Saturday 4 January 2014

আধুনিক ছোৱালী

এজনী বহুত ভাল বান্ধবী, সৰুৰে পৰাই ....!

কর্মসূত্রে বহুদিন ঘৰৰ পৰা বাহিৰত আছিলো, সেইহে বহুত দিন আমাৰ দেখা দেখি নাছিল ।

আজি অকষ্মার্টে অফিছৰ সন্মুখতে তাইক দেখা পায় প্রায় ছিঁঞৰি মাতিলো ।

দুয়ো গ'লো, কফি খালো !

..
..

শীতৰে সেমেকা সন্ধ্যা, দুয়ো এনেই পার্কলৈ বুলি এখোজ-দুখোজ কৈ আগবাঢ়িলো !

তাইও এখন হাত আগবঢ়াই দিলে,
(আই-ঐ-কলিজা) কোনে পায় !

হাত খনত সাবটি ধীৰ গতিৰে আগবাঢ়িলো । (ইমান কোমল)

এটা দুটা কৈ জ্বলি উঠিল ষ্ট্রীট লাইট বোৰ, লাইটৰ পোহৰত পৰিবেশটো ক্রমানয়ে ৰোমান্টিক হৈ উঠিল ।

আবেগ ৰাখিব নোৱাৰি মৰসাহ কৰি সুধিয়ে পেলালো----

.....বেয়া নাপালে, তোমাৰ হাতত এটা মিঠা চুম্বন দিব পাৰোনে ?

উত্তৰ দিলে :

...ছাল্লা নিলাজ, লাজ নালাগে তেনেকৈ কব !

..
..

মোৰ ওঠত কিবা 'বিষ' লাগি আছে নেকি ??

(বহুত পিছ পৰি আছো নেকি বাউ ? )
By: Dípankar Nath

No comments:

Post a Comment