ইশ্বৰবিশ্বাসী গগৈ

আমাৰ ওচৰৰে গগৈ বোলাজনে খুব মদ খায়।

গগৈ বৰ ইশ্বৰবিশ্বাসী।

নিজৰ অৰ্জনৰ বেছিখিনি টকা মদত উৰুৱাই দিয়ে।

বিয়া-বাৰু কৰোৱাৰ পিছত গগৈৰ খৰচ বাঢ়িল। মদৰ খৰছৰ চিন্তাত টোপনি নহা হ’ল। অৱশেষত এই সমস্যাৰ সমাধানৰ বাবে গগৈ তপস্যাত বহিল।

শিৱৰাত্ৰিৰ নিশা বাবা ভোলেনাথ প্ৰসন্ন হৈ গগৈক দেখা দিলে:

বাবা: তোমাৰ তপস্যাত মই খুবেই সন্তূষ্ট। কোৱা কি বৰ লাগে তোমাক। 3টা বৰ দান কৰিলো তোমাক।

গগৈ: প্ৰভু, মোক এনেকুৱা এটা মদৰ বটল দিয়া, যিটোৰ পৰা মদ যিমান বাকিলেও, যিমান খালেও ভিতৰত কেতিয়াও মদ শেষ নহয়।

বাবা: তথাস্তূ। ততমূহুৰ্ততে গগৈৰ হাতত এটা ধুনীয়া বটল।
ফুৰ্তিতে গগৈযে কোট কোট কৈ পিব ধৰিলে। বটলৰ পনীয় শেষ হব ধৰাত বটল আকৌ ভৰি পৰিল।
গগৈৰ মনত বৰ ফুৰ্তি। বাবাই ভক্তৰ ফুৰ্তি লক্ষ্য কৰি মনে মনে আছিল।
বটল আকৌ ভৰি পৰাৰ লগে লগে গগৈয়ে ব্ৰেক এটা লৈ বাবাৰ পিনে চালে:

গগৈ: প্ৰভু বহুত বহুত ধন্যবাদ।

বাবা: তোমাৰ দুটা বৰ এতিয়াও বাকী আছে।

গগৈ: প্ৰভু, এনেকুৱা আৰু দুটা বটল দি দিয়া মোক।

via Facebook By: Manashmani Barman
কেনে লাগিল:

Post a Comment

0 Comments