কিচমিচ বাউদেউ অসমলৈ ফুৰিব আহোতে গুৱাহাটীত ট্ৰেফিক ছিগনেল ভঙিলে।
আমাৰ চেংমাই তেতিয়া ট্ৰেফিক পুলিছৰ চাকৰিটোত সোমাইছেহে। বাউদেৱে ভঙা ছিগনেলটোত চেংমাই বকৰ্তব্যৰত।
চেংমাইক দেখি বাইদেৱে ক’লে – মনত আছেনে চেং, তোমাক যে পঢ়াইছিলো জাপানত?
বাইদেউক দেখি চেংমাইৰ দুচকু উজলি উঠিল। ভাবিলে এয়াই সোনালী সুযোগ।
চেংমাই: মনত আছে বাউদেউ, সকলো মনত আছে। আপোনাক বাৰে বাৰে লিখি দিয়া assignment বোৰ যে reject কৰি দিছিল, আৰু অৱশেষত উপায় নাপাই ডিগ্ৰী সম্পূৰ্ণ নকৰা কৈ যে ঘুৰি আহিলো, সেয়াও মনত আছে। জানেনে বাইদেউ,তাৰ পিছতেই আহি এই ট্ৰেফিক পুলিছৰ চাকৰিটোত সোমাইছো।
বাইদেউ: অ’ দুখৰ কথা দিয়া।যি হওক, এতিয়া তুমি চাকৰি কৰিছা যে তাকে দেখি মই সুখী। বাৰু, যাওঁ দিয়া, ট্ৰেফিক ছিগনেল টো অজানিতেই ভাঙিলো। তুমি নহৈ আন পূলিছ হোৱা হলে দিগদাৰেই জহ্’ল হেতেন।
চেংমাই : একো নাই বাইদেউ, মই আপোনাক ফাইন নাকাটো দিয়ক, এটা কাম কৰক : এই বগা কাগজখন লওক আৰু ইয়াত 100 বাৰ লিখক “মই আৰু জীবনত কেতিয়াও ট্ৰেফিক ছিগনেল নভঙো” ।
--------------->> M Barman
0 Comments