Showing posts with label Asomiya Koutuk. Show all posts
Showing posts with label Asomiya Koutuk. Show all posts

Saturday 29 March 2014

পুণৰ অপাৰেচন

By: Dípankar Nath
অস্ত্রোপচাৰৰ পিছত এজনী ছোৱালীৰ পেটত এখন কেচি সোমাই থাকিল !
.


ডাক্তৰে পৰীক্ষা কৰি কলে যে--
আপোনাক পুণৰ অপাৰেচন কৰিব লাগিব !

ছোৱালী : পাগল নেকি..? প্রথম বাৰ কৰোতেই ইমান ভয় খাই আছিলো !
এইয়া ২০ টকা লওক--

..

..

..

..

'নতুনকৈ এখন কিনি লব..!'

Wednesday 19 March 2014

নগেন আৰু ঘৈণীয়েকৰ ফাকুৱা..

By: ডঃ মাখন লাল দাস

ফাকুৱাৰ দিনা ৰাতিপুৱাৰে পৰা নগেনহঁতৰ চুবুৰীৰ সকলোৱে ফাকুৱা খেলিছে৷ নগেনো খেলি-খেলি মছগুল৷
দুপৰীয়া ঘৰলৈ আহি দেখে ঘৈণীয়েকে চুবুৰীৰ সৰু-সৰু ল’ৰাবোৰ এটা এটাকৈ আনি চাবোন ঘঁহি ঘঁহি গা ধুৱাই আছে৷ তেনেদৰে দহটামানক গা ধুৱালে ঘৈণীয়েকে৷ আৰু প্ৰায় ত্ৰিশটামান ল’ৰা গা ধুবলৈ শাৰী পাতি আছিল৷
তাকে দেখি নগেনৰ সহ্য নহ’ল ৷
সি ঘৈণীয়েকৰ ওচৰলৈ আহি ক’লে,
“ আজি চুবুৰীৰ গোটেইবোৰকে গা ধুৱাব খুজিছ নেকি? তোৰ মূৰ গৰম হৈছে নেকি?“
ঘৈণীয়েকে লাহেকৈ ক’লে,
“ ইহঁতবোৰৰ মাজৰ পৰা আপুনিয়েই বিচাৰি দিয়কচোন কোন দুটা আমাৰ বাবলু আৰু মুন্না? তেতিয়া হ’লে মোৰ কামটো সহজ হ’লহেতেন…”
ঘৈণীয়েকৰ কথা শুনি নগেনে শাৰী পাতি থকা ল’ৰাবোৰলৈ ভালদৰে চালে৷
তাৰপাছত সি ঘৈণীয়েকৰ ফালে চালে৷
মিচিকিয়াই হাঁহিলে৷
তাৰপাছত সিও ল’ৰাবোৰক গা ধুৱাবলৈ ধৰিলে, এটা এটাকৈ৷
(সংগ্ৰহ)

'নলবেইৰাত কথা-বতৰা'

By: B.n. Rupam

------------------------

আমাৰ নলবেইৰা চ'লি জোনমনিয়ে গেৰেজৰ কাম শিখবাহ গোলাঘাটৰ পেহাকৰ ঘৰত গেইছিল ।

চেকেন্দ দিনা গেৰেজত যাংতে জোনমনিয়ে হাত মুচবাহ তাৰ পকেটত আখান চিৰা কানি ভ'ৰে ল'লাক ।

তাৰ পকেটখান ফুলি আছে । পেহাকে তাকে দেখি সুধলাক:- তোৰ পকেটত কি ও জোন?

জোন:- কানি ।

পেহা:- কি?? তই কানি খা?

জোন:- মানে চিৰা কানি?

পেহা:- কি কৈছ', চিৰাৰ সৈতে কানি খা কিদৰে? আচৰিত দেই..

পিছত জোনমনিয়ে পকেটৰ পাৰাই 'ফটা কাপোৰ' উলিয়াই দি হে বুজে দিলাক 'চিৰা কানি' কি!!

Tuesday 11 March 2014

ভগৱানক প্ৰাৰ্থনা

By: Topon Gohain
সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনে ভগৱানক প্ৰাৰ্থনা কৰিছে---ভগৱান মোৰ অংক ছাৰৰ জিভা খন কাটি পেলোৱা ৷ তেওঁ মোক বৰকৈ গালি পাৰি থাকে ৷
পিছদিনা খন লৰাটোৱে শুনিলে তাৰ অংক ছাৰৰ জিভা খন কোনোবাই কাটি পেলালে ৷ লৰাটো ভগৱানৰ ওচৰত সন্তষ্ট হল
সি আকৌ ভগৱানক কলে ---ভগৱান তুমি মোৰ লগৰ নিখিলৰ ভৰি এটা ভাঙি পেলোৱা , সি এবাৰ মোক ফুটবল খেলোতে গোৰ মাৰি দিছিল ৷
পিছদিনা সি শুনিলে নিখিলৰ চাইকেলৰ পৰা পৰি ভৰি এটা ভাঙি থাকিল ৷
সি পুনৰ ভগঁৱানক কলে--ভগৱান মোৰ দেউতাই মোক সদায় মাৰি থাকে, তুমি মোৰ দেউতাক উঠাই লৈ যোৱা ৷
কিন্ত পিছদিনা খন লৰাটোৱে দেউতাকক দেখি আচৰিত হল ৷
দেউতা , তোমাৰ একো হোৱা নাই ? --লৰাটোৱে দেউতাকলৈ চাই সুধিলে ৷
নাই একো হোৱা নাই--দেউতাকে কলে
কিন্ত মা কলৈ গল দেউতা--লৰাটোৱে দেউতাকক কলে ৷
আমাৰ ওচৰৰ শৰ্মা চাৰ যে, তেওঁ ঢুকাল , তোমাৰ মা তালৈকে গৈছে--দেউতাকে লৰাটোক কলে ৷
( ফ্ৰেইণ্ডচ কিবা বুজিলেনে ? যদি বুজি পাইচা কমেণ্ট কৰিবচোন )

আইতাৰ স্কুল

by: Madhurjya Dutta

হঠাৎ চৰকাৰে এখন আছনি জাৰি কৰিলে যে,দেশত নিৰক্ষৰ লোকসকলক লিখা পঢ়া শিকোৱা হ'ব ৷
কথামতেই কাম ৷ আমাৰ গাঁৱতো পাঠদান আৰম্ভ হৈ গ'ল ৷ গাঁৱৰ সকলো আইতাই একগোট হৈ আবেলি মহিলা সমিটিৰ কায্যালয়তে লিখা পঢ়া শিকিবলৈ ল'লে , এজনক শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল ৷
লেঠা লাগিল শিক্ষকৰ,কিয়নো অাইতা সকলক শিকোৱা ইমান সহজ নহয়,গতিকে তেঁও এটা নতুন পদ্ধতিত শিক্ষা আৰম্ভ কৰিলে, এনেদৰে-
A (ব'ৰ্ড ত লিখি )মানে অমল ৰ মাক, B মানে বলেন ৰ মাক ,,,,,,,,,,,,,
,
,
,
,
,
,
,
এনেদৰে এমাহ মান যোৱাৰ পাছত ইনস্পেক্টৰ আহিল স্কূল চাবলে,,,
ইনস্পেক্টৰ: আপোনালোকে কিমান শিকিব পাৰিছে মই এতিয়া পৰীক্ষা কৰিম,
এইবুলি ব'ৰ্ড ত W লিখি এইটো কি আখৰ কোনে কব পাৰিব সুধিলে,,
কিন্তূ শিক্ষকৰ W শিকোৱা হোৱাই নাছিল ,R লৈকে শিকাইছিল হে ৷
সকলোৱে ইন্সপেক্টৰক ক'লে যে আমাক এইটো শিকোৱাই নাই৷
তেনেতে এগৰাকী বুধিয়ক আইতাই ক'ব পাৰিম বুলি শিক্ষকৰ লগতে সকলোকে লাজৰ পৰা বছালে আৰু উত্তৰটো দিলে,
উত্তৰ শুনি ইন্সপেক্টৰ বেঁহুছ,আইতাই কি ক'লে জানেনে,
,
,
,
,
,
,
,
সেইজনী মৃনালৰ মাক উলটি পৰি আছে৷

Sunday 9 March 2014

পুৰণি স্মৃতি

By: Ashish Majumdar
বহুদিনৰ হেৰাই যোৱা দুজন বন্ধু ৰমেন আৰু ৰাতুলক ফেচবুকৰ জৰিয়তে আৱিষ্কাৰ কৰি নবীন আনন্দত আত্মহাৰা হৈ পৰিল!
তিনিও পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ ৰেষ্টুৰাঁত সোমাল।
নবীন সৰুপানী চুবলৈ টয়লেটত যোৱাৰ পিছত..

ৰমেন- কোৱাচোন ৰাতুল, তোমাৰ ল'ৰা ছোৱালী কেইটা?
ৰাতুল-এটাই ল'ৰা, বৰ বুধিয়ক! ধনীঘৰৰ ছোৱালী এজনী পটাইছে। ইমেজ বনাবলৈ তাইক গাড়ী এখনো gift দিছে। এবাৰ বিয়াখন হৈ গ'লে বাপেকৰ সকলো সম্পত্তি মোৰ!

ৰমেন- হয় নেকি! মোৰ ল'ৰাটোৱেও এজনী ধনীৰ দুলালীক পটাইছে। সি বেংকৰ পৰা টকা ধাৰলৈ লৈ ছোৱালীজনীক ফ্লেট এটা gift দিছে। মই বেয়া পোৱানাই! বিয়াৰ পিছত বাপেকৰ বিপুল সম্পত্তি দেখোন মোৰেই হ'ব!

নবীনে আহি দুয়োৰে কথা শুনি ক'লে- মোৰ এজনীয়ে ছোৱালী, কিন্তু বৰ তীখৰ। তাই একেলগে দুটা ল'ৰাক প্রেমজালত ফচাই থৈছে। এটাই গাড়ী এখন gift দিছে আৰু আনটোৱে ফ্লেট দিছে। তাই হেনো আৰু কিবাকিবি সৰকাবলৈ প্লেন কৰি আছে!

ইন্টাৰ ভিও

By: Anuj Kumar Das

এবাৰ আশিষ'কাইয়ে 'মদাসক্ত সংশোধন কেন্দ্ৰত ভৰ্তি হবলৈ 'ইন্টাৰ ভিও" এটালৈ গল।...ইন্টাৰভিও টো আমাৰ নিভা'মেডামে লৈ আছিল ।...নাম-ধাম সোধাৰ পাছত নিভা'মেডামে প্ৰশ্ন কৰিলে-

নিভা'মেডামঃ-...আপুনি মদ খায় নে ?
.

আশিষ'কাইঃ(পোনপটিয়া উত্তৰ)-..হয়...খাওঁ ।
.

নিভা'মেডামঃ-..সদায় খায় নে ?
.

আশিষ'কাইঃ(সংকোচ নকৰা কৈ)-..অ খাওঁ ।
.

নিভা'মেডামঃ- দৈনিক কি পৰিমানে খায় ?
.

আশিষ'কাইঃ (ডেম কেয়াৰত)-...6/7 পেগ মান হবগৈ ।
.

নিভা'মেডামঃ-ও য়া ও ! 6/7 পেগ ! (আচৰিত হৈ)...এই পেগ বোৰৰ দাম কিমান হব ?
.

আশিষ'কাইঃ-...কিমান আৰু ?...1000/- টকা মান হব ।
.

নিভা'মেডামঃ-আপুনি কিমান দিনৰ পৰা খাই আছে ?
.

আশিষ'কাইঃ-(অলপ ভাবি চিন্তি)..প্ৰায় 14 বছৰ মানেই হব ।
.

নিভা'মেডামঃ(তাচ্ছিল্য ভাবেৰে)...আপুনি 14 বছৰৰ ধৰি 'মদ' খাই আছে...Oh ! No...
(হিচাপ কৰি কৰি)..মানে প্ৰত্যেক মাহত 30,000/-হাজাৰ টকা...এবছৰত 36,000/-হাজাৰ টকা...আৰু 14 বছৰত প্ৰায় 50 লাখ টকা !!!
...বাপ ৰেই...আপুনি ইমান দিনে 50 লাখ টকা উৰাই দিলে ???...মাথোঁ 'মদ'ৰ তলত ??

-হে ভগবান !...এই 50 লাখ টকাৰে আপুনি B.M.W. CAR এখনকে কিনিব পাৰিলেহেঁতেন !...কথাটো ভাবিছেনে ?
.

নিভা'মেডামৰ যুক্তিপূৰ্ন কথা শুনি আশিষ'কাই কিছুসময় 'তভক' মাৰি থাকিল...শেষত নিভা'মেডামক সুধিলেঃ-মেডাম , আপুনি বাৰু 'মদ' খায় নে ?
.

নিভা'মেডামঃ(অবাক হৈ)-...নাই নাখাওঁ ।
.

আশিষ'কাইঃ-আপোনাৰ চাকৰি কৰা কিমান বছৰ হল ?
.

নিভা'মেডামঃ(বিৰক্তি ভাবে)-হ'ল আৰু...14/15 বছৰ ।
.

আশিষ'কাইঃ-আপোনাৰ মাহ'ত দৰমাহ কিমান ?
.

নিভা'মেডামঃ-...কিয় ? প্ৰায় 16/17 হেজাৰ মান !
.

আশিষ'কাইঃ- মেডাম...প্ৰায় 16 বছৰ চাকৰি কৰাৰ পাছত 'মদ-পানী' নোখোবাকৈ...আপোনাৰ মুঠ দৰমাহ -2 কোটিৰ ওচৰা ওচৰি হল গৈ নহয় নে ?...এতিয়া আপোনাৰ B.M.W.CAR খন অলপ দেখুবাই দিব নে ???
.

আশিষ'কাইৰ কথাত নিভা'মেডাম বেহুচঁ !..
ইন্টাৰভিও হল-'ফুঁচ' !!

বিঃদ্ৰঃ- আশিষ'দা আৰু নিভা'মেডাম খং নকৰিব ।'ৰগৰ' কৰাত 'জগৰ'হলে আগতিয়াকৈ 'ক্ষমা' প্ৰাথী হলো ।

Thursday 6 March 2014

কাণৰ গণ্ডগোল

By: Bitupon Saikia
আশিষ দা ডাক্তৰ এজনৰ ক্লিনিক ত গৈ ,,,,,,,
"চাৰ মোৰ পত্নী ৰ অলপ বয়স হৈছে লগতে কি বা এটা সুধিলে একো উত্তৰ নিদয়া হৈছে । কিবা কাণৰ গণ্ডগোল হৈছে নেকি ? এটা উপায় দিয়ক ।

ডাক্তৰ : -- কাণৰ প্ৰবলেম হব পাৰে আপুনি আজি গৈ পৰীক্ষা এটা কৰি চাব ।

আশিষ দা: -- কি কৰিব লাগিব???

ডাক্তৰ : --- আপুনি প্রথম অলপ আঁতৰৰ পৰা মাত দিব তাৰ পাচত অলপ ওচৰত গৈ মাত দিব তাৰ পাচত আৰু অলপ ওচৰত গৈ মাত দিব এনে কৰি চাব চোন ।

আশিষ দা আনন্দ মনে ঘৰ আহিল অন্ততঃ কিবা এটা উপায় টো পাইছে ।

ঘৰ আহি বৌক ১৫ ফুট আঁতৰৰ পৰা সুধিলে "হেৰা আজি কি বনাইছা ? "
নাই একো উত্তৰ নাই
এইবাৰ ১০ফুট ওচৰত আহি
" হেৰা কি বনাইছা হয় আজি ?? "
নাই এইবাৰ ৫ ফুট ওচৰত আহি " বুলু কি বনাইছা ??? "
এইবাৰ বৌয়ে কলে ,,

,
,,
,
,
,
,
,
,
""হেৰৌ কেইবাৰ কব লাগে খিচিৰি বনাইছো বুলি !!! "

ৰতনকাই

By: Achinta S. Projai

হোটেলত বহি ৰতনকাই চাহৰ অৰ্ডাৰ দিলে! হোটেলৰ লৰাটোৱে চাহৰ কাপত আঙুলি সুমুৱাই চাহ একাপ লৈ অহা দেখি ৰতনকাই খংত অগ্নিশৰ্ম্মা হৈ চিঞঁৰি উঠিল: - অসভ্য কৰবাৰ, চাহৰ কাপত আঙুলি কিয় সুমুৱাইছ??
হোটেল বয়: - নহয় তাৰমানে মোৰ আঙুলিত আচিনা ওলাইছে, ডাক্তৰে কলে যে গৰম ভাপ দিলে আৰাম পাবা! সেয়েহে,,,,,,,
ৰতনকাই আকৌ উগ্ৰ হৈ চিঞঁৰি উঠিল: - কি???? আচিনা হোৱা আঙুলিটো তই চাহৰ কাপত সুমুৱাই আনিছ???? ছিঃ ছিঃ!!! যা কটা কৰবাৰ!!! তোৰ সেই আঙুলিটো তোৰ কটীৰ ফুটাত সুমুৱাই থগৈ!!! আৰু আৰাম পাবি! 


হোটেল বয়: - তাতেই সুমুৱাই থৈছিলো, পিছে চাহ আনিব লগা হল যে,,,,,,

কাইলৈ স্কূল বন্ধ

By: Rajib Saikia

কণপিতৌ তেতিয়া দ্বিতীয় নে তৃতীয় শ্রেণীৰ ছাত্র৷ এদিন সি সৰুপানী চুবলৈ স্কুলৰ কাষেৰে বৈ যোৱা নৈখনৰ পাৰলৈ যোৱাত কি দেখিলে জানে? সি দেখিলে তাৰ অংকৰ চাৰজন কিবা কাৰণত নৈখনত পৰি গৈছে আৰু নৈৰ প্রচণ্ড সোঁতে চাৰক উতোৱাই লৈ গৈছে৷ সি আধা সৰুপানী চুইয়েই দৌৰি-দৌৰি আহি গোটেই স্কুলতে গগণ ফালি চিঞৰি কি ক'ব ধৰিলে কওঁকচোন বাৰু.........
.
.
.
.
.
.
.আপোনালোকে ভাবিছে চাগৈ সি আহি কব চাৰ ডুবিব এতিয়া বচোঁৱা, বচোৱা৷ কিন্তু আপোনালোকে ভবাটো ভুল৷ আচলতে সি টিকা চপৰিয়াই-চপৰিয়াই গোটেই স্কুলতে এটা কথাই কৈ ফুৰিলে....
.
.
.
.
.
.
.
'কাইলৈ স্কূল বন্ধ, কাইলৈ স্কূল বন্ধ'৷

ভ'ডাফোন কাষ্টমাৰ কেয়াৰ

By:  Dípankar Nath

আজি দুপৰীয়া এনেই এবাৰ 'ভ'ডাফোন কাষ্টমাৰ কেয়াৰ' অফিচলৈ ফোন কৰিলো..!

হয়তু,
এজনী খুবেই সুন্দৰী ছোৱালীয়ে ফোনটো ৰিচিভ কৰিছিল, কিয়নো লগে লগেই এক সুললিত নাৰীৰ কণ্ঠত ভাঁহি আহিছিল --

..হেল্ল' ছাৰ মই আপোনাক কেনেকৈ
সহায় কৰিব পাৰো ?

দিপাংকৰ : তুমি মোৰ লগত বিয়া
হবা নেকি ?

ছোৱালী : হেল্ল' ছাৰ, আপুনি কাষ্টমাৰ কেয়াৰ অফিচত ফোন কৰিছে, বোধহয় এইটো আপোনাৰ ৰঙ নাম্বাৰ হৈছে ..!

দিপাংকৰ : মই জানো এইয়া
কাষ্টমাৰ কেয়াৰ অফিচ । তুমি মোৰ লগত বিয়া হবানে কোৱা ?

ছোৱালী : মই এতিয়া বিয়াৰ বাবে
আগ্রহী নহয় ..!

দিপাংকৰ : ভাবি ছোৱা, এনেকুৱা 'ফ্রী- অফাৰ' কোনেও নিদিয়ে, হনিমুনত ছিংগাপুৰ লৈ ফুৰাব নিম !

ছোৱালী : (খঙত) মই আপোনাৰ
লগত বিয়া হব আগ্রহী নহয়, আপুনি অফাৰ কিয় দি আছে ?

..

..

দিপাংকৰ : এতিয়া বুজিলেনে বাইদেউ, আমাৰ অশান্তি বোৰ --

যেতিয়া কোনোয়ে আপোনালোকৰ
অফাৰবোৰৰ বাবে আগ্রহী নহয় --

..
..

আপোনালেকে বাৰে বাৰে দিনে ৰাতিয়ে মেজেছ দি কিয় অফাৰ দি থাকে ?

Sunday 2 March 2014

দুটা সৰু জমনি!!

By: Pronoyon Xonowal

ক) এদিন ৰাজু আৰু বিজুৱে টি.ভি ত ক্ৰিকেট চাই আছে । এনেতে মহেন্দ্ৰ সিং ধোনীয়ে দিলে এটা চিক্স । লগে লগে ৰাজুৰ চিঞৰ-
ৰাজু: ঐ বিজু চা!! চা!! গ'ল হ'ল ।
বিজু: পগলা !! গ'ল হ'বলৈ আমি কিবা ক্ৰিকেট খেল চাই আছোনে !!
.
খ) জেইলৰ ভিতৰত এজন কয়দীক কৈছে-
আৰক্ষী: ঐ…তোক কাইলৈ পুৱা পাঁচ বজাত ফাঁচী দিয়া হ'ব ।
কয়দী: হা: হা: হা: হা:……
আৰক্ষী : তই হাঁহিছ যে???
কয়দী: আৰে চাৰ । মই পুৱা সাত বজাত উঠোহে ।হা: হা:

'অকব'ৰ চুপাৰ হিট, ''ৰজনীকান্তৰ ফঁকৰা যোজনা''

Ridip Kumar Nath দাৰ ভাষাৰে: এই নোটটোৰ ৪০ টামানহে মই বনোৱা । বাকীসমূহ বিভিন্নজনে কমেন্ট আকাৰে দিয়া । ধন্যবাদেৰে-- ৰিদিপ কুমাৰ নাথ, ২২ এপ্ৰিল, ২০১১

(১) টেঙা আম বজাৰত এবাৰহে বেচিব পাৰি, হোল চেলাৰত বিক্ৰী কৰি দিয়াই ভাল

(২) লাই পোৱা কুকুৰে ডিঙিলৈকে জপিয়ায়, হাই নেক পিন্ধি থাকিবা

(৩) যত্ন কৰিলে কষ্ট পায়

(৪) খাই পাত ফলা মানুহক বিয়ালৈ নিমন্ত্ৰণ নিদিয়াই ভাল

(৫) চুঙা চাই চুঙা পিঠা

(৬) ঠেং চাই আঠুৱা মেলিবা

(৭) কিনা হাঁহৰ ঠোটলৈকে মঙহ বাবে হাঁহ চুৰ কৰি খাব লাগে

(৮) লোভেই পপ, পপেই কাঁটা বিস্কুট

(৯) খাব জানিলে বিড়িয়েই চিগাৰেট, পিব জানিলে গেলাই বিলাতী মদ

(১০) বাতি খালে দাঁত ভঙাৰ সম্ভাৱনা থাকে

(১১) আঞ্জাত নাখায় লোণ, চিকেন কাৰিত যায় তিনি গুণ

(১২) যি মূলা বাঢ়ে হাবিত কাঁহে ওলাই নাহে

(১৩) জ্বলা জুইত জুই পুৱাব লাগে

(১৪) সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নিলজ্জ্য

(১৫) উপকাৰীক অজগৰে খায় , অপকাৰীক কুকুৰেও নাখায়

(১৬) গোৰ মাৰি গংগাত পেলাব পৰিলে ভাল ফুটবলাৰ হ’ব পাৰি

(১৭) উলুৰ লগত আলু পুৰি খাব লাগে

(১৮) অচিন কাঠৰ থোৰা লগালে বিহুত লঘোণে থাকিব লগা হয়

(১৯) গছত কঁঠাল ওঠত লিপ্‌ষ্টিক

(২০) ঘঁহি থাকিলে শিলো ক্ষয় হয় আৰু ঘঁহোতাজনক মানুহে পাগল বুলি কয়

(২১) মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ শ্ৰেণীকোঠা

(২২) দেশতকৈ ৰাজ্য ডাঙৰ নহয়

(২৩) হলা গছ দেখিলে সকলোৱে আম পাৰে

(২৪) হৰিণাৰ মাংস‍ই বৈৰী, ক্ষীণ-মীণ হৰিণা পুহিব লাগে

(২৫) হাতত নাই ধন, আই. পি. এল.ৰ টিম কিনাৰ মন

(২৬) ফটা বাঁহ জোৰা নেলাগে, সেই কাৰণে চিমেন্টৰ খুটা দিব লাগে

(২৭) বাচি খাবা , জাগি ফেচবুক কৰিবা, ধৰা পৰিলে জাষ্ট খুলিছো বুলি কবা

(২৮) জী ভালেই জোৱাই ভাল, ৱাল পোষ্ট ভালেই কমেন্ট ভাল

(২৯) এশ গৰু মাৰিলে এবছৰৰ বাবে চিন্তা নাই

(৩০) ৰাইজে মৰুভূমিত নখ জোকাৰিব লাগে

(৩১) ভুকুতে কল নপকে, সেই কাৰণেই কুংফু-কাৰাটে শিকিব লাগে

(৩২) চুৰেহে চুৰৰ ঠেং দেখে, সেই কাৰণে চুৰ কৰিব গ’লে ঠেং দুখন ঘৰতেই থৈ যাব লাগে

(৩৩) নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব পাৰিলে "গীনিচ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ"ত স্থান পায়

(৩৪) অধিক মাছত বগলী ধৰিবলৈ ভাল

(৩৫) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি, সেই কাৰণে নিজলৈ হুল পুতিব লাগে

(৩৬) যি লঙ্কালৈ যায়, সি্য়েই ছাংগাকাৰা নহয়

(৩৭) ফিৰিঙতিৰ পৰা চিগাৰেট জ্ব্লাব পাৰি

(৩৮) পঢ়ে পঢ়াৱোই ৰোৱে পাণ, আৰু খায় জৰ্দা পাণ

(৩৯) যাঁচি দিলে মাণিকৰো মূল্য নাই, কিন্তু যাঁচি দিয়া চাধাৰ মূল্য আছে

(৪০) এশ বিদ্যা যাৰ তাকেই মাল্টিটেলেন্টেড বুলি কয়

(৪১) পানীত হাঁহ নচৰা অ্ৱস্থা হ’লে মূৰ্গী পুহিব লাগে

(৪২) আপোন নাক কাতি সতিনীয়েকৰ যাত্ৰা ভংগ কৰিবলৈ যোৱাৰ আগতে ১০৮ ত কল কৰি এম্বুলেন্স মাতি থব লাগে

(৪৩) অকালতে দাঁত ভাঙিলে চেৰেলেক খাব লাগে

(৪৪) নাই মোমাইতকৈ ধুনীয়া মামাই ভাল

(৪৫) অবুজনক বুজোৱা আৰু বান্দৰ কেঁকুৱা ফ্ৰাই কৰি খোৱা একেই কথা

(৪৬) নপতা ফুকনে আকাশত চাং পাতি খাই পাত ফালিলে বিনা মেঘে বজ্ৰপাত পৰি মৰি থাকে

(৪৭) যি মুলা বাঢ়ে, বজাৰত নি কম দামত বেচি দিব লাগে

(৪৮) যি লাই বাঢ়ে গাহৰিৰ লগত ফ্ৰাই কৰি খাব লাগে

(৪৯) এশ গৰু মাৰিলে বাঘৰো মৰণ, গতিকে ৯৯লৈকে গন্তি কৰি আকৌ ১ৰ পৰা গন্তি কৰিব লাগে

(৫০) আছে গৰু নাবায় হাল, থকাতকৈ বেচি দিয়াই ভাল

(৫১) ৰাইজে মুখ জোকাৰিলে চাধা ওলায়

(৫২) যি মুলা বাঢ়ে তাৰ দুটাই পাত

(৫৩) উজলা মাত্ৰেই চাৰ্ফ এক্সেল ব্লু নহয়

(৫৪) যেনে কুকুৰ তেনে কামোৰ৷

(৫৫) মানুহ মৰণশীল, অৰ্থাত্‍ শিল মাৰিলে মানুহ মৰে

(৫৬) কাকনো বুলিম ক’কা, সকলোৰে দাৰি-চুলিত ’কেশকালা’

(৫৭) ৰজনীকান্তে নখ জোকাৰিলে নৈ বয়

(৫৮) ফটা হওক চিতা হওক পাটৰ টঙালী, কাণী হওঁক কুঁজী হওঁক NRI ছোৱালী

(৫৯) সকলো উজলা বস্তুৱেই সোণ নহয়, সেয়ে ৰূপ পিন্ধিব

(৬০) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, সেই কাৰণে শিয়ালটোকো গড়ালতে বান্ধি থব লাগে

(৬১) মহন্তৰ চিন বিধানসভাত

Wednesday 26 February 2014

ভাবিছিলো

By: Bikash Shinobi Ujjal

সৰুতে মার্ৰল খেলোতে ভাবিছিলো ডাঙৰ হলে এবোস্তা মার্বল কিনিম ,
ধেত তেৰি ..ডাঙৰ হোৱাৰ পিছত মার্বল খেলিব মন নোহোৱা হল ।

হাইস্কুলত পঢ়ি থাকোতে ভাবিছিলো মেট্ৰিকত ভালদৰে পাচ কৰি ডাক্তৰ ,ইঞ্ছিনীয়াৰ হম ,
ধেত তেৰি ..মেট্ৰিকত প্ৰথম স্থানেই নাপালো ।

কলেজত পঢ়ি থাকোতে ভাবিছিলো ভাল চাকৰী এটা কৰিম ,
ধেত তেৰি ...মোটা টকাৰ ভেটি নিদিলে দেখোন চাকৰীয়েই নাপায় ।

কম্পিউতাৰ শিকি থাকোতে ভাবিছিলো ,প্ৰাইভেট কোম্পানীত চাকৰী কৰিম ,
ধেত তেৰি ...এক্সপিৰিয়েঞ্চ নহলে ইয়াতো চাঞ্চ নাই ।

ভাবিলো দোকান এখনকে দিম ,
ধেত তেৰি ..মুলধনে নাই ।

অৱশেষত ভাৱিলো বিয়াখনকে পাতো ,
ধেত তেৰি ...বেকাৰৰ ভাগ্যত কোনো ছোৱালী নাই ।

এই পোষ্টটো লিখোতে ভাবিছিলো বহুত লাইক পাম ,
ধেত তেৰি ..বেলেঞ্চ কটা যোৱাৰ ভয়ত এটাওঁ লাইক দিয়া নাই ।..ধেত তেৰি ।।

Tuesday 18 February 2014

লটাৰী

By: ৰিদিপ চেতিয়া
আগতে পঢ়িলে মোৰ গাত দোষ নাই দেই, আকৌ লিখো দিলো বাপেকে.....

এদিন এজন ভিক্ষাৰীৰে লটাৰীত এককোটি টকা জিকিলে । ভিক্ষাৰী এজনেও কোটি টকা জিকা কাৰণে সংবাদ মাধ্যমৰ পৰা তেখেতক সাত্‍ক্ষাতকাৰ লবলৈ আহিল ।
সাংবাদিক ~ আপুনি ১কোটি টকা জিকা শুনি আমি নথৈ আনন্দিত । কওঁকচোন আপুনি এই টকাৰে কি কৰিব ?
ভিক্ষাৰী ~ মই চহৰৰ মাজ-মজিয়াত এডোখৰ মাটি কিনিম আৰু তাত মোৰ ব্যৱসায় আৰম্ভ কৰিম ।
সাংবাদিক ~ ভাল কথা । আপুনি ভাল চিন্তাই কৰিছে । কওঁকচোন কি ব্যৱসায় কৰিম বুলি ভাৱিছে ?
ভিক্ষাৰী ~ তাত এটা ধুনীয়া মন্দিৰ বনাম ।
সাং ~ মন্দিৰ ! মন্দিৰতনো আপুনি কি ব্যৱসায় কৰিব ?
ভি ~ (অলপ গহীনহৈ) তাত মই মোৰ ভিক্ষাবৃত্তি আৰম্ভ কৰিম আৰু কোনো ভিক্ষাৰীকেই সেই ঠাইত থাকিব নিদো । কেৱল মই । চাওকচোন কিমান টকা হব মোৰ ।

(নীতি শিক্ষা কিবা পালেনে বন্ধুসকল)

Friday 14 February 2014

সাধাৰণ জ্ঞান

By: Nitul Kr Das
কেইটামান জানিব লগীয়া সাধাৰণ জ্ঞান

ৰাষ্ট্ৰীয় ভন্টি - মমতা বেনাৰ্জী
ৰাষ্ট্ৰীয় প্ৰেয়সী - চানী লিঅন
ৰাষ্ট্ৰীয় সমস্যা - চলমান খানৰ বিয়া
ৰাষ্ট্ৰীয় অবিবাহিত - ৰাহুল গান্ধী
ৰাষ্ট্ৰীয় সন্ত্ৰাস - ৰা.ৱানৰ চিকুৱেল
ৰাষ্ট্ৰীয় খাদ্য - কচম
ৰাষ্ট্ৰীয় সংগ্ৰামী - অভিষেক বচ্চন
ৰাষ্ট্ৰীয় জৰ্জ - অৰ্চনা পুৰন সিং
ৰাষ্ট্ৰীয় মা - ছোনীয়া গান্ধী
ৰাষ্ট্ৰীয় কিতাপ - ফেচবুক
ৰাষ্ট্ৰীয় জোঁৱাই - ৰোবাৰ্ট বাদ্ৰা
ৰাষ্ট্ৰীয় ৰবট - মনমোহন সিং
ৰাষ্ট্ৰীয় বেংক - ছুইছ বেংক
ৰাষ্ট্ৰীয় ভগৱান - শচীন তেণ্ডুলকাৰ
ৰাষ্ট্ৰীয় অনুষ্ঠান - কমেডি নাইটচ্ ৱিদ কপিল
ৰাষ্ট্ৰীয় বাঘ - নৰেন্দ্ৰ মোডী

(সংগ্ৰহীত ও অনুবাদিত)

Tuesday 21 January 2014

তুমি ইমান ইনফৰ মেশ্বন কত পালা ?

@ পঢ়ি চাব ; মজা পাব @

এদিন ৰাতি ১২ বজাত দ্বীপজ্যোতিয়ে তাৰ গার্লফেণ্ডলৈ ফ'ন লগালে !..

ছোৱালী : "হেল্ল' কোনে কৈছা?"...

দ্বীপ : "হেল্ল' পম্পী ; মই তোমাৰ জানু' ৱে কৈছো !"....

ছোৱালী:"অ' কোন ; বিট্টু নেকি ?"...

দ্বীপ : "অ' বিট্টু হয় ; কিন্তু তুমি কেনেকৈ জানিলা মোৰ এই ঘৰত মতা নামটো ?....

ছোৱালী: "তোমাৰ আচল ঘৰ নাহৰটীয়া ?"...

দ্বীপ : "হয় তোমাক তো মই গুৱাহাটী বুলিহে কৈছিলো : তুমি কেনেকৈ গম পালা ?"....

ছোৱালী: "তোমাৰ ককাৰ নাম জয়দেৱলাল ?"....

দ্বীপ :"অ... হয়তো কেনেকৈ জানিলা মোৰ সোন ! মইতো তোমাক এইবোৰ কোৱা নাছিলো ?"...

ছোৱালী: "তোমাৰ দেউতাৰ নাম যদুলাল "?...

দ্বীপ : "আৰে মোৰ জানমনি... তুমি ইমান ইনফৰ মেশ্বন কত পালা ?"...
.
.
.
ছোৱালী : "আৰে গৰু ; গাহৰি মই কোনো পম্পী নহয়...
.
.
.
.
মই তোৰ
.
.
.
.
.
.
.
মাৰ'ই কৈ আছো হাৰামজাদা !!!"


By: Nâvâ Kríshñá DéKá

Monday 6 January 2014

কলিতাখুঢ়া বৰ মৰমিয়াল

এদিন ঘৰৰ সমুখত গাই গৰু এজনী আৰু পোৱালী এটাই চেলেকা চেলেকী কৰি আছিল ! 

তাকে দেখি কনটিলৌৱে বাপেকক সুধিলে ?পাপা পাপা এই গাইজনীয়ে কিয় চেলকী আছে ! 
বাপেক ক লে , বোপাই গৰু ছাগলীয়ে এনেকৈয়ে মৰম কৰে আৰু আপোন বুজাই । 

তেতিয়া সি অলপ সময় মনে মনে থাকি কলে ,পাপা জানানে ,কাষৰ যে কলিতাখুঢ়া বৰ মৰমিয়াল ,
বাপেকে কলে কিয় !

কনটিলৌৱে কলে ' জানা পাপা তোমি অফিছত গলে কলিতাখুড়াই আহি মাম্মীৰ লগত চেলেকা চেলেকী কৰি থাকে সদায়

কোনোবা বুৰ্বক এটা

এটা ৰাজহুৱা টইলেটত মানুহ এজন বহি আছিল.....
.
.
.
হঠাত্ কাষৰ টইলেটৰ পৰা শব্দ আহিল,...--কি খবৰ ?
.
মানুহজনে ভয় খায় ক'লে -ঠিকে চলি আছে ।
.
পুনৰ শব্দ আহিল..-"কি কৰি আছে ?
.
মানুহজনে ক'লে - যিটো সকলোৱে ইয়াত বহি কৰে ।
.
আকৌ শব্দ আহিল.."মই যাঁও নেকি ?
.
মানুহজনে বিৰক্তিৰে ক'লে - নাই নাই মই অকলেই ঠিক আছো ।
.
.
.
.
আকৌ এটা মাত আহিল
.
.
.
.
ঠিক আছে দাদা মই পিছত ফোন কৰি আছো,..এতিয়া কোনোবা বুৰ্বক এটাই কাষৰ টইলেটৰ পৰা প্ৰতিটো কথাৰ উত্তৰ দি আছে ।

কেনে পালে ?......... শ্বেয়াৰ কৰিব

Saturday 4 January 2014

তুমি হাঁহিব নাজানা নেকি ?

আজি এজনী ছোৱালী লগত
ছ্যাট কৰি আছিলো --

তাই সুধিলে ---- তুমি হাঁহিব নাজানা নেকি ?

..... কিয় সুধিলা ??

----- নহয় মানে, তোমাৰ হাঁহি থকা ফটো এখনো দেখা নাই যে ।

অলপ সময়ৰ পিছত সুধিলো
তাইক ----

.....তুমি সদায় গা ধোৱা নে ?

তাই : ও ধোঁও তো, কিয় সুধিলা ?

উত্তৰ দিলো :

..
..

....নহয় মানে, তোমাৰ গা ধুই থকা ফটো এখনো দেখা নাই !!

(দিলে বাপ্পেকে ব্লক কৰি)


By: Dípankar Nath