Sunday 18 August 2013

নগেনৰ 'ইংৰাজী'

নগেনৰ আকৌ বহুদিনৰ পৰাই 'ইংৰাজী' কোৱাৰ অভ্যাস এটা আছে দেই। …ভুলে-শুদ্ধই কৈ থাকে আৰু।

 এদিন এই নগেনেই, বহু বছৰৰ পুৰণি বন্ধু, আমাৰ 'আশীষ দা'-ক লগ পালে।

 …তাৰ পিছত বহুত কথাই পাতিল দুয়ো। মাজে-মাজে নগেনৰ 'ইংৰাজী'…।


 এবাৰ বহু সময় 'আশীষ দা'-ৰ মুখলৈ চাই থাকি, নগেনে ক'লে, "…দোস্ত, তোৰ কিন্তু character টো একদম বেয়াহৈ গ'ল।"

 'আশীষ দা'-ৰ মুখৰ মাত হৰিল। ই কি কয়…!! কৰবাত কিবা বেয়াকৈ শুনিছে নিকি ??


তথাপি লাহেকৈ সুধিলে, "… কি হ'ল নো…?"

 : … … … এস্ নহয় অ', আগতে তই বৰ 'বগা-চগা' টো আছিলি আক'…!!


 … …এনেকৈ 'ভুেল-শুদ্ধই' ইংৰাজী কৈ থকাত, আমনি পাই, এবাৰত 'আশীষ দা'-ই সুধিলে, "… তোৰ qualification কিমান হ'লগৈ অ' ?"


 … … … "পাচত বাঢ়িব,…এতিয়া পাঁচ হাজাৰ দি আছে…" !!

By: Bhabani Sonowal

Saturday 17 August 2013

শইকীয়া আংকল

দেউতাক সন্ধিয়া ভাগৰে জুগৰে অফিচৰ পৰা আহি ঘৰ পাইছেহি---

তেনেতে ৫ বছৰীয়া পুতেকে দেউতাকক জপিয়াই জপিয়াই কলে, পাপা-পাপা চকলেট দিয়া৷

দেউতাক: সোনতো, আজি চকলেট আনিব পাহৰিলো অ'

পুতেক: তেনেহলে ভুজিয়া দিয়া-

 দেউতাক: কালিলৈ আনি দিম দেই-আজি পাহৰিলো-

 পুতেক:তুমি ইমান বেয়া, মোলৈ একো নানা-শইকীয়া আংকল আহিলে চব আনে-

 দেউতাক: আজি শইকীয়া আংকল আহিছিল নেকি?

পুতেক: তুমি আফিচলৈ যোৱাৰ পাচত সদাই আহে, আমালৈ চকলেট ভুজিয়া চব আনে-মা আৰু মোক কোচত বহুৱাই কিমান য়ে মৰম কৰে---

 দেউতাক: !!!

by:Jitumoni Saikia

এচাইনমেন্ট

চুচমিতা আৰু তুলিকা একেলগতে স্কুললৈ গৈছিল তো|

তেতিয়া ১৯৯৪ মানৰ কথা (কোন ক্লাছত পঢ়ে কৈ নিদিওঁ, নহ’লে হিচাপ ওলাই যাব তো ) |

দুইজনী ছোৱালী বিৰাটেই বদমাছ- মাৰ্বল খেলে, টাংগুটি খেলে, চানা কিনি খায়, ৰাতি নপঢ়ি লুকুৱাই থোৱা বগৰী চোবাই চোবাই মৌচাক পঢ়ে|

 গৰম বন্ধত দীপা বাইদ’ৱে এচাইনমেন্ট এখন কৰিবলৈ দিছিল|

ক্লাছত চবেই কৰি আনিলে দুজনী ছোৱালীৰ বাহিৰে|

কোন সেই দুজনী ক’ব লাগিব নি বাউ?

 দীপা বাইদ’: - হুৱাই নৌ হোমৱৰ্ক?

তুলিকা: - আই ডিড| বাট... আৱাৰ ড’গ ই’ট ইট!

 দীপা: - অ’ বেড ড’গ...

তুলিকা: - ইয়েছ মেডাম

 দীপা: - হুৱাই নৌ হোমৱৰ্ক চুচমিতা?

 চুচমিতা: - আই ডিদ| বাট ... আই এট ইট

দীপা: - হুৱাট? হুৱাই ইউ ই’ট ইট?

চুচমিতা: - বিকৌজ উই ডু নট হেভ ড’গ না মেডাম! (হি হি)


by:Santanu Changmai

বাপেৰে অনা বিস্কুট

মানুহ কিছুমান আছে আপোনাৰ কি কম আৰু দেই ।

ঘৰত :মাক জনীয়ে পুতেকক;'ঐ মাউৰত মৰা ;কালি বাপেৰে অনা বিস্কুট আদাই কৰিলিয়েনে ।হতশ্ৰী হোৱা অকল খাবলৈ জীয়াই আছ ।'


 স্কুলত: বুজিছে বৰুৱানী ;আমাৰ ই যে একো খাবলৈয়ে মন নকৰে ।ইমান শুকাই খিনাইগৈছে খা খা ক'লেও নাখায় ।উপাই পোৱা নাই বিস্কুট চিস্কুটবোৰো টেমাতে আনি থোৱাতে থাকে নুচুৱেই সি । 


দোকানত :"জান্তু ;কোনটো বিস্কুট নিও ঘৰলৈ ?কোনটো খাবা কোৱা টপ গল্ড খাবানে ;গুড দে খাবা?কোৱা ।
পুতেক :-টপ গ'ল্ড কে নিয়া ।
মাক :(দামটো চাই পচিশ টকা) । ;"ধেৎ জান্তু সেইটো মিঠা বিস্কুট ।তোমাৰ এইকেইদিন পেলু হৈ আছে নহয় ।"

 দোকানী সৌ নিমখিয়া স্নেকচ পেকেট দিয়া । কিমান হ'ল ? -- দশ টকা ।

 ইফালে দামটো জানেই তেওঁ ঘৰৰ পৰা সেইটো কিনিম বুলিয়েই আহিছে ।

আহিলৈ কি লেভেল দেখাইছে দেখিলেনে ?

চালা হপলেচ বোৰ নকৈয়ো নোৱাৰো ফটা মুখ ক'লেও লাগে প্ৰাণজিৎৰ দোষ ।হুহ !!!

বাক্য-ৰছনা

আমাৰ দীপা বাইদেৱে স্কুলত শিকোৱা কেইটামান বাক্য-ৰছনা,

 # আকাশত ছাং পতা : বাঘৰ ভয়ত আমাৰ মায়ে আকাশত ছাং পাতি ওপৰত উঠি আছে।

 # আলাসৰ লাডু : অলপ বেছিকৈ চেনি মিহলালে আলাসৰ লাডু খাবলৈ ভাল হয়।

 # পানীৰ তলৰ কাঁইট : পানীৰ তলৰ কাঁইট চাবলৈ হ’লে পানীত বুৰ মাৰিব লাগে।

 # পানীত হাঁহ নচ’ৰা : পানীত হাঁহ নচ’ৰা হ’লে কুকুৰা চৰাব লাগে।

 # খাই পাত ফলা : খাই পাত ফলা মানুহক কাঁহীত ভাত দিব লাগে।

 # গছত গৰু উঠা : গছত গৰু উঠা দেখিলে ফটো মাৰি ফেচবুকত দিব লাগে।

by: Madhurjya Gogoi

Friday 16 August 2013

টোপনি

গিৰীয়েকৰ চিঞৰ ঘৈণীয়েকে টোপনিৰ পৰা সাৰ পা্ই উঠিল........

ঘৈণীয়েক ঃ হেৰি ..এই ৰাতিখন ইমান চিঞৰিব লাগে নে ? কি হৈছিল নো ?

গিৰীয়েক ঃ এহ সপোন দেখিছিলো হে । জানা, সপোনত কোনোৱাই তোমাক মোৰ কাষৰ পৰা আতঁৰাই লৈ যোৱা দেখিছিলো ।

 ঘৈণীয়েক ঃ মই আপোনাৰ কাষত আছোৱে দেখোন ।


গিৰীয়েক ঃ সেয়ে সপোন ভঙাৰ পিছ্ত তোমাক মোৰ্ কাষত দেখি খংভে চিঞৰি দিলো ।


via Facebook By: Pradip Das

পিংকীৰ বয়ফ্রেণ্ড

পিংকীয়ে ফোনত প্রিন্সক....

 "মই নতুন এজন বয়ফ্রেণ্ড পাইছো..

তোমাতকৈ হেণ্ডচাম, স্মাৰ্ট আৰু rich !

সেয়ে তুমি মোৰ ফটোখন উভতাই দিবা।"



. .... প্রিন্সে তাইক ৫০ খন ছোৱালীৰ ফটো পঠিয়াই দি ক'লে- . . . . . . "ডাৰ্লিং, তোমাৰ চেহেৰাটো মই পাহৰি গৈছো





...অনুগ্রহ কৰি নিজৰ ফটোখন বিচাৰি লবা আৰু বাকী ৪৯খন ফটো ঘুৰাই দিবা।"


via facebook by: Ashish Majumdar

Wednesday 14 August 2013

বাপেৰৰ ৰাস্তা পাইছ?

জংঘলত ৰাস্তাৰ মাজত সিংহ এটা শুই আছিলে.....

সেই দেখি শিয়াল এটাই ভয়ে ভয়ে শুধিলে- মহাৰাজ আপুনি এই odd time ত ৰাস্তাত শুই আছে যে!

 সিংহ- মই চখত শুই থকা নাই অ'....গাত গুলি লাগিছে বাবে উঠিব পৰা নাই . . . . . . . . .

.
.
.
.
.
.
.
.
.
.
.
.
.
শিয়াল- সেই বুলি তই ৰাস্তাৰ মাজত শুই থকিবি নেকি? বাপেৰৰ ৰাস্তা পাইছ? আঁতৰ বুলি কৈছোঁ ভালে ভালে.....!!!!

Via Facebook By: Ashish Majumdar

ইশ্বৰবিশ্বাসী গগৈ

আমাৰ ওচৰৰে গগৈ বোলাজনে খুব মদ খায়।

গগৈ বৰ ইশ্বৰবিশ্বাসী।

নিজৰ অৰ্জনৰ বেছিখিনি টকা মদত উৰুৱাই দিয়ে।

বিয়া-বাৰু কৰোৱাৰ পিছত গগৈৰ খৰচ বাঢ়িল। মদৰ খৰছৰ চিন্তাত টোপনি নহা হ’ল। অৱশেষত এই সমস্যাৰ সমাধানৰ বাবে গগৈ তপস্যাত বহিল।

শিৱৰাত্ৰিৰ নিশা বাবা ভোলেনাথ প্ৰসন্ন হৈ গগৈক দেখা দিলে:

বাবা: তোমাৰ তপস্যাত মই খুবেই সন্তূষ্ট। কোৱা কি বৰ লাগে তোমাক। 3টা বৰ দান কৰিলো তোমাক।

গগৈ: প্ৰভু, মোক এনেকুৱা এটা মদৰ বটল দিয়া, যিটোৰ পৰা মদ যিমান বাকিলেও, যিমান খালেও ভিতৰত কেতিয়াও মদ শেষ নহয়।

বাবা: তথাস্তূ। ততমূহুৰ্ততে গগৈৰ হাতত এটা ধুনীয়া বটল।
ফুৰ্তিতে গগৈযে কোট কোট কৈ পিব ধৰিলে। বটলৰ পনীয় শেষ হব ধৰাত বটল আকৌ ভৰি পৰিল।
গগৈৰ মনত বৰ ফুৰ্তি। বাবাই ভক্তৰ ফুৰ্তি লক্ষ্য কৰি মনে মনে আছিল।
বটল আকৌ ভৰি পৰাৰ লগে লগে গগৈয়ে ব্ৰেক এটা লৈ বাবাৰ পিনে চালে:

গগৈ: প্ৰভু বহুত বহুত ধন্যবাদ।

বাবা: তোমাৰ দুটা বৰ এতিয়াও বাকী আছে।

গগৈ: প্ৰভু, এনেকুৱা আৰু দুটা বটল দি দিয়া মোক।

via Facebook By: Manashmani Barman

Tuesday 13 August 2013

তিনিজন বন্ধু

তিনিজন নলে গলে লগা বন্ধু,
এজন হিন্দু এজন মুছলিম আৰু এজন খ্রীষ্টান,

তিনিওজনে মিলি এখন বাইক কিনিলে।

হিন্দুজনে এপাক চলাওঁ বুলি নি বাইকৰ আগফালে ওঁ লিখা স্টিকাৰ এটা লগাই আনিলে।

তাকেদেখি খ্রীষ্টানজনে নি টেংকিটোতে ক্রছ চিন থকা স্টিকাৰ এটা লগাই আনিলে।


মুছলিমজনে নি আকৌ অলপ সময়ৰ পিছতহে ঘূৰি আহিল কিন্তু ক'তো একো লগাই নানিলে।

বাকী দুজনে তন্ন তন্নকৈ চাইও একো দেখা নাপালে।

তেওঁ কি কৰি আনিলে জানেনে ? . . . . . .




চাইলেন্চাৰ পাইপডালকে অলপ কাটি আনিলে।(বুজি নোপোৱাসকলে টিভি ত কার্টুন চাব।)

Via Facebook. By Ripunjoy Chetia

ছোটা ডন

ছোটা ডন- বেটাৰী আছেনে?

দোকানী- নাই।

ছোটা ডন- চাই লম।
দোকানী- কি চাই ল'ব হে? . . . . . . . . . . . . .
.
.
.
.

.
.
.
.
.
.

.
.
 ছোটা ডন- বেলেগ দোকানত চাই লম।

Via Facebook: By Ashish Majumdar

Monday 12 August 2013

সৰ্ব্বশিক্ষা

সৰ্ব্বশিক্ষাত এটা আচনি আছিল – গাওঁৰ বয়োজেষ্ঠ লোকসকলক শিক্ষা দিয়া ।

তাত অসমীয়া,ইংৰাজী সকলো পঢ়োৱা হয় ।

এবাৰ এজন শিক্ষকে গাওঁৰ কেইজনমান হোজা পুৰুষ মহিলাক ইংৰাজী পঢ়াই আছে । a for- আপেল, b for – বল ।

তেনেতে এজনী আইতাই মাত লগালে – বাপা, এইবাহা মনত নাথাকেছোন আকা ।

শিক্ষকজন মহা চিন্তাত পৰিল । কি কৰা যায় , কেনেকৈ শিকোৱা যায়....

 শিক্ষকজনে এটা বুদ্ধি পাঙিলে ।
 গাওঁৰ মানুহবোৰৰ উদাহৰন দি দি পঢ়াব ধৰিলে । a for – অকনিৰ জীয়েক, b For – বলমৰ মায়েক(মাক) এনেকৈ m for- মোহিধৰৰ ঘৈণীয়েক, p for – পুণিৰামৰ মায়েক ।

যেতিয়াই q পালেগৈ, শিক্ষকৰ লাগিল কেনা ।

এতিয়া q নামৰ উদাহৰণ পায় ক’ত ।

তেনেতে আকৌ এজন ক’কাই মাত লগালে – মাষ্টৰ বাপা, এইটো বুজি পাইচং দে । এইটোওঁ পুণিৰামৰ মায়েকেই । পুণিৰামৰ লগত কিবা কাজিয়া লাগি বিমুখ কৰি আছে ।

পঢ়া আকৌ আগবাঢ়িল । গৈ গৈ w পালে ।

শিক্ষক বাপা আকৌ থতমত । w আখৰৰ মানুহৰ নাম বিছাৰি টেমা গৰম ।

এইবাৰ আইতা এগৰাকীয়ে মাত লগালে – বাপায়ে কি চিন্তাকৰি আছ ? এইটো অন্ত পাইচং দে ।এইটো মোহিধৰৰ ঘৈণীয়েকেই । ধৰিবা পাৰিচং নহয়, মোহিধৰৰ ঘৈণীয়েকেই ।


ভৰিকেইখন ওলোতাকৰি শুই আছে ....

Via Facebook By: Kandarpa Borthakur

এইজনী 'মোৰ জনী'

এবাৰ এজন মানুহে নিজৰ পত্নীক, তাইৰ 'বয় ফ্ৰেণ্ড'-ৰ লগত কোনোবা ৰেষ্টুৰেন্ট এখনত সোমোৱা দেখি, খং -অতে এটা 'শিক্ষা' দিয়াৰ কথা চিন্তা কৰিলে।

 …তেওঁ এই কামটোৰ বাবে এটা গুণ্ডা ঠিক কৰিলে।
 গুণ্ডাটোক ২০০০ টকা আৰু পত্নীৰ ফটো এখন দি ক'লে,

 "…তাইক বাহিৰলৈ টানি লৈ আনিবি। দৰকাৰ হ'লে দুই-এছাত লগাই ও দিবি, …মই ইয়াতে ৰৈ থাকিম"।

 ……গুণ্ডা গ'ল॥ কিছু সময়ৰ পাচত গুণ্ডাটোৱে ভিতৰৰ পৰা অন্য এগৰাকী মহিলাক হাতত ধৰি টানি টানি লৈ আহিল। 

……সৰ্বনাশ…!!

এইজনী টো তেওঁৰ পত্নী নহয়।।


 … … … : "আৰে-আৰে, কি কৰিছ? এইজনী তো 'মোৰ জনী' নহয়…, মোৰ জনী ভিতৰত বেলেগ 'মতা'-ৰ লগত বহি আছে…।


 : …এই জনীও তো বেলেগ 'মতা'-ৰ লগতেই বহি আছিল…

 : …আৰে হ'লে কি হ'ব, … এইজনী তো মোৰ জনী নহয়।।


 : … … … … … … ধুৰ… (অশ্লীল)… এইজনী 'মোৰ জনী' বে…!!

Via Facebook: Udoy Senapoti

Sunday 11 August 2013

হিন্দী চিৰিয়েল

হিন্দী চিৰিয়েলবোৰ চাই চাই নবীনৰ ঘৈণীয়েকৰ ধাৰণা হ'ল তাইৰ গিৰিয়েক পৰকীয়া প্রেমত লিপ্ত।

১ম দিন.. ঘৈণীয়েকে নবীনৰ চোলাটোত দীঘল চুলি এডাল আবিষ্কাৰ কৰি ক'লে- তুমি কোন ছোৱালীৰ লগত প্রেম কৰি আছা?
নবীন- কি আবোল তাবোল বকিছা...চুলিডাল তোমাৰো হব পাৰে!

 ২য় দিন.. গিৰিয়েক ঘৰলৈ অহাৰ পিছত ঘৈণীয়েকে চোলাটো ভালদৰে জোকাৰি চুটি চুলি এডাল দেখি ৰাউচি জুৰিলে- তুমি আজিকালি বয়েজ কাট ছোৱালীৰ লগত প্রেম কৰা আৰম্ভ কৰিছা...!!!
নবীন- আৰে.....এইটো মোৰ চুলিও তো হব পাৰে!!!

 ৩য় দিন... নবীন আৰু সতৰ্ক। ঘৈণীয়েকে চোলাটো তন্ন তন্ন পৰীক্ষা কৰিও চুলি আবিষ্কাৰ কৰিব নোৱাৰি হাও হাও কৈ কন্দা আৰম্ভ কৰিলে-


ছি ছি.....তুমি টকলা ছোৱালীৰ লগত প্রেম আৰম্ভ কৰিছা...!!!!!!!!!!!

By: Ashish Majumdar

Saturday 10 August 2013

Divorce কেছ

…Divorce কেছ।

আদালতত যুক্তি-তৰ্ক চলি আছে।

একমাত্ৰ ল'ৰাতো কোন পক্ষই পাব তাকে লৈ বিবাদ…

 পত্নী: …মই তাক দহ মােহ মোৰ গৰ্ভত ৰাখি জন্ম দিছো, গতিকে তাৰ ওপৰত মোৰ হে অধিকাৰ আছে। …মোৰ স্বামীয়ে তাৰ বাবে কি কৰিছে…??

 স্বামী: …মই কি কৰিছো (আচৰিত হৈ)…!! মহামান্য আদালত; ধৰা হ'ল, মই এখন ATM card মেচিনত ভৰাই দিলো আৰু অলপ সময়ৰ পাচত মেচিনটোৰ পৰা টকা ওলাই আহিল, …এতিয়া টকাখিনিৰ ওপৰত কাৰ অধিকাৰ থাকিব? মোৰ নে মেচিনটোৰ ??

 পত্নী: …ধৰাহ'ল কলহটোও মোৰ - গাখীৰখিনিও মোৰ; মাত্ৰ দৈ বনাবৰ বাবে মই 'হোটেল'-ৰ পৰা অলপ 'জোৰণ' আনিছিলো…, এতিয়া দৈ-খিনি কাৰ হব ? মোৰ নে হোটেলৰ…?? … …


 এইদৰে যুক্তি তৰ্ক তুঙ্গত উঠিল।।

 শেষত স্বামীয়ে ক'লে: …মহামান্য বিচাৰপতি, ধৰাহ'ল কাগজখনো মোৰ। এতিয়া 'টাইপ-ৰাইটাৰ'ত ময়েই key বোৰ টিপি-টিপি চিঠি এখন লিখিলোঁ, এতিয়া চিঠিখন কাৰ হব ? মোৰ নে টাইপ-ৰাইটাৰ টোৰ…??

 … … … … বহু সময় ধৰি যুক্তি তৰ্ক শুনাৰ পাচত, বিচাৰপতিয়ে লাহে-লাহে ক'লে: … … … …


 "… … ইমান সমস্যা নহলেই হেতেন, যদি আপুনি চিঠিখন সেইদিনাখন 'টাইপ' নকৰি…, … … …হাতেৰেই লিখি থলে হেতেন"…!!

By: Udoy Senapoti

জংগলত এৰাতি বাঘ, সিংহ ,হাতী আৰু এন্দুৰৰ সৈতে ..

বাঘটোৱে চিগাৰেট টানিব ওলাইছিল হে ...
থিক সেই সময়তে এন্দুৰ এটা আহিল বাঘৰ ওচৰলৈ আৰু কলে " ভাই নিচাজাতীয় বস্তু ভাল নহয় , এৰি দিয়া , মোৰ লগত আহা । চোৱাচোন জংগলখন কিমান ধুনীয়া । "

বাঘটোৱে তাৰ কথা শুনি এন্দুৰটোৰ পিছে পিছে যাবলৈ ধৰিলে ।
 অলপ পিছত এটা হাতী লগ পালে সিহতে ।
হাতীটোৱে চাধা মাৰি আছিল এন্দুৰটোৱে আকৌ একেই কথাকে কলে "ভাই নিচাজাতীয় বস্তু ভাল নহয় , এৰি দিয়া , মোৰ লগত আহা । চোৱাচোন জংগলখন কিমান ধুনীয়া ।"
হাতীও পিছে পিছে যাবলৈ ধৰিলে এন্দুৰৰ কথা শুনি ।
 অলপ আগত গৈ সিংহ এটাই ৱিস্কি খাই থকা দেখা পালে এন্দুৰটোৱে আকৌ একেই কথাকে কলে "ভাই নিচাজাতীয় বস্তু ভাল নহয় , এৰি দিয়া , মোৰ লগত আহা । চোৱাচোন জংগলখন কিমান ধুনীয়া ।"

 তাকে শুনি সিংহই এন্দুৰতোক এটা দুটাকৈ ৪ টা চৰ মাৰিলে ।

 হাতীয়ে শুধিলে -- কিয় মাৰিছা তাক ? . . . .



 সিংহই কলে -- ই চাল্লা সদায় গাঞ্জা খাই আহি গোটেই ৰাতি চবকে এনেকৈ জংগলত ঘুৰাই থাকে ।

by: Bikash Das

বয়ফ্রেন্ড

এজনী ছোৱালীয়ে তাইৰ বয়ফ্রেন্ডটোক দেউতাকৰ সৈতে চিনাকী কৰাই দিছে ।
ছোৱালীৰ দেউতাক :-- অ' তুমিয়ে আমাৰ এইক বিয়া কৰিব বিচাৰা...
ল'ৰা :-- হয়....

দেউতাক :-- তুমি কি ক'ৰা ?

ল'ৰা :-- আগতে জেলত আছিলো, এতিয়া ওলাই আহি ভাল কাম এটা কৰিব লৈছোঁ....

দেউতাক :--(ধমকিৰে) কি ???? তই জেলৰ ভাত খাই আহি কি সাহসত মোৰ ছোৱালীক বিয়া পাতিব আহিচ্‌ ? তাৰ আগত কি কৰিছিলি ?

ল'ৰা :-- এজন মানুহক মাৰি পেলালো...

দেউতাক :-- কিয় ?

ল'ৰা :-- কাৰণ, সেই মানুহজনে নিজৰ জীয়েকক মোৰ লগত বিয়া দিবলৈ একমত হোৱা নাছিল ।

দেউতাক :--(নৰম সুৰেৰে) আঁহা, আমাৰ এইৰ লগত তোমাৰ বিয়াৰ তাৰিখটোৰ কথা পাতো ।


--by:Deep Jyoti Nath

Friday 9 August 2013

ধনী মানুহ

কলিতা ধনী মানুহ | টকা কড়ি একোৰে অভাৱ নাই | পিছে তেওঁক মানুহে পাত্তা অলপ কমকৈ দিয়ে | কাৰণটোও সেই পূৰণিকলীয়াই | কলিতাৰ হেনো ভাষাজ্ঞান নাই | শুদ্ধ অসমীয়া ক’বই নাজানে হেনো | যিমানেই টকা-কড়ি নাথাকক কিয়, ভালকৈ এক্সপ্ৰেচন দি, সঁচাই মিছাই দুটামান ইংৰাজী ক’ব নোৱাৰিলে কিহৰ ধনী মানুহ? সেই দেখি কলিতাৰ বৰ দুখ | বৰপেৰাত থৈ দিয়া ৫ কিলোগ্ৰাম সোণেও সুখ দিব নোৱাৰা অবস্থা |সেয়ে এইবাৰ উজনিলৈ যাওঁতে প্ৰতিজ্ঞা কৰি কৰি গ’ল কোনো কাৰণতে কথিত ভাষাত কথা নকয় | কি কব একেবাৰে প্ৰপাৰ অসমীয়াতে কব |
বোকাখাতত চেংমাইৰ হোটেলতে চাহ খাবলৈ সোমাল কলিতা |ভাবিলে প্ৰেকটিচ এতিয়াৰ পৰাই কৰা হওক |বয়টোক মাতি ক’লে , "ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন...........

বহু সময় পাৰ হ’ল...... বাকী সকলো গ্ৰাহকে চাহ খালে ..... কলিতাৰহে চাহ নাহিল .....

কলিতাই আকৌ মাতিলে, "ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন"..................

এইবাৰো চাহ নাহিল.....................

কলিতাৰ খং উঠিল....... খংতে মাতিলে...."ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন..........."

চেংমায়ে গতি-বিধিবোৰ চাই আছিল...... বয়টোক ক’লে, "ঐ ভোকন্দি, খুড়াক চাহ আৰু নিমকি এখন দে বেগেতে...... ক’ত মৰিলি কটা নিধক".............................

কলিতা বিগলিত অন্তৰেৰে কৈ উঠিল... " হাউ বাপা তুহুনো নিমকি কোৱা ?"

by https://www.facebook.com/sushmita.das.52

NOKOL Korar PORINAM

Adinakhon dujon friends (RANJAN ARU AKASH)teacher hobor Interview diboloi goisil ekeloge . . . . Ranjanok prothomote vitorot mati nile !
Prosna korota : amar varot ketiya shadin(freedom) hoisil. ?
 RANJAN : 1947 sonot sir,
 Prosna Korota. : dekh shadin howa tu kar dara porisalit hoisil ?
 Ranjan : mahatma gandhi
 prosna korota : Subash chandra bosu marise buli tumi ki vaba ?
 Ranjan : manuhe koi moi biswakh nokoru . . \
Good Ranjan tumi valdore pass korila...

 Aibar Akashor pal.
Akashe ranjank hudile je tomak ki ki hudile.. Plz mok kowa . .
Prosna bilak kobo nalage diya.. Akol answer tu kowa . .
 Ranjan kole mor answer
1)1947 son
2)Mahatma gandi
3)manuhe koi moi biswakh nokoru. .
 Akashe mukhosta korote korote vitorot gol...
 Prosna korota : akash tomar janma ketiya hoisil
 Akash : ( prosna ki koise atention nidi mukhosta kora answer tu koi dile) 1947 sonot
 prosna korota : (asorit hoi kole) tomar deutakor nam ki ?
 Akash : (akou mukosuga kora tu kole ) Mahatma gandhi. .
 Prosna korota : (soku kopalot uthile ) Tumi ki pagol..neki ?
 Akash : (aibaro mukostha kora answer dile ) manuhe koi moi biswakh nokoru....

হুৱাই ক্ৰায়িং

ডীপাংকৰ মানে আমাৰ দীপু সৰু হৈ থকাৰ কথা| এদিন ভেঁ ভেঁকৈ কান্দি গেটতে শেঙুন মচি মচি ৰৈ আছিল| টিউছনলৈ এভন চাইকেল খন লৈ যাওঁতে দেখা পাই ম‍ই ৰৈ দিলোঁ|

"কি হ’ল দীপু? হুৱাই ক্ৰায়িং?" (ইংৰাজীত ভাল আছিলো সৰুৰে পৰাই দেই)
"মোক মায়ে এনেই এনেই এচাৰিৰে পিটিলে... ভেঁ ভেঁ"

"থেইত... নো নো, নো ক্ৰায়িং ম’ৰ! হুৱাই আন্টি পিটিং ইউ বাউ?"
"কোনোবাই মাক লগাই দিলে যে ম‍ই টিউছন কৰিবলৈ নগৈ ফুটবল খেলিবলৈ গৈছিলোঁ.. ভেঁ ভেঁ"

"হুৱাট? ট্ৰু অ’ৰ ফলছ?"
"মিছা.... মিছা... "

" ইউ ৱেন্ট নট টু প্লে?"
"গৈছিলোঁ খেলিবলৈ... কিন্তু ক্ৰিকেট খেলিবলৈ হে গৈছিলোঁ... এনেই এনেই ফুটবল খেলিবলৈ গৈছিলোঁ বুলি পিটি দিলে.. ভেঁভেঁ ভেঁ..."

আন্টি ভি না, এনেই এনেই এনেই মিছাতে পিটিব লাগে নে?

Changmai#

শৰ্মাদা

শৰ্মাদাক চিনি পায় নহয়?
শৰ্মাদা নিজৰ পুৰণি স্কুলখনলৈ গ’ল| বিচাৰি বিচাৰি স্কুলত পঢ়া লগৰ এটাক বিচাৰি উলিয়ালে|
শৰ্মা: চিনি পাইছা নে মোক মোহন?
মোহন: নাই পোৱা
শৰ্মা: কিয়? তৃতীয় চতুৰ্থত একেলগে পঢ়িছিলোঁ দেখোন|
মোহন: মিছা কথা, চতুৰ্থ শ্ৰেণীত মোৰ কোনো দাড়িৱালা বন্ধু নাছিল|

চাইনিজ চাউণ্ড চিষ্টেম

চেংমাই: কলিতা, কালি ম‍ই শিলিগুড়িৰ পৰা এটা চাইনিজ চাউণ্ড চিষ্টেম কিনি আনিলোঁ|
কলিতা: হাইলা… তুমি দেখোন চাইনিজ ভাষা নাজানাই, কেনেকৈ বুজি পাবা গানবোৰ?

প্ৰফেছাৰনী কিচমিচ

দীপাংকৰে ঘৰত বহি ভিডিও গেম খেলি আছে - মাক দেউতাক ভনীয়েক চব বিয়া খাবলে গ’ল

তিং টঙ

দীপাংকৰে খঙত ওলাই গৈ দেখে এটা ভিখাৰী ...
দীপাংকৰ: ঘৰত মানুহ নাই যা, পিছত আহিবি...
ভিখাৰী: তুমি মানুহ নহয় নি বাউ ? তুমি মেকুৰী নি বাউ?
দীপাংকৰ : হয় নি বাউ?
ভিখাৰী : নহয় নি বাউ ?
দীপাংকৰ : হয় নি বাউ?
ভিখাৰী : বেয়া পালে নি বাউ?
দীপাংকৰ : বেয়া নাই পোৱা নি বাউ ?
.
.
.
.

--->> প্ৰফেছাৰনী কিচমিচ

কিচমিচ বাউদেউ

কিচমিচ বাউদেউ অসমলৈ ফুৰিব আহোতে গুৱাহাটীত ট্ৰেফিক ছিগনেল ভঙিলে।
আমাৰ চেংমাই তেতিয়া ট্ৰেফিক পুলিছৰ চাকৰিটোত সোমাইছেহে। বাউদেৱে ভঙা ছিগনেলটোত চেংমাই বকৰ্তব্যৰত।

চেংমাইক দেখি বাইদেৱে ক’লে – মনত আছেনে চেং, তোমাক যে পঢ়াইছিলো জাপানত?
বাইদেউক দেখি চেংমাইৰ দুচকু উজলি উঠিল। ভাবিলে এয়াই সোনালী সুযোগ।

চেংমাই: মনত আছে বাউদেউ, সকলো মনত আছে। আপোনাক বাৰে বাৰে লিখি দিয়া assignment বোৰ যে reject কৰি দিছিল, আৰু অৱশেষত উপায় নাপাই ডিগ্ৰী সম্পূৰ্ণ নকৰা কৈ যে ঘুৰি আহিলো, সেয়াও মনত আছে। জানেনে বাইদেউ,তাৰ পিছতেই আহি এই ট্ৰেফিক পুলিছৰ চাকৰিটোত সোমাইছো।

বাইদেউ: অ’ দুখৰ কথা দিয়া।যি হওক, এতিয়া তুমি চাকৰি কৰিছা যে তাকে দেখি মই সুখী। বাৰু, যাওঁ দিয়া, ট্ৰেফিক ছিগনেল টো অজানিতেই ভাঙিলো। তুমি নহৈ আন পূলিছ হোৱা হলে দিগদাৰেই জহ্’ল হেতেন।

চেংমাই : একো নাই বাইদেউ, মই আপোনাক ফাইন নাকাটো দিয়ক, এটা কাম কৰক : এই বগা কাগজখন লওক আৰু ইয়াত 100 বাৰ লিখক “মই আৰু জীবনত কেতিয়াও ট্ৰেফিক ছিগনেল নভঙো” ।

--------------->> M Barman

কলিতা আৰু দীপা

কলিতা আৰু দীপা এদিন ৰেষ্টুৰেন্ট গল ...

কলিতা : কি খাবি দীপা ?
দী্পা :কিবা হলেই হ'ল
কলিতা : মানে কি * দিচ* তোমাৰ ফেভোৰাইট বাৰু
দীপা : টাটা স্কাই মোৰ ফেভোৰাইট

(দীপা ৰক
কলিতা চক)

---------- >> Parag Choudhury