Friday 9 August 2013

ধনী মানুহ

কলিতা ধনী মানুহ | টকা কড়ি একোৰে অভাৱ নাই | পিছে তেওঁক মানুহে পাত্তা অলপ কমকৈ দিয়ে | কাৰণটোও সেই পূৰণিকলীয়াই | কলিতাৰ হেনো ভাষাজ্ঞান নাই | শুদ্ধ অসমীয়া ক’বই নাজানে হেনো | যিমানেই টকা-কড়ি নাথাকক কিয়, ভালকৈ এক্সপ্ৰেচন দি, সঁচাই মিছাই দুটামান ইংৰাজী ক’ব নোৱাৰিলে কিহৰ ধনী মানুহ? সেই দেখি কলিতাৰ বৰ দুখ | বৰপেৰাত থৈ দিয়া ৫ কিলোগ্ৰাম সোণেও সুখ দিব নোৱাৰা অবস্থা |সেয়ে এইবাৰ উজনিলৈ যাওঁতে প্ৰতিজ্ঞা কৰি কৰি গ’ল কোনো কাৰণতে কথিত ভাষাত কথা নকয় | কি কব একেবাৰে প্ৰপাৰ অসমীয়াতে কব |
বোকাখাতত চেংমাইৰ হোটেলতে চাহ খাবলৈ সোমাল কলিতা |ভাবিলে প্ৰেকটিচ এতিয়াৰ পৰাই কৰা হওক |বয়টোক মাতি ক’লে , "ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন...........

বহু সময় পাৰ হ’ল...... বাকী সকলো গ্ৰাহকে চাহ খালে ..... কলিতাৰহে চাহ নাহিল .....

কলিতাই আকৌ মাতিলে, "ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন"..................

এইবাৰো চাহ নাহিল.....................

কলিতাৰ খং উঠিল....... খংতে মাতিলে...."ভাইটী মোক চাহ আৰু নিমোকি এখন দিয়াচোন..........."

চেংমায়ে গতি-বিধিবোৰ চাই আছিল...... বয়টোক ক’লে, "ঐ ভোকন্দি, খুড়াক চাহ আৰু নিমকি এখন দে বেগেতে...... ক’ত মৰিলি কটা নিধক".............................

কলিতা বিগলিত অন্তৰেৰে কৈ উঠিল... " হাউ বাপা তুহুনো নিমকি কোৱা ?"

by https://www.facebook.com/sushmita.das.52

No comments:

Post a Comment