Monday 12 August 2013

সৰ্ব্বশিক্ষা

সৰ্ব্বশিক্ষাত এটা আচনি আছিল – গাওঁৰ বয়োজেষ্ঠ লোকসকলক শিক্ষা দিয়া ।

তাত অসমীয়া,ইংৰাজী সকলো পঢ়োৱা হয় ।

এবাৰ এজন শিক্ষকে গাওঁৰ কেইজনমান হোজা পুৰুষ মহিলাক ইংৰাজী পঢ়াই আছে । a for- আপেল, b for – বল ।

তেনেতে এজনী আইতাই মাত লগালে – বাপা, এইবাহা মনত নাথাকেছোন আকা ।

শিক্ষকজন মহা চিন্তাত পৰিল । কি কৰা যায় , কেনেকৈ শিকোৱা যায়....

 শিক্ষকজনে এটা বুদ্ধি পাঙিলে ।
 গাওঁৰ মানুহবোৰৰ উদাহৰন দি দি পঢ়াব ধৰিলে । a for – অকনিৰ জীয়েক, b For – বলমৰ মায়েক(মাক) এনেকৈ m for- মোহিধৰৰ ঘৈণীয়েক, p for – পুণিৰামৰ মায়েক ।

যেতিয়াই q পালেগৈ, শিক্ষকৰ লাগিল কেনা ।

এতিয়া q নামৰ উদাহৰণ পায় ক’ত ।

তেনেতে আকৌ এজন ক’কাই মাত লগালে – মাষ্টৰ বাপা, এইটো বুজি পাইচং দে । এইটোওঁ পুণিৰামৰ মায়েকেই । পুণিৰামৰ লগত কিবা কাজিয়া লাগি বিমুখ কৰি আছে ।

পঢ়া আকৌ আগবাঢ়িল । গৈ গৈ w পালে ।

শিক্ষক বাপা আকৌ থতমত । w আখৰৰ মানুহৰ নাম বিছাৰি টেমা গৰম ।

এইবাৰ আইতা এগৰাকীয়ে মাত লগালে – বাপায়ে কি চিন্তাকৰি আছ ? এইটো অন্ত পাইচং দে ।এইটো মোহিধৰৰ ঘৈণীয়েকেই । ধৰিবা পাৰিচং নহয়, মোহিধৰৰ ঘৈণীয়েকেই ।


ভৰিকেইখন ওলোতাকৰি শুই আছে ....

Via Facebook By: Kandarpa Borthakur

No comments:

Post a Comment