বাঘ চিকাৰ কৰাৰ সহজ উপায়

প্ৰথমতে বৈদ্য টেঙা গুণৱালা নেমু আঠপিচ কাটি লওক, তাৰ পিচত মানাহ , কাজিৰঙা, সুন্দৰবন যত মন যায় যাওঁক 

জংঘলৰ ভিতৰত সোমাই মোৰ দৰে ৰিচি কাপুৰ হেন চেহেৰাৰ বাঘ এটা বিচাৰি লওক ৷ 

পালে? গুড !!! এতিয়া বাঘটোৰ খং উঠি যোৱাকৈ তাক ছেঙৰ বৈদ্য ফাল্টু জোকছ এটা কওক, 

কলে? এতিয়া সি আপোনালৈ চোচা লব, ললে? কামুৰিব মুখখন মেলোতেই তাৰ মুখত সেই যে নেমু আনিছিল, চেপি দিয়ক, জীৱনত টেঙাৰ সোৱাদ নোপোৱা মুখত টেঙা পৰাৰ পিছত সি দুই খোজ পিচুৱাই যাব, অলপ পিচত আকৌ কামুৰিব আহিলে আকৌ নেমু চিপি খুৱাই দিওঁক, এনেকৈ আঠ টুকুৰা নেমু খুৱাই দিয়াৰ পিচত আপোনাৰ হাতখন তাৰ মুখৰ ভিতৰত ভৰাই দিয়ক , বাঘৰ টেমা গৰম হব, কামুৰিব নোৱাৰে, চব দাত টেঙা !!!!!

এইবাৰ তাৰ মুখৰ ভিতৰত হাতখন দি ডাইৰেক্ট কোচত লৈ ঘৰত আহক .........
By: Dhiman Adhikary
কেনে লাগিল:

Post a Comment

0 Comments