Wednesday 2 May 2012

গুৰুম গুৰুম

ছোৱালী ক’ত ?

ভাৰত পাকিস্তানৰ যুদ্ধ

অসমৰ পৰাও কেইটামান গ’ল যুদ্ধলে, আমাৰ নয়নো গ’ল... 

বৰ্ডাৰত গুলিয়াগুলী... 
দুই পক্ষৰ সৈন্য লুকাই আছে |
অলপ পিছত পাকিস্তানৰ ফালৰ পৰা মাত আহিল, "ঐ কলিতা কি খবৰ? "
কলিতাই থিয় হৈ উত্তৰ দিলে, "ভালেই..."
গু-ৰু-ম, কলিতা তাতে বাগৰি পৰিল |
পাকিস্তানৰ পৰা পুনৰ, "ঐ হাজৰিকা, ভাল নে? "
হাজৰিকা থিয় হ’ল, গু-ৰু-ম
এনেকৈ লাহে লাহে বৰুৱা, শ‍ইকীয়া, চেতিয়া, লহকৰ চব এটা এটাকৈ গ’ল...

পাকিস্তানী: ঐ ডেকা, ভাল নে ?
নয়ন ডেকা: নিমাত
পাকিস্তেনী: ভাত খালি নে নাই
নয়ন ডেকা: নিমাত
পাকিস্তানী: ডেকা, বোলোঁ শুলি নেকি?
নয়ন ডেকা: নিমাত, নিশ্চুপ
পাকি্স্তানী: (লগৰ এটাক) ঐ কৰীম চা চোন, এই ছোৱালীজনী দেখিবলৈ ইমান ধুনীয়া...

নয়ন ডেকা থিয় হৈ উত্সুকতাৰ সৈতে: ক’ত? ক’তা? কোনজনী ছোৱালী?

গু-----ৰু-----ম ++++ গু------ৰু-------ম


by Changmai#

No comments:

Post a Comment