Showing posts with label Girl logic. Show all posts
Showing posts with label Girl logic. Show all posts

Thursday 6 March 2014

.............ছাতি vs বন্দুক ................

By: Jaan Deepjyoti Borah

এবাৰ এজন ৮০ বছৰীয়া বৃদ্ধই এজনী ২২ বছৰীয়া ছোৱালী বিয়া কৰালে।

বিয়াৰ প্ৰায় এবছৰ মান পাছত এদিন এজন বন্ধুক লগ পাই নানান কথা বতৰা পাতিলে আৰু কলে যে তেখেত বাপেক হবলৈ উলাইছে।

তেতিয়া লগৰ বন্ধুজনে কলে শুনা মই তোমাক এটা গল্প শুনাব বিচাৰো ।

বৃদ্ধ : অ কোৱা ।

বন্ধু : এবাৰ এজন চিকাৰী জংঘললৈ গৈছিল চিকাৰ কৰিবলৈ আৰু তাৰ এটা বেমাৰ আছিল যে সি সকলো কথা পাহৰি যায়।এনেদৰে জংঘলৰ ভিতৰলৈ আগুৱাই যাওঁতেই তাৰ মুখামুখি এটা বাঘৰ লগত হয়।বাঘক দেখি সি নিজৰ বন্দুকটো উলিয়ালে আৰু দেখিলে যে সি বন্দুকৰ সলনি ঘৰৰ ছাতিটো লৈ আহিছে ।

কিন্তু একো উপায় নাপায় সি নিজৰ ছাতিটো বন্দুকৰ দৰে দেখোৱাই বাঘক ভয় খোৱালে আৰু বন্দুকৰ দৰে স্তিগাৰ দবালে।দেখিলে যে সেই ছাতিৰ পৰাই গুলী উলাই গৈ বাঘৰ মৃত্যু হল।

বৃদ্ধলোক: অসম্ভৱ ; নিশ্চয় কোনোবা আনে চিকাৰীৰ চকুৰ আৰঁৰ পৰা বন্দুকটো চলাইছিল ।

বন্ধু : অ তুমি একদম ঠিক কৈছা।

পঢ়ি বুজিলে যদি লাইক এটা মাৰক।

Tuesday 18 February 2014

★জমনী দেই★

By: Sanjeeb Borkakati

আমাৰ যুগু দা মানুহটো ধর্মীয় ক্ষেত্রত যঠেষ্ট
আগ্রহ আছে ! নাম-প্রসংগ বোৰত প্রায়েই
তেও উপস্থিত থাকেই !
ভাদ মাহৰ কথা ! এদিন নামঘৰৰ পাঠেক জনৰ
কিবা লেঠা উলোৱাত সেইদিনা তেও আহিব
নোৱাৰা হল ! সেইদিনা পাল পৰিল আমাৰ যুগু
দাৰ ! কিন্তু যুগুদাই সৰু হৈ থাকোতে, চিলেটত
ডাঙৰ ডাঙৰকৈ ক-খ খন লিখোতেই স্কুল
এৰিলে ! তাৰ পিছৰ পৰা আৰু স্কুল
যোৱা নাই ! এতিয়া তেও এই পুথি খন
কেনেকৈ পহে…? পৰিল নহয় মহা বিপদত !
পিছে যুগু দাও সহজে হাৰ মনা ভকত নহয় !
ইজ্জতৰ কথা আছে ! সকলোকে দেখুৱাই তেও
পুথিখনৰ প্রথম পৃষ্ঠাটো মেলিলে ! তাৰ পাছত
চচমাযোৰ লগাই পুথিখনত প্রথমে 'ক'
টো বিচাৰিবলৈ ধৰিল ! কোনোমতে এটা 'ক'
বিচাৰি উলিয়ালে ! 'ক' টো দেখিয়েই তেও
আচৰিত হল - আগৰ দিনত ইমান ডাঙৰ ডাঙৰ
'ক' আছিল, এতিয়া ইমান সৰু হৈ গল ! এই
ভাৱিয়েই তেও পুথি পহা আৰম্ভ কৰি দিলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এ ৰাম কি ক আছিলি, কি ক তই হলি ;
খাবলৈ নাপাই তই শুকাই খীনাই গলি !

Friday 22 November 2013

চালাক ছোৱালী ...

তিনিজন বন্ধু বহুত বছৰৰ মূৰত লগ হৈ হোটেলত খাৱলৈ সোমাল । তিনিওজনে খাই থাকোতে এজনে টয়লেটলৈ গল । বাকী দুজনে খাই থাকোতে কথা পাতিছে।
প্ৰথম বন্ধু - তোৰ ল'ৰা ছোৱালী কেইটা ?

২য় বন্ধু - ল'ৰা এটা । বৰ বুিদ্ধয়ক । বাছি বাছি বৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালী জনীকে পটাইছে। ইমপ্ৰেছ বঢ়াবৰ বাবেই গাড়ী এখন গিফট দিছো।বিয়াৰ পাছতো চব মোৰেই হব। তোৰ কচোন।
১ম বন্ধু - মোৰো ল'ৰা এটাই । মোৰদৰেই টেঙৰ। বৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালীজনীকে পটাইছে।ইমপ্ৰেছ বঢ়াবলৈ মইও ফ্লেট এটা গিফট দিলো।

৩য় বন্ধু টয়লেটৰ পৰা অহাত দুয়োজনে সুধিলে - তোৰ ল'ৰা ছোৱালী কেইটা?
৩য় বন্ধু - মোৰ ছোৱালী এজনী । মোৰ দৰেই চালাক বুজিছ । তাই ইতিমধ্যে বৰধনী ঘৰৰ দুটা ল'ৰা পটাইছে।এটাই গাড়ী আৰু আনটোৱে এটা ফ্লেট গিফট দিছে।

Monday 18 November 2013

ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত....

যদি ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত ঘটিলেহেতেন, তেতিয়াহলে বাতৰিৰ শিৰোনামা হয়তো এনেকুৱা হলহেতেন.......

*ৰজা দশৰথে কৰিলে শ্রবন কুমাৰ হত্যা । ৰাজভবন ঘেৰাওঁ প্রতিবাদী জনতাৰ । দশৰথৰ ৰাজপাত ত্যাগৰ দাবী !

* অযোধ্যাৰ ৰাজপাতক লৈ ৰজা দশৰথ আৰু ৰাণী কৈকেয়ীৰ মাজৰ বিবাদ তুংগত ! দশৰথে দি দিলে ভৰতক ৰাজপাত ৰামক ১৪ বছৰ বনবাস ।

* তাৰকা বধ আৰু শূর্পনশাৰ নাক কান কটাৰ
বিৰোধিতা মহিলা আয়োগৰ । বিক্ষোভ প্রদর্শন অব্যাহত ।

* স্বর্ন মৃগ প্রসংগত সংসদত অচল অবস্থা সৃষ্টি ! অবঃ শেহত শ্রীৰামচন্দ্রলৈনতিচ জাৰি বন বিভাগৰ !

* সীতা হৰণ প্রসংগক লৈ উত্তাল দুই সদন । বিৰোধীৰ সদন ত্যাগ ।
মহিলা আয়োগৰ দেশজোৰি বিৰোধ প্রদর্শন অব্যাহত ।

* সীতা হৰণ প্রতিবাদত কাইলৈ কেইবাটাওঁ সংগঠনৰ অনিষ্টকালীন ভাৰত বন্ধৰ আহ্বান !

* শ্রী ৰামে গঠন কৰিলে হনুমানৰ নেতৃত্বাধীন এক ষ্পেচিয়েশ টিম । দেবী সীতাক বিচৰা অভিযান আৰম্ভ ।

* মৃত্যুৰ আগে আগে জতায়ুৱে শ্রী ৰামচন্দ্রক দিলে সীতা হৰণৰ
প্রকৃত সংবাদ । ৰাবনৰ দ্বাৰা সীতা হৰন ! দেশযুৰি প্রতিবাদৰ ঢৌ ।

* বালি হত্যা প্রসংগত উত্তাল সদন ! শ্রীৰামচন্দ্রলৈসন্দেহৰ আঙুলি । চি. বি. আই. তদন্তৰ দাবী বিৰোধীৰ ।

* শ্রী ৰামচন্দ্রৰ নির্দেশত লংকালৈ উৰা মাৰিলে হনুমান । অশোকবনত সাক্ষাত্ সীতাক !

* শ্রীলংকা চৰকাৰ দ্বাৰা আটক হনুমান ! নেগুৰত লগাই দিলে জুই । নেগুৰত জুই লৈ হনুমানৰ
স্বর্ন লংকা দাহ !

* ভিচা পার্চপর্ট অবিহনে শ্রীলংকাত জবৰদস্তি চলন ফুৰনক লৈ শ্রীলংকান চৰকাৰে উথালে তিব্র আপত্তি ! ভাৰত চৰকাৰলৈ জাননী জাৰি ।

* সাগৰৰ ওপৰত সেতুবান্ধ আৰম্ভ ! তিব্র
বিৰোধিতা শ্রীলংকা চৰকাৰৰ ! ৰাষ্টসংঘৰ ওচৰত উথালে আপত্তি ।

* শ্রীলংকা মহিলা আয়োগৰ সীতা হৰণ প্রসংগত তীব্র বিৰোধিতা ! শির্ঘে সীতাক ৰামচন্দ্রলৈ ঘূৰাই দিয়াৰ নির্দেশ ! অন্যথা তিব্র প্রতিবাদৰ হুংকাৰ ।

* শ্রীলংকা চৰকাৰৰ লগত থকা সকলো ধৰনৰ বৈদেশিক চুক্তি নাকচ ভাৰত চৰকাৰৰ । শ্রীলংকাত অচল অবস্থাৰ সৃষ্টি ! ........................
————————————
ණ Nâvâ Kríshñá DéKá

Tuesday 12 November 2013

তামাম পিতিম

একেবাৰে চুটি কাপোৰ পিন্ধা ছোৱালী এজনীক ল'ৰা এজনে কলে... --


ইমান চুটি কাপোৰ যে পিন্ধি আহিছা তোমাৰ মাৰাই একো নকলে নেকি !! . . . . .

ছোৱালীঃ মাৰ বহুত খং উঠিছিল । . . . .




আৰু কৈছিল দ্বিতীয় বাৰ মোৰ এই যোৰ কাপোৰ পিন্ধিলে তোক কিন্তু তামাম পিতিম ।

by: Apurba Haloi

Sunday 10 November 2013

ভোডাফোনৰ ৰির্ছাজ

'কৃষ্ণা' নামৰ এজনী ছোৱালীয়ে নিজৰ বয়ফেণ্ডলৈ বহুত ফোন কৰে । 

এদিন সেইহে ৰির্ছাজ আনিবলৈ দোকানলৈ গল--- ......

দাদা ১০ টকাৰ ভোডাফোনৰ এটা ৰির্ছাজ দিবচোন ??

 দোকানী : বাইদেউ ১০ টকাত আপুনি ৭ টকা হে পাব !! .. ..

 কৃষ্ণা : ঠিক আছে তেন্তে ৩ টকাৰ ছানা দি দিব !! .. ..




 খা বাপ্পেকে ভীমকলটো !!

By: Dípankar Nath

Friday 1 November 2013

সৰগৰ অপেস্বৰী

এটা ল'ৰাই কলেজলৈ যোৱা ছোৱালী এজনীক সি যে তাইক ভাল পাই সেই কথাটো সদায় বলকি থাকে ,

কথাবোৰ কওঁতে তামাম খেলিমেলি তাৰ।

এদিনাখনৰ তাৰ এটা ৰোমাণ্টিক দাইলগ- -তোমাক যে মই ইমান ভাল পাঁও কেনেকৈ বুজাম তুমিয়ে কোৱাচোন?

-আচ্ছা,তই মোক ভাল পাৱ ভূত,বাৰু তই মোক মোৰ বিষয়ে এটা ৰোমাণ্টিক কবিতা শুনাচোন।

 -বাৰু শুনা তেন্তে-তুমি বহুত ধুনীয়া জানা? 

খাওঁতে মুখৰ আগত, শুওঁতে বিছনাৰ তলত ,

 চকু মুদিলেও তোমাকে দেখো চকু নুমুদিলেও তোমাক নেদেখো,

 সপোনত তোমাক দেখি খুব ধুনীয়া লাগে জানা ?

 পিছে বাস্তৱত কাপোৰ-কানিৰ সৈতে যিহে সৰগৰ অপেস্বৰীৰ দৰে লাগে

 সপোনত নালাগে। ৰাতি হ'লে তুমি কাপোৰ নিপিদ্ধা নেকি ?

মানে সপোনত-----


গাজনি-ধেৰেকণিৰ শব্দ এটা শুনা গ'ল।আঁৰকাপোৰ পৰিল।

By: সত্যজিত কাকতি

Sunday 13 October 2013

বুলেট চলাইছা বুলেট.....?

ভাস্কৰ বাৰুকিয়ালে চেংমাইক ম'ম আৰু পেপচি খুৱাম বুলি পটাই মেলি চেংমাইৰ পুৰণা ৰয়েল এনফিল্ড বুলেটখন লৈ পূজা চাবলে ওলাইছে,
উদ্দেশ্য মাৰ্চো মেনৰ এটিটিউদ এটা দি চাল দিয়া !
 বাৰুকিয়ালে বুলেট চলাইছে ভট ভট ভট ভট ভট ভট ভট ভট.... ভটটটটট ভট ভট ভট ভট ভট ভট ভটটট টৰ ভট ভট ভট ভট.....
সৰু সৰু লৰা-ছোৱালী বিলাক আতৰি দিছে ৰাস্তাৰ কাষলে আৰু তাকে দেখি বাৰুকিয়াল কাইটিৰ বুকু ছয় সাত ইঞ্চি বেচিয়েই ফুলি গৈছে ভট ভট ভট ভট ভট...
. তেনেতে আমাৰ দীপাই নতুন স্কুটিৰে অভাৰটেক কৰক....
 কিইই আমাৰ মাৰ্চোমেনক ছোৱালীয়ে অভাৰটেক কৰে.... নাই নহব.....

 ভটটটটটটটটটট ভটটটটটটটটটট ভট ভট ভট

একদম দীপাৰ সমানে সমানে এইবাৰ
 বাৰুকিয়ালঃ (দীপাক উদ্দেশ্যি) পূজা চাবলে ওলাইছা
 দীপাঃ .....:-> (বেকাকৈ চাই স্কুটিৰ স্পীদ বঢ়াই দিয়ে )

 বাৰুকিয়ালক আপোনালোকে কি কম বুলি ভাবিছে....
 ভটটটটটট ভট ভট ভট ভটটটটট ভট ভট ভট..
আকৌ দীপাৰ সমানে সমানে.....
 বাৰুকিয়ালঃ ৱাহ স্কুটি চলাইছা.... মানিছো আউ দেই.... কেতিয়াবা বুলেট চলাইছা :->

 দীপাঃ..... (স্কুটিৰ স্পীদ বঢ়াই দিয়ে)
 ভট ভট ভট ভটটটটটট ভট ভট ভট
দীপাৰ ওচৰ পাই বাৰুকিয়ালঃ বুলেট চলাইছা বুলেট !?
 দীপাঃ ...... (আকৌ আগবাঢ়ি যায়)
 ভট ভট ভট ভটটটটট ভট ভট ভট

বাৰুকিয়াল আকৌ দীপাৰ ওচৰত....
 বাৰুকিয়ালঃ বুলেট চলাইছা বুলেট.....

 এইদৰে বাৰে বাৰে কামোৰ খাই পূজা মণ্ডপলৈ দুশ মিটাৰ মান থাকোতে দীপাই স্কুটিৰ স্পীদ একদম কমাই দিলে....

 বাৰুকিয়াল কাইটি একদম গপছত আগবাঢ়ি গৈছে ভট ভট ভট ভট ভট ভট ভট....
 অলপ পাছতেই দীপাই স্কুটি ষ্টেণ্ড কৰিছে ঠিক তেনেতে
 ঘাঢ়াম ভটটটটটট.... চেৰৰৰ... ঘটং .... ঘিছ.... ফট... ফট... ফট....

আদি অদ্ভুত আৱাজ
কিছুমান পূজা মণ্ডপৰ ভিতৰৰ পৰা আহাত আৰু সকলো মানুহ ভিতৰলৈ দৌৰা দেখি দীপাইও কিনো হৈছে চাবলৈ বুলি আগ বাঢ়িল .....
 দেখিছে ভিতৰত পূজা পেণ্ডেলৰ মাজৰ খুটাত বুলেটখন খুণ্ডা খাই বাগৰি আছে আৰু আমাৰ বাৰুকিয়াল কাইটি কৰ্ফাল খাই এক্কেবাৰে মহিষাসুৰৰ চৰণত চিত্‍লাং খাই কেকাই আছে.....
 সকলোৱে সুধিছে বেছি দুখ পালে নেকি...
 বাৰুকিয়ালঃ নাই নাই মাখি চাল অলপহে চিঙছে
 ৰাইজে কুৱা-কই কৰিছে ঘটনাটো কেনেকে হবলৈ পালে....
 ব্ৰেক কেবল চিঙিল হবলা ইত্যাদি .....
 তেনেতে দীপাই মাত লগালে.... 

দীপাঃ ৰাস্তাই পদূলিয়ে ছোৱালী জোকাই ফুৰিলে এনেকোৱা নহৈ ভাল কিবা হ'ব নেকি !?
 সকলোৱে এবাৰ দীপাৰ ফালে চায় এবাৰ বাৰুকিয়ালৰ ফালে চায় কথাটোনো কি জানিব বিচৰাত দীপাই ৰাস্তাৰ ঘটনাটো আদ্যোপান্ত বিবৰি কলে !

 বাৰুকিয়ালঃ ধেইট ইম্মানবাৰ সুধিলো বুলেট চলাব জানা নেকি বুলি, ভালদৰে কৈ দিলেই হৈছিল নাজানো বুলি মই তেতিয়া বেলেগ কৰোবাক সুধিলো হলে নহয় বুলেটখন কেনেকৈ ৰখাব পাৰি....

 আই দূৰ্গাৰ কৃপা বুলিহে পেণ্ডেলৰ খুটাত লাগি মেলি হলেও এইখন কোনোমতে ৰলহি :->


 মোৰটো বাদেই বুলেট খনৰো ৰং অলপ এৰিল, এতিয়া চেংমাইক এনেয়েই ত্ৰিছ প্লেট ম'ম খুৱাব লাগিব..

By: Dipankar Gogoi

Wednesday 2 October 2013

ফ্ৰিজ লাগিব নি ফ্ৰিজ?

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল|

ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

 এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...

ডীপা: নালাগে পাই...

 অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!

ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে| ... ও... ৱা...ক্...

ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

 বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড!
সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো?

কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি..

by:Santanu Changmai

Saturday 21 September 2013

জীৱজন্তুৰ ফেচবুক

অবলা জীৱজন্তুৰ যদি ফেচবুক থাকিলে হয় তেওঁলোকৰ ষ্টেটাচ আপডেট কেনেকুৱা হ'ল হয়?

 পইঁতাচোৰা- ছোৱালী এজনীয়ে যি চিঞৰ মাৰিলে মোৰ কাণতাল মাৰি গ'ল! অক'ণ কান্ধত হে উঠিছিলোঁ!

 মুৰগী- কাইলৈ যদি মোক লগ নোপোৱা জানিবা KFC ত ফুৰিবলৈ গৈছোঁ।

 গৰু- বন্ধুসকল সাৱধানে থাকিবা দেই...কোৰবানি আহি আছে!

 পৰুৱা- মানুহবোৰৰ চকু নাই নেকি অ'?? আমাক দেখা নাপায় নেকি? এইদৰে আৰু কিমান গণহত্যা কৰিব?

 কুকুৰ - কালি তিনি বন্ধুয়ে মিলি বিয়া এঘৰলৈ গৈছিলোঁ। ওৱাও! কি দিন এটা গ'ল!!!

 মেকুৰী- বাঘ মোৰ মামা হয় জানা নে নাজনা? লাইক এটা দিবলৈ ইমান থেৰোগেৰো কেলৈ কৰিছা?

 কাছ- শহাপহুটো আকৌ আহিছে ৰে'চ লগাবলৈ। sleeping tablet খুৱাই থৈ দিম বাপ্পেকে!

 সিংহ- কাইলৈ হৰিনা চিকাৰ কৰিব যাম দেই! pl wish for me!

 ভালু- মানুহ এটাই মোক দেখি মৰাৰ ভাও জুৰি শুই আছিলে! দিলো ধৰি লৈ !!

 বান্দৰ- এইমাত্র বান্দৰনী দুজনীক জোকাই আহিলোঁ!

Via: Rogor

Friday 5 July 2013

Asaamese Joke: মহিলা সকলে কিয় একেলগে...















ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ

ছোৱালীবোৰে একেলগে বাথৰূমলৈ যাবলৈ ভাল পায়, কাৰণ

তেওঁলোকে লাইনত থিয় হৈ থাকোঁতে কথা পাতি ভাল পায়, কাৰণ

লেডিজ বাথৰূমৰ সমুখত সদায়েই অলপ দীঘল লাইন থাকে, কাৰণ
............................................................

by Changmai

Saturday 29 June 2013

Dilemma: Assamese Joke

ডীপা আৰু বৰ্ণিয়ে কথা পাতি আছে
ডীপা: জানা, ম‍ই নহয়, কফি খালে ৰাতি শুব নোৱাৰোঁ, টোপনি নাহে|
বৰ্ণি: ইচ ইচ, মোৰো তেনে এটা প্ৰবলেম আছে জানা? ম‍ই নহয়, টোপনি গ’লে কফি খাব নোৱাৰোঁ! ইমান যে দিগদাৰী হয়...

Jokes from Assam 

Friday 29 March 2013

প্ৰিয়া মাথো তোমাৰ এখন ফটো


নালাগে মোৰ শুকান বুকু জীপাল কৰিবলে 
নালাগে মোক সপোনত সোণৰ কাৰেং সাজিবলে
বিচাৰিছো প্ৰিয়া মাথো তোমাৰ এখন ফটো 
আমাৰ শাকনিবাৰীৰ পৰা চৰাই খেদিবলে ... 

by subrat Chetia

Friday 11 May 2012

Supreme Knowledge

এবাৰ এজন জীৱ-বিজ্ঞানৰ শিক্ষক,গণিতৰ শিক্ষক আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকে তেওঁলোকৰ পাণ্ডিত্য দেখুৱাবলৈ নদী এখনলৈ গ'
জীৱ-বিজ্ঞানৰ শিক্ষক জনে ক'লে : মই নদীত থকা সকলোবোৰ প্রাণী আৰু উদ্ভিদৰ তথ্য দিব পাৰিম | (এইবুলি কৈ নদীত জাঁপ দিলে)
.
গণিতৰ শিক্ষক জনে ক'লেঃ মই নদী খনৰ দৈর্ঘ্য আৰু প্ৰস্হ উলিয়াব পাৰিম |(এইবুলি কৈ পানীত জাঁপ দিলে)
.
ৰসায়ন বিজ্ঞানৰ শিক্ষক জনে ক'লে (তেওঁলোকে উঠি আহিব বুলি ৫ ঘন্টা ধৰি অপেক্ষা কৰি থাকিল আৰু নদীৰ পৰা উঠি নহা দেখি): মই নিশ্চিত হৈ ক'ব পাৰো যে তেওঁলোক দুজন পানীত দ্রৱণীয়..!!

Contributed By Jyoti Rekha

Monday 7 May 2012

Smartness Unlimited

Santanu দা Nayan ৰ ঘৰলৈ গলে সদায় এটা বস্তু দেখি আচৰিত হয়।

নয়নে ৱালক্লকটোৰ বেটেৰি দুটা সদায় খুলি থয়।

 শান্তনু দাই কথাটো ধৰিব নোৱাৰি এদিন নয়নক সুধিলে- : নয়ন, তোৰ ঘড়ীটোৰ বেটেৰি দুটা সদায় কেলে বাহিৰত পৰি থাকে?

 নয়নৰ স্মার্ট উত্তৰ_ : আজি-কালি যিহে বেটেৰিৰ দাম, সময় চাব লগা হলেহে বেটেৰিকেইটা লগাই লও নহলে বেচি দিন নাযায় নহয়।


 নয়নৰ বুদ্ধি দেখি শান্তনু দা সেইখিনিতেই বেহুঁচ...

Contributed by Pranab Jyoti Das

Wednesday 2 May 2012

No more Sweet Talk


এবাৰ ছোৱালি এজনিয়ে তাইৰ বয়ফ্রেণ্ডক সুধিলেঃ

আমি যে ওজন-উচ্চতা-দূৰত্ব এইবোৰ জুখিব পাৰো, প্রেম-বন্ধুত্ব-বিশ্বাস এইবোৰ জুখিবলৈ একো সা-সৰঞ্জাম নাই কিয়?

ল'ৰাটোৱে মনে মনে অলপ সময় ভাবিলে...

তাইক দুবাহুত আকোৱালি ল'লে....

তাইৰ চকুলৈ গভিৰভাৱে চাই ক'লেঃ

.
.
চোৱা সোনজনি, মোৰ মোৰটো আৰু গৰম নকৰিবা। মই ইতিমধ্যে ফিজিক্সত ফেইল্ কৰিছোয়েই...


Contributed by Nayanjit

The Super Intelligent Chef

গুৱাহাটী ক্লাৱত থকা গাৰ্লচ হো্ষ্টেল এখনৰ ৰান্ধনী গৰাকীয়ে কেলেন্ডাৰখন বৰ মনোযোগেৰে চাই আছে ।

আৰু চাই চাই অৱশেষত চিঞৰি উঠিল এইবাৰ চেকেন্ড চেটাৰডে টো সোমবাৰে পৰিছিল ।

মই ঘৰৰ পৰাই আহিব পাৰিলোহেতেন ৷

Contributed by Bhabita