Showing posts with label Gaja. Show all posts
Showing posts with label Gaja. Show all posts

Saturday 1 February 2014

বাঘ চিকাৰ কৰাৰ সহজ উপায়

প্ৰথমতে বৈদ্য টেঙা গুণৱালা নেমু আঠপিচ কাটি লওক, তাৰ পিচত মানাহ , কাজিৰঙা, সুন্দৰবন যত মন যায় যাওঁক 

জংঘলৰ ভিতৰত সোমাই মোৰ দৰে ৰিচি কাপুৰ হেন চেহেৰাৰ বাঘ এটা বিচাৰি লওক ৷ 

পালে? গুড !!! এতিয়া বাঘটোৰ খং উঠি যোৱাকৈ তাক ছেঙৰ বৈদ্য ফাল্টু জোকছ এটা কওক, 

কলে? এতিয়া সি আপোনালৈ চোচা লব, ললে? কামুৰিব মুখখন মেলোতেই তাৰ মুখত সেই যে নেমু আনিছিল, চেপি দিয়ক, জীৱনত টেঙাৰ সোৱাদ নোপোৱা মুখত টেঙা পৰাৰ পিছত সি দুই খোজ পিচুৱাই যাব, অলপ পিচত আকৌ কামুৰিব আহিলে আকৌ নেমু চিপি খুৱাই দিওঁক, এনেকৈ আঠ টুকুৰা নেমু খুৱাই দিয়াৰ পিচত আপোনাৰ হাতখন তাৰ মুখৰ ভিতৰত ভৰাই দিয়ক , বাঘৰ টেমা গৰম হব, কামুৰিব নোৱাৰে, চব দাত টেঙা !!!!!

এইবাৰ তাৰ মুখৰ ভিতৰত হাতখন দি ডাইৰেক্ট কোচত লৈ ঘৰত আহক .........
By: Dhiman Adhikary

Tuesday 26 November 2013

'চুটি'ত থকা

গাধ এটা, চিৰিয়াখানাত সোমালগৈ। মানুহ এজন আহি খেদিবলৈ ধৰিলে। কিন্তু গাধটোৱে পাত্তাই নিদিলে। ওলোটাই সুধিলে…, 

: খেদিছ যে…, তই কোন?
: মই ইয়াৰ 'ছিকিউৰিটি'।
: তোৰ 'ড্ৰেচ' নাই যে…?? 
: এই কেইদিন 'চুটি'ত আছো, সেয়ে পিন্ধা নাই।
: (খং -ৰে)
সেই বুলিয়ে তই…

.

.

.

.

.

.

 'চুটি'ত থকা,

.

.

.

.

'জেব্ৰা' এটাক
খেদাবি নিকি…??

Wednesday 9 October 2013

সুন্দৰী ছেল্ছগার্ল

এটা ডিপার্টমেণ্টাল ষ্টোৰলৈ এজন ভদ্রলোক আহিল ।
 তেওঁ সুন্দৰী ছেল্ছগার্লৰ ওচৰলৈ আহি ক'লে: মই মোৰ ঘৈণীৰ কাৰণে হাতমোজা কিনিবলৈ আহিছিলোঁ ।
কিন্তু হাতৰ ছাইজ বা নম্বৰটো আনিবলৈ পাহৰি গৈছোঁ ।

 ছোৱালীজনীয়ে ক'লে :------ মোৰ হতখন ধৰি ভালদৰে চাই লওক

----- এনে ধৰণৰ ছাইজ নে ইয়াতকৈ ডাঙৰ লাগিব ?

 ছোৱালীজনীয়ে তাইৰ হাতখন ভদ্রলোকৰ হাতত তুলি দিলে ।

 ভদ্রলোকজনে হাতখন টিপি টাপি হাত বোলাই চাই লৈ ক'লে :------ ওঁ , বোধহয় আপোনাৰ হাতৰেই ছাইজ ।
 ছেল্ছগার্ল ছোৱালীজনীয়ে সেই ছাইজ অনুযায়ী হাতমোজা উ
লিয়াই দি ক'লে :------ আৰু কিবা লাগিব নেকি ??

 ভদ্রলোকজনে ছোৱালীজনীৰ ফালে চাই ক'লে :





------হয়, এতিয়া মনত পৰিছে মোৰ ঘৈনীয়ে ব্রাও কিনি নিবলৈ কৈছিল ।
 কিন্তু ব্রাৰ ছাইজটোও আনিবলৈ মই পাহৰি গৈছোঁ !

by:Akandas Assam

Tuesday 8 October 2013

কনফিওচ

1.
পত্নীৰ ডেলিভাৰিৰ সময়ত,
গিৰিয়েকঃ হে ভগৱান যাতে ছোৱালী হয়।
 ... পত্নীঃ হে ভগৱান লৰা হয় যেন।

ভগৱানঃ তোমালোকে মোক কনফিওচ লগায় নিদিবা দে।

 কিবা খং উঠিযাব বাপেকে তোমালোকে চাৰা জীৱন কান্দি থাকিবা আৰু.......................





 সি হাত থাপৰি মাৰি থাকিব।
2.

টিলৌ : ঐ পিতাই এগিলাছ পানী আনি দেছোন !!
বাপেক : মই নোৱাৰো নিজে লৈ খা !!
 টিলৌ : দে না পিতাই ........
 বাপেক : নোৱাৰো বুলি কৈছো নহয় আৰু যদি বাৰে বাৰে খুজি থাক' ছৰ খাবি !!
 . . . . . . . .





টিলৌ : হব দে পিতাই, ছৰ টো যেতিয়া দিব আহিবি, তেতিয়া লৈ আনিবি !!

By: Ragar

Sunday 6 October 2013

টিউচনৰ বিষয়ে কথা

তৃতীয় শ্রেণীত পঢ়া টিলৌ : মিছ মোক আপোনাৰ কেনেকুৱা লাগে ??

 মিছ : বহুত ভাল লাগে সোণটো, তুমি বহুত মৰমিয়াল !!

 টিলৌ : তেন্তে মোৰ মা-দেউতাক আপোনাৰ ঘৰলৈ কেতিয়া পঠাঁও ??

 মিছ : কিয় ?

 টিলৌ : আমাৰ বিষয়ে কথা পাতিবলৈ, মা-দেউতা নগলে কেনেকৈ কথা আগবাঢ়িব ??

 মিছ : লাজ নালাগে তোৰ, এইবিলাক কি ফাল্টু কথা কৈছ' ??






. . . . . . . . . . . . . . টিলৌ : টিউচনৰ বিষয়ে কথা পাতিবলৈহে, মিছ আপুনিও কিন্তু ছিৰিয়েল ছাই ছাই বহুত বেয়া হৈ গৈছে দেই !!

By: Dípankar Nath

Friday 4 October 2013

কলী ছাগলী জনী

[নতুনকৈ টেটতৰ(TET) চাকৰি পাই ছাৰ এজন নতুন স্কুল এখনলৈ গল স্কাচ এটাত সোমাল সকলো লৰা বহাৰ পৰা থিয় হল]

ছাৰঃ বহা বহা,
সকলো বহিল, (কিন্তু এজন লৰা থিয় হয় থাকি টেতুফলা চিঞৰত কান্দিব ধৰিলে)
ছাৰঃ অই তই কিয় কান্দিছ অ কিয় কান্দিছ মই তোক কি কৰিলো বাউ..... ?
লৰাঃ সেইটো কথা নহয় ছাৰ এ এ এ এ......
ছাৰঃ সেই এইটো মনে মনে থাক চোন নাকান্দিবি চোন ৰ কচোন ক কয়াটো কি
লৰাঃ মানে ছাৰ যোৱা দেওবাৰে আমাৰ বৰ মৰমৰ কলী গাভিনী ছাগলী জনী মৰিল
ছাৰঃ অ তোৰ হবলা আজি হে কান্দিবলৈ মনত পৰিল হে হে হে
লৰাঃ নহয় ছাৰ সেইদিনা খনো মই খুব কান্দিলো তাৰ পিছত মই পাহৰি গৈছিলো কথাটো কিন্তু আজি আকৌ
ছাৰঃ কচোন ক কিন্তু আজি আকো কি হল তোৰ?



লৰাঃ মানে ছাৰ আজি আপোনাৰ দাৰি খিনি দেখি আকৌ কলী ছাগলী জনীলৈ চিৰিং কৈ মনত পৰি গল আমাৰ ছাগলীগনীৰো আপোনাৰ দৰে দীঘল দীঘল দাৰি আছিল এ এ এ এ এ








..... শ্বেয়াৰ কৰক ৰাইজ

By:Khudit Saikia

Wednesday 2 October 2013

এটা মুৰ্গীয়ে অসম-বাংলাদেশ সীমান্তৰ মাজতে কণী পাৰিলে

এবাৰ এটা মুৰ্গীয়ে অসম-বাংলাদেশ সীমান্তৰ ঠিক মাজতে এটা কণী পাৰিলে ।

 তাৰ পিছতে সেই কণীটোৰ বাবে দুয়োখন দেশৰ মানুহৰ মাজত কাজিয়া হ'বলৈ ধৰিলে ।

 বহু বাক্-বিতন্দাৰ পিছতো কোনো এখন দেশেই কণীটো এৰি দিবলৈ মন্তি নহ'ল!

শেষত আমাৰ নাথে এটা সমাধান ভাৱি উলিয়ালে যে-"দুয়োখন দেশকেই এঘন্টাকৈ সময় দিয়া হ'ব, সেই সময়খিনিৰ ভিতৰত যিখন দেশৰ ল'ৰাই আনখন দেশৰ বেছি সংখ্যক ছোৱালীক চুমা খাই আহিব পাৰিব, সেইখন দেশেই কণীটো নিব পাৰিব!"

 -কথাটোত সকলো মান্তি হল ।

. প্ৰথমেই আমাৰ এজাক পাহোৱাল অসমীয়া ডেকা বাংলাদেশলৈ গ'ল আৰু এঘন্টাত ২০হাজাৰ বাংলাদেশী ছোৱালীক চুমা খাই আহিলেগৈ !!
 তাকে দেখি বাংলাদেশীসোপা একদম এক্সাইটেড হৈ লুঙি দাঙি ক'লে, 'এখন আমৰা যাইতাছি !!'


 তেতিয়া লগে লগে আমাৰ অসমীয়াসক'লে একেলগে চিঞঁৰি উঠিল,


"ধুৰৰ!! ঐ গৰুহত, এখোজো অসমৰ মাটিত নিদিবি, মাত্র এটা কণীৰ বাবে বহুত হুলস্থূল কৰিব পাৰ দেই তহঁতে !! যা কণীটো তহঁতেই লৈ যা ।

:p:p

 অসম অলৱেজ ৰকচ্ বাট বাংলাদেশ চ্যক্চ্..!

by:NiluTpal Luit Axom

ফ্ৰিজ লাগিব নি ফ্ৰিজ?

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল|

ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

 এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...

ডীপা: নালাগে পাই...

 অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!

ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে| ... ও... ৱা...ক্...

ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

 বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড!
সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো?

কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি..

by:Santanu Changmai

Saturday 7 September 2013

সকলো একেই আছে

আদহীয়া মানুহ এজনে কলেজ হোষ্টেলৰ ৰুম এটাৰ দৰজাত knock কৰিলে।

 অলপ পিছত ল'ৰা এটা ওলাই আহিল।

 আদহীয়া মানুহ- মই ভিতৰলৈ আহিব পাৰোঁ নে? মই ১৯৮১ চনত এইখন কলেজতেই পঢ়িছিলোঁ আৰু এইটো কোঠাতেই আছিলোঁ।

 ল'ৰাটোৱে অলপ ইতস্তত কৰি ভিতৰলৈ মাতিলে।

 আদহীয়া মানুহজনে অলপ নষ্টালজিক হৈ ক'ব ধৰিলে-

আহ...সেই পুৰণি কোঠা...সেই একেই পুৰণি ফাৰ্ণিচাৰ....একেই আলমাৰী!

এইদৰে স্মৃতি ৰোমন্থন কৰি কৰি আলমাৰীৰ দৰজাখন খুলি দিওঁতে ভিতৰৰ পৰা দিপলিপ ছোৱালী এজনী ওলাই আহিল !!

 ল'ৰাটোৱে থতমত খাই ক'লে- এইজনী মোৰ cousin ! . . . .

আদহীয়া মানুহ- আহ্......! সেই আমাৰ দিনৰেই পুৰণা বাহানা !!!!!!!


 সকলো একেই আছে, একো সলনি হোৱা নাই!

By: Ashish Majumdar

Saturday 17 August 2013

এচাইনমেন্ট

চুচমিতা আৰু তুলিকা একেলগতে স্কুললৈ গৈছিল তো|

তেতিয়া ১৯৯৪ মানৰ কথা (কোন ক্লাছত পঢ়ে কৈ নিদিওঁ, নহ’লে হিচাপ ওলাই যাব তো ) |

দুইজনী ছোৱালী বিৰাটেই বদমাছ- মাৰ্বল খেলে, টাংগুটি খেলে, চানা কিনি খায়, ৰাতি নপঢ়ি লুকুৱাই থোৱা বগৰী চোবাই চোবাই মৌচাক পঢ়ে|

 গৰম বন্ধত দীপা বাইদ’ৱে এচাইনমেন্ট এখন কৰিবলৈ দিছিল|

ক্লাছত চবেই কৰি আনিলে দুজনী ছোৱালীৰ বাহিৰে|

কোন সেই দুজনী ক’ব লাগিব নি বাউ?

 দীপা বাইদ’: - হুৱাই নৌ হোমৱৰ্ক?

তুলিকা: - আই ডিড| বাট... আৱাৰ ড’গ ই’ট ইট!

 দীপা: - অ’ বেড ড’গ...

তুলিকা: - ইয়েছ মেডাম

 দীপা: - হুৱাই নৌ হোমৱৰ্ক চুচমিতা?

 চুচমিতা: - আই ডিদ| বাট ... আই এট ইট

দীপা: - হুৱাট? হুৱাই ইউ ই’ট ইট?

চুচমিতা: - বিকৌজ উই ডু নট হেভ ড’গ না মেডাম! (হি হি)


by:Santanu Changmai

বাপেৰে অনা বিস্কুট

মানুহ কিছুমান আছে আপোনাৰ কি কম আৰু দেই ।

ঘৰত :মাক জনীয়ে পুতেকক;'ঐ মাউৰত মৰা ;কালি বাপেৰে অনা বিস্কুট আদাই কৰিলিয়েনে ।হতশ্ৰী হোৱা অকল খাবলৈ জীয়াই আছ ।'


 স্কুলত: বুজিছে বৰুৱানী ;আমাৰ ই যে একো খাবলৈয়ে মন নকৰে ।ইমান শুকাই খিনাইগৈছে খা খা ক'লেও নাখায় ।উপাই পোৱা নাই বিস্কুট চিস্কুটবোৰো টেমাতে আনি থোৱাতে থাকে নুচুৱেই সি । 


দোকানত :"জান্তু ;কোনটো বিস্কুট নিও ঘৰলৈ ?কোনটো খাবা কোৱা টপ গল্ড খাবানে ;গুড দে খাবা?কোৱা ।
পুতেক :-টপ গ'ল্ড কে নিয়া ।
মাক :(দামটো চাই পচিশ টকা) । ;"ধেৎ জান্তু সেইটো মিঠা বিস্কুট ।তোমাৰ এইকেইদিন পেলু হৈ আছে নহয় ।"

 দোকানী সৌ নিমখিয়া স্নেকচ পেকেট দিয়া । কিমান হ'ল ? -- দশ টকা ।

 ইফালে দামটো জানেই তেওঁ ঘৰৰ পৰা সেইটো কিনিম বুলিয়েই আহিছে ।

আহিলৈ কি লেভেল দেখাইছে দেখিলেনে ?

চালা হপলেচ বোৰ নকৈয়ো নোৱাৰো ফটা মুখ ক'লেও লাগে প্ৰাণজিৎৰ দোষ ।হুহ !!!

Friday 9 August 2013

হুৱাই ক্ৰায়িং

ডীপাংকৰ মানে আমাৰ দীপু সৰু হৈ থকাৰ কথা| এদিন ভেঁ ভেঁকৈ কান্দি গেটতে শেঙুন মচি মচি ৰৈ আছিল| টিউছনলৈ এভন চাইকেল খন লৈ যাওঁতে দেখা পাই ম‍ই ৰৈ দিলোঁ|

"কি হ’ল দীপু? হুৱাই ক্ৰায়িং?" (ইংৰাজীত ভাল আছিলো সৰুৰে পৰাই দেই)
"মোক মায়ে এনেই এনেই এচাৰিৰে পিটিলে... ভেঁ ভেঁ"

"থেইত... নো নো, নো ক্ৰায়িং ম’ৰ! হুৱাই আন্টি পিটিং ইউ বাউ?"
"কোনোবাই মাক লগাই দিলে যে ম‍ই টিউছন কৰিবলৈ নগৈ ফুটবল খেলিবলৈ গৈছিলোঁ.. ভেঁ ভেঁ"

"হুৱাট? ট্ৰু অ’ৰ ফলছ?"
"মিছা.... মিছা... "

" ইউ ৱেন্ট নট টু প্লে?"
"গৈছিলোঁ খেলিবলৈ... কিন্তু ক্ৰিকেট খেলিবলৈ হে গৈছিলোঁ... এনেই এনেই ফুটবল খেলিবলৈ গৈছিলোঁ বুলি পিটি দিলে.. ভেঁভেঁ ভেঁ..."

আন্টি ভি না, এনেই এনেই এনেই মিছাতে পিটিব লাগে নে?

Changmai#

শৰ্মাদা

শৰ্মাদাক চিনি পায় নহয়?
শৰ্মাদা নিজৰ পুৰণি স্কুলখনলৈ গ’ল| বিচাৰি বিচাৰি স্কুলত পঢ়া লগৰ এটাক বিচাৰি উলিয়ালে|
শৰ্মা: চিনি পাইছা নে মোক মোহন?
মোহন: নাই পোৱা
শৰ্মা: কিয়? তৃতীয় চতুৰ্থত একেলগে পঢ়িছিলোঁ দেখোন|
মোহন: মিছা কথা, চতুৰ্থ শ্ৰেণীত মোৰ কোনো দাড়িৱালা বন্ধু নাছিল|

চাইনিজ চাউণ্ড চিষ্টেম

চেংমাই: কলিতা, কালি ম‍ই শিলিগুড়িৰ পৰা এটা চাইনিজ চাউণ্ড চিষ্টেম কিনি আনিলোঁ|
কলিতা: হাইলা… তুমি দেখোন চাইনিজ ভাষা নাজানাই, কেনেকৈ বুজি পাবা গানবোৰ?

Saturday 29 June 2013

Dilemma: Assamese Joke

ডীপা আৰু বৰ্ণিয়ে কথা পাতি আছে
ডীপা: জানা, ম‍ই নহয়, কফি খালে ৰাতি শুব নোৱাৰোঁ, টোপনি নাহে|
বৰ্ণি: ইচ ইচ, মোৰো তেনে এটা প্ৰবলেম আছে জানা? ম‍ই নহয়, টোপনি গ’লে কফি খাব নোৱাৰোঁ! ইমান যে দিগদাৰী হয়...

Jokes from Assam 

Saturday 4 May 2013

কৃপণ

এজন কৃপণ বহু ওখ বিল্ডিং এটাৰ ছাঁদৰ পৰা পৰিল৷ 

তলত পৰি মৰাটো খাটাং৷

 তললৈ পৰি গৈ আছে গৈ আছে...

 ৬০ মহলা, ৫০ মলহা, ৩০ মহলা...
 ২৭ মহলাত তেওঁৰ ঘৰ... খিৰিকি মুখত দেখে,

 ঘৈণীয়েকে ৰুটি বনাই আছে...

 পৰি থকা অৱস্থাতে তেওঁ চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল....



 "মোৰ কাৰণে ৰুটি নবনাবা..........

by ML DAS

Saturday 20 April 2013

Kalita Mastor


কলিতা মাষ্টৰে শ্ৰেণীকোঠাত বৰ যত্নৰে পঢ়ুৱায় | 

নপঢ়ুৱাবই বা কিয় ? 

টেটৰ টপাৰ আছিল কলিতা | 
মুখ্যমন্ত্ৰীয়ে নিজ হাতেতে নিয়োগপত্ৰ দিছিল কলিতাক | 

হেন জানি সন্মানৰ কথাও জড়িত হৈ আছে তেওঁৰ | 

টপাৰ হেতুকে বাকী মাষ্টৰবোৰৰ লগত বিশেষ হলি গলি নকৰে কলিতাই |

 ষ্টেটাছৰ কথা আছে নহয় | বছৰেকীয়া পৰীক্ষা ওচৰ চাপি আহিল | 

কলিতাও ব্যস্ত ছাত্ৰবোৰক ৰিভিজনৰ ফাইনেল টাচ্ছ দিয়াত |এদিন শ্ৰেণীকোঠাত........

কলিতা : ছাৱা, ছ’লীহ’ত, তহঁতৰ কিবা সুধিব লগা আছে যদি আজিয়েই সুধি ল’, পিছলৈ আৰু সময় নাই কিন্তু |
তীখৰ : ছাৰ.......

কলিতা( পুলকিত হৈ): কি আছে ক’ আক’, ভয় নকৰিবি, মই আছো নহয় ....

তীখৰ (তামাম লেবেলত): ছাৰ, প্ৰশ্নকাকতখন কোনটো প্ৰেছত ছপাবলৈ দিছে ?

by Sushmita D

Friday 29 March 2013

প্ৰিয়া মাথো তোমাৰ এখন ফটো


নালাগে মোৰ শুকান বুকু জীপাল কৰিবলে 
নালাগে মোক সপোনত সোণৰ কাৰেং সাজিবলে
বিচাৰিছো প্ৰিয়া মাথো তোমাৰ এখন ফটো 
আমাৰ শাকনিবাৰীৰ পৰা চৰাই খেদিবলে ... 

by subrat Chetia

Wednesday 21 November 2012

ৰ-কাৰ আৰু কেৰকণ


কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে... !কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. ) 

আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....! 

মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ  : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় ! 
মাষ্টৰ  : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!

এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক  মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....! 
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব...! 

গিৰিজাই মাষ্টৰ  খঙতে মূৰ্ছা গল... !

by Madhurjya Gogoi