Monday 7 October 2013

আপদীয়া কবিতা

(১)
 ছিঃ…!
কিযে বিশ্বাসঘাটক তুমি,
অ' মোৰ 'ফেচবুকৰ' প্ৰিয়া।
 দুখ দিলা, সহি ল'লো/
চকুলো, মোহাৰি ল'লো/
অভিযোগ কৰা নাইকিয়া।
 কিন্তু…!
কিদৰে নিজকে বুজাম কোৱা,
যিদিনা প্রথম জানিলো,
তোমাৰ নাম…, "…
দিলীপ শইকীয়া…!"
 (Fake ID-ৰ নামত উৎসৰ্গিত)



 (২)
 ধুৰ…!
 'প্ৰেম'-ৰ চক্কৰত নপৰা হ'লে,
 দহোটা ৰণুৱা ঘোঁৰা মোৰ বুকুটো দৌৰি আছিল।
 কিন্তু এতিয়া…?
 বুকুত জুমি চালেই দেখিবা এটা গাধই,
 ফেচবুক খুলি…,

 …'কবিতা' লিখি আছে॥

No comments:

Post a Comment