Showing posts with label Facebook Jokes. Show all posts
Showing posts with label Facebook Jokes. Show all posts

Monday 6 January 2014

'ৰগৰ' ৰ চলেৰে....

বাছ ষ্টেণ্ডত থিয় হৈ এজনী ছোৱালীক, এটা ল'ৰাই বহুসময় ধৰি একলেথাৰিয়ে চকুৰ টিপ নমৰাকৈ চাই আছিল ।

......থা .. চচ...চচ !!

ছাল্লা, অসভ্য ঘৰত তোৰ 'মা-ভন্টি' কোনো নাই নেকি ? এনেকৈ ছোৱালী চাব তোৰ লাজ নালাগে ?

.....এটা প্রচণ্ড চৰ গালত শোধাই ছোৱালীজনীয়ে সুধিলে !

ৰঙা পৰা গাল খন খেপিয়াই খেপিয়াই থুকা-থুকি মাতেৰে ল'ৰাটোৰ উত্তৰ --

...."ক্ষমা কৰিবা ভন্টি, ঘৰত 'মা' আছে, কিন্তু ভন্টি প্রায় এমাহমান আগতে ঢুকাইছে যাক দেখিবলৈ সাইলাখ তোমাৰ দৰে, সেইহে তোমাক এপলক নোছোৱাকৈ নোৱাৰিলো" !

ছোৱালী জনীয়ে কিবা এটা কব বিছাৰিছিল যদিও ঘূৰি দেখে --

.......ল'ৰাজন তাইৰ ওচৰৰ পৰা বহুদূৰ আতঁৰি গৈছে ।

আজি ওজন লওকচোন

নিভাই চাকৰিৰ বাবে কোম্পানী এটাত ইণ্টাৰভিউ দিবলৈ গল।
মেনেজাৰ - তোমাৰ ওজন ৪২ কি:গ্ৰা: । আমি ৪০কি:গ্ৰা: ওজনৰ ছোৱালীকহে চাকৰি দিম।
নিভাই একো নকৈ গুছি আহিল।
পিছদিনা নিভা পুণৰ কোম্পানীটোলৈ গল।
মেনেজাৰ- তোমাক কৈছিলো নহয় তোমাৰ ওজন ৪২ কেজি হোৱাৰ বাবে চাকৰিটো নহব বুলি।
নিভা- চাৰ ,আজি ওজন লওকচোন।
মেনেজাৰ - বৰ দিকদাৰ দিয়াহে তোমালোকে । থিক আছে বাৰু ।
আকৌ ওজন লৈ ,
মেনেজাৰ - আৰে আজি ওজন দেখুন ৪০ কেজি। ৰাতিটোতে ২ কেজি ওজন কেনেকৈ কমালা।
নিভা লাজুকি হাঁহি মাৰি - আজি মেকআপ কৰা নাই আক ।

বেতা আগৰ পৰা নপঢ়

এদিন
আমাৰ নগেনে খগেনৰ ঘৰত চুৰ কৰিবলৈ গল ।গৈয়েই খগেনৰ পুতেকৰ ৰুমত সোমাই
বিচনাৰ তলত সকলোৱে শোৱালৈ বাট চাই থাকিল ।এটা সময়ত খগেনৰ পুতেকৰ বাহিৰে
সকলোৱে শুৱলৈ গল ।খগেনৰ পুতেকে পঢ়ি এ থাকিলে ।হফালে নগেনে ও বিচনাৰ তলত শুৱ
বুলি অপেখা কৰি থাকিল ।
.
ৰাতি ১২ বাজি গল নগেনৰ পুতেকে পঢ়ি এ আছে ।
.
এনকৈ
২,৩বাজিল ।
.
নগেনে শুৱ শুৱ বুলি ৰখি এ থাকিল ।..

এনেদৰে ৰখি থাকোতে পোহৰ হও হও
হল ।
.এইবাৰ নগেনেৰ ধৰয্ ৰ বান্ধ চিঙি গল ।বিচনাৰ তলৰ পৰা ওলাই আহি ..খগেনৰ
পুতেকক দিলে নহয় দুয়োখন গালতে দুতা কানতলীয়া চৰ শোধাই ।আৰু এই বুলি কলে
"বেতা আগৰ পৰা নপঢ় এটিয়া ইমান দেৰিলৈ পঢ় আৰু আনোকো নিজৰ কাম কৰিব নিদিয়"

মিছা কলে কিডাল হ'ব

এবাৰ কেইজনমান জাপানী পয্যটক অসমলৈ আহিল | উদ্দেশ্য অসমৰ উন্নয়নৰ বুজ লোৱা | আমাৰ অসমৰ মুখ্যমন্তী মানণীয় হঁাহিৰাম গগৈ ডাঙৰীয়াই তেওঁলোকক গোটেই অসমখন দেখুৱালে | অসমৰ অনুন্নত আৰু কদয্য ৰূপ দেখি-----

জাপানী পয্যট-- অসমখন এতিয়াও বহুত পিছপৰি আছে |

হাঁহিৰাম গগৈ- হে..হে..হে.. মইটো উন্নয়ন কৰিয়েই আছো |

পয্যটক-- এবছৰৰ বাবে অসমখন আমাক দিয়ক, আৰু চাই থাকিব অসমখন জাপান বনাই দিম |

গগৈ-- এ.ব.ছ.ৰ. হে..হে..হে...... জাপানখন মোক দিয়ক, মিছা কলে কিডাল হ'ব মইতো দুমাহতে জাপানখন অসম বনাই দিম..............

কলিতাখুঢ়া বৰ মৰমিয়াল

এদিন ঘৰৰ সমুখত গাই গৰু এজনী আৰু পোৱালী এটাই চেলেকা চেলেকী কৰি আছিল ! 

তাকে দেখি কনটিলৌৱে বাপেকক সুধিলে ?পাপা পাপা এই গাইজনীয়ে কিয় চেলকী আছে ! 
বাপেক ক লে , বোপাই গৰু ছাগলীয়ে এনেকৈয়ে মৰম কৰে আৰু আপোন বুজাই । 

তেতিয়া সি অলপ সময় মনে মনে থাকি কলে ,পাপা জানানে ,কাষৰ যে কলিতাখুঢ়া বৰ মৰমিয়াল ,
বাপেকে কলে কিয় !

কনটিলৌৱে কলে ' জানা পাপা তোমি অফিছত গলে কলিতাখুড়াই আহি মাম্মীৰ লগত চেলেকা চেলেকী কৰি থাকে সদায়

দত্ত অৰু তেওঁৰ পৰিবাৰ

আমাৰ দত্তৰ বিয়াৰ পাচ বছৰমান পিছৰ কথা.........
.
.
দত্ত অৰু তেওঁৰ পৰিবাৰ এখন ৰেষ্টোৰেন্টত সোমাল । কিবা এটা খাই লোৱাৰ উদ্দেশ্যে । দত্তহঁত বহা টেবুলখনৰ বাদে গোটেই ৰেষ্টোৰেনখন ধুনীয়া ধুনীয়া গাভৰু ছোৱালীৰে ভৰি আছিল । দত্তই টেবুলত বহিয়েই ছোৱালী কেইজনীৰ ফালে চকু দিলে ।
.
দত্তৰ পত্নী:- (খঙেৰে) কি চাই আছা ইমানকৈ....... ?
.
দত্ত:- ( লাহেকৈ) নিৰামিষ খালো বুলি মেনু খনো চাব নোৱাৰি নেকি...... ?
.
.
.
বুজি পালে লাইক এটা দিব ।

কোনোবা বুৰ্বক এটা

এটা ৰাজহুৱা টইলেটত মানুহ এজন বহি আছিল.....
.
.
.
হঠাত্ কাষৰ টইলেটৰ পৰা শব্দ আহিল,...--কি খবৰ ?
.
মানুহজনে ভয় খায় ক'লে -ঠিকে চলি আছে ।
.
পুনৰ শব্দ আহিল..-"কি কৰি আছে ?
.
মানুহজনে ক'লে - যিটো সকলোৱে ইয়াত বহি কৰে ।
.
আকৌ শব্দ আহিল.."মই যাঁও নেকি ?
.
মানুহজনে বিৰক্তিৰে ক'লে - নাই নাই মই অকলেই ঠিক আছো ।
.
.
.
.
আকৌ এটা মাত আহিল
.
.
.
.
ঠিক আছে দাদা মই পিছত ফোন কৰি আছো,..এতিয়া কোনোবা বুৰ্বক এটাই কাষৰ টইলেটৰ পৰা প্ৰতিটো কথাৰ উত্তৰ দি আছে ।

কেনে পালে ?......... শ্বেয়াৰ কৰিব

Saturday 4 January 2014

মোৰ ওচৰলৈ একেবাৰে নাহিব

ফুলশয্যাৰ নিশা পত্নীয়ে প্রায় ছিঁঞৰি পতিক ক'লে --

..... সাবধান, মোৰ ওচৰলৈ একেবাৰে নাহিব কিন্তু কৈ দিছো ।

..
..

পতি : (লাহেকৈ) কিন্তু কিয় জান ?

..
..

পত্নী : মই 'মা' ৰ ওচৰত শপত খাই থৈছো যে ---- 'বিয়া' ৰ পিছত এইবিলাক একেবাৰে বাদ দিম ।

(বুজিলেই বিপদ, নুবুজাকৈয়ে থাকক)
By: Dípankar Nath

দাদা ফাষ্ট ক্লাচত যাৱ ?

যুগুদাই ৩১ ডিচেম্বৰ বজাৰ কৰিব ডিব্ৰুগড় টাউন লৈ গৈছিল। ঘৰৰ ওচৰৰ পৰা টেম্পু এখনত উঠি লৈ আমোলাপট্টীত নামি ৰিক্সা চালক এজনক চিঞৰি মাতিলে।

: ঐ বজাৰলৈ বল. . .

: দাদা ফাষ্ট ক্লাচত যাৱ, চেকেণ্ড ক্লাচত যাৱ নে থাৰ্ড ক্লাচত?

: কি. . .? ৰিক্সাতো ফাষ্ট, চেকেণ্ড আৰু থাৰ্ড ক্লাচ? বাৰু ফাষ্ট ক্লাচতো নো কি, কেনেকুৱা?

: ফাষ্ট ক্লাচ? আপোনি বহা চিটতো থু ৰে মচি দি আপুনাক দাঙি ৰিক্সাত বহুৱাই দিম আৰু মই চলাই লৈ য়াম।

: বাঃ কি ফেচিলিটি! আৰু চেকেণ্ড ক্লাচতো?

: আপোনি বহা চিটতো ওলোটাই দি আপোনাক বহিব দিম আৰু শিল দিয়া ৰাস্তাৰে জাম্পিং খোৱাই খোৱাই চলাই নিম।

: কি ক' ৰিক্সা ৱালা! কিন্তু থাৰ্ড ক্লাচতো কি?

:চিম্পুল অ' দাদা, মই বহিম আৰু আপোনি চলাই নিব।

(আলম লৈ)
By: Nabajyoti Baro Bablu

ইঞ্জীনিয়াৰ

যুগান্ত দা ইঞ্জীনিয়াৰ কৰি থকা দিনৰ কথা…

সন্ধিয়া বৌৰ পৰা বজাৰৰ লিষ্ট খন লৈ চাৰিআলিৰ দৈনিক বজাৰৰ ফালে যুগান্ত দা উলাই গৈছে !
চাৰিআলি পাওতেই ফটা-চিতা কাপোৰ পিন্ধা মানুহ এজন আহি যুগান্তদাক কলে
 - দাদা দাদা, ভগবানৰ নামত ১০ টকা এটা দান কৰক  প্লিজ…

: হেৰা, ইমান ডেকা লৰাটো হৈ তুমাৰ পইচা খুজিবলৈ লাজ লগা নাই…

: নহয় মানে দাদা মই গার্লফেন্দক ফোন এটা কৰিব লাগে ! সেয়ে…
: কি…? আচৰিত ! ভিক্ষাৰিৰো গার্লফেন্দ থাকে…

: দাদা, মোক ভিক্ষাৰি বুলি নকব দেই, মই ভিক্ষাৰি নহয় !

সচা কথা কবলৈ হলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
. .
মোৰ গার্লফেন্দেহে মোক ভিক্ষাৰি বনাই পেলালে ! নহলে ময়ো আপুনাৰ দৰে এজন ইঞ্জীনিয়াৰেই আছিলো !
By: Sanjeeb Borkakati

আধুনিক ছোৱালী

এজনী বহুত ভাল বান্ধবী, সৰুৰে পৰাই ....!

কর্মসূত্রে বহুদিন ঘৰৰ পৰা বাহিৰত আছিলো, সেইহে বহুত দিন আমাৰ দেখা দেখি নাছিল ।

আজি অকষ্মার্টে অফিছৰ সন্মুখতে তাইক দেখা পায় প্রায় ছিঁঞৰি মাতিলো ।

দুয়ো গ'লো, কফি খালো !

..
..

শীতৰে সেমেকা সন্ধ্যা, দুয়ো এনেই পার্কলৈ বুলি এখোজ-দুখোজ কৈ আগবাঢ়িলো !

তাইও এখন হাত আগবঢ়াই দিলে,
(আই-ঐ-কলিজা) কোনে পায় !

হাত খনত সাবটি ধীৰ গতিৰে আগবাঢ়িলো । (ইমান কোমল)

এটা দুটা কৈ জ্বলি উঠিল ষ্ট্রীট লাইট বোৰ, লাইটৰ পোহৰত পৰিবেশটো ক্রমানয়ে ৰোমান্টিক হৈ উঠিল ।

আবেগ ৰাখিব নোৱাৰি মৰসাহ কৰি সুধিয়ে পেলালো----

.....বেয়া নাপালে, তোমাৰ হাতত এটা মিঠা চুম্বন দিব পাৰোনে ?

উত্তৰ দিলে :

...ছাল্লা নিলাজ, লাজ নালাগে তেনেকৈ কব !

..
..

মোৰ ওঠত কিবা 'বিষ' লাগি আছে নেকি ??

(বহুত পিছ পৰি আছো নেকি বাউ ? )
By: Dípankar Nath

Assamese Joke


Saturday 21 December 2013

শইকীয়ানী উত্তৰ :

শইকীয়ানী....!

এগৰাকী আঢ্যবন্ত মহিলা, আঢ্যবন্ত মানে গিৰিয়েকৰ টকাই আধুনিকতা বজাই ৰখা বিধৰ !

তেখেতৰ আকৌ ফুৰা চকা কৰাত বিৰাট চখ !

এবাৰ ট্রেইনত ফুৰিবলৈ যাঁওতে তেঁওৰ সোঁহাতৰ এটা আঙুলি ট্রেইনৰ ডবাত চেপা খাই প্রায় ছিঙি গ'ল ।

..
..

বেছেৰীয়েও এৰি দিয়া বিধৰ
নহয় ।

'ৰেল কৃতপক্ষ'ৰ চৰম গাফিলতিৰ বিৰোধিতা কৰি থানাত এখন
এহাজাৰ দিলে !

..
..

বিষয়টোয়ে আদালতৰ মজিয়া পালেগৈ......

র্নিদিষ্ট দিনত কাঠগড়াত শইকীয়ানী হাজিৰ ।

সন্মুখত বিৰোধী পক্ষৰ চৰকাৰী উকীলৰ প্রশ্ন--

..... আপোনাৰ 'আঙুলি'টো ৰেলৰ দবাত হেছা খাই ছিঙি গ'ল আৰু আপুনি ৰেল কৃতপক্ষৰ পৰা ৫০,০০০ টকা ক্ষতিপূৰণ বিছাৰিছে, কিন্তু আমি কেনেকৈ মানি লম যে আপোনাৰ এটা আঙুলিৰ মূল্য ৫০,০০০ টকা !

..
..
..
..

শইকীয়ানী উত্তৰ : শুনক মোৰ স্বামীক সেই আঙুলিটোৰ মই আঙুলিৰ মূৰত নছুৱাইছিলো

..
..
..

আৰু

..
..
..
..

মোৰ ষ্বামীৰ মাহিলি দৰমহা
৫০,০০০ টকা !

ইয়াত বেছি কিবা প্রমাণ লাগে ?

ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক

বহু দিনৰ আগৰ কথা ।
ইন্দিয়ান ক্ৰিকেটৰ অধিনায়ক আমাৰ আশীষদা ।
আৰু সহ: অধি: সেনাপতি দা ।

কোছ ইন্দিয়াৰ জন ৰাইট, অষ্টেলীয়াৰ জন বুকানন ।

ফাইনেল খেল ।

তামাম ৰোমাঞ্চকৰ ।

অৱশেষত সকলোৰে আশাত চেঁচা পানী ঢালি অষ্টেলীয়াৰ জয় ।

আমাৰ 'জন' খঙত তিঙিৰিতুলা ।

তথাপিও শান্ত মগজেৰে বুকাননক সুধিলে - তোমালোকৰ সাফল্যৰ ৰাজ কি ?
বুকাননে ৰিকিক মাতি ৰাইটৰ সন্মুখতে সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?
ৰিকি- কিয় চাৰ মই আক'।
বুকানন- ok তুমি যোৱা ।
পাছত ৰাইটলৈ চাই গৰ্বেৰে কলে দেখিলা এজন ষ্মাৰ্ট কেপ্টেইন।

লাজ লাজ কৈ ৰাইট আহি আশীষ দাক সুধিলে কোৱাচোন তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা কোন?

আশীষদা থতমত খাই কলে চাৰ ওত্তৰটো এতিয়াই লাগিব ?
ৰাইট- হ'ব যোৱা (খঙেৰে)।
দাদাই লগে লগে সেনাপতি দাক গৈ প্ৰশ্নটো সুধিলে ।

সেনাপতি দাই ৰিকিৰ ষ্টাইলতে কলে 'মই'

আশীষ দাই দৌৰি আহি চাৰক কলেহি চাৰ ওত্তৰটো পালো ।


মোৰ দেওতাৰাৰ ভায়েকৰ ভতিজা সেনাপতি ।

ৰাইট- খঙত অগ্নিশৰ্মা হৈ তাকো নাজানা কেপ্টেইন হব আহিছা ।

তোমাৰ দেওতাৰাৰ ভায়েকৰ ভতিজা হ'ল ৰিকি পন্টিং। গৰ্বেৰে ৰাইটে কলে ।

এজনী 'বেশ্যা' আৰু এজনী 'চিনেমা নায়িকা' ৰ মাজত কি পার্থক্য ??

(অলপ প্রাপ্তবয়স্ক যদিও এটা মন্তব্য দিলে ভাল পাম)

এজনী 'বেশ্যা' আৰু এজনী 'চিনেমা নায়িকা' ৰ মাজত কি পার্থক্য
আছে ?

.......বিখ্যাত বুদ্ধিজীবী জনে, এজন সাধাৰণ মানুহক প্রশ্ন কৰিলে ।

মানুহজনৰ উত্তৰ ----

'বেশ্যা' হৈছে এনে এগৰাকী নাৰী যিয়ে ৮০ শতাংশতকৈ ততোধিক ধর্ষণকাৰীৰ পৰা আমাৰ 'ভন্টি-বাইদেউ' সকলক ৰক্ষা কৰে ।

ঠিক তেনেকৈ

চিনেমাৰ নায়িকা হ'ল এনে এগৰকী নাৰী যিয়ে অর্ধঃ উলংগ দেহ দেখাই পৰোক্ষ বা প্রত্যক্ষ ভাবে ২০ শতাংশ পুৰুষক ধর্ষণকাৰী সজায় ।

কিন্তু সমাজৰ চকুত 'বেশ্যা' সদায় ঘৃনণীয়, অর্ধঃ উলংগ দেহ দেখাই আপলোড কৰা নায়িকাৰ ফটোত ৫০০+ লাইক-কমেন্ট আহে !

..
..

মানুহজনৰ উত্তৰ শুনি বুদ্ধিজীবী জন নিমাত হৈ ৰ'ল !!

এতিয়া আপুনিও নিমাত হৈ থাকিবনে ?
By: Dípankar Nath

Monday 16 December 2013

হাঁহিলে হাঁহিব পাৰেঃ

পিতৌ নামৰ মানুহ এজনে আনে যি কথায়ে নাপাতক তেওঁ উত্তৰত বঢ়িয়া হ'ল বুলি কয় ।এবাৰ এজন বন্ধুয়ে তেওঁৰ লগত পতা কথোপকথনঃ
বন্ধুঃ আপোনাক বহুত দিনৰ মোৰত লগ পালো দেই ।
পিতৌঃ হেঃ হেঃ বঢ়িয়া হ'ল ন !তোমাৰ কেনে খবৰ পিচে ?
বন্ধুঃ বৰ ভাল নহয় ।যোৱা বছৰ মানুহজনী মৰি থাকিল ,টকা পইচাৰ নাটনিত বৰ কষ্টত আছো বুইছেনে ।ইফালে খেতিয়ো বৰ ভাল নহ'ল এইবাৰ ।
পিতৌঃ বঢ়িয়া হ'ল দেখুন কথাটো !
বন্ধুঃ [খঙেৰে] কি বঢ়িয়া হ'ল ! মোৰ এনে অৱষ্টা হোৱাত আপোনাৰ ইমান ফ্ৰোর্তিনে ?
পিতৌঃ তুমি বুজা নাই ,কথাটো বঢ়িয়া হ'ল ।
বন্ধুয়ে পিতৌৰ কাণৰ তলত দুপাত মান দিয়াৰ পিছত পিতৌয়ে কেকাই কেকাই কলেঃ অ' বুপাই বঢ়িয়া হ'ল দে !

কোন বেছি টেটোন

এখন গাৱত এজন টেটোন আছিল।তেও আন এখন গাৱত থকা টেটোন এজনৰ বিষয়ে শুনিলে।সেই জননো কিমান টেতোন জুখি চাবলৈ এদিন পুতেকক টকা এটা দি দুখিলা কাগজ আনিবলৈ দিলে।তাৰে এখন কাগজ ফালি চাৰিটুকুৰা কৰি এটুকুৰা পুতেকৰ হাতত এটা পাচিত ভৰাই সেই টেটোন জনলৈ বুলি দি পথালে।পুতেক গল কিন্তু সেই সময়ত সেই টেটোন জন ঘৰত নাছিল।তেওৰ পুতেক জনহে আছিল।

এই জন টেটুনৰ পুতেকে গৈ চিনা পৰিচয় হোৱাৰ পাছত কলে পিতায়ে উপহাৰ দি পথাইছে।বুলি পাচিটোৰ পৰা কাগজ খন উলিয়াই দিলে।সিজন টেটোনৰ পুতেকে কলে এহ উপহাৰ আনিলে যেতিয়া মইও কিবা এটা দিও লৈ যাওক।

এইবুলি কাগজ খন থৈ পাচিটোত হাতেৰে কেইটামান কমলা ভৰোৱাৰ দৰে কৰি বিদায় দিলে।পুতেকৰ মুখত সিজন টেটোনৰ কথা সুনি আমাৰ এইজন টেটোনৰ মাথা ঘুৰি গল

।কতা মোৰ এখন কাগজ গল সি হাতেৰে কমলা ভৰোৱাৰ দৰে দেখুৱাইপাল মাৰিলে ইছ ইছ

।ইফালে সেই টেটোন ঘুৰি আহি পাওতে পুতেকে কথাবোৰ কলে।শুনিয়েই টেটোনে পুতেকক দুঈ চৰ লগাঈ দিলে কলে

তই মোৰ ধন পানীত পেলাবি

কমলা হাতেৰে জোখ দেখোৱাই দিছিলি যেতিয়া ইমান ডাঙৰ ডাঙৰ কিয় দিলি সৰু সৰু দিলেও হল হেতেন নহয়।কতে মৰো মই

by:Manashjyoti Borah

আকৌ উদয় সংবাদ:


উদয় দা এদিন দৰ্জীৰ ওচৰলৈ গৈ সুধিলে...
“পেণ্টৰ চিলনী কিমান..? ”
.
.
.
দৰ্জী: “২০০ টকা ”
.
.
.
তেতিয়া উদয় দাই সুধিলে, “আণ্ডাৰপেণ্টৰ চিলনী...? ”
.
.
.
.
দৰ্জী: “৪৫ টকা ”
.
.
.
.
দাম কেইটা শুনি উদয় দাই কিছু পৰ ইফালে সিফালে চাই কিবা এটা চিন্তা কৰিলে আৰু দৰ্জীক ক’লে...
.
.
.
.
.
“তেতিয়া হ’লে আণ্ডাৰপেণ্ট এটাকে চিলাই দিয়ক, কেৱল দীঘলটো ভৰিত পৰাকৈ চিলাব..... ”

# কৃষ্ণ #
by: Hemanta Hazarika

উদয় সংবাদ:ডাক -টিকত এটাও আনি দিয়ক...

সেই যে ‘অভিজাত ’ বিয়াখন খাইছিল... উদয় দা আৰু আশীস দাই...

তাৰ পিছদিনা উদয় দা বিছনাত... হস্পিতেলৰ...

হাত শুকোৱাবই পৰা নাই...

ৰাতিলৈ অলপ অহা -যোৱা কমাত নাৰ্চে কিবা অলপ খাবলৈ দিলেহি...

খানা দেখি উদয় দা ফিউজ্... নাৰ্চক ক’লে,
“এইয়া কি হে ..! এচামুচ দালি, এচামুচ ভাজি.. আৰু ৰুটিখন ৰুটি নহয় যেন এটকীয়া কইন্ এটাহে... ”

নাৰ্চৰ গহীন উত্তৰ, “ডাক্তৰে এনেকৈয়ে দিবলৈ কৈছে...! ”

দুই মিনিটমান ইফালে- সিফালে চাই উদয় দাই নাৰ্চক ক’লে,

“তেতিয়া হ’লে ডাক -টিকত এটাও আনি দিয়ক... ”

নাৰ্চে সুধিলে, “আপুনি আকৌ ডাক -টিকতটোৰে কি কৰিব..! ”

আমাৰ উদয় দাই কি ক’লে জানে...
.
.
.
.
.
.
.
.
.

“কিয়, এইখিনি খাই মুখ মচিবলৈ নেপকিন এখনো নিবিচাৰিম নেকি...! ”
by: Hemanta Hazarika