্কুলৰ চোতালত।।
আৰু মই তোমাৰে ফটো লৈছিলো জান ঐ;
মৰম বুজি তুমি নাপালা ঐ,
ৱালপেপাৰ তেতিয়াৰ পৰাই তোমাৰে অ।।

মৰমজান ঐ;
ফেচবুকৰ বুকুতে চাটিং কৰা বয়সত;
তুমি পঢ়িছিলা ডুবাইৰ স্কুলত
এইটত নে ও নাইনত।।
আৰু মই তোমালৈ সদায় ৰাতি কৰি চাটিং;
ফটো টেগ কৰো তুমি ভাল পাবায়ে বুলি;
কোৱাই নহল জানা তোমাকে ও,
ভাল পাও বুলি এবাৰ চাটিংত অ।।

দেহাজান ও;
জীৱনত প্রথমবাৰ মিনি স্কার্ট পিন্ধোতে;
তুমি জোকাইছিলা গাল ৰঙা পেলাই ডিস্ক বাৰত পাই অকলে।
আৰু মই উচুপি উচুপি কান্দিলো জান ঐ;
কোমল বয়সৰ কোমলীয়া মন;
দেহাত জাগিছিল যৌৱনৰ শিশৰণ।।

কোন হয়?

BY: ডঃ মাখন লাল দাস

নগেন আৰু খগেন মিলিটেৰীত ভৰ্ত্তি হ'ল৷

প্ৰশিক্ষণ আৰম্ভ হ'ল৷ সকলো শাৰী পাতি থিয় হৈ আছে৷


প্ৰশিক্ষকজন খগেনৰ ওচৰ পালে আৰু খগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: এইটো কি?

খগেনে লগে লগে উত্তৰ দিলে..
: এইটো বন্দুক..

প্ৰশিক্ষকজনে অতি গহীনাই কিন্তু সকলোৱে শুনাকৈ ক'বলৈ ধৰিলে..
: এইটো বেলেগ মানুহৰ কাৰণে বন্দুক৷ কিন্তু তোমাৰ বাবে এইটোৱেই তোমাৰ সকলো৷ই তোমাৰ মান, সন্মান, সাহস, অনুপ্ৰেৰণা..... চমুকৈ ক'বলৈ গ'লে এইটো তোমাৰ মা.....

খগেনে মূৰ দুপিয়াই শলাগিলে...

এইবাৰ প্ৰশিক্ষকজন নগেনৰ ওচৰ চাপি আহিল৷ তেওঁ নগেনৰ হাতত থকা বন্দুকটোলৈ আঙুলিয়াই সুধিলে..
: তুমি কোৱাচোন এতিয়া, তোমাৰ হাতত এইটো কি?

নগেনে তপৰাই ক'লে..
: এইটো খগেনৰ মা...
মানে আমাৰ আন্টি....

পতি-পত্নী

by: Dibakor Borah

এবাৰ এজনী খুলালী নিজৰ ভিনিহিয়েকৰ সৈতে ৰেলত গৈ আছিল। ৰাতি তাই বহু দেৰিলৈকে ভিনিহিয়েকক নিজৰ কাহিনী শুনাই আছিল।

অকস্মাতে ভিনিহিয়েকে তাইক সুধিলেঃ

“আহা আজিৰ ৰাতিটো আমি দুয়োজনে “পতি-পত্নীৰ” দৰে কটাও.. কেনেকূৱা হ’ৱ বাৰু ?”


তেতিয়া খুলালীয়েকে লাজ লাজ ভাৱে ক’লেঃ

“উম..., যেনেকৈ আপোনাৰ ইচ্চা”













ভিনিহিয়েকঃ “ঠিক আছে, তেতিয়া হ’লে তোমাৰ মুখৰ বক-বকনী বন্ধ কৰা আৰু মোক শুবলৈ দিয়া।”

পেহী

by: Ideal Hero Janardan Neog

এজনী ছোৱালীয়ে কলেজত এডমিচন ল’লে প্রথমদিনাৰে পৰা ক্লাছৰ সকলোৱে তাইক 'পেহী'বুলি জোকাবলৈ ল’লে।

বেচেৰীয়ে কিছুদিন সেই জ্বালা সহ্য কৰিলে।কিন্তু শেষত তাই বিৰক্ত হৈ পিন্সিপালক আপত্তি দিলে ।

ছোৱালীজনীৰ কথা শুনি পিন্সিপালৰ বৰ খং উঠিল ।তেও ক্লাছৰুমলৈ গ’ল আৰু সকলোকে ক’লে , "যিয়ে এওক পেহী বুলি মাতা তেওলোক থিয় হোৱা ।"


এটা এটাকৈ ক্লাছৰ সকলো থিয় হ’ল ।

কেৱল পাপু বহি থাকিল , তাকে দেখি পিন্সিপাল আচৰিত হ’ল আৰু তাক সুধিলে , "কি হ’ল পাপু তুমি বহি থাকিলা যে?তুমি এওক পেহী বুলি নামাতা নেকি?"

পাপুয়ে হুমোনিয়াহ এটা কাঢ়ি ক’লে , "নহয় ছাৰ , মই মানে এই ক্লাছৰ পেহা।"

মিছা কথা

by:
Bitupon Saikia
এজন মানুহে এখন ঠাইত এটা ডাঙৰ মিছা কথা কৈ জনপ্ৰিয় হৈ পৰিল । মিছা কথাত বিখ্যাত হৈ পৰা বাবে তেওঁক সকলোৱে চিনি পাইছিল । বিশেষ কাৰণ এটাৰ বাবে তেওঁ অন্য এখন ঠাইত যাব লগা হল ।
সেই ঠাইত প্ৰায় ৭৫ বছৰীয়া বুঢ়ী আইতা এগৰাকী দৌৰি আহি সুধিলে বোপা তইয়ে বিখ্যাত মিছলীয়া মানুহজন নহয় জানো ??????
মানুহ জনে লাহেকৈ কলে :- মানুহৰ কথা বাদ দিয়ক মই আপোনাক দেখি আচৰিত হৈছো আপোনি কিন্তু এই বয়সতো গাভৰু জনী হৈ আছে । গাৰ ৰং , চাল এতিয়াও ধুনীয়া হৈ আছে ............
বুঢ়ীআইতাই :- অলপ লাজ কৰি
........ইছছ
সমাজৰ মানুহ বোৰ বৰ হাৰামি চকু চৰহা থাকে দেই ইমান মৰমীয়াল সচাঁ অন্তৰৰ মানুহকো মিছলীয়া বুলি কয় .............

¤লটিঘটি¤

Naba Krishna Deka

বাপৰে ... বাছখনত কি ভিৰ ?... কিবাকৈ ওপৰফালে থকা লোহাডালত ধৰি লৈ গৈ আছো ।... মোৰ পিচফালে পিঠিয়া পিঠিকৈ বিপৰীত ফালৰ লোহা ডালত ধৰি ঠিয় দি গৈছে এজন ভদ্রলোক ।...

:"হেৰি কিয় টিকা খজুৱাই আছে !"... হঠাত্‍ ভদ্রলোকে মোক উদ্দেশ্য কৰি কলে ।...


:"কিয় খজুৱাইছে মানে !মোৰ টিকা খজুৱাইছে সেইবাবে খজুৱাইছো তাতে আপোনাৰ কি হ'ল ?"... ময়ো বাপ্পেকে অলপ ফায়াৰ হৈয়েই কলো ।...

:"হেৰি, কি মানুহ হে' আপুনি ?.. আপোনাৰ টিকা খজুৱাইছে যদি আপোনাৰ টিকা খজুৱাওঁক ; মোৰ টিকাত আকৌ কিয় খজুৱাই আছে হে' ?"... ভদ্রলোকজনে মোক ডবিয়াই উঠিল ।...

...বৰ লাজ পালো বুজিছে ! গোটেই বাছৰ মানুহে মোক চিৰিয়াখানাৰ ভালুক চোৱাদি ঘূৰি ঘূৰি চাই গির্জনী মাৰি হাঁহিলে ।...

Wednesday 30 April 2014

লিপিপেহীৰ ছাতিটো

Pankaj Neog

বহু দিন Lipika পেহীৰ কথা কোৱাই হোৱা নাই.....
যোৱাবাৰ বাৰিষা লিপিপেহীৰ ছাতিটো চুৰে নিলে.... নিলে মানে হেৰি আৰু... বৰষুণ দি থাকোতে ছাতিলৈ তাৰিখনি (ডেটিং) কৰিবলৈ গ'ল... কিন্তু ঘুৰি আহোতে বৰষুণ নথকাত ছতিটো পাহৰি আহিল।
.. এইবাৰ পেহীয়ে এটা নতুন ছাতি কিনিলে। ফেছবুকত ষ্টেটাছো দিলে... "মই আৰু মোৰ নতুন ছাতি'' ... কিন্তু আমাৰ বিগবছ তো কম মানুহ নহয়..
ছোৱালীয়েই হওক বা ছাতিয়েই হওক
তন্ন তন্ন কৈ ফটো চোৱাটো কৈশোৰে অভ্যাস...
,,,, বিগবছে ফটোখন দেখি অবাক
বিগবছ : হাউ লিপি... কি ছাতি কিনলা হে .. ওপৰৰ ফালে দেখুন ফুটা?
লিপিপেহী: নহয় হা... মই কৰি লৈছো ফুটাটো..
বিগবছ: কিয়া.....
লিপিপেহী: বৰষুন দিছি না ৰ'দ দিছি কেংকে জানিম নহলে???

Saying !!

Chao Pra'surya Chaochin Bar-uah

১) পকা দাড়িয়েই হওক নাইবা ধর্ষণকাৰীয়ে হওক এটাৰ ওপৰটো ৰেহেম কৰিব নালাগে।
২) মোডী মেজিককেই হওক বা ৰাহুল মেজিককেই হওক হিট কিন্তু অনলি 'টাটা মেজিক'
৩) 'অহংকাৰেই হওক চৰকাৰেই হওক দেৰিকৈ হ'লেও এদিন ভাগিবই'
৪) গান্ধী বুলিলে সেই পোকটোৱেই হওক নাইবা চুনু মাইনা ৰাহুলেই হওক দুয়োটাই ভাল বিৰক্তি দায়ক দেই।
৫) তথাকথিত বুদ্ধিজীৱিয়ে হওক বা হার্ডদিস্কৰ মেমৰি ১০০০ জি.বি.য়ে হওক, ভিতৰত দৰকাৰী আৰু দমদাৰ মাল মতং নাথাকিলে দুয়োটাই নামৰ হে কামৰ নহয়।
৬) কাষলতি তলৰ গোন্ধই হওক বা অসম বন্ধই হওক ভাল অশান্তি কৰে । দুয়ো ক্ষেত্রতে আনৰ
অশান্তি অসুবিধাৰ কথাও বুজিব লাগে।
৭) লাইফতেই হওক মোবাইলতেই হওক বেলেন্স থকা বৰ দৰকাৰ।
৮) SEXয়েই হওক নাইবা TAXয়েই হওক অবৈধ হ'লে এদিন ধৰা পৰিবই। লাগিলে যিমানেই
লুকুৱাবলে চেষ্টা নকৰক কিয়।
৯) টোপনিয়েই হওক অফিছেই হওক এদিন খতি কৰিলে দুদিনলে মিলাই থাকিব লাগে।
১০) গছত বগোৱা লতাই হওক দুর্বলতাই হওক যিমান পাৰি সোনকালে আতৰাই পেলাব লাগে।
১১) স্বর্গদেউৰ কথা আৰু বালিত মুতা একেই 
১২) প্রতিযোগিতা মুলক পৰীক্ষাৰ নিগেটিভ মার্ক আৰু ৰাতিৰ হাইৱেত ৰৈ থকা টেংকাৰ বা ট্রাক। দুয়োটাৰে ক্ষেত্রত সাৱধানতা অৱলম্বন কৰাটো বিৰাট প্রয়োজন।
১৩) দিনক বাঢ়ি অহা উচ্চাকাংক্ষা আৰু জনসংখ্যাৰ ওপৰত লেকাম নলগালে ভবিষ্যত সংকতাপন্ন।
১৪) এসময়ত আলফাৰ নামত চি আৰ পিয়ে আৰু এতিয়া ব্রেকিং নিউজৰ বোকোচাত উঠি টি আৰ পিয়ে বৰ আমনি কৰিব লৈছে।
১৫) ঘৈণী আৰু শীতৰ পুৱা বাথৰুমত প্রথম মগ পানী। যিমানেই খামী ডাঠ মানুহ নহওক কিয়।
বাহিৰত যিমানেই ফালি নাথাকক কিয় এই দুয়োটাৰ আগত এবাৰ হ'লেও বুকু কপেই।
১৬) নিউজ চেনেল আৰু বিয়নিৰ মেল। দুয়োটা একেই, আনৰ কথাবোৰ খুচৰি খুচৰি বৰ ৰস পাই।
১৭) ষ্ট্রীট লাইটৰ পোহৰত জোনাকৰ মাদকতা আৰু ব্রেকিং নিউজৰ ভীৰত প্রকৃত সাংবাদিকতা। দুয়োটা একেই যেন অনুভৱ হয়।
১৮) লাইচেন্স আৰু কমনচেন্স মানুহৰ জীৱনত দুটা বৰ দৰকাৰী বস্তু। নথকা জন বিপদত পৰাৰ সম্ভাৱনাই বেছি।
১৯) খানা হজম নহ’লে হজমুলা পিছে কথা হজম নহ’লে আকৌ মুৰঘোলা 
২০) সাহিত্যিক আৰু ভূ-মাফিয়াৰ মাজতো এটা সাদৃশ্য আছে দুয়ো সদায় এটি ভাল প্লটৰ সন্ধানত থাকে।
২১) ফেছবুকৰ টেগ আৰু বনগুটি দুয়োটা একেই। অনাহকত লাগি আহে আৰু অশান্তি কৰে। গুচাই গুচাই আমনি লাগি যায়।

নাৰী কি?

Nilutpal Kalita

নপঢ়িলে পষ্টাব পঢ়িলে কিবা এটা পাব:
.
ৰাইজ, আপোনালোকে জানেনে নাৰী কি?
আচলতে ভগৱানে অফ টাইমত তৈয়াৰ কৰা এক আছৰিত প্ৰাণী । যাৰ মহিমা অপাৰ কোনেও ভালদৰে বুজিব নোৱাৰিলে । তথাপিও আমি বহু বছৰ ধৰি চলোৱা  এটি গৱেষণাৰ অন্তত কিছু তথ্য পোহৰলৈ আনিব পাৰিছোঁ । এই ক্ষেত্ৰত মোৰ সহকৰ্মী পত্নীব্ৰতা লেংটিচিগাৰ অবদান অসীম ।

*মহিলাবোৰে যিমানে পাৰে সিমানে টকা সাঁচিব খোজে ।


☆কিন্তু বজাৰৰ পৰা সকলোতকৈ দামী কাপোৰযোৰ ক্ৰয় কৰে, লাগিলে ২ ফুটিয়া এ হওক কিয় ।

*দামী কাপোৰ কিনিলেও পিন্ধিব একো নাথাকে, কিন্তু সাজি-কাচি ওলাওতে ১ ঘন্টা কৰি দিয়ে ।

☆ঘন্টাযুৰি সাঁজি কাচি লৈও নিজে সন্তুষ্ট নহয় ।

*নিজে সন্তুষ্ট নহয় বাবে গিৰিয়েকে ধুনীয়া লাগিছে বুলি কোৱালৈ ৰৈ থাকে ।

☆মহিলা গৰাকীয়ে বিচাৰে যে গিৰিয়েকে প্ৰশংসা কৰক..

*যদি প্ৰশংসা কৰেও মুখ ফুলাই বহি থাকিব।  যদি নকৰেও মুখেৰে ভোৰভোৰাই গিৰিয়েককে দেখুৱাই
ইফালৰ পৰা সিফাললৈ মাকোঁ মাৰি থাকিব ।

☆কথাই প্ৰতি লোকৰ উদাহৰণ দিব ।

*যদি মানি চলে ঠিকেই নহলে তিৰোতাৰ নানান মানসিক অত্যাচাৰ ভোগে বেচেৰা পুৰুষজনে ।
.
আৰু কিমান সহ্য কৰিব? সেয়ে.........
ইউৰেকা !
মই বিয়া নাপাতোঁ.

নিমন্ত্ৰণ

Nilutpal Kalita
মই যেতিয়া বিয়া পাতিবলৈ


ছোৱালী চাব গৈছিলো মোৰ
এটা উত্তৰতে মোক......
.
.
.
ভাবিব কিটো আছে?
চিধাই নাকচ কৰিছিলে
বেঙে মূতা পাপীটোৱে ।
(ছোৱালীৰ দেউতাকে)
.
মোক যেতিয়া ছোৱালীৰ
দেউতাকে সুধিছিল..
"তুমি মদ খোৱা নেকি?"


মই আনন্দত ক'ব নোৱাৰা হৈ
কৈ দিলোঁ -
'এইটো মোক প্ৰশ্ন সুধিছেনে?
নে নিমন্ত্ৰণ জনাইছে দেউতা?'

बीवी किडनैप



Amit Shome

एक आदमी की बीवी किडनैप हो गई,
किडनैपर ने उसके पति को फ़ोन लगाया :
"अगर आज रात तक पैसे न
दिए, तो तुम्हारी बीवी को मार देंगे!"

.पति खामोश रहा...
अगले दिन फिर फ़ोन आया : "अगर आज रात
तक पैसे न दिए, तो तुम्हारी बीवी के टुकड़े-
टुकड़े करके चील कौवों को खिला देंगे!"
.
पति खामोश ...
अगले दिन फिर फ़ोन आया : "अगर आज रात
तक पैसे न दिए तो तुम्हारी बीवी तुम्हे
सही- सलामत लौटा दी जायेगी .."
.
.
.
पति : "पैसे बोल कमीने,
डराता किसको है?!"